অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বাৰ্তা

মালভোগ কলৰ খেতিৰেও যে আত্মসংস্থাপন লাভ কৰিব পাৰি তাৰে নিদৰ্শন

মালভোগকল খেতিৰে আত্মসংস্থাপন মুছলপুৰৰ যুৱকৰ:

 

মালভোগ কলৰ খেতিৰেও যে আত্মসংস্থাপন লাভ কৰিব পাৰি তাৰে নিদৰ্শন দেখুৱাইছে বাকসাৰ এজন যুৱকে। বাকসা জিলাৰ মুছলপুৰৰ যুৱকজনে কল বিক্ৰী কৰিয়েই মাহেকত উপাৰ্জন কৰিছে দহৰপৰা বাৰ হাজাৰ টকা। মুছলপুৰ মহকুমাৰ অন্তৰ্গত ২ নং চৈবাৰীৰ ৰোহিত বড়ো নামৰ শিক্ষিত যুৱকজনে সম্পূৰ্ণ নিজৰ প্ৰচেষ্টাত আৰম্ভ কৰিছে সাত বিঘা মাটিত মালভোগৰ খেতি। ৰোহিত বড়োৱে জানিবলৈ দিয়া মতে, সম্প্ৰত্তি কল বিক্ৰী কৰি মাহেকত তেওঁ লাভ্ কৰিবলৈ সক্ষম হৈছে দহৰপৰা বাৰ হাজাৰ টকা। প্ৰতিদিনে আখি হিচাপত কল নিজৰ বগিচাৰপৰাই বিক্ৰী কৰে ৰোহিত বড়োৱে।

মালভোগ কলৰ লগে লগে এতিয়া উন্নত জাতৰ বগৰী ৰোপণ কৰা ৰোহিত বড়োৱে জিলাখনৰ শিক্ষিত নিবনুৱাসকলক আহ্বান জনাইছে কৃষিকৰ্মৰ লগত জড়িত হ’বলৈ। ৰোহিত বড়োৱে আত্মসংস্থাপনৰ বাবে চলোৱা প্ৰচেষ্টা সঁচাকৈ প্ৰশংসনীয়।

 

চাৰিদুৱাৰত মুগা পলু পালনৰে স্বাৱলম্বী ধেমাজিৰ কেইবাজনো লোক:

 

