মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / মছলাজাতীয় শস্যৰ খেতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মছলাজাতীয় শস্যৰ খেতি

মছলাজাতীয় শস্যৰ খেতি

দৈনন্দিন জীৱনত খাদ্যৰ তালিকাত মছলাৰ গুৰুত্ব সদায়েই আছে। আমাৰ সমাজ জীৱনত বিশেষত: আদা, হালধি, পিয়াঁজ, নহৰু, জলকীয়া আদি মছলাজাতীয় শস্যই এখন সুকীয়া আসন দখল কৰি আহিছে। কিন্তু মছলা খেতিৰ বাবে ৰাজ্যখনত ব্যাপক সম্ভাৱনীয়তা থকা স্বত্বেও ব্যৱসায়িক ভিত্তিত মছলা খেতিৰ বাতাবৰণ গঢ়ি নুঠাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবেশী ৰাজ্যৰ পৰা প্ৰতিদিনে কেইবাহাজাৰ টন মছলা অসমলৈ আমদানি কৰিবলগীয়া হৈ আহিছে। প্ৰণিধানযোগ্য যে সমগ্ৰ পৃথিৱীত মুঠতে ৭০ বিধ মছলা মানুহে ব্যৱহাৰ কৰে আৰু ইয়াৰে সৰহ সংখ্যকেই আমাৰ দেশত প্ৰচুৰ পৰিমাণে পোৱা যায়। উল্লেখ্য যে ভাৰতে আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যত ৯০ শতাংশ জালুক, আদা, লং, ডালচেনি, জাতিফল, জাইফল আৰু ইলাচি যোগান ধৰে। আন্ত:ৰাষ্ট্ৰীয় বজাৰত ব্যাপক গুৰুত্ব থকা বাবে দক্ষিণ ভাৰতত মছলা খেতিৰ বিকাশৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ সংস্থা ‘স্পাইচেছ ব’ৰ্ড’ গঠন হৈছে আৰু এই ব’ৰ্ডে কৃষিভূমিত মছলাৰ উন্নতজাত তথা বীজ যোগান ধৰাৰ লগতে মছলা বিপণনৰ বাবে বিভিন্ন ব্যৱস্থা আদি কৰাত সহায় কৰে। তদুপৰি মছলা খেতিৰ ব্যপক সম্ভাৱনীয়তালৈ লক্ষ্য ৰাখি ভাৰতীয় কৃষি গৱেষণা পৰিষদে কেৰালাৰ কালিকটত ‘ৰাষ্ট্ৰীয় মছলা গৱেষণা কেন্দ্ৰ’ ইতিপূৰ্বেই স্থাপন কৰিছে। বিভাগীয় তথ্য অনুসৰি আমাৰ ৰাজ্যখনত মছলাজাতীয় শস্যৰ খেতিৰ মাটিৰ পৰিমাণ হ’ল এনেধৰণৰ – আদা ৮,৩৩০ হেক্টৰ, হালধি ১১,৭৫৫ হেক্টৰ, পিয়াঁজ ৮০০ হেক্টৰ, নহৰু ৩,৫০০ হেক্টৰ, জলকীয়া ২৩,০০০ হেক্টৰ, ধনিয়া ২,২০০ হেক্টৰ আৰু অন্যান্য ২,৭০০ হেক্টৰ। ৰাজ্যখনৰ যোৰহাট আৰু ডিফুত থকা গৱেষণা কেন্দ্ৰত হালধিৰ প্ৰচুৰ উৎপাদক্ষম জাতৰ বিষয়ে ইতিমধ্যে গৱেষকসকলে গৱেষণা চলাই ‘তিতাবৰ’ নামৰ জাতিটোক উন্নত বুলি স্বীকৃতি প্ৰদান কৰাৰ পৰিপ্ৰেক্ষিতত খেতিয়কসকলৰ মাজত ইয়াৰ চাহিদা বৃদ্ধি পাইছে। এইবিধ হালধি প্ৰতি হেক্টৰত ২৯৭.