অসমৰ গ্ৰাম্য অৰ্থনীতি তথা সামাজিক জীৱন যাত্ৰাৰ অন্যতম আহিলাসমূহৰ ভিতৰত মাটিৰ বাচন অন্যতম। মাটিৰ বাচন তৈয়াৰ কৰি অসমৰ চুকে-কোণে থকা মৃৎ শিল্পক জীয়াই ৰখাৰ সংগ্ৰামত ব্যস্ত হীৰা আৰু কুমাৰ শিল্পীসকলে বিভিন্ন অসুবিধাৰ বাবে লাহে লাহে এতিয়া মাটিৰ বাচন তৈয়াৰ কৰিবলৈ বাদ দিছে যদিও কামৰূপ জিলাৰ খেহেনীপাৰাৰ সাৱিত্ৰী দাস নামৰ মহিলাগৰাকীয়ে এই শিল্পটোৰ লগত জড়িত থাকি স্বাৱলম্বনৰ নিদৰ্শন দাঙি ধৰিছে। বিশ্বকৰ্মা পূজাৰ পৰাই লাখ লাখ চাকি, ধূপবাটি, টেকেলি, কুমাৰী চৰু ইত্যাদি পূজাত প্ৰয়োজন হোৱা মাটিৰ বাচন নিৰ্মাণত ব্যস্ত হৈ পৰে সাৱিত্ৰীয়ে। ইতিমধ্যে বিভিন্ন উৎসৱ পাৰ্বণত ব্যৱহৃত বাচন-বৰ্তন নিৰ্মাণ সম্পূৰ্ণ কৰিছে মহিলা শিল্পীগৰাকীয়ে। মৃৎ শিল্পক জীৱন নিৰ্বাহৰ আহিলা হিচাপে গ্ৰহণ কৰি সাৱিত্ৰীয়ে মদন কামদেৱৰ ওচৰৰ বামুণীগাঁও, আজ্ঞাঠুৰী অঞ্চলৰ পৰা মাটি ক্ৰয় কৰি আনি বছৰটোৰ বাবে ঘৰৰ নিকটতে গাঁতত পুতি থৈ সেই মাটিৰে বাচন তৈয়াৰ কৰি মাহেকত কেইবাহাজাৰ টকা উপাৰ্জন কৰি আহিছে। বছৰৰ সকলো সময়তে সাৱিত্ৰীয়ে বিভিন্ন মৃৎ সামগ্ৰী তৈয়াৰ কৰে আৰু সেইবোৰ স্বামীৰ হতুৱাই ভাৰ বান্ধি গাঁৱে-ভূঁঞে, বজাৰে বজাৰে বিক্ৰী কৰিবলৈ পঠাই দিয়ে। উল্লেখ্যযোগ্য বছৰৰ মাত্ৰ দুটা সময়ত অৰ্থাৎ দেৱালীৰ সময়ত মাটিৰ চাকি আৰু মাঘ বিহুৰ সময়ত চৰু, টেকেলি, কাটা, কলহ ইত্যাদি ধৰি বিভিন্ন সামগ্ৰীৰ বজাৰ ভাল হয়। দেৱালীৰ সময়ত ১০-১২ হেজাৰ মাটিৰ চাকি প্ৰস্তুত কৰাৰ উপৰি মাঘৰ বিহুৰ প্ৰতি লক্ষ্য ৰাখি যথেষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। বৰ্তমান প্লাষ্টিক, ষ্টীল, ছিলভাৰকে ধৰি বিভিন্ন ধাতুৰ দ্বাৰা উৎপাদিত সামগ্ৰীৰ পয়োভৰে বজাৰ দখল কৰাত মৃৎশিল্পীসকলৰ প্ৰতি চৰম ভাবুকি আহি পৰিছে যদিও সাৱিত্ৰী নামৰ শিল্পীগৰাকী থমকি ৰোৱা নাই। নৱপ্ৰস্তৰ যুগৰ পৰা কীৰ্তি বহন কৰা উক্ত মৃৎ শিল্পটোক জীয়াই ৰখাৰ কঠোৰ সংগ্ৰাম কৰি থকা সাৱিত্ৰীয়ে আজিলৈ লাভ নকৰিলে চৰকাৰী সুবিধা। উক্ত শিল্পটোৰ লগত জড়িত থাকি সাৱিত্ৰী নিজৰ পৰিয়ালটো চলাই সুকলমে জীৱন-নিৰ্বাহ কৰাৰ উপৰি কলেজত ছোৱালীক পঢ়ুৱাই স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে।
উৎস: অসমীয়া প্ৰতিদিন।
শেহতীয়া উন্নীতকৰণ: : 7/18/2020
কলৰ ব্যৱসায়েৰে স্বাৱলম্বী মুকুল আলী
কুচিয়া পালনেৰে স্বাৱলম্বী বিপুল-পুৱাৰাম
কৃষিকৰ্মৰে স্বাৱলম্বী কাকীৰ ৰাজু কুমাৰ কলিতা
আলংকৰিক মাছৰ ব্যৱসায়েৰে স্বাৱলম্বী পাৰ্থৰথি হাজৰিক...