মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / সামান্য মূলধনেৰে কৃষিভিত্তিক জীৱিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সামান্য মূলধনেৰে কৃষিভিত্তিক জীৱিকা

সামান্য মূলধনেৰে কৃষিভিত্তিক জীৱিকাৰ বিষয়ে লিখা হৈছে ।

 

বহুতে উদ্যোগ স্থাপন কৰিবলৈ বেংকৰ পৰা বৃহৎ পৰিমাণৰ ঋণ লৈ দেউলীয়া পৰ্যন্ত হয় । কম মূলধনেৰে ব্যৱসায় আৰম্ভ কৰি অভিজ্ঞতা অৰ্জন কৰাৰ পাছতহে অধিক মূলধন প্ৰয়োগ কৰা উচিত । এনে বহু সফল ব্যৱসায়ী আছে যিসকলে নামমাত্ৰ মূলধনেৰে ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছিল আৰু লাহে লাহে ধৈৰ্য আৰু পৰিশ্ৰমেৰে নিজেই নিজৰ মূলধন বৃদ্ধি কৰি পৰৱৰ্তী সময়ত বিখ্যাত উদ্যোগপতিত পৰিণত হৈছেহি । তেওঁলোকৰ ক্ষেত্ৰত লোকচানৰ সম্ভাৱনা নিচেই কম । কাৰণ ব্যৱসায়ৰ বুনিয়াদ, তলা-নলা তন্ন তন্নকৈ চালি-জাৰি চাই ইমানখিনি পাইছেহি । এতিয়া তেওঁলোকে বৃহৎ উদ্যোগ গঢ়িবলৈ কোনো চিন্তা কৰিব নালাগে । কৃষিভিত্তিক জীৱিকাৰ পথ কেইটামানৰ বিষয়ে আমি যুৱ সমাজক জনাব বিচাৰিছো । যিকেইটা হাতত লৈ ইতিমধ্যে বহুতো লোক সফল হৈছে । অসমৰ মাটি, পৰিৱেশ এনে কৃষিভিত্তিক জীৱিকাৰ বাবে অতি উপযোগী ।

কাটিং বেড :-

নেমুটেঙাৰ এটা ভাল জাত আছে । আসাম লেমন, গুটিবিহীন জাত । ইয়াৰ পুলি কাটিং বা লেয়াৰিং পদ্ধতিৰ দ্বাৰা উৎপাদন কৰিব পাৰি । কাটিং বেড মানে হৈছে য’ত কাটিং প্ৰস্তুত কৰা হয় । সাধাৰণতে বালি আৰু পচন সাৰৰ মিশ্ৰণেৰে আঠ ইঞ্চিমান ওখকৈ ভেটি তৈয়াৰ কৰা হয় । পানী যোগানৰ ভাল ব্যৱস্থাৰ প্ৰয়োজন । ছাঁ দিয়াৰ ব্যৱস্থা লাগিব । নেমুটেঙাৰ ‘লিফ বাড কাটিং’ নামৰ (Leaf bud cutting) পদ্ধতিৰে এটা পাতযুক্ত মাত্ৰ এক ইঞ্চিমান দীঘল ডাল এডোখৰৰ পৰাই একোটা স্বাস্থ্যৱান পুলি উৎপাদন কৰিব পাৰি । যিসকলৰ ঘৰত বা ওচৰে-পাঁজৰে ভাল জাতৰ নেমুটেঙাৰ ডাঙৰ লাগনি গছ আছে তেওঁলোকে নেমুটেঙাৰ পুলি উৎপাদনৰ কথা চিন্তা কৰিব পাৰে । মাত্ৰ ২০ ফুট x ১০ ফুট আকাৰৰ কাটিং বেড এখনতেই এক লাখমান লিফ বাড কাটিং কৰিব পাৰি । অৱশ্যে ভালদৰে শিপা গজাৰ পাছত পলিথিনত দি আৰু কিছুমান প্ৰতিপালন কৰিহে বিক্ৰী কৰা হয় । যিসকলে নেমুটেঙাৰ কাটিং প্ৰস্তুত কৰি ব্যৱসায় কৰিব খোজে তেওঁলোকে এটা কথাত নিশ্চিত হ’ব পাৰে যে ইয়াৰ মূল্য সাধাৰণ গছপুলিৰ প্ৰায় দুগুণ আৰু খৰচ ওপৰত উল্লেখ কৰা গছপুলিৰ নাৰ্ছাৰীখনৰ সমানেই । আনহাতে এই পুলি বিক্ৰীৰ বাবে বিভিন্ন নাৰ্ছাৰী আছে । আমি ব্যক্তিগতভাৱেও বিক্ৰীৰ দিশত সহায় আগবঢ়াব প্ৰস্তুত । কাটিং বেডত নেমুটেঙাৰ বাহিৰেও ইকজৰা আলামাণ্ডা, এৰেলিয়া, ক্ৰটন আদি ফুলৰ কাটিং কৰিব পাৰি ।

