মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / শোণিতপুৰৰ মাইনুদ্দিন মীন পামে কঢ়িয়াইছে আশাৰ ৰেঙণি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শোণিতপুৰৰ মাইনুদ্দিন মীন পামে কঢ়িয়াইছে আশাৰ ৰেঙণি :

শোণিতপুৰৰ মাইনুদ্দিন মীন পামে কঢ়িয়াইছে আশাৰ ৰেঙণিৰ বিষয়ে লিখা হৈছে ।

 

শোণিতপুৰ জিলাৰ সদৰ তেজপুৰৰ সমীপৱৰ্তী কৰৈয়নী ৰঙালী গাঁৱৰ ভোজখোৱা চাপৰিৰ ‘মাইনুদ্দিন মীন পাম’ ৰাজ্যৰ মীন মানচিত্ৰৰ এটা প্ৰতিষ্ঠিত নাম। এই বহুমুখী পামখনত মীন পালনৰ উপৰি গুণগত মানৰ পোনা উৎপাদন, পোনা প্ৰতিপালন, বছৰেকীয়া পোনা প্ৰস্তুতকৰণ, সমন্বিত মীন পালন, সংমিশ্ৰিত মীন পালন আদি ব্যৱস্থাবোৰ কাৰ্যকৰী কৰা হয়। প্ৰকৃতাৰ্থত ক’বলৈ গ’লে মাইনুদ্দিন মীন পাম সকলোৰে বাবে এক অনুকৰণীয় চানেকী।

পামখনৰ স্বত্বাধিকাৰী মাইনুদ্দিনে প্ৰমাণ কৰি দিছে যে নিষ্ঠা, সততা, একাগ্ৰতা আৰু দুৰন্ত অভিলাষ থাকিলে প্ৰাপ্তিৰ পথত একোৱেই হেঙাৰ হ’ব নোৱাৰে। অত্যন্ত চালুকীয়া অৱস্থাৰপৰা নিৰৱচ্ছিন্ন উদ্যমেৰে মীন পালন কৰি সেয়েহে আজি ধৰাতেই সৰগ ৰচিছে মাইনুদ্দিনে। কৃষিজীৱী পৰিয়ালৰ সন্তান মাইনুদ্দিনেও পোনতে প্ৰান্তীয় কৃষি কৰ্মৰে জীৱন-জীৱিকা প্ৰশস্ত কৰিছিল। নাছিল জীৱনৰ কোনো আকাংক্ষা, কেৱল খাই লৈ পেটে ভাতে চলাটোৱেই আছিল একমাত্ৰ ভৰসা। আনুষ্ঠানিকশিক্ষাত দুৰ্বল যদিও ব্যৱহাৰিক শিক্ষাত অত্যন্ত আগৰণুৱা মাইনুৱে চিন্তা কৰিলে- এনেকৈ আৰু নহ’ব, কিবা এটা অধিক উৎপাদনক্ষম কাম কৰিব লাগিব। ইতিমধ্যে বাতৰি কাকত, পুথি-পাজি পঢ়ি মীন পালন সম্পৰ্কে যথেষ্ট জ্ঞান আহৰণ কৰিছিল মাইনুৱে।

১৯৮৭ চনত পৈত্ৰিক সম্পত্তিখিনি ভাগ হোৱাত মাইনুৰ ভাগত পৰিল ১৬ বিঘা কৃষিভূমি। ইয়াৰ ভিতৰত আছিল পথাৰ সংলগ্ন এটা তিনি কঠাৰ অৱহেলিত পুখুৰী। ১৯৮৮ চনত তাকে ঠিক-ঠাক কৰি মাইনুৱে আৰম্ভ কৰে পোনা প্ৰতিপালন। অৰ্থাৎ গুণগত মানৰ ভ্ৰূণ পোনা আনৰপৰা আনি আঙুলি জোখলৈ পৰ্যবসন কৰি পিছত বিপণন। এটা ঋতুত তিনিবাৰ এনে কৰাৰ পিছত বাকীখিনি সময়ত একেটা পুখুৰীতে অৱশিষ্টখিনিলৈ মীন পালন। প্ৰথম বছৰতে অপ্ৰত্যাশিত সফলতা। আশাতীত লাভৰ মুখ দেখে মাইনুৱে। তদুপৰি স্থানীয় মীনপালকসকলৰো দূৰৈৰপৰা গুণগত মানৰ পোনা সংগ্ৰহৰ সমস্যাটোৰ ওৰ পৰে। গুণগত মানৰ মীন পোনা থাওকতে উপলভ্য হ’ল।

এই মাইনুক বাৰুকৈয়ে উৎসাহিত কৰে। তাৰ পিছত আৰু মাইনুৱে পিছলৈ উভতি চোৱা নাই। ১৯৯০ চনত লাভাংশৰ সাঁচতীয়া ধন বিনিয়োগ কৰি আৰম্ভ কৰে এই তিনি বিঘা জলকালিৰ পুখুৰী। এইদৰে প্ৰতি বছৰে লাভাংশৰ ধন বিনিয়োগ কৰি সম্প্ৰসাৰণ কৰি গ’ল মীন পাম। অৱধাৰিতভাৱে লাভ কৰে অৰ্থনৈতিক স্বচ্ছলতা। অৱশ্যে মাইনুদ্দিনে আজিৰ সফলতাত বৰ্তমানৰ জিলা মীন উন্নয়ন বিষয়া দেৱেন হাজৰিকা প্ৰমুখ্যে বিভাগীয় বিষয়া-কৰ্মচাৰীসকলৰ সহযোগিতা বাৰুকৈয়ে স্বীকাৰ কৰে।

