মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / ভূৰাগাঁৱৰ আদৰ্শ কৃষক ৰামেশ্বৰ ডেকা:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভূৰাগাঁৱৰ আদৰ্শ কৃষক ৰামেশ্বৰ ডেকা:

ভূৰাগাঁৱৰ আদৰ্শ কৃষক ৰামেশ্বৰ ডেকাৰ বিষয়ে লিখা হৈছে

 

এজন সাধাৰণ কৃষক। মৰিগাঁও জিলাৰ ভূৰাগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত গেৰুৱা অঞ্চলৰ গোসাঁইবড়ী গাঁৱৰ এই কৃষকজনৰ নাম ৰামেশ্বৰ ডেকা। যি সময়ত ৰাজ্যখনৰ একাংশ কৃষকে কৃষি ক্ষেত্ৰখনত অধিক উৎপাদনৰ বাবে অধিক হাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰি আহিছে, তেনে সময়তে এইজন কৃষকে নিজে জৈৱিক সাৰ প্ৰস্তুত কৰি জৈৱিক পদ্ধতিৰে কৃষি কৰ্মত নামি পৰি আদৰ্শৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। আন কৃষকৰ দৰে এদিন তেওঁ নিজেও খেতিপথাৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দৰব ব্যৱহাৰ কৰি অধিক খাদ্য-শস্য উৎপাদন কৰিছিল যদিও উৎপাদিত শস্যসমূহৰ পৰা হ’ব পৰা অপকাৰৰ কথা চিন্তা কৰি তেওঁ সেই কাৰ্যত থমকি ৰয়। তাৰ পিছত নিজৰ কৃষি ক্ষেত্ৰখনত জৈৱিক পদ্ধতিৰে খেতি কৰি অঞ্চলবাসীক প্ৰদূষণমুক্ত সুষম খাদ্য-শস্য যোগানৰ এক আৰ্হি স্থাপনৰ কথা চিন্তা কৰে এইজন চহা কৃষকে। তাৰ বাবে তেওঁ প্ৰথমে কেৱল কৃষি সম্বন্ধীয় হাতপুথি আৰু কৃষি বিভাগৰ দিহা পৰামৰ্শক আলম হিচাপে লৈয়ে নিজাববীয়াকৈ কেঁচুসাৰ উৎপাদন কৰিবলৈ লয়। এই সন্দৰ্ভত কৃষকজনে জনোৱা মতে, মৰিগাঁও জিলা কৃষি বিভাগৰপৰা তেওঁক তিনিটা কেঁচুসাৰ উৎপাদন কৰা টেংকী যোগান ধৰে। তাৰ পিছৰপৰা সাৰৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰীসমূহ স্থানীয়ভাৱে যোগান কৰি তেওঁ বছৰত দুবাৰকৈ কেঁচু সাৰ প্ৰস্তুত কৰিবলৈ লয়। এনেদৰে তেওঁ বছৰত ১৪ কুইন্টল কেঁচু সাৰ প্ৰস্তুত কৰি আহিছে। ৰাসায়নিক সাৰ সম্পূৰ্ণৰূপে বৰ্জন কৰি তেওঁ যোৱা বছৰৰপৰা একমাত্ৰ কেঁচু সাৰ প্ৰয়োগ কৰি জৈৱিক পদ্ধতিৰে কৃষিকৰ্মত নিয়োজিত হৈ পৰিছে। এই বছৰ তেওঁ ১০ বিঘা মাটিত জৈৱিক পদ্ধতিৰে ‘মাচুৰী’ আৰু ‘জয়মতি’ নামৰ বৰো ধানৰ খেতি কৰিছে। কৃষকজনে এনেদৰে ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যৰ পৰিৱৰ্তে জৈৱিক সাৰ আৰু জৈৱিক কীটনাশক প্ৰয়োগ কৰি মাটিৰ গুণাগুণ ভালে ৰখাৰ উপৰি অধিক শস্য উৎপাদন কৰিবলৈ ধৰাত অঞ্চলটোৰ আন বহুকেইজন কৃষকেও জৈৱিক পদ্ধতিৰে খেতি কৰিবলৈ লৈছে। উল্লেখ্য যে তেওঁ কৃষিৰ সমান্তৰালভাৱে গো-পালনো কৰি আহিছে। গাখীৰ আৰু গৰু বিক্ৰী কৰি বছৰত তেওঁ ৭০-৮০ হাজাৰ টকা উপাৰ্জন কৰি আহিছে। এনেদৰে উপাৰ্জিত ধনেৰে এইজন কৃষকে দুগৰাকী কন্যাক কলেজীয়া শিক্ষা প্ৰদান কৰি থকাৰ লগতে আন এটি পুত্ৰ সন্তানকো বিদ্যালয়ত পঢ়া-শুনা কৰাই আছে। বৰ্তমান কৃষকজনৰ এনে কৃষি কৰ্মই সমগ্ৰ মৰিগাওঁ জিলাৰ কৃষকসকলৰ মাজত আদৰ্শৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে।

 

লেখক:বিষ্ণু ডেকা(দৈনিক অসম)

2.96551724138
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top