মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / শুকেকুছিৰ জয়নুল হক-ইলিফা বেগমৰ কথাৰে…..মাছ পালনেৰে স্বনিয়োজন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শুকেকুছিৰ জয়নুল হক-ইলিফা বেগমৰ কথাৰে…..মাছ পালনেৰে স্বনিয়োজন:

শুকেকুছিৰ জয়নুল হক-ইলিফা বেগমৰ কথাৰে…..মাছ পালনেৰে স্বনিয়োজনৰ বিষয়ে লিখা হৈছে ।

 

মাঘৰ বিহুত লাডু-পিঠা আৰু থলুৱা মাছেৰে উৰুকাৰ দিনা সকলোৱে একলগ হৈ এসাঁজ খালো। এইবাৰ বিহুত বজাৰত থলুৱা মাছ ভৰি পৰিল। চালানী মাছৰ পৰিৱৰ্তে ধনী-দুখীয়া সকলোৱে থলুৱা মাছেৰে এসাঁজ খালে। আমাৰ মীনপালকসকলেও নিজৰ পুখুৰীৰপৰা ডাঙৰ ডাঙৰ মাছ বিক্ৰী কৰি ভালেখিনি উপাৰ্জন কৰিবলৈ সক্ষম হৈছে।

এই উপাৰ্জনৰ এটা অংশ আমাৰ মীনপালকসকলে অহা বছৰৰ বাবে মাছ পালনৰ বাবে ৰাখি বাকী অংশ নিজৰ অন্যকামত ব্যৱহাৰ কৰিব পাৰিব। যদি পুখুৰীত মাছ আছে, তেনেহ’লে পুখুৰীটোৰ পানীখিনি বিশুদ্ধ কৰাৰ বাবে চূণ আদি বীজাণুনাশক দি পৰিষ্কাৰ কৰি ল’ব লাগে।

যিমান সংখ্যক মাছ পুখুৰীৰপৰা বিক্ৰী কৰা হ’ল সমসংখ্যক মাছ পুখুৰীত দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনেদৰে নতুন বছৰৰ বাবে পুখুৰী প্ৰস্তুতিৰ সময় সমাগত। মীনপালকসকলে হাতে-কামে লাগি সময়ৰ কাম সময়ত কৰিলে লাভ পাবলৈ সক্ষম হ’ব।

যিকোনো কামতে কৃতকাৰ্য হ’ব লগা হ’লে আমাৰ দৰকাৰ হয় সাহস, একাগ্ৰতা আৰু কৰ্মস্পৃহা। কৰ্মৰ প্ৰতি ধাউতি থাকিলে আমি কোনো কামতে কেতিয়াও পাছফালে চাব লগা নহয়। একাগ্ৰতা আৰু কৰ্মস্পৃহাই যে কোনো কামত কৃতকাৰ্য হোৱাত বাধা দি ৰাখিব নোৱাৰে, তাৰেই এক জ্বলন্ত উদাহৰণ হ’ল নলবাৰী জিলাৰ পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত শুকেকুছি গঁও নিৱাসী জয়নুল হক।

পেছাত এজন শিক্ষক যদিও মৎস্য পালনৰ প্ৰতি থকা তেওঁৰ আগ্ৰহৰ বাবে তেওঁ পত্নী ইলিফা বেগমৰ লগত মাছ পালন কৰি এক দৃষ্টান্তমূলক উদাহৰণ দাঙি ধৰিছে।

আমাৰ নিবনুৱা যুৱক-যুৱতীসকলৰ আদৰ্শৰূপে থিয় দিব পৰা এই দম্পতীৰ কষ্টসহিষ্ণু মনৰ বাবে অতি কম পানীকালিৰপৰা আৰম্ভ কৰি মৎস্য পালনৰ জৰিয়তে এক বিশাল পানীকালি সামৰি লৈছে।

হক আৰু বেগমে ২০০৫ চনত আমনিৰ ওচৰত থকা শুকেকুছি গঁৱত প্ৰথমতে দুবিঘা মাটিৰে আৰম্ভ কৰা মীন পামখনৰ সম্প্ৰসাৰণ ঘটাই এতিয়া প্ৰায় ৮৪ বিঘা পানীকালিৰ পুখুৰী কৰিবলৈ সক্ষম হৈছে।

এই পানীকালিৰ গৰাকী হ’বলৈ যাওঁতে জয়নুল হকে বহুখিনি বাধা-বিঘিনিৰ সন্মুখীন হ’ব লগা হৈছিল। বেংক আৰু গাঁৱৰ মানুহৰপৰা সূতত টকা ধাৰলৈ লৈ তেওঁ এই কাম হাতত লৈছিল।

বৰ্তমান তেওঁলোকে এই মীন পামখনৰপৰা মাহেকত প্ৰায় ৬৫,০০০ টকা পৰিশোধ কৰি থাকে। মীন পামখনৰপৰা ১০ জন কৰ্মচাৰীয়ে নিজৰ পৰিয়ালক ভৰণ-পোষণ দি আছে। এই ১০ জন কৰ্মীয়ে দৈনিক এই মীন পামখনত মাছ পালনৰ কাৰ্য সম্পন্ন কৰি আছে।

হকে উৎকৃষ্ট গুণসম্পন্ন মাছৰ পোনা যাতে মেলিব পাৰে তাৰ বাবে তেওঁৰ মীন পামত লগা মাছপোনা নিজেই উৎপাদন কৰে। তাৰ বাবে তেওঁ ২০১৩ চনত, ৫,০০,০০০ টকা ব্যয় কৰি মাছৰ কৃত্ৰিমভাৱে পোনা উৎপাদন কৰিবৰ বাবে এটা হেচ্চাৰীও নিৰ্মাণ কৰি উলিয়ায়।