তেওঁ লগতে তদানীন্তন সম্প্ৰসাৰণ বিষয়াদ্বয় কৰুণাকান্ত ডেকা আৰু প্ৰেমধৰ ডেকা, মীন প্ৰদৰ্শক নিৰ্মল দুৱৰা, তদানীন্তন জিলা মীন সম্প্ৰসাৰণ পৰামৰ্শদাতা ভদ্ৰেশ্বৰ মিলি(বৰ্তমান লখিমপুৰৰ মীন উন্নয়ন বিষয়া, ৯৭০৬৭২৭০০৪) আদিৰ নাম কৃতজ্ঞতাৰে স্বীকাৰ কৰে। পৰৱৰ্তী সময়ত মিলিৰ দিহা মতে এইবাৰ তেওঁ আৰম্ভ কৰে চীন দেশীয় পদ্ধতিৰ অত্যাধুনিক মীন পোনা উৎপাদন কেন্দ্ৰ।

কেৱল সিমানেই নহয়, বিষয়াগৰাকীয়ে কেইবাদিনো পামতে বাহৰ পাতি বিনিদ্ৰ ৰজনী কটাই পোনা উৎপাদনৰ সকলো কাৰিকৰী কথা-বতৰা শিকাই দিয়ে মাইনুদ্দিনক। দুগুণ উদ্যমেৰে মাইনুদ্দিন জড়িত হয় মীন পোনা উৎপাদনত। পোনা উৎপাদনৰ ক্ষেত্ৰতো আখৰে আখৰে পালন কৰা হয় অসম মীন পোনা আইনৰ বিধিসমূহ। সেয়েহে পামখনৰ পোনাৰ গুণগত মান বহু ওপৰত। উল্লেখ্য যে এবাৰ এই পামৰপৰা পোনা ক্ৰয় কৰাজন পৰৱৰ্তী সময়ত পুনৰ আহিবই। বছৰত ১২ কোটি মান বিভিন্ন প্ৰজাতিৰ ভ্ৰূণ পোনা পোনা উৎপাদন কৰে পামখনে। এইখিনিৰ উপৰি পামখনত সংলগ্ন আছে সমন্বিত ধান আৰু মীন পালন, বছৰেকীয়া মীন পোনা উৎপাদন ইত্যাদি। পামখনৰ জৰিয়তে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে স্বনিয়োজন প্ৰশস্ত কৰিছে স্থানীয় বহু যুৱক-যুৱতীয়ে।

বহুতেই ইয়াতেই আৰম্ভ কৰিছে মীন পালনৰ আদিপাঠ। এই পামত মীন পালনৰ আদিপাঠ শিকা কেইবাজনো আজি প্ৰতিষ্ঠিত মীনপালক।

পামখনৰ সফলতাৰ সুবাসে ৰাজ্যৰ বহুতো শিক্ষিত নিবনুৱা যুৱক-যুৱতীক মীন পালনলৈ আকৰ্ষিত কৰিবলৈ সক্ষম হোৱাটো শুভ লক্ষণ। অলপতে গুৱাহাটী দূৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী দিলীপ গোস্বামীয়ে ‘মাইনুদ্দিন মীন পাম’ পৰিদৰ্শন কৰি উত্তম মতামত লিপিবদ্ধ কৰিছে আৰু তেওঁলোকৰ মাধ্যমৰ জৰিয়তে পামখনৰ কাৰ্যাৱলী জনসাধাৰণক অৱগত কৰোৱাৰ আশ্বাস দিছে। বৰ্তমান বিভিন্ন জোখৰ পুখুৰীসহৰ জলকালি কুৰি বিঘা।

দুই পুত্ৰসহ পৰিয়ালৰ সকলো পামখনৰ লগত জড়িত। ইচ্ছুকসকলে পামখনলৈ আহি মাইনুদ্দিনৰপৰা যাৱতীয় দিহা-পৰামৰ্শ আদি গ্ৰহণ কৰে। অদূৰ ভৱিষ্যতে মাইনুদ্দিনৰ কাৱৈ, মাগুৰ আদি বায়ুস্বাসী মাছৰ পোনা উৎপাদন আৰু পালন আৰম্ভ কৰাৰ মন। মাইনুদ্দিন নিশ্চিতভাৱে আজিৰ নিবনুৱা সমস্যাৰ পটভূমিত এটা জীয়া আদৰ্শ। আপুনিও মাইনুদ্দিনৰ লগত বাৰ্তালাপ(৯০৮৫৭৩২৮৭৯) কৰি বা মাইনুদ্দিনৰ পাম ভ্ৰমণ কৰি লাভৱান হ’ব পাৰে। আপোনালোক যৎপৰোনাস্তি সহযোগিতা আগবঢ়াবলৈ মাইনুদ্দিন সদা প্ৰস্তুত।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)

3.33333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top