মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / শুকান মাছ প্ৰস্তুতেৰে স্ব-নিয়োজন জামুগুৰিৰ ৰতন কুমাৰৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শুকান মাছ প্ৰস্তুতেৰে স্ব-নিয়োজন জামুগুৰিৰ ৰতন কুমাৰৰ

 

যুৱকজনৰ নাম ৰতন কুমাৰ য়ুমনাম।২০১৩ চনৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মীন মহাবিদ্যালয়,ৰহাৰ মীন স্নাতক।মণিপুৰৰ ইম্ফলৰ যুৱকজনে ভাৰতীয় কৃষি গৱেষণা সংসদৰ জৰিয়তে অসমলৈ পঢ়িব আহিছিল যদিও  ছাত্ৰাৱস্থাতে ৰং-ৰুপেৰে সুশোভিত অসমৰ প্ৰাকৃতিক পৰিৱেশ আৰু অসমীয়া জনসাধাৰণৰ সৰলতা আৰু অতিথিপৰায়ণতাত মুগ্ধ হৈ ভৱিষ্যৎ অসমীয়া হিচাপে অসমৰ গ্ৰামাঞ্চলত স্থায়ী বাসিন্দা হোৱাৰ হাবিয়াস পুহি ৰাখিছিল।ৰতনৰ সেই হাবিয়াস পুৰ্ণ হ’বলৈ বৰ বেছি দিন নালাগিল।মহাবিদ্যালয় ছাত্ৰাৱাসতে দুটা বৰ্ষৰ কনিষ্ঠ মেধাৱী ছাত্ৰ হিমাংশু ভট্টাচাৰ্যৰ লগত অনুজ প্ৰতিম বন্ধুত্ব গঢ়ি উঠিছিল ৰতনৰ।জ্যেষ্ঠ ভাতৃৰ মৰম আৰু অভিভাৱকৰ সম্পৰ্ক ৰাখিছিল হিমাংশুৰ লগত।এই সম্প্ৰ্কই দুয়োটা পৰিয়ালৰ মাজতো গঢ়ি তোলে এক অকৃত্ৰিম সম্পৰ্ক।হিমাংশুৰ জামগুৰিৰ নন্দিকেশৰ গাঁৱলৈ সঘনে আহ-যাহ চলে ৰতনৰ।হিমাংশুৰ পিতৃ তথা সৰবৰহী সমাজকৰ্মী ভাৰত ভট্টই ৰতনক মৰ্যাদা দিয়ে জ্যেষ্ঠ পুত্ৰৰ।সহজ-সৰল,মৰমলগা ল’ৰাটোৰ হাবিয়াস পুৰ্ণ হ’ল এনেদৰে।২০১৩ চনত মীন স্নাতক ডিগ্ৰী আহৰণ কৰি ৰতনে মীন সম্পৰ্কীয় কিবা এটা কৰাৰ মন মেলে।উচ্চ শিক্ষাৰ সুযোগ পাইছিল যদিও পুথিগত শিক্ষাতকৈ ব্যৱহাৰিক শিক্ষাৰ প্ৰতিহে ৰতনৰ ধাউতি বেছি।চিন্তা কৰিলে সমগ্ৰ উত্তৰ-পুৰ্বাঞ্চলতে শুকান মাছ আৰু ধোঁৱা দি সংৰক্ষণ কৰা মাছৰ চাহিদা অতি বেছি।কিন্তু বেছিভাগ ক্ষেত্ৰতে এইবাৰ স্বাস্থ্যসন্মত তথা বিজ্ঞানসন্মত বিধিমতে প্ৰস্তুত কৰা নহয়।অত্যন্ত অস্বাস্থ্যকৰ আৰু নুন্যতম বিধি পালন নকৰাকৈ প্ৰস্তুত কৰা হয় এনেধৰণৰ সামগ্ৰী।সেয়েহে ৰতনে অসমত বিজ্ঞানসন্মত উচ্চ কাৰিকৰী সমৃদ্ধ এটা এনে সামগ্ৰী প্ৰস্তুতকাৰক গোট আৰম্ভ কৰি নিজৰ লগতে এক বুজন সংখ্যক মীন স্নাতকক স্ব-নিয়োজনৰ বাট প্ৰশস্ত কৰিবলৈ মন মেলিলে।নিজৰ পিতাকৰ লগতে ভাৰত ভট্টৰ লগতো বিশদ আলোচনা কৰে ৰতনে ।সাম্যবাদী চিন্তাধাৰাৰ প্ৰতিভু ভট্টই এই গোটটো স্থাপন কৰাত তেওঁক উদগনি দিয়াৰ লগতে জামুগুৰিতেই কাম আৰম্ভ কৰাৰ পৰামৰ্শ দিয়ে।