মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / মাটি-পানী-মাছৰ লগত মানসিক তৃপ্তি পোৱা নগাঁৱৰ অৰূপ বৰাঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাটি-পানী-মাছৰ লগত মানসিক তৃপ্তি পোৱা নগাঁৱৰ অৰূপ বৰাঃ

মাটি-পানী-মাছৰ লগত মানসিক তৃপ্তি পোৱা নগাঁৱৰ অৰূপ বৰাৰ বিষয়ে লিখা হৈছে

 

১৯৭৯ চনত নগাঁও জিলাৰ চামগুৰি অঞ্চলৰ লাওখোৱা গাঁৱলৈ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ষ্টাৰ প্ৰাপ্তিৰে স্থানীয় শিক্ষক পুত্ৰজনে গৌৰৱ কঢ়িয়াই আনিছিল। বিভিন্ন ভাষা-ভাষী আৰু ধৰ্ম-সম্প্ৰদায়ৰ বসতিপ্ৰধান সম্প্ৰীতিৰ নিদৰ্শন গাঁওবাসীৰ আশিষ শিৰত লৈ ল’ৰাজন আহিল কটন কলেজলৈ। ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে প্ৰাক্ বিশ্ববিদ্যালয় পৰীক্ষা (অধুনালুপ্ত) উত্তীৰ্ণ হৈ এইবাৰ ল’ৰাজনে নামভৰ্তি কৰিলে জালুকবাৰীৰ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত। অতি কৃতিত্বৰে চিভিল ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰী আহৰণ কৰি উত্তৰ-পূৱ সীমান্ত ৰেলৱেত অভিযন্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। কৰ্মক্ষেত্ৰতো যুৱকজনে পাৰদৰ্শিতাৰে সেৱা আগবঢ়াই কম সময়তে নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে। ১৯৮৯-২০০৪লৈ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ আগৰতলা প্ৰকল্পকে আদি কৰি কেইবাটাও অভিলাষী প্ৰকল্পত সেৱা আগবঢ়াই ডেকা অভিযন্তাজনে সুনাম অৰ্জন কৰে। ফলত তদানীন্তন ৰেল মন্ত্ৰী চি কে জাফৰ শ্বৰীফৰ বঁটা আৰু প্ৰশস্তি-পত্ৰও লাভ কৰে যুৱকজনে। ইমানলৈ ডেকাজনৰ পৰিচয় আছিল অভিযন্তা অৰূপ বৰা হিচাপে। কিন্তু তাৰ পাছত হৃদয়ৰ তাগিদাত আৰু পানী-মাটিৰ দুৰ্বাৰ আকৰ্ষণত ডেকাজনে পৰিচয় পালে প্ৰগতিশীল মীনপালকৰূপে। এক অনাকাংক্ষিত পটভূমিত অভিযান্ত্ৰিক কাম-কাজক বিদূৰত থৈ জড়িত হৈ পৰিল মীনপালনত। ঘৰতে অৱহেলিত পুখুৰীকেইটাত আৰম্ভ কৰিলে মীনপালন আৰু মীনপোনা প্ৰতিপালন। সকলোখিনি কাম-কাজ আগবঢ়াই নিলে পূৰামাত্ৰাই বিজ্ঞানসন্মত দৃষ্টিভংগীৰে। অৱধাৰিতভাৱে আহিল সফলতা। মুখ্যতঃ ৪০ বিঘা জলকালিৰ প্ৰতিপালন পুখুৰীত মীন বিভাগৰ অনুমোদিত পোনা উৎপাদন কেন্দ্ৰৰ পৰা ভ্ৰূণ পোনা আনি আঙুলি জোখৰ পৰ্যায়লৈ পৰ্যবসন কৰি বিপণন কৰে। বিভিন্ন প্ৰজাতিৰ কাৰ্পজাতীয় মাছৰ পোনা প্ৰতিপালন কৰাৰ উপৰি শেহতীয়া সংযোজন জয়ন্তী ৰৌ, আমূৰ কাৰ্প আদিৰ পোনাও প্ৰতিপালন কৰে বৰাই। পৰৱৰ্তী সময়ত মৃতপ্ৰায় ১২৫ হেক্টৰ জলকালিবিশিষ্ট হাৰিভাংগা বিলখন বন্ধু অধীৰ দাসক বন্দৱস্তিত গ্ৰহণ কৰিবলৈ উৎসাহিত কৰে অৰূপ বৰাই। উদ্দেশ্য বন্ধুৱে বিলখন আবণ্টন পালে নিজেও প্ৰাণঢালি