মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / মুগা পলু পালনেৰে মাহে ৫০ হাজাৰ উপাৰ্জন পাতিলাদহাৰ বিনয়ৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মুগা পলু পালনেৰে মাহে ৫০ হাজাৰ উপাৰ্জন পাতিলাদহাৰ বিনয়ৰ :

মুগা পলু পালনেৰে মাহে ৫০ হাজাৰ উপাৰ্জন পাতিলাদহাৰ বিনয়ৰ,তাৰ বিষয়ে লিখা হৈছে ।

 

যি সময়ত একাংশ বিদ্ৰোহী সংগঠনৰ আলোচনাপন্থী বা আত্মসৰ্পণকাৰী নেতা-কৰ্মীয়ে অবৈধ উপায়েৰে সম্পত্তিৰ পাহাৰ গঢ়াৰ অভিযোগ উঠিছে,সেই সময়তে আলোচনাপন্থী আলফা নেতা এগৰাকীয়ে কৃষিকৰ্মক উপাৰ্জনৰ মাধ্যম হিচাপে লৈ আদৰ্শৰ বাট দেখুৱাইছে।একালৰ আলফাৰ দুৰ্ধৰ্ষ কেডাৰ বঙাইগাওঁ জিলাৰ পাতিলাদহাৰ বিনয় দাস ওৰফে ৰুদ্ৰ বৰুৱাই সশস্ত্ৰ বিপ্লৱৰ পথ ত্যাগ কৰি গঢ়ি তুলিছে এক সেউজ বিপ্লৱ।এইগৰাকী আলোচনাপন্থী আলফা নেতাই খেতি-বাতি তথা মুগা পলু পালনেৰে নিজৰ লগতে আন কেইবাগৰাকীও যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে।উল্লেখ্য যে স্বাধীন অসমৰ সপোন দেখি ১৯৮৮ চনত বিনয় দাসে বিদ্ৰোহী সংগঠন আলফাত যোগ দিয়ে।পশ্চিম অসমত আলফাৰ শক্তি বৃদ্ধিত সক্ৰিয়ভাৱে জড়িত থাকি তেওঁ সংগঠনটোৰ বিভিন্ন পদৰ দায়িত্ব পালন কৰে।বঙাইগাওঁ জিলাৰ বিত্ত বিভাগৰ লগতে পশ্চিম অসমত সাংগঠনিক শক্তি বৃদ্ধি কৰাৰ উদ্দেশ্য তেওঁ কেইবাটাও গুৰুত্বপুৰ্ণ পদত কাৰ্যনিৰ্বাহ কৰে।আলফাৰ সশস্ত্ৰ সংগ্ৰামত সক্ৰিয়ভাৱে নিয়োজিত হৈ থকা কালতে ২০০৩ চনত অপাৰেচন অল ক্লীয়েৰত ৰয়েল ভুটান  আৰ্মীৰ হাতত পত্নী-কন্যাসহ ৰুদ্ৰ বৰুৱা ওৰফে বিনয় দাস ধৰা পৰে।কাৰাগাৰৰ পৰা মুক্তি লাভ কৰি আলোচনাপন্থী আলফা নেতা হিচাপে তেওঁ আৰম্ভ কৰে আন এক বিপ্লৱ।তথাকথিত মুলসুঁতিলৈ আহি একাংশই অৱলম্বন কৰা পথৰ সলনি একালৰ আলফাৰ মেজৰগৰাকীয়ে আৰম্ভ কৰে এক সেউজ বিপ্লৱ।প্ৰথমে তেওঁ নিজৰ পৰিয়ালৰ মাটিখিনিতে খেতি-বাতি কৰিবলৈ আৰম্ভ কৰে।সহজ ধনৰ প্ৰতি লালায়িত নহৈ আলফা নেতাগৰাকীয়ে আৰম্ভ কৰে মুগা পলু পালন।বৰ্তমান আলুখুন্দা গাওঁ পঞ্চায়তৰ কুশলাইগুৰি ফাৰ্মত মুগা পলু পালনেৰে আলফা নেতা দাসে দেখুৱাইছে স্বাৱলম্বিতাৰ অনন্য নিদৰ্শন।এই বৰ্ষত তেওঁ ফাৰ্মখনৰ প্ৰায় তিনিশডাল চোম গছত পলু প্ৰতিপালন কৰিছে।ইয়াৰ দ্বাৰা তেওঁ প্ৰায় ৫০-৬০ হাজাৰ টকা উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰিছে।ইতিমধ্যে শুৱালকুছিৰ বিভিন্ন প্ৰতিষ্ঠানে তেওঁৰ পৰা মুগা চকৰি ক্ৰয় কৰিবলৈ যোগাযোগ কৰি থকাৰ  কথাও আমাক জানিবলৈ দিয়ে।উল্লেখ্য যে বিনয় দাসে অঞ্চলটোৰ কেইবাগৰাকীও যুৱকক মুগা পলু পালনত জড়িত কৰাই স্বাৱলম্বী হ’বলৈ উৎসাহ যোগাই আহিছে।কিন্তু বতাহ বৰষুণৰ লগতে আন প্ৰাকৃতিক দুৰ্যোগৰ ফলত মুগাপালকসকল প্ৰায়ে লোকচানৰ সন্মুখীন হ’বলগীয়া হয় বাবে তেওঁ চৰকাৰক এইক্ষেত্ৰত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে।একালৰ সশস্ত্ৰ বিপ্লৱী তথা বৰ্তমানৰ মুগাপালক বিনয় দাস ওৰফে ৰুদ্ৰ বৰুৱাৰ স্বাৱলম্বনৰ এই প্ৰচেষ্টা নিশ্চয়কৈ প্ৰশংসনীয়।

উৎস: নিয়মীয়া বাৰ্তা, ৰিংকুমণি পাঠক

3.03125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top