কাৰকৰী পৰামৰ্শ নোলোৱা বাবে তেওঁৰ হেচ্চাৰীটোত কিছু কাৰিকৰী ভুল আছে যদিও বৰ্তমানে তেওঁ নিজক লগা মাছপোনাসমূহ নিজেই উৎপাদন কৰি আহিছে। তেওঁ ৰৌ, মিৰিকা, ভকুৱা, গ্ৰাছকাৰ্প, চিলভাৰকাৰ্প আৰু চিতল মাছৰ পোনা কৃত্ৰিমভাৱে উৎপাদন কৰি আহিছে। সম্পূৰ্ণভাৱে একক প্ৰচেষ্টাৰে তেওঁ এই মীন পামখন স্থাপন কৰিছে।

এইক্ষেত্ৰত বৰ্তমানলৈকে তেওঁ চৰকাৰী কোনো সাহায্য লোৱা নাই বা পাবলৈ সক্ষম হোৱা নাই। তথাপি তেওঁ একানপতীয়াভাৱে এই কামত লাগি নিজৰ মীন পামখনক গতি দিছে।

পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া প্ৰকাশ বৰ্মণৰ লগত এই নিবন্ধকাৰে যেতিয়া হকৰ মীন পামখন ভ্ৰমণ কৰিছিলোঁ, তেতিয়া হকৰ পত্নীৰপৰা বহু কথাই জানিব পাৰিছিলোঁ। শূণ্যৰপৰা আৰম্ভ কৰি তেওঁলোকে আজি ইমানখিনি কৰিব পৰাৰ মূলতে হ’ল তেওঁলোকে কৰি অহা পৰিশ্ৰম।

কঠোৰ পৰিশ্ৰমৰ জৰিয়তে হক দম্পতীয়ে আজি এই অৱস্থালৈ আহিছে। তেওঁক আমি যেতিয়া লগ পাইছিলোঁ তেতিয়া বিভিন্ন প্ৰশ্ন সুধিছিলোঁ।

এই প্ৰশ্ন আৰু তাৰ উত্তৰবোৰ আছিল এনেধৰণৰ-

মাছক খাদ্য খুৱায়নে? কি খাদ্য খুৱায়?

-খুৱাওঁ। বজাৰৰপৰা পেকেট ফুড কিনি আনি খুৱাওঁ। কিন্তু পেকেট ফুডৰ দাম বেছি বাবে কেতিয়াবা চাউলৰ মল আৰু খলিহৈ লগ লগাই খুৱাও।

ব্ৰুডাৰছ মেনেজমেন্টৰ বাবে ২-৩ মাহ মাছক খাদ্য হিচাপে খলিহৈ আৰু চাপৰ আদিৰ লগতে উখোৱা চাউল আৰু দাইলৰ খিচিৰি বনাই(১৪ কিলোগ্ৰাম উখোৱা চাউল+১ কিলোগ্ৰাম দাইল) খুৱাও।

এই খাদ্যবিধ আপুনি যে খুৱাইছে, মাছৰ বৃদ্ধি বা পোনা উৎপাদন কৰিব পৰা ক্ষমতা বৃদ্ধিত সহায় হৈছেনে?

-হয় হৈছে।

আপুনি যে ধানৰ লগত মাছ খেতি কৰিছে লাভ হয়নে?

-ধানৰ লগত মাছৰ খেতি কৰিলে মাছৰ বৃদ্ধি খৰতকীয়া হয়। কিন্তু আমি মাছৰ বৃদ্ধি খৰতকীয়া হয়। কিন্তু আমি এই ধান মাছৰ খাদ্য হিচাপেহে ব্যৱহাৰ কৰোঁ। ধান যেতিয়া সেউজীয়া হয়, তেতিয়া গ্ৰাছকাৰ্প মেলি দিও আৰু এইটো কৰাৰ ফলত গ্ৰাছকাৰ্পৰ বৃদ্ধি খৰতকীয়া হয়।

আপুনি পুখুৰীত মাছৰ ৰোগ নিয়ন্ত্ৰণৰ বাবে কি কৰে?

-মাছৰ ৰোগ প্ৰতিৰোধৰ বাবে CIFAX ব্যৱহাৰ কৰোঁ আৰু পোনা মেলাৰ সময়ত পোক-পতংগ মৰাৰ বাবে ক্লীনাৰ ব্যৱহাৰ কৰোঁ।

এইবাৰ বিহুত মাছ কিমান বিক্ৰী কৰিলে?

-মাঘ বিহুত চিতল আৰু ডাঙৰ ভকুৱা মাছ বিক্ৰী কৰোঁ। মাছ বিক্ৰীৰপৰা প্ৰায় দুই লাখ টকা পাবলৈ সক্ষম হৈছোঁ।

এইদৰেই তেওঁলোকে কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈয়ে মাছ পালন কৰি আহিছে। মাছ পালন কৰি তেওঁলোকে যিমান পাব লাগিছিল, সিমান পাবলৈ সক্ষম হোৱা নাই যদিও উপযুক্ত কাৰিকৰী কৌশল প্ৰয়োগ কৰি মাছ পালন কৰিলে নিশ্চয়কৈ অদূৰ ভৱিষ্যতে সুফল পাব।

এই দম্পতীৰ একাগ্ৰতা আৰু কৰ্মস্পৃহাই নিশ্চয়কৈ আমাৰ নিবনুৱা যুৱক-যুৱতীসকলক উৎসাহিত কৰিব আৰু তেওঁলোক মাছ পালনৰ জৰিয়তে স্বাৱলম্বী হ’ব পাৰিব।

লেখক: প্ৰতুল ডেকা(দৈনিক অসম)

 

 

 

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top