ৰতনে উচ্চ প্ৰশিক্ষণৰ বাবে সম্পুৰ্ণ নিজৰ উদ্যোগত কোচিনৰ কেন্দ্ৰীয় মীন প্ৰযুক্তি প্ৰতিষ্ঠানৰ কাষ চাপে।ৰতনে জনোৱা মৰ্মে এইক্ষেত্ৰত যোগাযোগ কৰি দিয়াত মীন মহাবিদ্যালয়ৰ ৰহাৰ অধ্যাপক ড° বিনোদ কলিতাই তেওঁক যথেষ্ট সহায় কৰে।কোচিনৰ আৱাসিক ব্যৱহাৰিক প্ৰশিক্ষণটিয়ে ৰতনৰ বিশ্বাস দুগুণে বৃদ্ধি কৰে।এইবাৰ বিস্তৃত প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰি ৰতন পুনৰ কেন্দ্ৰীয় প্ৰতিষ্ঠানটোৰ কাষ চাপে।প্ৰকল্পটো সাজু কৰি বৃহৎ উদ্যোগটো স্থাপনৰ বাবে বিত্তীয় সহায় বিচাৰি ৰতনে বিভিন্ন প্ৰতিষ্ঠান আৰু চৰকাৰৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু অচিৰেই মুলধনী বিনিয়োগ সম্ভৱ হ’ব বুলি ৰতন আশাবাদী।সমান্তৰালভাৱে ৰতনে ২০১৫ চনৰ পৰা ঘৰতে স্বাস্থ্যসন্মত শুকান মাছ প্ৰস্তুত আৰু বিজ্ঞানসন্মতভাৱে ধোঁৱা দি সংৰক্ষণ কৰা মাছ প্ৰস্তুত আৰম্ভ কৰিছে।বিভিন্ন প্ৰাকৃতিক উৎস আৰু মীনপালকৰ পৰা মাছ সংগ্ৰহ কৰি ৰতনে এনে সামগ্ৰী প্ৰস্তুত কৰে।টোপোলা কৰিবলৈ প্ৰয়োজনীয় অনুমতি লাভ কৰাৰ পাছত বৰ্তমান ৰতনে বিভিন্ন পৰিমাণৰ টোপোলা কৰি বজাৰত উলিয়াই দিয়ে।বিশেষকৈ ভাৰতীয় মুলৰ ৰৌ-মিৰিকা আদি,গৰৈ মাছ,পুঠি,কৰতি আদি মাছৰ চাহিদা অতি বেছি।মুখ্যত: ধোঁৱা দি প্ৰস্তুত কৰাৰ ক্ষেত্ৰত গৰৈ মাছ অদ্বিতীয়।ৰতনৰ মাছ মণিপুৰ,ডিমাপুৰ,শ্বিলং আদি ঠাইত অতি জনপ্ৰিয়।ৰতনে জনোৱা মৰ্মে মণিপুৰত চাহিদা অতি বেছি।বৰ্তমান দিনক দিনে এনে সামগ্ৰীৰ চাহিদা দ্ৰুতহাৰত বৃদ্ধি পাইছে সকলোতে।কিন্তু চাহিদা অনুপাতে যোগান সুনিশ্চিত কৰিব পৰা নাই বুলি লগতে জানিবলৈ দিয়ে যুৱকজনে।এন জি এৰ নামত বিপণন হয় ৰতনৰ মাছ।এন জি এ এটা মণিপুৰী শব্দ,অৰ্থ ধোঁৱা।অতি সন্তোষজনকভাৱে স্ব-নিয়োজনৰ পথ প্ৰশস্ত কৰা ৰতনে বৰ্তমান পুৰ্ণকালীনভাৱে এজন আৰু অংশকালীনভাৱে কেইবাজনো শিক্ষিত যুৱকক নিয়োগৰ সম্ভাৱনীয়তা প্ৰদান কৰিছে।বৃহৎ পৰিসৰত উদ্যোগটি স্থাপন কৰিবলৈ ইতিমধ্যে জামুগুৰিত পাঁচ বিঘা ভুমি ক্ৰয় কৰিছে।উল্লেখ্য যে অলপতে নতুন দিল্লীত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় খাদ্য মহোৎসৱ ‘ৱৰ্লড ফুড ইণ্ডিয়া ২০১৭’ত ৰতনৰ সামগ্ৰীৰ প্ৰদৰ্শনে দেশ-বিদেশৰ ভালেমান প্ৰতিষ্ঠান তথা বৃহৎ বিক্ৰেতাৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

লেখক:ড° ধ্ৰুৱজ্যোতি শৰ্মা (নিয়মীয়া বাৰ্তা)

2.90625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top