মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / সৰিয়হ খেতিৰে উন্নতিৰ পথ লৈছে সৰ্থেবাৰীৰ পঞ্চায়ত সদস্যই
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সৰিয়হ খেতিৰে উন্নতিৰ পথ লৈছে সৰ্থেবাৰীৰ পঞ্চায়ত সদস্যই

সৰিয়হ খেতিৰে উন্নতিৰ পথ লৈছে সৰ্থেবাৰীৰ পঞ্চায়ত সদস্যই

পঞ্চায়তৰ সদস্য তথা সমাজসেৱক আৰু ৰাজনৈতিক কৰ্মী হিচাপে পৰিচিত সৰুক্ষেত্ৰী মৌজাৰ লছিমা গাঁৱৰ মনমোহন বৰ্মণে বৰ্তমানে কৃষিকাৰ্য্যত আত্মনিয়োগ কৰি স্বাৱলম্বী হোৱাৰ মন মেলিছে। এইবাৰ শালিধানৰ খেতি কৰি ৮০-৯০ মোন ধান উৎপাদন কৰি সফলতা লাভ কৰাৰ পিছত বৰ্মণে শেহতীয়াকৈ ঘৰৰ নাতিদূৰৰ বাঘমাৰা পথাৰত ২৮ বিঘা মাটিত সৰিয়হৰ খেতি কৰি এক আদৰ্শ দাঙি ধৰিছে। নিজৰ ১১ বিঘা মাটিৰ লগতে আনৰ ১৭ বিঘা মাটি লীজত লৈ তেওঁ সৰিয়হৰ খেতি কৰিছে। কাতি মাহতে ট্ৰেক্টৰেৰে মাটি চহাই বীজ সিঁচা মাটিডৰাত এতিয়া লহপহকৈ বাঢ়ি অহা ধুনীয়া সৰিয়হ গছবোৰে ফুলি উঠিছে আৰু সৰহসংখ্যকতে গুটিও ধৰিছে। তেওঁ প্ৰতি বিঘা মাটিত ১.২ কুইন্টলৰো অধিক সৰিয়হ পাব বুলি আশা কৰিছে।


এই বছৰ বৰপেটা জিলাৰ পূব প্ৰান্তত বৰষুণৰ পৰিমাণ যথেষ্ট কম হোৱা বাবে খৰাং সদৃশ পৰিস্থিতিৰ সৃষ্টি হোৱাত কৃষক ৰাইজে শালি খেতি কৰিব নোৱাৰাত সৰহভাগ খেতি পথাৰেই ছন পৰি যায়। সেয়ে এই ক্ষতি পূৰণৰ বাবে কৃষক ৰাইজে সৰিয়হৰ খেতিত গুৰুত্ব দি বিস্তৃতভাৱে সৰিয়হৰ খেতি কৰা পৰিলক্ষিত হৈছে। কৃষক ৰাইজে মনমোহন বৰ্মণৰ দৰে সৰিয়হ খেতিত সুফল লাভ কৰিব বুলি আশা কৰিছে।

লিখক: চক্ৰেশ্বৰ ডেকা, দৈনিক অসম।

3.01666666667
Anonymous Nov 03, 2014 04:16 PM

চাৰ,লক্ষীমপুৰ,ধেমাজীৰ খেতিয়কে বহু বিঘা মাটিৰ সৰিয়হৰ খেতি কৰে । এতিয়া কথাতো হʼল ইয়াৰ খেতিয়কে সৰিয়হৰ খেতিত যিমান ধৰনে লাভ পাব লাগিছিল সেই ধৰনে লাভ মুখ নাই । ইয়াৰ মুল কাৰণ ট্ৰেক্টৰ আৰু সাৰৰ দাম বহুত । সেয়ে এই খেতিৰৰ জৰিয়তে কৃষক ৰাইজৰ লাভ হোৱা নাই । চৰকাৰে বা agriculture departmentও এই অঞ্চলৰ কৃষক ৰাইজক যেনেধৰণে সা-সুবিধা দিব লাগিছল তেনে সুবিধা দিয়া হোৱা নাই । এই বিষয় সমুহত চৰকাৰ সচা অৰ্থ কাম কৰা সদিচা আছে বুলি ভাবিলৈ কাম কৰিলে কৃষক ৰাইজকৰ লগতে দেশও মংগল হʼব বুলি ভাবিছো ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top