মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / স্থানীয় বীজেৰে বুবুলৰ খেতিপথাৰ নদন-বদন
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্থানীয় বীজেৰে বুবুলৰ খেতিপথাৰ নদন-বদন

স্থানীয় বীজেৰে বুবুলৰ খেতিপথাৰ নদন-বদনৰ বিষয়ে লিখা হৈছে ।

চৰকাৰী চাকৰি অথবা আন কৰ্মসংস্থান বিচাৰি সময় নষ্ট কৰা নাই নলবাৰীৰ একাংশ যুৱকে। নিজ কৰ্মশক্তিক সাৰথি কৰি তেওঁলোক এতিয়া নামি পৰিছে খেতিপথাৰত। নলবাৰী জিলাৰ উপৰবৰভাগ মৌজাৰ বৰকুৰীয়া আৰু বৰশিমলুৱা গাঁৱৰ মৰা বৰলীয়া নদীৰ পাৰত উদ্যমী যুৱক বুবুল কলিতাৰ নেতৃত্বত এই যুৱকসকলে প্ৰায় ১৫ বিঘা মাটিত-

  • লাই,
  • লফা,
  • পালেং,
  • মূলা শাক,
  • বেঙেনা,
  • লেচেৰা,
  • গাজৰ,
  • পানীলাও,
  • ৰঙালাও,
  • ভেন্দী,
  • তিঁয়হ আদিৰ খেতি কৰিছে।

কোনো ধৰণৰ ৰাসায়নিক সাৰ প্ৰয়োগ নকৰি সম্পূৰ্ণ জৈৱিক পদ্ধতি অৱলম্বনেৰে এই খেতি কৰি তেওঁলোকে সমাজ জীৱনলৈ আশাৰ ৰেঙণি কঢ়িয়াই আনিছে। কোনো ধৰণৰ চৰকাৰী সা-সুবিধা অবিহনেই এই যুৱকসকলে নিজৰ আশাসুধীয়া প্ৰচেষ্টাৰে অঞ্চলটোত এক নতুন কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে। এনেদৰেই যুৱকসকলক কৃষিক্ষেত্ৰলৈ আকৰ্ষণ কৰি আত্মনিয়োজনৰ ক্ষেত্ৰত এক পথ প্ৰদৰ্শক হোৱাৰ দিশে আগবাঢ়িছে বুবুল কলিতা।

বুবুল কলিতাৰ লগত একেলগে খেতিপথাৰত নিয়োজিত হৈছে প্ৰবোধ তালুকদাৰ, বিনোদ তালুকদাৰ, মন্টু তালুকদাৰ, গকুল তালুকদাৰ, মাধৱ তালুকদাৰ, বসন্ত নমঃশুদ্ৰ, নয়ন তালুকদাৰ, নিপুল তালুকদাৰ আৰু শুক্লেশ্বৰ তালুকদাৰ। এই উদ্যমী যুৱকসকলে তেওঁলোকৰ উৎপাদিত ফচল স্থানীয় দামোদৰ ধাম সত্ৰ বজাৰ, বিজুলী ঘাট(কৰিয়া), বুল্লুট বজাৰ, বাহাৰঘাট, কমাৰকুছি, ৰাইমাধা গধূলি বজাৰ আদিত বিক্ৰী কৰে। এনে ইতিবাচক পদক্ষেপ সত্ত্বেও অৱশ্যে পাচলিৰ উচিত মূল্যৰপৰা বঞ্চিত হোৱাৰ অভিযোগ কৰিছে যুৱ কৃষকসকলে। উল্লেখ্য যে তেওঁলোকে উন্নত জাতৰ বিধানৰ বাবে শিঙিমাৰী, বৰপেটাৰোড আদি দূৰণিবটীয়া ঠাইলৈ যাব লগা হয়। ভাৰালৈ লোৱা ট্ৰেক্টৰেৰে বৰ্তমান খেতি কৰি থকা এই যুৱ কৃষকসকলক চৰকাৰীভাৱে বিনামূলীয়াকৈ এখন ট্ৰেক্টৰ প্ৰদান কৰিলে তেওঁলোকে দুগুণ উৎসাহেৰে কৃষিকৰ্মক আগবঢ়াই নিব পাৰিলেহেঁতেন বুলি তেওঁলোকে জানিবলৈ দিছে।

উৎস: দৈনিক অসম(মনোজ শৰ্মা)

বছৰ ৪০ লাখ টকা উপাৰ্জন আব্দুল হাইৰ -

সুন্দৰ, সুঠাম, সুদৰ্শন আৰু সপ্ৰতিভা যুৱক আব্দুল হাই(৭০৮৬৫১৮০৯০/৯৭০৭৬৩১০৫৬) ৰাজ্যৰ নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে এক অনুকৰণীয় চানেকী। নিষ্ঠা, সততা, একাগ্ৰতা, দুৰন্ত কৰ্মোদ্যম আৰু তুলনাবিহীন অভিলাষক মূলধন হিচাপে লৈ হাই-এ প্ৰমাণ কৰি দিছে যে লক্ষ্য সুনিৰ্দিষ্ট হ’লে প্ৰাপ্তিৰ পথৰ একোৱেই হেঙাৰ হ’ব নোৱাৰে।