বিলখনৰ উন্নয়ন তথা সংবৰ্ধনত মনোনিৱেশ কৰিব পাৰিব। বিজ্ঞানসন্মত দৃষ্টিভংগীৰ প্ৰতিভূ ৰূপে সিদ্ধান্ত ল’লে বিলৰ পৰা মাছ ধৰিলেই নহ’ব, উৎপাদনো কৰিব লাগিব। ২০১৬ বৰ্ষৰ মাৰ্চ মাহৰ পৰা অপতৃণ চাফা কৰিবলৈ ‘ফকলেণ্ড’ কামত লগালে তিনি মাহৰ বাবে। প্ৰায় ৬০০ বিঘা জলকালি পিত আৰু অপতৃণৰ পৰা মুক্ত কৰি মীন পালনৰ বাবে আঙুলি জোখৰ পোনা মেলে। তদুপৰি বিলৰ সূচল ঠাইত আধুনিক মীনপালন কৌশল ৰূপায়ণ কৰিবলৈ তিনি হেক্টৰ জলকালিত আৱেষ্টনী সাজি উলিয়ায়। আৱেষ্টনীত প্ৰধানতঃ পোনা মাছৰ প্ৰতিপালন আৰম্ভ কৰি সেইখিনি বিলতে মেলি দিয়াৰ ব্যৱস্থা কৰে বৰাই। অতি সোনকালেই বিলখন পুনৰ্জীৱিত হৈ ন ৰূপ ল’লে। প্ৰাকৃতিক খাদ্যৰ প্ৰাচুৰ্যতা আৰু দুৰ্দান্ত উৎপাদিকা শক্তিৰ ভাণ্ডাৰ বিলখনত মাছৰ বাঢ়নো অতি সন্তোষজনক। নিজৰ উদ্যোগত বিলৰ পাৰত এটা পাৰঘাট নিৰ্মাণ কৰে বৰাই। স্বাস্থ্যসন্মতভাৱে নিৰ্মাণ কৰা পাৰঘাটটোত বিভিন্ন মাছৰ লগতে বিভিন্ন উৎপাদিত সামগ্ৰীও শৃংখলাৱদ্ধভাৱে বিপণন হয়। অদূৰ ভৱিষ্যতে মীনভিত্তিক পৰিৱেশনুকূল পৰ্যটনৰ বাবে বিলখনৰ এটা অংশ সাজু কৰি তুলিছে বৰাই। সমান্তৰালভাৱে বিলৰ পাৰত নৈসৰ্গিক শোভাৰে পৰিৱেষ্টিত জিৰণি ঠাই, অতিথি শালা, কাৰ্যালয় আদিও নিৰ্মাণ কৰিছে। বিজ্ঞানসন্মত মীনপালক আৰু অধিক সজোৰে উপস্থাপন কৰাৰ মানসেৰে বৰাই কলকাতাত কেন্দ্ৰীয় অলৱণীয় জলসংবৰ্ধন প্ৰতিষ্ঠানৰ তত্ত্বাৱধানত উচ্চ পৰ্যায়ৰ প্ৰশিক্ষণো গ্ৰহণ কৰিছে। দেশৰ অগ্ৰণী মীন শিক্ষা আৰু গৱেষণা সংস্থাটিয়ে বৰাৰ যাত্ৰাক উৎসাহিত কৰিবলৈ শেহতীয়াকৈ অসম মীন উন্নয়ন নিগমৰ জৰিয়তে এটা অত্যাধুনিক এফ আৰ পি মীন পোনা উৎপাদন কেন্দ্ৰ আবণ্টন দিছে। বৰাই সমন্বিত মীন আৰু উদ্যান শস্য সফলতাৰে ৰূপায়ণ কৰাৰ উপৰি প্ৰায় ৫০ জনৰ বাবে স্ব-নিয়োজনৰ ব্যৱস্থা কৰি অনুকৰণীয় চানেকি দাঙি ধৰিবলৈ সক্ষম হৈছে। হাৰিভাংগা বিলখনক কেৱল মৎস্য সংগ্ৰহৰ থলী হিচাপে ব্যৱহাৰ নকৰি (সচৰাচৰ যিটো দেখা যায়) বৰাই পোনা মেলি বৃহৎ মীনপালন তথা জল সংবৰ্ধনৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিছে। অৰূপ বৰাই জানিবলৈ দিয়া মৰ্মে- মাটি-পানী আৰু মাছৰ লগত জড়িত হৈ যি এক মানসিক পৰিতৃপ্তিৰে জীয়াই থকাৰ পথ ৰচনা হয়, তাক ভাষাৰে বুজাব নোৱাৰি। পত্নী আৰু মোৰ দুই পুত্ৰ আৰু একমাত্ৰ কন্যাও এই সুখ-সমৃদ্ধিৰ সমভাগী। অৰূপ বৰা (৯৯৫৭৯-৫৮৭৯৪) এক অনুকৰণীয় উদাহৰণ। আপুনিও বৰাৰ পাম পৰিদৰ্শন কৰি বা তেওঁৰ লগত বাৰ্তালাপ কৰি উপকৃত হ’ব পাৰে।

(উৎসঃ নিয়মীয়া বাৰ্তা, ড ধ্ৰুৱজ্যোতি শৰ্মা, মীন সঞ্চালকালয়ৰ জ্যেষ্ঠ বিষয়া, গুৱাহাটী)।

2.91176470588
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top