ভাৰত-ভূটান সীমান্তৱৰ্তী ভূটান পাহাৰৰ নামনিৰ এখন গাঁও হৰতোলা। হৰতোলা গাঁৱৰ যুৱক নিৰ্মল বসুমতাৰী। দশম শ্ৰেণী উত্তীৰ্ণ নিৰ্মল হাইস্কুলীয়া শিক্ষা সাং কৰি পৰিয়ালৰ স’তে ঘৰুৱা কাম-কাজত ব্যস্ত হৈ পৰে। তাৰ পিছত ২০০৫ চনৰপৰা তেওঁ বি টি চিৰ ২৬ নং পৰিষদীয় সমষ্টিৰ এম চি এল তথা কাৰ্যবাহী সদস্য ইমানুৱেল মুছাহাৰীৰ সোঁহাতস্বৰূপ হিচাপে থাকি কাম কৰে। এইখিনি সময়ত ইচ্ছা কৰিলে নিৰ্মলে বি টি চিত এটি ভাল পদবীৰ চাকৰি নাইবা ভাল ঠিকা-ঠুকলি আদায় কৰিব পাৰিলেহেঁতেন। কিন্তু নিৰ্মলে চৰকাৰী চাকৰিৰ প্ৰতি বা সা-সুবিধাৰ প্ৰতি লালায়িত নহৈ স্বনিৰ্ভৰশীল হৈ চলাৰ লক্ষ্যৰে কৃষিকাৰ্যকে প্ৰধান সম্বল হিচাপে লোৱাৰ সিদ্ধান্ত লয়। কথা মতেই কাম। ভূটানৰপৰা বৈ অহা দৰংগা নদীৰ নামনিত ভূটান সীমান্তৰ কিছু আঁতৰত হাতীডুবা নদী বান্দ নামেৰে এটা বান্ধ আছিল। এই বান্ধটো সম্প্ৰতি ধ্বংসৰ গৰাহত। বিগত ছয়-সাত বছৰ ধৰি নদী বান্ধটোৰে কৃষিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিব পৰা নাই। ফলত শশীপুৰ হাতীডুবা, শান্তিপুৰ, হৰতোলা গাঁৱৰ ৰাইজে পানীৰ অভাৱত খেতি কৰাৰপৰা বিৰত থাকিবলগীয়া হৈছে। নিৰ্মল বসুমতাৰী পিতৃ জেহিছকেল বসুমতাৰীৰ বহু মাটি এই অঞ্চলতে আছিল। নিৰ্মলে ২০১৫ চনত তাৰে ১২ বিঘা মাটিত খেতি কৰাৰ মানসেৰে চৌহদত বাঁহৰ বেৰ দি তামোল গছৰ পুলি ৰোপণ কৰাৰ সমান্তৰালভাৱে মূল্যৱান গছ যেনে- গমাৰি, অগৰু, তিতাচপা আদিৰ পুলি ৰোপণ কৰে। তদুপৰি উন্নত জাতৰ বউগৰী ৮৫ জোপা, আম ২০ জোপা, মৌচুমী ২০ জোপা, মধুৰী আম ২০ জোপাৰ লগতে তেজপুৰৰপৰা অনা লিচু, আমলখি, এজাৰ গছ ৩০ জোপা, চেগুন গছ ১০০ জোপা ৰোপণ কৰে। নিৰ্মল মালভোগ কলৰ পুলিও কিছু ৰোপণ কৰি ১২ বিঘা মাটিকালিৰে আগুৰা বাগানখন সজাই-পৰাই তোলে। এইবোৰৰ উপৰি নিৰ্মলে নিজে তামোল আৰু নাৰিকল পুলি উৎপাদন কৰি এখন সৰু নাৰ্ছাৰীও স্থাপন কৰে। উন্নত জাতৰ বগৰী যোৱা বছৰতে ৰোপণ কৰি নিৰ্মলে ভাল ফল উৎপাদন কৰিবলৈ সক্ষম হৈছে। এইবেলি আমগছবোৰে কলি পেলাইছে। নিৰ্মলে এইবেলি বগৰী গছবোৰত কলম দিয়াত সেইবোৰত পুনৰ পোখা ধৰিছে। চকুত লগা ধৰণে জোপোহা হৈ উঠিছে আৰু ফুল ধৰিবলৈ আৰম্ভ কৰিছে। নিৰ্মলে দিনৰ দিনটো বাগানতে বন্ধুবৰ্গৰ সৈতে কাম-কাজ কৰি ব্যস্ত থাকে। তামুলপুৰৰ বৰ্তমানৰ বিধায়ক ইমানুৱেল মুছাহাৰী, বন্ধু ৰৱন ইশ্বৱাৰীয়ে সকলো ক্ষেত্ৰতে তেওঁলৈ সহায়ৰ হাত আগবঢ়াই আহিছে। ইপিনে, নিৰ্মল বসুমতাৰীয়ে দুহাজাৰ চনতে নিজৰ ঘৰৰ কাষতে থকা পাঁচ বিঘা মাটিত মূল্যৱান চেগুন গছ ৰোপন কৰিছিল। বৰ্তমান এই চেগুন গছবোৰ সম্পূৰ্ণ পৈনত হৈ উঠিছে। তাৰ মাজে মাজে ২০ জোপামান গমাৰি গছ আছে। ইয়াৰপৰা নিৰ্মলে এটা মোটা অংকৰ ধন লাভ কৰিবলৈ সক্ষম হ’ব। চৰকাৰী চাকৰি কৰাৰ য়সা-সুবিধা পায়ো তাক প্ৰত্যাখ্যান কৰি যি মানসিক প্ৰস্তুতিৰে নিৰ্মলে কৃষিকৰ্মত নামি পৰিছে সেয়া সঁচাকৈয়ে আদৰ্শনীয়। ইফালে, নিৰ্মলৰ আদৰ্শৰে অঞ্চলটোৰ আন কেইবাজন যুৱকেও খেতিবাতি কৰাত ব্যস্ত হৈ পৰিছে। কুমুদ মুছাহাৰী, ইয়ং বসুমতাৰীৰ তামোল বাগান, পাউলুচ বসুমতাৰীৰ ৰবৰ বাগান, চৰসিং বসুমতাৰীৰ তামোল বাগানেও আশাৰ বতৰা কঢ়িয়াইছে ভাৰত-ভূটান সীমান্তৰ গাঁওকেইখনলৈ।
লেখক:উৎপল ডেকা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 1/23/2023