যিটো সময়ত একাংশ নিৱনুৱা যুৱক-যুৱতীয়ে জীৱিকাৰ তাড়নাত বহি:ৰাজ্যলৈ গমন কৰি ন্যূনতম পাৰিশ্ৰমিকত কোনো বেচৰকাৰী কোম্পানীত নিয়োজিত হৈ আহিছে, তেনে সময়তে এইখন ৰাজ্যতে পলু পালনৰে কেইবাজনো লোকে স্বাৱলম্বী হোৱাৰ লগতে আনকো কৰ্ম সংস্থাপনৰ সুন্দৰ পথ দেখুৱাবলৈ সক্ষম হৈছে। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত থকা চাৰিদুৱাৰ মুগা পলু খাদ্য গছৰ ৰোপণ কেন্দ্ৰটোত ধেমাজিৰ ঘুগুহা গাঁও নিৱাসী সুৰেন গগৈ, হোমেন গগৈ, তিতু গগৈ আৰু লক্ষী গগৈয়ে মুগা পলু পালন কৰি আহিছে। মুগা পলুৰপৰা পৰৱৰ্তী সময়ত মুগা সুতা প্ৰস্তুত কৰি তেওঁলোকৰ পৰিবাৰসকলৰ দ্বাৰা মুগাৰ মেখেলা, চাদৰ তৈয়াৰ কৰি সেইবোৰ বজাৰত বিক্ৰী কৰাৰ ব্যৱস্থা কৰা হৈছে। মুগাপালক সুৰেন গগৈয়ে এই প্ৰতিবেদকক জানিবলৈ দিয়ে যে যোৱা বৰ্ষত ধেমাজিৰ পৰা অহা ১০ জনীয়া এটা দলে চাৰিদুৱাৰ মুগা পলু খাদ্য গছৰ ৰোপণ কেন্দ্ৰটোত মুগা পলু পালনেৰে গাইপতি ৪০ হাজাৰ টকাকৈ লাভৰ মুখ দেখিছিল। ৰাজ্যখনৰ ভিন্ন প্ৰান্তত থকা চৰকাৰী ফাৰ্মসমূহত চৰকাৰক ১০ শতাংশ ৰাজহ আদায় দি তেওঁলোকে মুগা পলু পালন কৰি আহিছে। এই লোকসকলে চাৰিদুৱাৰকে ধৰি বিহপুৰীয়া, মাজুলী, নাৰায়ণপুৰ, গহপুৰ, মালিপুৰ, গোগামুখ আদি ঠাইত মুগা পলু পালন কৰি আহিছে। সুৰেন গগৈয়ে সদৰী কৰে যে প্ৰতিখন ফাৰ্মত ১৪ হাজাৰ টকাৰে ১ কিলোগ্ৰাম কণী ক্ৰয় কৰি আনি উক্ত কণীৰপৰা প্ৰায় ৬০ হাজাৰ পলু জন্ম দিয়ে। জাৰুৱা মুগা, জেঠৰুৱা মুগা আৰু কটিয়া মুগা- এই তিনিটা ভাগত মুগাপালকসকলে মুগাপালকসকলে মুগা পালন কৰি আহিছে। ইতিমধ্যে মুগা পালকসকলে চাৰিদুৱাৰত মাঘ-ফাগুনৰপৰা আৰম্ভ কৰি চ’তৰ শেষত মুগা সূতা প্ৰস্তুত কৰাৰ সম্পূৰ্ণ কৰিলে। বৰ্তমান পালন কৰি থকা মুগা পলুবোৰৰপৰা জেঠৰ শেষত সূতা তৈয়াৰ কৰিব বুলি জানিবলৈ দিয়ে। ধেমাজিৰ মুগা পালকসকলে শিৱসাগৰ, যোৰহাট, ডিব্ৰুগড় আৰু মেঘালয়ৰ গাৰো পাহাৰৰপৰা মুগা পলুৰ কণী ক্ৰয় কৰি আনে যদিও তেওঁ মাজে-সময়ে নিজেও পালন কৰি থকা একাংশ পলুৰপৰা চকৰি(পখিলা)কৰি কণী পৰাৰ ব্যৱস্থা কৰি আহিছে। ধেমাজি জিলাত তেওঁলোকৰ দৰে মঞ্চ মুগাপালক আছে যদিও বানপানীৰ বাবে নিজা পৰিয়ালসমূহক এৰি অন্য ঠাইত মুগা পলু পালন কৰিবলগীয়া হোৱাত তেওঁলোকে অসুবিধা ভোগ কৰিবলগীয়া হৈছে। অতি পৰিতাপৰ বিষয় যে ৰাজ্যখনত মুগা পালকসকলে অতি কষ্টৰে মুগা পলু পালন কৰি অহাৰ পিছতো চৰকাৰখনে মুগা পালকসকলক আৰ্থিক সাহায্য তথা চৰকাৰখনে মুগা পালকসকলক আৰ্থিক সাহায্য তথা চৰকাৰী সা-সুবিধা প্ৰদান কৰা নাই।

লেখকদ্বয়:কাৰ্তিক দাস,পংকজ নাথ(দৈনিক অসম)

ধ্ৰুৱজ্যোতিৰ নীল বিপ্লৱলৈ মীন বিভাগৰ সঁহাৰি:

 

