মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত তৰমুজ খেতিৰে স্বাৱলম্বী মৰিগাঁৱৰ ৬ যুৱক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত তৰমুজ খেতিৰে স্বাৱলম্বী মৰিগাঁৱৰ ৬ যুৱক :

ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত তৰমুজ খেতিৰে স্বাৱলম্বী মৰিগাঁৱৰ ৬ যুৱকৰ বিষয়ে লিখা হৈছে ।

 

ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত ৬ গৰাকী সৰ্বস্বান্ত কৃষকৰ জীৱন সংগ্ৰাম। বগা বালিত তেওঁলোকে ৰচিছে সোণালী সপোন। কপালৰ ঘাম মাটিত পেলাই এই ৬ গৰাকী কৃষকে বালি চাপৰিত আনিছে সেউজ বিপ্লৱ। আব্দুল মতলেব, মা: মজিদ, আবুস্বামা, ৰফিকুল ইছলাম, জেহিৰুল ইছলাম আৰু এমদাদুল হক। এই ৬ গৰাকী কৃষক গৰাখহনীয়াত সকলো হেৰুৱাই সৰ্বস্বান্ত হৈছিল। অৱশেষত এই ৬ গৰাকী কৃষকে বগা বালিত বিচাৰি পালে জীৱনৰ সোৱাদ। সাধাৰণতে বগা বালিত কোনো ধৰণৰ শস্য উৎপাদন কৰিব নোৱাৰি। কিন্তু এই ৬ গৰাকী কৃষকে বগা বালিত ৰচিছে সেউজ সপোন। বিগত তিনি বছৰ ধৰি মৰিগাওঁ জিলাৰ ভুৰাগাঁৱৰ বালি চাপৰিত কৰি আহিছে তৰমুজৰ খেতি। ভুৰাগাঁৱৰ কুপতিমাৰীৰ এই ৬ গৰাকী কৃষকে বালি চাপৰিত তৰমুজ খেতি কৰি অধিক লাভৱান হ’বলৈ সক্ষম হৈছে। এই বছৰ ৬ গৰাকী কৃষকে বালি চাপৰিত ৩০০ বিঘা তৰমুজ খেতি কৰিছে। তাৰে এজন কৃষক আব্দুল মতলেবে জনোৱা মতে, প্ৰতি বিঘা তৰমুজ খেতিত ১০-১২ হাজাৰ টকা খৰচ হোৱাৰ বিপৰীতে প্ৰতি বিঘাত বিক্ৰী হয় ৫০-৬০ হাজাৰ টকা। পশ্চিমবংগৰ পৰা এজন যুৱক আহি তৰমুজ খেতিৰ দিহা শিকাই গৈছিল। তেতিয়াৰ পৰা এই সৰ্বস্বান্ত কৃষকে তৰমুজ খেতি কৰি জীৱিকা নিৰ্বাহ কৰি আহিছে। এইদৰে বালি চাপৰিত ৬ গৰাকী সৰ্বস্বান্ত কৃষকে সেউজ বিপ্লৱ অনাৰ পিছতো বিয়াগোম কৃষি বিভাগে এই কৃষকসকলক কোনো ধৰণৰ সহায়-সাহায্য দিবলৈ আগবাঢ়ি অহা নাই। কৃষি বিভাগে এই কৃষকসকলক সহায়-সাহায্য আগবঢ়ালে তৰমুজ খেতি কৰি অধিক লাভৱান হ’ব পাৰিলেহেঁতেন। আনকি কৃষকসকলে কৃষি বিভাগৰ লোকক তৰমুজ খেতি পৰিদৰ্শন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পিছতো বিভাগটোৰ বিষয়া-কৰ্মচাৰীসকল আহিবলৈ আহৰি পোৱা নাই।

লেখক: আবুল কালাম(নিয়মীয়া বাৰ্তা)

3.02040816327
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top