মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / বৰাকৰ সফল মীনপালক গোবিন্দ দাস
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বৰাকৰ সফল মীনপালক গোবিন্দ দাস

বৰাকৰ সফল মীনপালক গোবিন্দ দাস

বৰাকৰ যিকেইজন প্ৰগতিশীল মীনপালকে ৰাজ্যৰ মীনখণ্ডত সুকীয়া অৱস্থিতিৰে নিজস্ব ভাবমূৰ্তি গঢ়ি তোলৰ লগতে আশাৰ ৰেঙণি কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, তাৰ ভিতৰত শিলচৰ চহৰৰ সমীপৱৰ্তী বৰজোলোংগা উন্নয়ন খণ্ডৰ অন্তৰ্গত আইৰংগমাৰা (হৰিনগৰ) গাঁৱৰ গোবিন্দ দাস অন্যতম। ছয় ভ্ৰাতৃৰে মিলা-প্ৰীতি আৰু বুজাবুজিলে প্ৰায় ১৫০ বিঘা জলকালিত মীন পালন কৰি সমগ্ৰ বৰাকবাসীৰ লগতে ৰাজ্যবাসীৰ ওচৰত ৰাখিছে অনুকৰণীয় চানেকী। কৃষিজীৱী পৰিয়ালটোৰ পিতৃৰ দিনতে কিছু মাটি-বাৰী আছিল যদিও নাছিল মীন পালনৰ লগত সম্পৰ্ক। তেওঁলোকে প্ৰান্তীয় কৃষিকৰ্মী, মূলতঃ ধান খেতিৰে জীৱিকা নিৰ্বাহ কৰিছিল যদিও আশানুৰূপ উৎপাদন নাপাইছিল। স্বাভাৱিকতে লাভৰ অংকটিও হৈছিল অতি সীমিত। তদুপৰি অঞ্চলটো দ হোৱা বাবে বিভিন্ন সময়ত ধল নামি খেতি-বাতি নষ্ট কৰিছিল। অৰ্থাৎ এক সংশয় আৰু অনিশ্চয়তাৰ মাজত কৃষিকৰ্ম কৰিছিল পৰিয়ালটোৱে। পৰৱৰ্তী সময়ত এই সকলো সমস্যাৰ মোকাবিলা কৰাৰ মানসেৰে তেওঁলোকে পৰীক্ষামূলকভাৱে আৰম্ভ কৰে মীন পালন। পোনতে তেনেই চালুকীয়াভাৱে আৰম্ভ কৰা মীন পালনৰপৰা পৰিয়ালটোৱে কিন্তু লাভ পালে আশতীতভাৱে। ছয় ভাতৃক এই সফলতাই বাৰুকৈয়ে উৎসাহিত কৰিলে। সিদ্ধান্ত ল’লে দুগুণ উদ্যমেৰে মীন পালনত ব্ৰ্তী হোৱাৰ। সিদ্ধান্ত মানে অচিৰেই বাস্তবায়ন। ইয়াৰ পিছত আৰু তেওঁলোকে পাছলৈ উভতি চোৱা নাই। তেওঁলোকৰ আটাইতকৈ ধনাত্মক দিশটো হৈছে সকলোখিনি কাম-কাজ ছয় ভাতৃয়ে অতি শৃংখলাবদ্ধ পৰিক্ৰমাত আগুৱাই নিয়ে। কোনোবাজনে যদি সামগ্ৰিক ব্যৱস্থাপনাখিনি চায়, আন এজনে হয়তো বিপণনৰ দিশটো তদাৰক কৰে। আন এজনে হয়তো নজৰ দিয়ে নিশা পহৰাৰ দিশটো। মুখ্যতঃ জ্যেষ্ট ভাতৃদ্বয় গোবিন্দ দাস আৰু দুলাল দাসে পৰিচালনা আৰু ব্যৱস্থাপনাৰ দিশটো চায়। তেওঁলোকে প্ৰস্তুত কৰা বাৰ্ষিক পৰিকল্পনা আৰু কাৰ্যসূচী আনকেইজনে