মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / সংমিশ্ৰিত কুচিয়া আৰু মাগুৰ মাছ পালনত ৰাজু-জ্যোৎস্নাৰ উদ্ভাৱনী প্ৰয়াসত সফলতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সংমিশ্ৰিত কুচিয়া আৰু মাগুৰ মাছ পালনত ৰাজু-জ্যোৎস্নাৰ উদ্ভাৱনী প্ৰয়াসত সফলতা

স্বাস, পৰিপুষ্টি, বজাৰ দৰ, চাহিদা আৰু গ্ৰহণযোগ্যতাৰ দিশৰ পৰা

চমু বিৱৰণি

স্বাস, পৰিপুষ্টি, বজাৰ দৰ, চাহিদা আৰু গ্ৰহণযোগ্যতাৰ দিশৰ পৰা কুচিয়া আৰু মাগুৰ মাছ তুলনাবিহীন| অসমীয়া জনসাধাৰণৰ অতিকৈ পৰিচিত মাছ দুবিধৰ সংমিশ্ৰিত পালন পদ্ধতি এতিয়াও সৰলীকৃত বা মানকৃত হোৱা নাই যদিও বিভিন্ন জনে এই ক্ষেত্ৰত উদ্ভাৱনী প্ৰয়াসৰ সফলতাৰে কঢ়িয়াই আনিছে আশাৰ বতৰা| তেনে এক শিক্ষিত কৃষি কৰ্মত নিয়োজিত দম্পতী হ’ল বি টি এ ডি অঞ্চলৰ ককলাবাৰী গাঁৱৰ ৰাজু বড়ো আৰু জ্যোৎস্না বড়ো|

কৰ্ম পৰিক্ৰমা

কম বয়সীয়া দম্পতীহালে মীন সম্প্ৰসাৰণ বিষয়া বিপুল খাটনিয়াৰৰ সহযোগত সম্পুৰ্ণ নব্য চিন্তাধাৰাৰে এক নমুনা প্ৰস্তুত কৰি এই দুবিধ মাছৰ পালন প্ৰযুক্তিত যথেষ্ট সফলতা অৰ্জন কৰিছে| উল্লেখ্য যে ৰাজ্যত কুচিয়া পালনৰ ক্ষেত্ৰত খাটনিয়াৰ বাটকটীয়া| ২০০৮ চনত গোৰেশ্বৰৰ সমীপৱৰ্তী পুখুৰীপাৰ গাঁৱৰ পুৱাৰাম বড়োৰ পামত পৰীক্ষামূলক কুচিয়া পালনৰ সফলতাৰ পিছত বিভিন্ন জনৰ পামত ভালেকেইটা কুচিয়া পালনৰ সফল নমুনা বাস্তবায়িত কৰাৰ পিছত বৰ্তমান বিভিন্ন সংমিশ্ৰিত আৰু সমন্বিত কুচিয়া পালন কৌশল সম্পৰ্কে পৰীক্ষামূলক অধ্যয়ন অব্যাহত ৰাখিছে খাটনিয়াৰে| উত্তৰ-পূৰ্বাঞ্চলত খাটনিয়াৰৰ নমুনা বিভিন্ন ৰাজ্যত সফলতাৰে ৰুপায়িত হৈছে|

বিপুল খাটনিয়াৰৰ দিহা মৰ্মে পোনতে ৰাজু দম্পতীয়ে সাজি উলিয়াই ৬০ ফুট দীঘল আৰু ৪০ ফুট বহল এটি পকী টেংকী| টেংকীটো এখন জালিকাৰে সমানে দুভাগ কৰি এভাগত ৯৫০ টা কুচিয়া আৰু আনটো ভাগত ৯০০ টা মাগুৰ পালন কৰিছে| মুঠ দুই মিটাৰ গভীৰ বিশিষ্ট টেংকীটোৰ মাগুৰৰ কোঠালিটোৰ তলত ২ ফুট আৰু কুচিয়াৰ কোঠালিটোৰ তলত ২.৫ ফুট হিউমাছযুক্ত মাটি দিয়া হৈছে| এনে মাটি স্থানীয়ভাৱে উপলভ্য নহ’লে প্ৰস্তুত কৰি ল’ব পাৰি| কুচিয়া আৰু মাগুৰ থকা কোঠালি দুটাৰ জল গভীৰতা ক্ৰমে ০.৫ মিটাৰ আৰু ০.৮ মিটাৰ| বিগত এপ্ৰিল মাহত কুচিয়া আৰু মাগুৰ দুয়োবিধৰে ১০ গ্ৰাম গড় ওজন বিশিষ্ট পোনা মেলা হৈছে দুয়োটাতে| দৈনিক খাদ্য হিচাপে দিয়া হয় চাউলৰ মল, খলিহৈ, শুকান মাছৰ গুৰি, ভাত, ভেকুলী, সৰু মাছ আদিৰ সৰু সৰুকৈ কটা টুকুৰা, কুকুৰাৰ নাড়ী-ভূৰি, কেচু আদিৰ মিশ্ৰণ| দৈনিক দুবাৰকৈ মুঠ মাছৰ ওজনৰ ৩-৫ শতাংশ হিচাপত খাদ্য প্ৰয়োগ কৰা হয়| তদুপৰি পানীৰ পি এইচৰ ওপৰত ভিত্তি কৰি মাহেকত এবাৰকৈ চূণ প্ৰয়োগ কৰা হয়| টেংকীটোত পানী বহিৰ্গমন আৰু অন্তৰ্গমনৰ বাবে ফুটা ৰখা হৈছে, যাৰ সহায়ত পানী পষেকত এবাৰকৈ সলনি কৰা হয়| টেংকীত কীট-পতংগৰ উপলভ্যতা নিশ্চিত কৰিবলৈ নিশা ব্যৱস্থা কৰা হয় বিদ্যুৎ চাকিৰ| তদুপৰি কুচিয়া থকা খোটালীটোৰ পৰিসীমা অঞ্চল বাম কৰি তাত ধান ৰুই দিয়াৰ ব্যৱস্থা কৰাৰ লগতে জলপৃষ্ঠৰ মুঠ ২০ শতাংশ পানী মেটেকাৰে আবদ্ধ কৰি ৰখা হৈছে| এইদৰে কৰা কুচিয়া আৰু মাগুৰ পালন বৰ্তমানলৈ অতি আশাপ্ৰদ দেখা গৈছে| প্ৰায় ৫ মাহত কুচিয়া আৰু মাগুৰৰ গড় ওজন ২৫০ গ্ৰাম আৰু ২০০ গ্ৰাম হৈছে| অলপতে গুৱাহাটীৰ দুৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী দিলীপ গোস্বামীসংমিশ্ৰিত কুচিয়া আৰু মাগুৰ মাছ পালনত  ৰাজু-জ্যোৎস্নাৰ উদ্ভাৱনী প্ৰয়াসত সফলতা ৰাজু-জ্যোৎস্নাৰ পাম পৰিদৰ্শন কৰি উচ্চ প্ৰশংসা লিপিবদ্ধ কৰিছে আৰু এই উদ্ভাৱনী প্ৰয়াসলৈ তেওঁলোকৰ মাধ্যমেৰে প্ৰচাৰ কৰোৱাৰ আশ্বাস প্ৰদান কৰিছে| ৰাজু আৰু জ্যোৎস্নাৰ সফলতাই স্থানীয় শিক্ষিত যুৱক-যুৱতী সকলকো আকৰ্ষিত কৰিছে আৰু বিভিন্ন জনে এইক্ষেত্ৰত কৰ্মত অগ্ৰসৰ হৈছে| তেওঁলোকৰ প্ৰতিও যাৱতীয় কাৰিকৰী সহযোগিতা আগবঢ়াইছে খাটনিয়াৰে আৰু ব্যৱহাৰিক আদিপাঠ শিকিছে ৰাজু-জ্যোৎস্নাৰ পামত| ৰাজ্যিক মীন বিভাগৰ যুটীয়া মীন সঞ্চালক সত্যজিত শৰ্মাই এই প্ৰতিবেদকক জানিবলৈ দিয়া মতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কুচিয়া আৰু মাগুৰ মাছ পালনৰ কাম আৰম্ভ হৈছে আৰু এইক্ষেত্ৰত যাৱতীয় কাৰিকৰী সহযোগিতাৰ বাবে স্থানীয় মীন কাৰিকৰী বিষয়া গৰাকীক যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে|

ৰাজু-জ্যোৎস্না নিশ্চিতভাৱে যুগান্তৰৰ ৰেঙণি| এই যাত্ৰাৰ সফলতাই ৰাজ্যৰ গ্ৰামীণ অৰ্থনীতিত আমূল পৰিৱৰ্তনৰ সূচনা কৰিব পাৰে| যিকোনো ধৰণৰ দিহা আৰু অধিক তথ্যৰ বাবে ৰাজু বড়ো (৮৪০৩৮৯৫২৯৫) বা বিপুল খাটনিয়াৰৰ (৯৪০১০৩৯৫৮৬) লগত যোগাযোগ কৰিব পাৰে|

লেখক:- ড° ধ্ৰুবজ্যোতি শৰ্মা, মীন বিষয়া, মীন সঞ্চালকালয়, অসম, গুৱাহাটী-১৬

উৎস:- দৈনিক অসম

2.96875
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top