আৰ্থিক দৈন্যত ভুগি দুবেলা দুমুঠি যোগাৰ কৰাৰ তাগিদাত ২০০৯ চনত আধাতে শিক্ষা সাং কৰি যুৱকজন বেংগালুৰুলৈ গৈ নিৰাপত্তাৰক্ষীৰ কামত নিয়োজিত হৈছিল। কিন্তু কৰ্মসুখ, আৰ্থিক স্বচ্ছলতা, মানসিক পৰিতৃপ্তি কোনোটোৱেই তাত বিচাৰি নাপালে যুৱকজনে। দুখে-বেজাৰে বেংগালুৰুৰ সপোন সিমানতে পৰিত্যাগ কৰি ২০১১ চনত ঘৰমুৱা হ’ল যুৱকজন।

মনৰ বেজাৰতে দুদিনমান সম্পৰ্কীয় লোকৰ ঘৰত কটাই আহো বুলি বৰপেটালৈ ঢাপলি মেলিলে হাই-এ। তাতেই হয়তো লুকাই আছিল হাইৰ বাবে এক যোগাত্মক ঘূৰ্ণন। সমগ্ৰ ৰাজ্যখনৰে মীনখণ্ডৰ বিকাশত অভিকেন্দ্ৰ বুলি পৰিচিত ডাবালীয়াপাৰাত খুৰাকৰ ঘৰত মীন পালন সম্পৰ্কীয় কাম-কাজখিনি দেখি যুৱকজন বাৰুকৈয়ে উৎসাহিত হ’ল। তাৰ পিছত ঘৰলৈ উভতি আহি তেওঁ পোনতে ৪ বিঘা জলকালিৰ পুখুৰী এটা বন্দবস্তিত লৈ আৰম্ভ কৰিছে মীন পালন।

প্ৰথম দুবছৰ ক্ৰমে মাছৰ বেমাৰ আৰু বানপানীৰ বাবে উপৰ্যুপৰি লোকচানৰ সন্মুখীন হয় যুৱকজন। যুৱকজনৰ আৰ্থিকভাৱে কঁকাল ভাগিল যদিও ইয়ে তেওঁৰ মন ভাগিব যদিও ইয়ে তেওঁৰ মন ভাবিব নোৱাৰিলে।

সকলো প্ৰতিবন্ধকতাক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি দুগুণ উৎসাহেৰে যুৱকজন নামি পৰিল নিজ ফাৰ্মত। তৃতীয় বছৰত দেখিলে অপ্ৰত্যাশিত লাভৰ মুখ। মীন পালনৰপৰা এনে ধৰণৰ সফলতা যুৱকজনৰ বাবে আছিল সপোনৰো অগোচৰ।

ন উদ্যমেৰে কামাত লাগিল হাই। অৱধাৰিতভাৱে আহিল আৰ্থিক স্বচ্ছলতা। এটা-দুটাকৈ ন ন পুখুৰী বন্দৱস্তিত লৈ আগবাঢ়ি গ’ল হাই। বিভিন্ন লোকৰ অৱহেলিত, পৰিত্যক্ত আৰু অব্যৱহৃত পুখুৰী বন্দৱস্তিত লৈ মীন পামলৈ পৰ্যবেক্ষন কৰি উৎপাদনক্ষম কৰি তোলে যুৱকজনে।

ইয়াত লাভৱান হয় দুয়োপক্ষ। বৰ্তমান প্ৰায় ২৬ টা পুখুৰীৰে ১৫০ বিঘা জলকালিত সম্পূৰ্ণ বিজ্ঞানসন্মত দৃষ্টিভংগীৰে মীন পালন কৰে হাই-এ। মীন পালনৰ সমান্তৰালভাৱে তেওঁ ২০১২ চনৰপৰা হাপা পদ্ধতিৰে পোনা উৎপাদন আৰম্ভ কৰে।

তাৰ বাবে সম্পূৰ্ণ এটা বেলেগ শাখা পোনা উৎপাদনতো হাই সম্পূৰ্ণ সফল। অসম মীনপোনা আইনৰ বিধিসমূহ সম্পূৰ্ণ মানি চলি পোনা উৎপাদন কৰে যুৱকজনে। সেয়েহে তেওঁৰ পোনাৰ চাহিদা বহু বেছি।

এবাৰ হাইৰ পোনা ব্যৱহাৰ কৰাজনে পৰৱৰ্তী সময়ত পুনৰ তেওঁৰপৰা পোনা বিচাৰিবই। ইয়াতেই লুকাই আছে হাইৰ কামৰ সৌন্দৰ্য। ২০১৬ চনত তেওঁ ‘You Tube’ত উপলব্ধ এটা নতুন নমুনা বাস্তৱায়িত কৰে পোনা উৎপাদনৰ ক্ষেত্ৰত। এই নমুনাটি যথেষ্ট কাৰ্যক্ষম, মিতব্যয়ী আৰু ফলপ্ৰসূ। হাইৱে জানিবলৈ দিয়া মতে, এই নমুনাটি চালু কৰাৰ পিছত তেওঁৰ পোনা উৎপাদন যথেষ্ট বাঢ়িছে।