অমিতাৰ খেতি :-

কেইবিধমান হাইব্ৰীড অমিতাৰ জাত অসমত অতি জনপ্ৰিয় হৈছে । ৰেড লেডী, চিন্তা, স্বপ্না আদি জাতৰ অমিতাসমূহ ৰোৱাৰ পৰা দুমাহমান পাছতেই ফুল ফুলে । প্ৰায় পাঁচ মাহমান পাছত অমিতা পকিব আৰম্ভ কৰে । এই জাতৰ অমিতা পাচলিৰ পৰিৱৰ্তে পকা ফল হিচাপেহে অধিক জনপ্ৰিয় । গুৱাহাটীৰ খুচুৰা বজাৰত এনে প্ৰতি কেজি পকা অমিতাৰ দাম সত্তৰ-আশী টকা হোৱা  দেখা যায় । পাইকাৰী বজাৰত ত্ৰিশ-পয়ত্ৰিশ টকা বা ততোধিক । একঠা মাটিত আঠ ফুটৰ মূৰে মূৰে একোটাকৈ পুলি ৰুব লাগে । ওখ ৰ’দ পৰা আৰু মুঠেও পানী জমা নোহোৱা ঠাই অমিতা খেতিৰ বাবে উপযুক্ত । পচন সাৰ বা পচা গোবৰ ২০ কিলোগ্ৰামমানকৈ প্ৰতিটো গাঁতত দিব লাগে । দুফুট দ, দুফুট বহল আৰু দুফুট দীঘল আকাৰৰ গাঁত খান্দি পচন সাৰ আৰু মাটিৰ মিশ্ৰণেৰে গাঁতটো পুতি পুলিবোৰ ৰুব লাগে । প্ৰতিটো পুলি পঁচিশ বা ত্ৰিশ টকাত নাৰ্ছাৰীসমূহত কিনিব পোৱা যায় । সঠিক জাতৰ পুলি বিশ্বাসযোগ্য নাৰ্ছাৰীৰ পৰা কিনিব । অমিতাৰ ভৰ সহিব নোৱাৰি গছসমূহ ভাঙি পৰা দেখা যায় । সেয়েহে বাঁহৰ খুঁটা মজবুতকৈ পুতি ভালদৰে বান্ধি দিয়া উচিত । একোজোপা অমিতাত বছৰেকত কমেও ষাঠি-সত্তৰ কিলোগ্ৰাম অমিতা লাগে । গতিকে চল্লিশজোপাৰ পৰা প্ৰায় ২৮০০ কি: গ্ৰা: অমিতা পোৱা যায় । যিখিনিৰ পাইকাৰী মূল্য প্ৰায় ৯৮,০০০ টকা । আনহাতে মূলধন হিচাপে পুলিৰ মূল্য প্ৰতিটোত পঁচিশ টকাকৈ মুঠ এহেজাৰ টকা । গোবৰ বা পচন সাৰ, ঔষধ, বাঁহ আদি মিলাই আৰু দুহেজাৰমান টকা খৰচ হ’ব । একঠা মাটিত হাইব্ৰীড অমিতাৰ খেতি কৰিলে এবছৰত অতি কমেও ৮০,০০০ টকা লাভ হয় ।

কেঁচুসাৰ উৎপাদন -

জৈৱিক সাৰসমূহৰ ভিতৰত কেঁচুসাৰ ৰাইজৰ মাজত অধিক পৰিচিত । জৈৱিক আৱৰ্জনাৰ পৰা কেঁচুৱে খাই তৈয়াৰ কৰা সাৰৰ প্ৰচুৰ চাহিদা আছে । ব্যৱসায়িক ভিত্তিত কেঁচুসাৰ উৎপাদনৰ বাবে বেছি মূলধনৰ প্ৰয়োজন নাই । ২০ ফুট x ১০ ফুট আকাৰৰ ঠাইত পাঁচটামান কোঠালিযুক্ত কেঁচুসাৰ উৎপাদন কৰিব পাৰি । ৩০ ইঞ্চি উচ্চতাৰ ইটাৰ বেৰ আৰু ওপৰত খেৰৰ চাল দি স্থায়ীভাৱে উৎপাদনৰ ব্যৱস্থা কৰি ল’ব পাৰি । পেলনীয়া কলগছ, ঘাঁহ-বন, মেটেকা, পাচলিৰ আৱৰ্জনা, গোবৰ আদি আধা পচা অৱস্থাত কেঁচুসাৰৰ গাঁতত দিয়া হয় । অৱশ্যে এইক্ষেত্ৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱা উচিত । তদুপৰি আৰম্ভ কৰাৰ আগতে কোনো কেঁচুসাৰ উৎপাদক গোটলৈ গৈ জ্ঞান আহৰণ কৰাৰ প্ৰয়োজন । কেইবিধমান বিশেষ জাতৰ কেঁচু এই পকী গাঁতবোৰত এৰি দিলে কেইদিনমানতে সিহঁতে বহুগুণে বংশবৃদ্ধি কৰে । জৈৱিক আৱৰ্জনাসমূহ দুমাহমানৰ ভিতৰত খাই চাহপাতৰ গুড়ি যেন দেখা কৰে । চালনীৰে চালি সাৰবোৰ পলিথিন বেগ বা বস্তাত ভৰাই বিক্ৰী কৰা হয় । প্ৰথম অৱস্থাত ঘৰটো তৈয়াৰ কৰোতে প্ৰায় ২০ হেজাৰমান টকা খৰচ হয় । ইয়াৰ পাছত বিশেষ খৰচ নাই । প্ৰতি কেজিত খুচুৰা বজাৰ দৰ পোন্ধৰৰ পৰা বিশ টকা আৰু পাইকাৰী দৰ সাতৰ পৰা দহ টকা । ওপৰত উল্লেখ কৰা চাৰি কোঠালিযুক্ত কেঁচুসাৰ উৎপাদন গোট এটাৰ পৰা বছৰি প্ৰায় এক লাখ টকা উপাৰ্জন কৰিব পাৰি ।

পুলিবাৰী -

একঠামান ওখ মাটি চাৰিওফালে ভালদৰে জেওৰা দি ল’লে গছপুলি উৎপাদনৰ এখন ভাল নাৰ্ছৰী স্থাপন কৰিব পাৰিব । মাটিকালি আমি প্ৰয়োজন আৰু সাধ্যানুসাৰে কম-বেছি কৰিব পাৰো । কিন্তু গৰু, ছাগলী, হাঁহ, মুৰ্গী তথা চোৰৰ পৰা ৰক্ষা কৰিব পাৰিলে স্থায়ী ‘ফেনচিং’ ব্যৱস্থা উপযুক্ত হ’ব । ৰ’দ পৰা আৰু পানী জমা নোহোৱা ঠাই হ’ব লাগিব । কুৱা, দমকল বা পুখুৰী ওচৰত থাকিব লাগিব । বৈদ্যুতিক মটৰযুক্ত পাম্পেৰে পানী যোগানৰ ব্যৱস্থা কৰিব পাৰিলে সময় আৰু পৰিশ্ৰম ৰাহি হ’ব । গোবৰ, পচনসাৰ, পচা গছৰ পাত, সাৰুৱা মাটি আদি প্ৰয়োজন মতে জমা কৰি ৰাখিব লাগিব । পুলি উৎপাদনৰ বাবে নাৰ্ছাৰীত ব্যৱহৃত বিভিন্ন আকাৰৰ পলিথিন বেগ বজাৰত পোৱা যায় । কিছুমান গছপুলিৰ চাহিদা বহুত বেছি । যেনে- আমলখি, জলফাই, অগৰু, তামোল, বকুল, নাহৰ, কৃষ্ণচূড়া, ৰাধাচূড়া, এজাৰ, পলাশ ইত্যাদি । এইবোৰ বীজৰ পৰা হয় । অলপ কষ্ট কৰিলে বীজবোৰ বিনামূল্যে সংগ্ৰহ কৰিব পাৰি । আগষ্ট মাহত সাধাৰণতে মহানিম, এৰিকাপাম ইত্যাদিৰ প্ৰচুৰ বীজ গছৰ তলত সৰি নষ্ট হয় । ঠিক তেনেদৰে বিভিন্ন ঋতুত বিভিন্ন গছৰ বীজ পৈণত হয় । বীজতলীত প্ৰথমে বীজসমূহ ছটিয়াই অলপমান ডাঙৰ হ’লে সৰু সৰু পলিথিনত ৰুব পাৰি । নাইবা পোনে পোনে বীজসমূহ পলিথিনতেই দি পুলি তৈয়াৰ কৰিব পাৰি । একঠা মাটিত এবছৰৰ ভিতৰত প্ৰায় এক লাখ পুলি উৎপাদন কৰিব পাৰি । একোটা পুলি দুই টকাকৈ পাইকাৰী দৰত বিক্ৰী কৰিলেও দুই লাখ টকা উপাৰ্জন কৰিব পাৰি । মূলধন হিচাপে এখন ছাঁ দিয়া নেট, বাঁহৰ ৰভাৰ দৰে চালি এখন, দা, কোৰ, খন্তি, গোবৰ, মাটি, পলিথিন বেগ এক লাখ (প্ৰায় পোন্ধৰ হেজাৰ টকা মূল্য), জেওৰা, পানী দিয়া সৰঞ্জাম ইত্যাদিয়েই প্ৰধান । প্ৰথম বছৰত একঠা মাটিৰ বাবে মূলধন প্ৰায় চল্লিশ হেজাৰ টকা সৰ্বাধিক । বীজ অংকুৰণ হোৱাৰ তিনিমাহৰ পৰা পুলি বিক্ৰী কৰিবৰ উপযোগী হয় । এনেকুৱাকৈ পুলি উৎপাদন কৰিলে আমি বিক্ৰীৰ ব্যৱস্থা কৰাই দিব পাৰো । দেখা গ’ল একঠা মাটিত এনে এখন ক্ষুদ্ৰ নাৰ্ছাৰী স্থাপন কৰি বছৰ নৌহওঁতেই ডেৰ লাখতকৈ অধিক লাভ উপাৰ্জন কৰিব পাৰি ।

ওপৰত যি চাৰিটা কৃষিভিত্তিক ক্ষুদ্ৰ মূলধনেৰে কৰিব পৰা ব্যৱসায়ৰ বিষয়ে আলোচনা কৰা হ’ল তাৰ প্ৰধান সুবিধা হ’ল- এইকেইটাৰ বাবে মাটিকালি একেবাৰে কম লাগে । দ্বিতীয়তে, লোকচানৰ সম্ভাৱনা নাই । তৃতীয়তে, ঘৰৰ আশে-পাশে কৰিব পাৰি । চতুৰ্থতে, সম্পূৰ্ণ দিনটো এই  ব্যৱসায়সমূহত ব্যয় নহয় । অৰ্থাৎ এইবোৰ ব্যৱসায়ত অলপ সময় খৰচ কৰিলেই হয় । বাকী দিনটো আন কাম কৰিব পাৰি ।

লেখক :- হিৰণ্য কুমাৰ নাথ

উৎস :- অসমীয়া খবৰ

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top