মা মানে লক্ষ্মী, জুলি মানে ভঁৰাল- লক্ষ্মীৰ ভঁৰাল। প্ৰতি পুৱা সত্ৰৰ নামঘোষাৰে সাৰ পায় মাজুলী। সুৰ্যৰ প্ৰথম কিৰণে যুঁজি জীয়াই থকাৰ সাহস বিলায় প্ৰতিদিনে মাজুলীক। প্ৰাকৃতিক সৌন্দৰ্য তথা বিভিন্ন গুণ- গৰিমাৰ সমাহাৰ মাজুলী। প্ৰকৃতিৰ এক অপুৰ্ব সৃষ্টি মাজুলী।
অসমীয়া সংস্কৃতিত মৃৎশিল্পৰ এক এৰাব নোৱাৰা স্থান আছে। মাজুলীয়ে এৰি দিয়া নাই এই পৰম্পৰা আৰু সংস্কৃতি। অতীজৰে পৰা চলি আহিছে এই শিল্প ইয়াত। প্ৰতি বছৰে বানত ভাৰাক্ৰান্ত হোৱা মাজুলীৰ নদী কাষৰীয়া অঞ্চল শালমৰা, বাৰবকা, বেছামৰা, কামজান এলেঙী, চিনাতলী ঠাইসমুহত এই শিলো আছে। হীৰা আৰু কুমাৰসকলে এই নদী কাষৰীয়া অঞ্চলসমুহত বাস কৰে। এই গাঁওসমুহৰ প্ৰধান জীৱিকা এই মৃৎশিল্পসমুহ। পুৰুষ –মহিলা সকলোৱে আগ-ভাগ লয় এই শিল্পকলাত। এয়া টেকেলি, নদীয়া দুণৰি, মঠিয়া, চাকি, ভুৰুকা, ধুপ-দানি, নেগেৰা, খোল, উধান কলহ, ভাবুকি, সৰু কলহ, ধুনামলা, মাটিৰ টাব তথা বিভিন্ন মাটিৰ সামগ্ৰী তৈয়াৰ কৰা হয়। কোনো আধুনিক সা-সৰঞ্জাম নোলোৱাকৈ প্ৰকৃতিৰ পৰা আহৰণ কৰা কুমাৰ মাটিৰ সহায়েৰে ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ নকৰাকৈ পাত্ৰসমুহ তৈয়াৰ কৰে। মাটিৰ পাত্ৰ এটাই গঢ়ন প্ৰক্ৰিয়াত পুৰ্ণতা লাভ কৰাৰ বিভিন্ন স্তৰত মৃৎশিল্পী পৰিয়ালৰ সকলো সদস্য জড়িত হৈ থাকে। পুৰুষসকলে মাটি খন্দা পেঘালিত পাত্ৰসমুহ পোৰা আৰু বিক্ৰী কৰাৰ কামখিনি কৰে। মহিলাসকলে মাটি মিহি কৰাৰ পৰা আৰু পাত্ৰসমুহৰ আকাৰ দিয়ালৈ কামখিনি কৰে। শালমৰা অঞ্চলৰ মৃৎশিল্পীসকলে পৌৰাণিক দিনত তিৰোতাসকলে পৰিধান কৰা আ-অলংকাৰৰ চিত্ৰসমুহ পাত্ৰসমুহত অংকন কৰে। কুমাৰনীসকলে আকাৰ দিবলৈ ব্যৱহাৰ কৰা বি ভিন্ন সামগ্ৰীখিনি হ’ল- খুন্দা মাৰি, কাঠৰ পাত, পিতুন, চোঁচা মাৰি, বনিয়া, এঠালি, আফৰি, ভুটুঙা, মাজনী, পেঘালি ইত্যাদি। এই সামগ্ৰীসমুহ্য পৰম্পৰাগত। বিজ্ঞানসন্মত কাৰিকৰী কৌশলে মাজুলীৰ এই শিল্পক চুব পৰা নাই। পুৰণিকলীয়া নিয়মেৰে নিৰ্মাণ কৰি আহিছে এই মৃৎশিল্প। প্ৰতিঘৰতে কেঁচা কলহসমুহ ৰ’দাই থোৱা দৃশ্য আৰু ব্ৰহ্মপুত্ৰৰ ওখ গড়াৰ কাষত পকাই থোৱা কলহসমুহৰ দৃশ্য অতি মনোমোহা।
মাজুলীত ছমাহ বাৰিষা আৰু ছমাহ খৰালি। বানপানীয়ে প্ৰতিবছৰে ধুৱাই নিয়ে এই অঞ্চলসমুহ। খৰালিৰ দিনকেইটাত যুদ্ধংদেহি মনোভাবেৰে বাৰিষাৰ পেটৰ জুই কুৰা নুমুৱাবলৈ সাজু হয় তেওঁলোক। ব্ৰহ্মপুত্ৰৰ নিচেই দাঁতি কাষৰীয়া হোৱা বাবে বাৰিষাত খাদ্যসংকট পৰে তেওঁলোক। খৰালিৰ দিনকেইটাত কুমাৰসকলে ব্ৰহ্মপুত্ৰৰ পানী কমি থকাত বিভিন্ন ঠাইলৈ পাত্ৰসমুহ লৈ নদীযাত্ৰা কৰিবৰ বাবে সাজু হয়। এই মাটিৰ সামগ্ৰীসমুহ ছৈ দিয়া নাৱত বোজা দি মুখত হৰিনাম লৈ বেপাৰৰ বাবে বহুদিনলৈ ওলাই যায়। যেন পৌৰাণিক দিনৰ সদাগৰৰ সাধুকথাহে। এনেদৰেই ওলাই যাওঁতে মহিলাগৰাকীয়ে নিজৰ কুমাৰজনক সুন্দৰকৈ খুৱাই-বুৱাই আদৰেৰে উলিয়াই পঠিয়ায়। যেনেকৈ পঠিয়াই তেনেকৈয়ে ঘৰলৈ ঘুৰি আহোতে নদীত গা-ধুই-ড়াঢ়ি-চুলি কাটি ঘৰ সোমায়। শদিয়াৰ পৰা ধুবুৰীলৈ অসমৰ বিভিন্ন ঠাইৰ বাদেও অসমৰ বাহিৰলৈও যায় মাজুলীৰ মৃৎশিল্প।
গ্ৰাম্য জীৱনত বাৰীৰ এটা লাউৰ বদলি পুখুৰীৰ এটা মাছ সলাই খোৱাৰ পৰম্পৰা এতিয়াও আছে। ঠিক তেনেদৰে এই কুমাৰ বা হীৰাসকলেও মাটিৰ এটা পাত্ৰৰ বদলি ধান, মাহ আদি সলাই লয়। মাজুলীৰ ভিতৰুৱা গাঁওবোৰত এতিয়াও এনে কৰা হয়।
নদীদ্বীপটোৰ সম্ভাৱনাময় মুখাশিল্পৰ লগতে এই মৃৎশিল্প উল্লেখযোগ্য শিল্প। প্ৰকৃতিয়ে যেনেকৈ আধুনিকতাৰ পৰশ নোপোৱাকৈ এই শিল্পক মাজুলীলৈ উপহাৰ দিছে, ঠিক এতিয়াও তেনেদৰেই আছে। বাৰিষাৰ দিনকেইটাত মাটিৰ অসুবিধা নহ’বলৈ পুৰুষসকলে খৰালিৰ দিনতে মাটিৰ সংৰক্ষণ কৰি ৰাখিব লগা হয়। এই মাটিসমুহ একেবাৰে নদীৰ কাষৰ পৰা অনা হয়। গড়াখহনীয়াৰ ইও এটা কাৰণ হিচাপে ভাবি প্ৰশাসনে এই মাটি খন্দাত বাধা আৰোপ কৰে। যিয়েই নহওক কিয়, মাজুলীৰ এই মৃৎশিল্পটো বহুতো ঘাত-প্ৰতিঘাতৰ মাজেৰে চলি আছে আৰু ই অসম গৌৰৱ তথা পৰ্যটকৰো আকৰ্ষণৰ কেন্দ্ৰবিন্দু।
লেখিকা: মৌচুমী দলে( নন্দিনী)
শেহতীয়া উন্নীতকৰণ: : 8/31/2023