বিনাবাক্যে মানি লয়। মীন পালনৰ প্ৰতিটো কাম-কাজতে উদ্ভাৱনী চিন্তাৰ উন্মেষ ঘটে। বিশেষকৈ তেওঁলোকে গুৰুত্ব দিয়ে সঘনাই পোনা মেলি একাধিকবাৰ ফচল চপোৱাৰ ওপৰত। ফলত লাভ পায় অতি সোনকালেই। তাৰ বাবে নিজা পোনা প্ৰতিপালন পুখুৰীত মজুত ৰাখে হিচাপৰ পোনা। পোনাৰ গুণগত মানৰ নিশ্চিতিৰ বাবে পোনা সংগ্ৰহ কৰে মীন বিভাগৰ বাবে পোনা সংগ্ৰহ কৰে মীন বিভাগৰ অনুমোদিত পোনা উৎপাদনকাৰীৰপৰা। এইসমূহ প্ৰতিপালন কৰি আঙুলি জোখৰ কৰি তোলে নিজা পুখুৰীত। আকৌ পুখুৰীৰ পাৰসমূহ পানীয়ে বুৰাই পেলোৱাৰ আশংকা দূৰ কৰিবলৈ সমগ্ৰ পামখনৰ চৌকাষে কংক্ৰিটৰ বীমেৰে নেট লগাই থোৱাৰ ব্যৱস্থা আছে, যাতে পানী অহাৰ উমান পালেই পলকতে নেটসমূহ উঠাই দি পামখন আবৃত কৰি দিব পাৰে। এনেদৰে অহা পানীয়ে পুষ্টিদ্ৰব্য আদি মীন পামখনত জমা কৰে, কিন্তু মাছ উলিয়াই নিব নোৱাৰে। তদুপৰি বতাহে পাৰসমূহ খহাই নিব নোৱাৰাকৈ এবিধ ওখ ঘাঁহ লগাই পাৰবোৰত। ই বতাহৰপৰা পাৰবোৰক নিৰাপত্তা দিয়ে। এই ঘাঁহ গ্ৰাছকাপৰো উত্তম খাদ্য। বিশাল বিশাল পুখুৰীসমূহৰ নিৰ্দিষ্ট কিছু সুবিধাজনক অংশত ধানখেতি কৰে গ্ৰাছকাৰ্পৰ বাবে। তদুপৰি গোবিন্দ দাস, দুলাল দাস আদিৰ উদ্‌গনিত অঞ্চলটোত সফলতাৰে বহনক্ষম হৈ আছে অসম কৃষি সামৰ্থবৰ্দ্ধন প্ৰকল্পৰ অন্তৰ্গত ‘আইৰংগমাৰা পুখুৰী গুলঞ্চ’ ২০০৪-০৫ চনত মাত্ৰ ৭০ টা পুখুৰীৰে ৫ হেক্টৰ জলকালিৰে আৰম্ভ কৰা এই গুলঞ্চ বৰ্তমান ৭০ হেক্টৰ জলকালি তথা ৪০০ পুখুৰী সমষ্টিৰে সমৃদ্ধ। বছৰেকত উৎপাদন হয় প্ৰায় ৩০০ মেট্ৰিক টন মাছ। গোবিন্দ দাস ভাতৃদ্বয়ে নিজাববীয়াকৈ উৎপাদন কৰে প্ৰায় ৩০ টন মাছ আৰু চাৰিলাখমান আঙুলি জোখৰ পোনা। বছৰেকত সকলো খৰচ বাদ দি হাতত থাকে ১৩-১৪ লাখ টকা।

দাস ভাতৃদ্বয়ে কেৱল বৰাকবাসীৰেই নহয় সমগ্ৰ ৰাজ্যবাসীৰেই গৌৰৱ। পৰৱৰ্তী সময়ত তেওঁলোকে অলৱণীয় জলত মিছামাছ পালন আৰু অন আন বিভিন্ন মীন পালনৰ কৌশল ৰূপায়ণ কৰিছে।

লিখকঃ ধ্ৰুৱজ্যোতি শৰ্মা, দৈনিক অসম

3.05882352941
Rekha Kalita Nov 07, 2014 12:47 PM

গোবিন্দ দাসৰ এই সফলতাত আমি গৌৰৱান্বিত হৈছো।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top