এই গোটটিৰপৰা বিগত ঋতুত প্ৰায় ২০০ লিটাৰ ভ্ৰূণ পোনা উৎপাদন কৰিছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। তদুপৰি মৎস বিপণনৰ লগতো জড়িত যুৱকজন। নিজা দুখন মাছ কঢ়িওৱা গাড়ীৰ উপৰি কেইবাখনো গাড়ী বন্দবস্তিত লৈ কাম কৰে যুৱকজনে।

তেওঁৰ মাছ সুখ্যত অভয়াপুৰী, বিজনী, কৃষ্ণাই, বঙাইগাঁও আদি বজাৰলৈ যায়। ক’বই লাগিব, আব্দুল হাইৰ প্ৰতিটো কামতে আছে উদ্ভাৱনী চিন্তাৰ পৰশ। প্ৰতিটো কামেই ষোল্ল অনা বিজ্ঞানসন্মত, নিখুঁত আৰু সুনিৰ্দিষ্ট। সেয়েহে তেওঁৰ লগত কাম কৰা সকলো অত্যন্ত সুখী।

প্ৰত্যক্ষভাৱে মীন পালন, পোনা উৎপাদন আৰু মৎস্য বিপণন গোট তিনিটাৰ লগত প্ৰায় শতাধিক শিক্ষিত যুৱক জড়িত হৈ আছে আৰু পৰোক্ষভাৱে জড়িত হৈ আছে আন বহুতো। হাইৰ সফলতাৰ প্ৰতিটো খোজতে উৎসাহিত কৰি আহিছে জিলা মীন বিভাগে।

জিলা মীন উন্নয়ন বিষয়া ড° অনুপম শৰ্মা(৯৯৫৭৯৪১৫৭৬) আৰু আন বিষয়া-কৰ্মচাৰীসকলে যাৱতীয় দিহা-পৰামৰ্শ আৰু কৌশলখিনি আগবঢ়োৱাত কতো কাৰ্পণ্য কৰা নাই। বিভাগে হাইৰ পামত আয়োজন কৰে বিভিন্ন প্ৰদৰ্শনীমূলক প্ৰশিক্ষণ, ব্যৱসায়িক পাঠদান ইত্যাদি। হাইৰ পামত মীন পালনৰ আদিপাঠ শিকা বহুতেই আজি প্ৰতিষ্ঠিত মীনপালক।

নকৈ মীন পালনত জড়িতসকলক যাৱতীয় সহায়-সহযোগিতাৰে হাইৱে দেখুৱাই অহা বদান্যতাৰ ফলত আজি বহুকেইন যুৱকে মীন খণ্ডত প্ৰতিশ্ৰুতিৰ স্বাক্ষৰ বহন কৰিবলৈ সক্ষম হৈছে।

মহকুমাধিপতিৰ অনুৰোধত কয়াকুজিয়া পৰিৱেশানুকুল পৰ্যটন কেন্দ্ৰৰ অন্তৰ্গত পোনা উৎপাদন কেন্দ্ৰটিও চোৱাচিতা কৰে হাই-এ। আব্দুল হাই আজিৰ নিবনুৱা সমস্যাৰ পটভূমিত এটা জীয়া আদৰ্শ। অলপতে গুৱাহাটী দূৰদৰ্শনৰ অনুষ্ঠান কাৰ্যবাহী দীলিপ গোস্বামীয়ে হাইৰ মীন পাম পৰিদৰ্শন কৰি উচ্চ প্ৰশংসা লিপিবদ্ধ কৰিছে আৰু তেওঁৰ অনুকৰণীয় চানেকী তেওঁলোক্ৰ মাধ্যমেৰে জনসাধাৰণলৈ লৈ যোৱাৰ আশ্বাস প্ৰদান কৰিছে।

হাই-এ জানিবলৈ দিয়া মতে, তিনিটা গোটৰপৰা সকলো খৰচ বাদ দি তেওঁৰ হাতত বছৰেকত ৪০ লাখ টকা থাকে। আপুনিও এবাৰ আব্দুল হাইৰ লগত বাৰ্তালাপ কৰি বা তেওঁৰ পাম পৰিদৰ্শন কৰি লাভৱান হ’ব পাৰে।

আপোনাক যৎপৰোনাস্তি সহযোগিতা আগবঢ়াবলৈ তেওঁ সদাপ্ৰস্তুত। মীন পানল সম্পৰ্কীয় যিকোনো দিহা-পৰামৰ্শৰ বাবে ৯৪৩৫৩০৯৫৬৮ নং যোগাযোগ কৰিব পাৰে।

লেখক: ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top