মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত পোকালাগি অঞ্চলৰ এগৰাকী প্ৰতিষ্ঠিত কৃষক হ’ল গোলাপ চৌহান। ব্ৰক্ষ্মপুত্ৰৰ বাহনি পানীয়ে প্ৰতি বছৰে খেতি পথাৰৰ ক্ষতি সাধন কৰিলেও হতাশ হোৱা নাই এইগৰাকী খেতিয়ক। অতীতৰে পৰা এইগৰাকী বানপীড়িত কৃষকে শালি, বাও, মৰাপাট, বৰো ধান আদিৰ খেতি কৰি আহিছে যদিও যোৱা দুবছৰ ধৰি তেওঁ মাকৈ খেতিত মনোনিবেশ কৰিছে। এইবেলি তৃতীয় বছৰৰ বাবে গোলাপ চৌহানে নিজৰ ৪০ বিঘা মাটিত মাকৈ খেতি কৰিছে। চৌহানে জনোৱা মতে অন্য খেতিৰ তুলনাত মাকৈ খেতিত কম পৰিশ্ৰম আৰু কম খৰচেৰে অধিক লাভৱান হ’ব পাৰি। প্ৰতি বিঘা মাকৈ খেতিত ৫,৫০০-৬,০০০ টকা খৰচ কৰিলে ১৪,৪০০-১৯,৬০০ টকা পৰ্যন্ত লাভ আৰ্জিব পাৰি। প্ৰতি বিঘা মাটিত ১২-১৪ কুইণ্টল মাকৈ উৎপাদন হয়। মাত্ৰ তিনিমাহ কৃষককালৰ অন্তত ফচল উঠাবলৈ সক্ষম হোৱা মাকৈ খেতি এতিয়া ভূৰাগাঁও অঞ্চলৰ বানপীড়িত কৃষকসকলৰ বাবে অতি লাভজনক খেতি হৈ পৰিছে। এইবছৰ অঞ্চলটোত প্ৰায় ১৪০ হেক্টৰ কৃষিভূমিত মাকৈ খেতি কৰিছে বানপীড়িত কৃষকসকলে। বহু কৃষকে এইবাৰ বৰো খেতিৰ পৰিৱৰ্তে মাকৈ খেতিতহে আত্মনিয়োগ কৰা দেখা গৈছে। অঞ্চলটোৰ ভিতৰতে এগৰাকী প্ৰতিষ্ঠিত কৃষক হিচাপে সু-পৰিচিত গোপাল চৌহানে জানিবলৈ দিয়া মতে, এই বছৰ মাকৈ খেতিৰ উপৰি তেওঁ ১৭ বিঘা মাটিত উন্নত জাতৰ বৰো ধানৰ খেতি আৰু আন ৪০ বিঘা মাটিত মৰাপাটৰ বিজ সিঁচিছে। চৌহানে জানিবলৈ দিয়া মতে, যোৱাবছৰ তেওঁ ২৫ বিঘা মাটিত মাকৈ খেতি কৰি ২ লক্ষ্যাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। একমাত্ৰ কৃষিকাৰ্য্যৰে চহকী হোৱা গোপাল চৌহানৰ আছে মুঠ ১১৫ বিঘা শস্যভূমি। বছৰৰ ১২ মাহেই কৃষিকাৰ্য্যত নিয়োজিত হৈ থাকে এগৰাকী খেতিয়ক। মন কৰিবলগীয়া কথাটো হ’ল কৃষি প্ৰণালীৰ ক্ষেত্ৰত এইগৰাকী কৃষকে কোনোদিনে লোৱা নাই কৃষি বিভাগ নতুবা কোনো স্ংস্থাৰ সহায় অথবা পৰামৰ্শ। নিজা অভিজ্ঞতাৰে বছৰ বছৰ ধৰি তেওঁ কৃষি কাৰ্য্যত জড়িত হৈ আহিছে। আনহাতে, এনে এনে অভিজ্ঞতাৰ আধাৰতেই তেওঁ বিগত বৰ্ষসমূহৰ দৰে এইবাৰো বাওনীপথাৰৰ মাকৈ খেতিৰ তলত বাও ধান সিঁচি থৈছে। ৬০ বছৰীয়া উদ্যমী কৃষকগৰাকী এতিয়া ভূৰাগাঁও অঞ্চলৰে নহয়, সমগ্ৰ মৰিগাঁও জিলাবাসীৰ বাবেই আদৰ্শ হৈ পৰিছে।
লিখকঃ বিষ্ণু ডেকা, ভূৰাগাঁও
শেহতীয়া উন্নীতকৰণ: : 4/28/2020