অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সফল ক্ষুদ্ৰ চাহ খেতিয়ক শচী ৰাজখোৱা

সফল ক্ষুদ্ৰ চাহ খেতিয়ক শচী ৰাজখোৱা

ফেক্টৰী খোলাৰ যো-জা

মানুহে যে নিজৰ কৰ্মৰ বলত দোপতদোপে আগবাঢ়ি যাব পাৰে তাৰ জলন্ত উদাহৰণ হ’ল চতাই অঞ্চলৰ শচী ৰাজখোৱা। এইজন চাহ খেতিয়কে চতাইৰ চাহ বাগিচা এলেকাত থাকি নিজৰ শ্ৰম আৰু সাধানাৰ বলত নিজকে এজন কৰ্মপটু লোক হিচাপে পৰিচয় দিবলৈ সক্ষম হৈছে। নিজে ৬৫ বিঘাতকৈ অধিক মাটিত ক্ষুদ্ৰ চাহ বাগিচা স্থাপন কৰি তেওঁ কেইবাজনো বন্ধুৰ সহযোগত স্থাপন কৰিবলৈ আগবাঢ়িছে গিবন নামৰ এটি ফেক্টৰী। ৰাজখোৱাই জানিবলৈ দিয়া মতে বিগত বৰ্ষত অনুমতি পোৱা এনে এটা ফেক্টৰী চতাইত আৰু আনটো মৰিয়নীত স্থাপন হ’ব। তেওঁৰ গিবন ফেক্টৰীটোত গড় হিচাপে ১৫ হাজাৰৰ পৰা ১৭ হাজাৰ কিলোগ্ৰাম কেঁচা চাহপাতৰ প্ৰয়োজন হ’ব। ফেক্টৰীটোৱে প্ৰায় পাঁচ লাখ কিলোগ্ৰাম পকা পাত উৎপাদন কৰিব পাৰিব। এই ফেক্টৰীৰ বাবে ৬ কোটি পাঁচ লাখ টকা ব্যয় ধাৰ্য কৰা হৈছে আৰু ইয়াৰে ৪০ শতাংশ ৰেহাই হিচাপে পোৱা যাব। ৰাজখোৱাই প্ৰকাশ কৰা মতে, যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ হোলোঙাপাৰ মৌজাতে বহু সংখ্যক ক্ষুদ্ৰ চাহ বাগিচা আছে। এই বাগিচাসমূহে কেঁচাপাত দিয়াৰ ক্ষেত্ৰত পুৰণি চাহ বাগিচাকেইখনৰ কলঘৰকেইটাই হেমাহি প্ৰদৰ্শন কৰি অহাৰ পৰিপেক্ষিতত এই ফেক্টৰীটো স্থাপনৰ লগে লগে একাংশ ক্ষুদ্ৰ চাহ খেতিয়ক উপকৃত হ’ব বুলি আশা কৰিব পাৰি।

ৰাজখোৱাৰ পৰা জানিব পাৰি পৰা মতে, অসমত প্ৰায় তিনি লাখ যুৱকে ক্ষুদ্ৰ চাহ বাগিচা খুলি নিজৰ ভাত নিজে মোকোলাইছে। শেহতীয়াকৈ অসম কৃষি বিশ্ববিদ্যালয়ৰ এক সমীক্ষাত কোৱা হৈছে যে, পূৰ্বৰ তুলনাত ক্ষুদ্ৰ চাহ শিল্পত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সংস্থাপন পোৱা লোকৰ সংখ্যা পোন্ধৰ লাখৰো অধিক হ’ব। এই ক্ষুদ্ৰ চাহ বাগিচাবোৰে বিভিন্ন সমস্যাৰ মাজতো ৩৩ শতাংশ চাহ উৎপাদন কৰি অসমৰ চাহ শিল্পলৈ এক জোৱাৰ আনিছে। বিশেষকৈ উজনি অসমৰ জিলাকেইখনত ক্ষুদ্ৰ চাহ বাগিচাসমূহে চাহ উৎপাদনৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ গুৰুত্বপূৰ্ণ সমস্যাটো কি বুলি সোধাত তেওঁ কয় যে কেঁচা চাহপাত প্ৰদানৰ সমস্যাটোৱেই মূল সমস্যা। এনে সমস্যাৰ প্ৰতি লক্ষ্য  ৰাখিয়েই সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ দাবীক গুৰুত্ব দি অসম চৰকাৰে পঞ্জীয়ন এক্টৰ অধীনত সমবায় ভিত্তিত নেডফি, টী বৰ্ড, ক্ষুদ্ৰ চাহ খেতিয়ক আৰু কিছু ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত পৰামৰ্শৰে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ উপকাৰ হোৱাকৈ ১১ টা কলঘৰ স্থাপনৰ অনুমতি প্ৰদান কৰিছে। উপকৰৰ ৰচিদ, ম্যাদি পট্টা, কীটনাশক দ্ৰব্যৰ সমস্যা, কেঁচা চাহপাত চুৰি আদি কথাবোৰো উলাই কৰিব নোৱাৰি বুলি তেওঁ কয়।

লিখক: অপূৰ্ব কুমাৰ বৰা, দৈনক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/13/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate