মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / লখিমপুৰৰ সান্দহখোৱাক ‘লফা গাওঁ আৰু ‘মৌ গাঁও’ৰ স্বীকৃতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

লখিমপুৰৰ সান্দহখোৱাক ‘লফা গাওঁ আৰু ‘মৌ গাঁও’ৰ স্বীকৃতি :

লখিমপুৰৰ সান্দহখোৱাক ‘লফা গাওঁ আৰু ‘মৌ গাঁও’ৰ স্বীকৃতিৰ বিষয়ে লিখা হৈছে ।

 

অসমত অতীজৰে পৰা পৰম্পৰাগতভাৱে শীতকালত ঘৰৰ পাছফালৰ বাৰীত গঞা ৰাইজে খেতি কৰা, বহুতৰ বাবে এলাগী লফা নামৰ শাকবিধে সলনি কৰিছে লখিমপুৰ জিলাৰ সান্দহখোৱা গাঁৱৰ পাঁচশ কৃষক পৰিয়ালৰ জীৱন নিৰ্বাহৰ মান। প্ৰায় কুৰি বছৰ পুৰ্বে সান্দহখোৱাৰ কৃষক দেৱেন শইকীয়াই আৰম্ভ কৰা বগা লফা শাকৰ খেতি বৰ্তমান গাওঁখনৰ আশী শতাংশ কৃষকৰ পৰিয়ালৰ জীৱিকাৰ প্ৰধান উৎস হৈ পৰিছে। বজাৰ ভিত্তিক কৃষিৰ প্ৰতি কৃষক ৰাইজক সংঘবদ্ধ কৰা আৰু বিজ্ঞানসন্মতভাৱে ব্যৱসায়িক ভিত্তিত লফা শাকৰ খেতিৰ প্ৰতি চুবুৰীয়া গাওঁসমুহৰ কৃষকক আকৰ্ষিত কৰাৰ লক্ষ্যৰে যোৱা ২৮ ফেব্ৰুৱাৰীৰ ‘ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস’ ৰ দিনা আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ বিজ্ঞানীদ্বয় ড° জে পি দত্ত আৰু নৃপেন গগৈৰ লগতে লাট গাওঁবুঢ়া নিতুল হাজৰিকা, অৱসাৰপ্ৰাপ্ত অধ্যক্ষ ধীৰেন শইকীয়াৰ উপস্থিতিত মুখ্য বিজ্ঞানী ড° প্ৰবাল শইকীয়াই সান্দহখোৱাক্ ‘লফা গাঁৱৰ স্বীকৃতি প্ৰদান কৰে। লগতে গাওঁখনৰ দুকুৰি পৰিয়াল মৌ-পালনৰ সৈতে জড়িত থকা হেতু গাওঁখনক ‘মৌ গাওঁ’ হিচাপেও ঘোষণা কৰে। উত্তৰ লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড° প্ৰবাল শইকীয়াই ‘দৈনিক অসম’ক জানিবলৈ দিয়ে যে অসমত বজাৰভিত্তিক কৃষি গঢ়ি তোলাৰ সময় আহি পৰিছে। বজাৰত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি কৃষকে শস্য উৎপাদন কৰিলেহে আৰ্থিকভাৱে লাভৱান হোৱাৰ লগতে তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত হ’ব বুলি তেওঁ মন্তব্য কৰে। তেওঁ জানিবলৈ দিয়ে যে উত্তৰ লখিমপুৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰৰ অনুপ্ৰেৰণা , দিহা-পৰামৰ্শমতে সান্দহখোৱাৰ ৰাইজে গাওঁখনত উৎপাদিত ‘লফা’ শাক লখিমপুৰ জিলাৰ সীমাৱৰ্তী অৰুণাচল প্ৰদেশৰ নাহৰলগুণ আৰু ইটানগৰলৈ প্ৰেৰণ কৰে। গাওঁখনৰ একোজন কৃষকে লফা শাকৰ খেতি কৰিয়েই এবিঘা মাটিত অক্টোবৰ মাহৰ পৰা মাৰ্চ-এপ্ৰিললৈ ৪-৫ লাখ টকা অৰ্জন কৰিবলৈ সক্ষম হৈছে। গাওঁখনত মৌ-পালন কৰা দুকুৰি পৰিয়ালৰ উপৰি অন্যান্য গাঁৱলৈ মৌ পালন সম্প্ৰসাৰণ কৰাৰ বাবে কৃষি গৱেষণা কেন্দ্ৰই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি ড° শইকীয়াই জানিবলৈ দিয়ে। ইতিমধ্যে কৃষি গৱেষণা কেন্দ্ৰই মৌ-পালন সন্দৰ্ভত আগ্ৰহী যুৱক-যুৱতী আৰু কৃষকসকলৰ মাজত প্ৰশিক্ষণ, সজাগতা সভা আদিও অনুষ্ঠিত কৰিছে। এপ্ৰিল মাহৰ ভিতৰত গৱেষণা কেন্দ্ৰটোৱে নতুনকৈ মৌ-পালন কৰিব খোজা কৃষকক মৌ-বাহ বিতৰণ কৰিব। এই বৰ্ষৰ ভিতৰতে দুই-তিনিখমান গাঁৱক মৌ গাওঁ হিচাপে গঢ়ি তোলা হ’ব বুলিও ড° শইকীয়াই জানিবলৈ দিছে।

লেখক: প্ৰিয়মজ্যোতি ফুকন (দৈনিক অসম)

3.02941176471
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top