মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / স্বাৱলম্বী হোৱাৰ প্ৰয়াস কলখেতিৰে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাৱলম্বী হোৱাৰ প্ৰয়াস কলখেতিৰে

স্বাৱলম্বী হোৱাৰ প্ৰয়াস কলখেতিৰ, সেই বিষয়ে লিখা হৈছে ।

 

কোকৰাঝাৰ জিলাখনৰ অসম-বংগ সীমান্তৰ শিমুলটাপু অঞ্চলৰ কেইগৰাকীমান শিক্ষিত নিবনুৱাই চাকৰিৰ আশাত বন্দী হৈ নাথাকি নিজেই কিবা এটা কৰি উপাৰ্জনৰ বাট মোকলাই লোৱাৰ চেষ্টাত অৱতীৰ্ণ হৈ বহু পৰিমাণে সফলতা পাবলৈ সক্ষম হৈছে । কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৱৰ্তী শিমুলটাপু, গকুলকাটা, দাওৱাগুৰি, গোলাদাংগী আদি অঞ্চলত কলখেতি কৰি যথেষ্ট লাভৱান্বিত হোৱা বুলি তেওঁলোকে জনাইছে । নিজৰ আৰু আনৰ মাটি ভাৰাত লৈ কলখেতি কৰি ইতিমধ্যে অঞ্চলটোৰ অনেকে উপাৰ্জনৰ বাট মোকলাই নিজকে নিবনুৱাৰ যন্ত্ৰণাৰ পৰা কিছু হ’লেও পৰিত্ৰাণ পাইছে । এইবাৰ নতুনকৈ শিমুলটাপুৰ কেইগৰাকীমান শিক্ষিত নিবনুৱাই ৬০ বিঘা মাটিত মালভোগ কলৰ খেতি কৰি লাভৱান্বিত হোৱাৰ আশাৰ কৰিছে । কলৰ খেতিত সময় মতে পানী, সাৰ তথা প্ৰয়োজনীয় কীটনাশক দিয়াৰ কামত ব্যস্ত আব্দুল গণি, নুৰ ইছলাম আৰু ৰজত আলীয়ে এই কাম কৰি আত্মতুষ্টি লাভ কৰে । কামৰ সন্ধানত সময় নষ্ট কৰি তেওঁলোকে পৰিশ্ৰম কৰি আৰু সততাৰে দুপইচা উপাৰ্জন কৰাৰ পথ বাছি লৈছে । কাম বিচাৰি বহি:ৰাজ্যলৈ গৈ আনৰ অধীনত শ্ৰমিকৰ কাম কৰাতকৈ নিজৰ অঞ্চলটোতে কৃষিকৰ্মৰ জৰিয়তে যে স্বাৱলম্বী হ’ব পাৰি, সেই কথা এইসকল যুৱকে প্ৰমাণ কৰি দেখুৱাইছে ।

উৎস :- অসমীয়া খবৰ

3.44444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top