মানুহৰ বা এখন সমাজৰ আৰ্থিক প্ৰগতিৰ প্ৰধান অন্তৰায় হিচাপে বিবেচিত হৈছে শ্ৰম বিমুখতা। নিজ কৰ্মলৈ পিঠি দি আলসুৱা জীৱন যাপনৰ অভ্যাস গঢ়ি তোলাৰ বাবেই যেনেদৰে আমাৰ ৰাজ্যখনত ভয়াৱহ ভাৱে নিবনুৱা সমস্যা বৃদ্ধি পাইছে, একেদৰে শ্ৰম বিমুখতাৰ বাবেই ৰাজ্যখনৰ আৰ্থিক বিকাশো মন্থৰ হৈ পৰিছে। একেদৰে আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত হোৱা বা ডিগ্ৰী-ডিপ্ল’মা গ্ৰহণ কৰা ৰাজ্যখনৰ যুৱক-যুৱতীসকলে কেৱল চৰকাৰী চাকৰিৰ আশাত বন্দী হৈ ক্ৰমশ: জীৱনৰ অমূল্য সময়বোৰ অপচয় কৰাৰ প্ৰৱণত ৰাজ্যখনৰ উন্নয়নৰ পথ হেঙাৰ হিচাপে পৰিগণিত হৈছে। ডিগ্ৰী-ডিপ্ল’মা গ্ৰহণ কৰা আন একাংশই আকৌ আত্ম প্ৰতিষ্ঠাৰ বাবেই চৰকাৰী চাকৰিলৈ আশাপালি নাথাকি বিভিন্ন বহুজাতিক কোম্পানী বা অন্য কোম্পানী-প্ৰতিষ্ঠানত নিয়োজিত হৈ একোটা যন্ত্ৰৰ কাম কৰি নিজৰ মানসিক সন্তুষ্টি বিসৰ্জন দিবলৈ বাধা হৈছে। কিন্তু আমাৰ ৰাজ্যখনত ক্ৰমশ: বৃদ্ধি পোৱা এনে প্ৰৱণতাৰ বিপৰীতে তেজপুৰৰ এগৰাকী উচ্চ শিক্ষিত যুৱকে নিজৰ কৰ্ম আদৰ্শেৰে দাঙি ধৰিছে এক দৃষ্টান্ত।

আমাৰ ৰাজ্যখনৰ হাজাৰ হাজাৰ নিবনুৱা আৰু শ্ৰম বিমুখতাই গ্ৰাস কৰা যুৱকৰ বাবে আদৰ্শ হ’ব পৰা তেজপুৰৰ এই যুৱকজনৰ ঘৰ হ’ল তেজপুৰৰ নিকটৱৰ্তী ডিপোটা গাঁৱত। ২০০৯ চনত তেজপুৰৰ দৰং মহাবিদ্যালয়ৰ পৰা কলা শাখাত স্নাতক ডিগ্ৰী গ্ৰহণ কৰা আৰু ২০১২ চনত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰছিটী অৱ হেলথ ছায়েন্সৰ পৰা হাস্পতাল মেনেজমেন্টত এম বি এ ডিগ্ৰী গ্ৰহণ কৰা ধ্ৰুৱজ্যোতি শইকীয়া নামৰ এই শিক্ষিত যুৱকগৰাকীয়ে এটা চাকৰিৰ বাবে হাত সাবটি নাথাকি চৰকাৰৰ নীল বিপ্লৱ আঁচনিৰ জৰিয়তে মীনপালন আৰু ডিপোটা অঞ্চলতে পশুপালনেৰে জীৱিকাৰ পথ প্ৰশস্ত কৰি তুলিছে। উন্নত জাতৰ বীটেল প্ৰজাতিৰ ছাগলীৰ লগতে ইৰ্কছায়াৰ, লাৰ্জ ব্লেক আৰু থলুৱা প্ৰজাতিৰ গাহৰি ফাৰ্মৰ উপৰি হাঁহ, মুৰ্গী পালনৰ লগতে মীন পালনেৰে স্বাৱলম্বী হোৱাই নহয়, নিজৰ এই ফাৰ্মত তিনিগৰাকীকৈ কৰ্মচাৰী নিয়োজিত কৰি নিজৰ পৰিয়ালৰ লগতে আন তিনিটা পৰিয়ালকো আৰ্থিক সকাহ দিবলৈ সক্ষম হৈছে। তেজপুৰৰ এই শিক্ষিত যুৱক গৰাকীৰ প্ৰয়াসৰ প্ৰতি ইতিমধ্যে সঁহাৰি আগবঢ়াইছে ৰাজ্য চৰকাৰৰ মীন বিভাগে। প্ৰতিনিয়ত পশুপালন আৰু মীন পালনত নিয়োজিত হৈ কেৱল মাথোঁ উৎপাদনৰ সপোন দেখি শ্ৰম বিমুখ অসমীয়া যুৱকৰ বদনাম-অপবাদক নস্যাৎ কৰিব খোজা ধ্ৰুৱজ্যোতি শইকীয়াক এই ক্ষেত্ৰত হিউমেন ৰিছ’ৰ্চত এম বি এ ডিগ্ৰীধাৰী পত্নী কাকলি বৰাই প্ৰতিটো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াইছে।

উৎস:দৈনিক অসম

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top