৪০ কুইণ্টল পৰ্যন্ত উৎপাদক্ষম। তদুপৰি কেৰালাৰপৰা আমদানিকৃত কিছুসংখ্যক জাত অসমৰ পৰিবেশৰ লগত মিল থকা বাবে কৃষকে এই জাতকেইটাৰ প্ৰতি আকৰ্ষিত হোৱা পৰিলক্ষিত হৈছে। প্ৰকাশযোগ্য যে হালধি ব্যঞ্জনৰ তালিকাত মছলা হিচাপে ব্যৱহাৰ কৰা উপৰি এবিধ উত্তম বনৌষধি হিচাপে ব্যৱহৃত হৈ অহাৰ ফলত ইয়াৰ গূণগত মূল্য সদায়েই বৃদ্ধি পাই আহিছে। একেদৰে আনবিধ ঔষধি গুণসম্পন্ন মছলা শস্য ‘আদা’ৰ গুৰুত্ব আন্ত:ৰাষ্ট্ৰীয় বজাৰত অধিক। কম আঁহযুক্ত আৰু উচ্চ উৎপাদনক্ষম জাত হিচাপে বিবেচিত ‘ৰিঅ’ ডিজেনেৰ’ নামৰ আদাবিধে খেতিয়কৰ মাজত অধিক জনপ্ৰিয়তা লাভ কৰিছে। স্মৰ্তব্য যে ৰাজ্যখনৰ দুখন পাহাৰীয়া জিলা ক্ৰমে কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাত সৰ্বাধিক পৰিমাণে হালধিৰ খেতি কৰা হয় আৰু হালধিৰ ‘টলক্লন’ আৰু ‘শ্বিলং টাইপ’ জাত দুটাৰপৰা কৃষকে প্ৰতি হেক্টৰত ৬৩.২৪ কুইণ্টল(শুকান)হালধি উৎপাদন কৰিবলৈ সক্ষম হৈছে। ৰাজ্যখনত আদা-হালধিৰ লগতে জালুকৰ চাহিদাও কোনো গুণে কম নহয়। বকৰানি তথা পানী জমা নোহোৱা মাটি জালুকৰ খেতিৰ বাবে উপযোগী। তদুপৰি ৰাজ্যৰ কৃষি বিভাগে কাঁহিকুছিকে ধৰি বিভিন্ন অঞ্চলত থকা কৃষি বীজ পামসমূহত উন্নত বীজ বা পুলি উৎপাদন কৰি এইবোৰ আগ্ৰহী কৃষকৰ মাজত বিতৰণ কৰাৰ লগতে কৃষি কৰ্মত দিহা-পৰামৰ্শ আগবঢ়ালে নিশ্চয় উদ্যোগী নিবনুৱাসকল মছলা খেতিৰ প্ৰতি আকৰ্ষিত হোৱাৰ লগতে আৰ্থিকভাৱেও টনকিয়াল হ’ব পাৰিব। উল্লেখ্য যে দক্ষিণ ভাৰতত, বিশেষকৈ কেৰালা, তামিলনাডু আদিত স্পাইচেছ ব’ৰ্ডে ইলাচিৰ বাবে ৰেহাই মূল্যত বীজৰ যোগান, ঋণ প্ৰদান আদিৰ লগতে প্ৰছেচিং ইউনিট স্থাপনৰ বাবে কৃষকক বিশেষভাৱে সহায় কৰে। অসমতো কৃষি বিভাগে উল্লিখিত মছলাজাতীয় শস্যৰ ক্ষেত্ৰত উৎপাদন আৰু বিপণন – এই দুয়োটা শাখাতে প্ৰশিক্ষিত কৰি তুলিলে নিজৰ লগতে ৰাজ্যখনৰ অৰ্থনীতিও টনকিয়াল হ’ব বুলি আশা কৰিব পাৰি। ৰান্ধনি ঘৰত প্ৰতিদিনে ব্যৱহৃত হৈ অহা মছলাজাতীয় শস্য ‘পিয়াঁজ’ৰ ক্ষেত্ৰতো অসমে অদ্যপি অন্য ৰাজ্যৰ ওচৰত হাত পাতিবলগীয়া হৈ আহিছে। কৃষি বিশেষজ্ঞৰ তথ্য মতে, ৰাজ্যখনত অকল পিয়াঁজৰ চাহিদাই হ’ল প্ৰায় ৪.৫০ লাখ মেট্ৰিক টন। ইয়াৰ বিপৰীতে ৰাজ্যখনত পিয়াঁজ উৎপাদন হয় মাত্ৰ ১৬ হাজাৰ মেট্ৰিক টন। চৰ অঞ্চলৰ পলসুৱা মাটিত ব্যৱসায়িক ভিত্তিত খেতি কৰিলে নিশ্চয় অৰ্থনীতি টনকিয়াল হ’ব। অৱশ্যে কৃষকক এনেক্ষেত্ৰত জড়িত কৰিবলৈ অসম কৃষি বিশ্ববিদ্যালয়, ৰাজ্যিক কৃষি বিভাগে গৱেষণালব্ধ কেতবোৰ আঁচনি গ্ৰহণ কৰিলে নিশ্চয় কৃষিক্ষেত্ৰত সম্ভাৱনা প্ৰকট হৈ পৰিব।

লিখক: চন্দ্ৰ চহৰীয়া, দৈনিক অসম।

3.02631578947
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top