মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / মীনপালনেৰে স্বাৱলম্বী মুছলপুৰৰ ৰমেন ৰামচিয়াৰী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মীনপালনেৰে স্বাৱলম্বী মুছলপুৰৰ ৰমেন ৰামচিয়াৰী :

মীনপালনেৰে স্বাৱলম্বী মুছলপুৰৰ ৰমেন ৰামচিয়াৰীৰ বিষয়ে লিখা হৈছে ।

 

বাগসা জিলাৰ সদৰ মুছলপুৰৰ সমীপৰ গলডিংপাৰা গাঁৱৰ সন্তান ৰমেন ৰামচিয়াৰী এজন আদৰ্শ প্ৰগতিশীল মীনপালক। প্ৰান্তীয় কৃষকৰ সন্তান ৰমেনে পোনতে জীৱিকা আৰম্ভ কৰিছিল কৃষিকৰ্মৰেই। চাৰি ককাই-ভাইৰ নুমলীয়া ৰমেন। ৰমেনৰ কৃষিকাৰ্যৰ উপৰি মীনপালনৰ প্ৰতি আছিল বিশেষ ধাউতি। মীনপালনৰ বাবে বিশেষ সুযোগ বা যাৱতীয় দিহা আদি প্ৰাপ্ত হোৱা নাছিল যদিও মনতে ৰমেনে পুহি ৰাখিছিল অনাগত দিনত মীনপালক খিচাপে আত্মপ্ৰকাশ কৰাৰ সপোন। ২০০৫ চনত পিতাকৰ দিনৰ প্ৰান্তীয় কৃষিকৰ্ম সম্প্ৰসাৰণ কৰি আগবঢ়াৰ মানসেৰে ৭ বিঘা কৃষিভূমি ক্ৰয় কৰে। ইচ্ছা আছিল যদিও এইখিনি মাটিৰে কিছু অংশত মীনপালন সম্ভৱ নহ’ল। অৱশ্যে পুহি ৰখা সপোনটোৱে দিঠকৰ সেউজ ঘাঁহনিত চমক দিলে ২০০৭ চনত। সেই বৰ্ষতে দুবিঘা মাটি কিনে কেৱল মীনপালনৰ বাবে। যেনে ইচ্ছা তেনে কাম। পুখুৰী খান্দি মীনপালন আৰম্ভ কৰে ভবামতেই। যাৱতীয় দিহা-পৰামৰ্শ প্ৰদান কৰে জিলা মীন বিভাগৰ বিষয়া, কৰ্মচাৰীবৃন্দ আৰু স্থানীয় প্ৰগতিশীল মীনপালক অগ্ৰম মহাজন ওৰফে প্ৰাণেশ্বৰ বড়োৱে। প্ৰাণেশ্বৰ বড়ো(অগ্ৰম মাহজন নামেৰেই বৃহত্তৰ অঞ্চলটিত পৰিচিত)। ইতিমধ্যে মীনপালন, অঞ্চলটিৰ এটি প্ৰতিষ্ঠিত আৰু মীন হিচাপে স্বীকৃত হৈছে। প্ৰবীণ মীনপালকজনে অভিজ্ঞতাৰ ভিত্তিত যাৱতীয় দিহা-পৰামৰ্শৰে অঞ্চলটিৰ এক বুজনসংখ্যক নিবনুৱা যুৱক-যুৱতীক মীনপালনৰ জৰিয়তে স্ব-নিৰ্ভৰশীলতাৰ সুযোগ দিছে। তেওঁৰ দিহা-পৰামৰ্শ মতে মীনপালন কৰি প্ৰথম বছৰতে আহৰণ কৰে। আশাতীত লাভ। ই ৰমেনক বাৰুকৈয়ে উৎসাহিত কৰে। পৰৱৰ্তী সময়ত ৰমেনৰ অভিমানত যোগ দিয়ে বৰ্তমান বাগসাৰ জিলা মীন উন্নয়ন বিষয়া বিপুল খাটনিয়াৰে(৯৪০১০৩৯৫৮৬)। বিষয়াগৰাকীয়ে যাৱতীয় দিহা-পৰামৰ্শ আৰু নিদানেৰে সততে উপকৃত কৰে ৰমেনক। দুৰ্বাৰ গতিত অব্যাহত থাকে মীনপালন। প্ৰতিবছৰে ন ন ভূমি কিনি পুখুৰী খান্দিবলৈ ল’লে ৰমেনে। সমান্তৰালভাৱে চলি থাকিল পাম সম্প্ৰসাৰণ। এনেতে ৰমেনে অঞ্চলটিত গুণগত মানৰ মীন পোনাৰ উপলভ্যতা নিশ্চিত কৰাৰ মানসেৰে হাপা পদ্ধতিৰে পোনা উৎপাদন আৰম্ভ কৰে। ইয়াতো ৰমেন এশ শতাংশই সফল। খাটনিয়াৰৰ কাৰিকৰী দিহা মৰ্মে মীন বিজ্ঞান বিধি-বিধান আৰু অসম মীন পোনা আইনৰ নিৰ্দেশনাসমূহ মানিহে পোনা উৎপাদন কৰে ৰমেনে। সেয়েহে ৰমেনৰ পোনাৰ চাহিদা অতি বেছি। অতি প্ৰান্তীয় অৱস্থাৰ পৰা মীনপালন আৰম্ভ কৰি আজিৰ মৰ্যাদা পোৱা ৰমেন বৰ্তমান ৫০ বিঘা কৃষি পামৰ গৰাকী। তাৰে ১২ বিঘা ৬টা পুখুৰীৰ মীন পাম। শেহতীয়াকৈ আৰু ১২ বিঘা মাটি কিনি পুখুৰী খন্দাৰ প্ৰস্তুতি প্ৰায় সম্পন্ন কৰিছে। খাটনিয়াৰৰ বিশেষ উদ্যোগত মীন বিভাগ নীল বিপ্লৱ আঁচনিৰ হিতাধিকাৰী হিচাপে সাঙুৰি লৈছে যুৱকজনক। বছৰত যথেষ্টখিনি গুণগত মানৰ মীন পোনা আৰু প্ৰায় ৮ কুইন্টল মাছ বজাৰলৈ উলিয়াই দিয়ে যুৱকজনে। পৰিয়ালৰ বাকী সদস্যসকলো ৰমেন ৰামচিয়াৰী(৮৮১২০২৫৯৬১) মীন পামৰ লগত জড়িত। বছৰত মাছৰ উপৰি ২৫০ মোন ধান আৰু ৩০ মোনমান সৰিয়হ উৎপাদন হয় ৰমেনত পামত। ৰমেনৰ নিজা অভিজ্ঞতা মতে ধান খেতিতকৈ মীন পালনত লাভ বহু বেছি। তদুপৰি কম কষ্ট আৰু ন্যূনতম মূলধনী বিনিয়োগৰ দ্বাৰা অধিক লাভ পাব পাৰি মাছ খেতিত। নিজে কৰাৰ উপৰি গাঁৱৰে কেইবাটাও পৰিত্যক্ত তথা অৱহেলিত পুখুৰী বন্দৱস্তিত লৈ মীনপালন কৰি আছে ৰমেনে। পৰৱৰ্তী সময়ত এটা চীন দেশীয় আৰ্হিৰ মীন পোনা উৎপাদন কেন্দ্ৰ স্থাপনৰ মন ৰমেনৰ। অলপতে মীন বিভাগৰ যুটীয়া সঞ্চালক সত্যজিত শৰ্মাৰ নেতৃত্বত এটি উচ্চপদস্থ বিষয়াৰ দলে ৰমেনৰ পাম পৰিদৰ্শন কৰি উচ্চ মতামত লিপিবদ্ধ কৰিছে। যুটীয়া সঞ্চালকগৰাকীয়ে নিবনুৱা যুৱক-যুৱতীসকলক বিভাগীয় সহযোগিতাৰে অনুৰূপ কৰ্মসূচীৰে আগবাঢ়ি যাবৰ পৰামৰ্শ দিছে। ৰমেন ৰামচিয়াৰী নিশ্চিতভাৱে আজিৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে জ্বলন্ত আদৰ্শ। আপুনিও তেওঁৰ লগত বা জিলা মীন বিষয়া বিপুল খাটনিয়াৰৰ(৯৪০১০৩৯৫৮৬) লগত বাৰ্তালাপ কৰি উপকৃত হ’ব পাৰে। আপোনাক যৎপৰোনাস্তি সহযোগিতা আগবঢ়াবলৈ তেওঁলোকে সদা প্ৰস্তুত।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(নিয়মীয়া বাৰ্তা)

3.05882352941
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top