মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / ষ্ট্ৰবেৰী খেতিৰে উজলিছে পাটাছাৰকুছিৰ আদৰ্শ কৃষক গৌৰী ডেকা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ষ্ট্ৰবেৰী খেতিৰে উজলিছে পাটাছাৰকুছিৰ আদৰ্শ কৃষক গৌৰী ডেকা :

ষ্ট্ৰবেৰী খেতিৰে উজলিছে পাটাছাৰকুছিৰ আদৰ্শ কৃষক গৌৰী ডেকা. তেখেতৰ বিষয়ে লিখা হৈছে ।

 

একমাত্ৰ কৃষিকাৰ্যতে নিজকে নিয়োজিত কৰি ন-ন চিন্তা তথা পৰীক্ষা-নিৰীক্ষাৰে এগৰাকী আদৰ্শৱান কৃষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱাৰ লগতে আৰ্থিকভাৱে লাভৱান হোৱা পাটাছাৰকুছিৰ বেজকুছি গাঁৱৰ কৃষক গৌৰী ডেকাই সম্প্ৰতি উজলি উঠিছে ষ্ট্ৰবেৰী খেতিৰে। অতি লাভজনক আৰু কষ্টসাধ্য এই খেতিৰ বাবে অসমৰ জলবায়ু যে অনুকুল সেয়াও প্ৰমাণ কৰিবলৈ সক্ষম হৈছে তেওঁ। গুৰুত্বপুৰ্ণ কথাটো হ’ল যে সম্পুৰ্ণভাৱে জৈৱিক সাৰ প্ৰয়োগ কৰি তেওঁ নিজৰ কৃষিক্ষেত্ৰখন এখন জৈৱিক কৃষিক্ষেত্ৰ হিচাপে গঢ়ি তুলিছে। গৌৰী ডেকাই বিগত বৰ্ষত পৰীক্ষামুলকভাৱে প্ৰথমবাৰৰ বাবে ষ্ট্ৰবেৰী খেতি কৰি সফলতা লাভ কৰিছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহি উৎসুক লোকে পৰিদৰ্শন কৰিছিল তেওঁৰ কৃষিক্ষেত্ৰখন। বিভিন্নজনে তেওঁৰ প্ৰচেষ্টাৰ শলাগ লৈ উৎসাহিত কৰিছিল। এইবাৰো এই কৃষকগৰাকীয়ে ষ্ট্ৰবেৰী খেতি কৰি দুগুণ উৎসাহেৰে বজাৰত ফল বিক্ৰী কৰা আৰম্ভ কৰিছে। এইবাৰ তেওঁ এহাজাৰজোপা ষ্ট্ৰবেৰী ৰোপণ কৰিছে। প্ৰতিজোপাত ৬৫ টকাকৈ মুঠ ৬৫ হাজাৰ টকা খৰচ কৰি ৰোপণ কৰা ষ্ট্ৰবেৰীবোৰ লহপহকৈ বাঢ়ি ফল দিবলৈ আৰম্ভ কৰিছে। ৰোপণৰদ্বাৰা এমাহ পিছতে ফল দিবলৈ আৰম্ভ কৰা ৰঙা ৰঙৰ এই ফলবিধৰ বিশেষ ধৰনৰ সুবাসে বৰ্তমান এক চিত্তাকৰ্ষক পৰিৱেশৰ সৃষ্টি কৰিছে খেতিডৰাত। এইবাৰ তেওঁ ষ্ট্ৰবেৰী প্ৰতি কিলোগ্ৰামত চাৰিশ টকাকৈ বিক্ৰী কৰিছে। কৃষকগৰাকীয়ে এই প্ৰতিবেদকৰ আগত ষ্ট্ৰবেৰী অতি লাভজনক বুলি ব্যক্ত কৰে। এইবাৰ যথেষ্ট পৰিমাণে ফলবিধৰ উৎপাদন হ’ব বুলি আশাবাদী কৃষকগৰাকী। ইতিমধ্যে জৈৱিক সাৰ প্ৰয়োগেৰে কবি, ব্ৰ’কলি, বেঙেনা আদি বিভিন্ন পাচলি যথেষ্ট পৰিমাণে উৎপাদন কৰি গৌৰী ডেকাই অঞ্চলটোৰ লোকসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ব্যৱসায়ীসকলে তেওঁৰ খেতিৰপথাৰৰপৰাই এনেদৰে উৎপাদিত পাচলি কিনি লৈ যায়। তেওঁ দুজোপা বিশেষ প্ৰজাতিৰ বগৰীৰপৰা প্ৰায় ৩০০ কিলোগ্ৰাম বগৰী প্ৰতি কিলোগ্ৰামত ৬০ টকা দামত বিক্ৰী কৰা বুলি জানিবলৈ দিয়ে। মুঠতে গৌৰী ডেকাৰ কৃষিকৰ্ম বহুমুখী। তেওঁ নিজে কেঁচুসাৰ প্ৰস্তুত কৰি খেতিত প্ৰয়োগ কৰে। তদুপৰি ক’লা ধান, মীন পালন আদিৰেও তেওঁ সফলতা লাভ কৰিছে। এইবাৰ তেওঁ ব্ৰইলাৰ হাঁহ পাল কৰিছে ১৫০ টা। বিগত বৰ্ষত পৰীক্ষামুলকভাৱে ২০ টা হাঁহ প্ৰতিপালন কৰি প্ৰতিটো হাঁহত ৬০০ টকাকৈ বিক্ৰী কৰিছিল। প্ৰতিটো হাঁহৰ ওজন ৩ ৰ পৰা ৩.৫ কিলোগ্ৰাম পৰ্যন্ত হৈছিল। জীৱনজোৰা অভিজ্ঞতাৰে অভিজ্ঞ কৃষকগৰাকীয়ে নিজ পুত্ৰ খগেনক লগত লৈ কৃষিকাৰ্যৰে উন্নতিৰ জখলা বগোৱাৰ লগতে নতুন প্ৰজন্মক এক নতুন পথৰ সন্ধান দিবলৈ সক্ষম হৈছে। এনেদৰে কৃষিকাৰ্যৰে আদৰ্শ সৃষ্টি কৰি গৌৰী ডেকা প্ৰশংসাৰ পাত্ৰ হৈ পৰিছে স্থানীয় ৰাইজৰ মাজত।

লেখক: বিৰাজ কলিতা (দৈনিক অসম)

2.88235294118
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top