অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৃষি বাৰ্তা

ইয়াত কৃষি বাৰ্তা লিখা হৈছে

সৰিয়হৰ খেতিয়ে মাজুলীলৈ আনিছে সমৃদ্ধিৰ বতৰা:

 

বান-খহনীয়া আৰু বনৰীয়া হাতীৰ উপদ্ৰৱ- এই তিনিটা প্ৰধান সমস্যাই কোঙা কৰি আহিছ্ৰে মাজুলীৰ কৃষকক। ইয়াৰ মাজতো যোৱা কেইটামান বছৰত তৈলবীজ সৰিয়হৰ উৎপাদনে মাজুলীৰ কৃষকসকলে এক উজ্জ্বল সম্ভাৱনাময় পথৰ সন্ধান দিবলৈ সক্ষম হোৱাটো গ্ৰাম্য অৰ্থনীতিৰ বাবে এক শুভ লক্ষণ হিচাপে বিবেচিত হৈছে। কৃষি বিভাগৰ পৰিসংখ্যা মতে অসমৰ ভিতৰত মাজুলীতেই সৰিয়হ উৎপাদনৰ হাৰ সৰ্বাধিকৰূপে পৰিগণিত হৈছে। বিভাগীয় তথ্য মতে, এইটো বৰ্ষত মাজুলীত মুঠ ৮ হেজাৰ হেক্টৰ(প্ৰতি হেক্টৰত চাৰে সাত বিঘা) কৃষিভূমিত মুঠ ১৪,৫৫০ গৰাকী কৃষকে সৰিয়হ খেতি কৰি যথেষ্ট উপকৃত হোৱাৰ সুযোগ লাভ কৰিছে। এইটো বৰ্ষত মাজুলীৰ ৮ হেজাৰ হেক্টৰ সৰিয়হতলীত প্ৰতি হেক্টৰত গড় হিচাপে কমেও ৭ কুইন্টলকৈ উৎপাদন কৰিবলৈ সক্ষম হৈছে। এই হিচাপত উৎপাদিত মুঠ সৰিয়হৰ পৰিমাণ হয় ৫৬ হেজাৰ কুইন্টল। প্ৰতি কুইন্টলত বৰ্তমান বজাৰ দৰ ৩ হেজাৰ ধৰিলে বছৰটোত মাজুলীয়ে সৰিয়হৰ আশী শতাংশই কেঁচা সামগ্ৰীৰ ৰূপত নদীদ্বীপটোৰ বাহিৰলৈ যায়। উল্লেখযোগ্য যে মাজুলীৰ একাধিক স্থানত মিঠাতেল উৎপাদনৰ মিল থকাৰ লগতে বিভিন্ন স্থানত প্ৰায় ২৫ টা মিঠাতেল পেৰা ঘানী আছে। এইসমূহত মাত্ৰ ২০ শতাংশ সৰিয়হ ব্যৱহাৰ হোৱাৰ বিপৰীতে ৮০ শতাংশই উত্তৰপাৰ আৰু দক্ষিণপাৰলৈ মধ্যভোগীৰ জৰিয়তে ওলাই গৈছে। য’ত মহাজনী হাতোৰাত কৃষকসকলে উপযুক্ত দৰ পাবলৈ সক্ষম নোহোৱাৰ অভিযোগ উঠি আহিছে। মাজুলীৰ বিভিন্ন অঞ্চলৰ বিশেষকৈ ভকত চাপৰিৰ কালিৰাম কলিতা, পৱিত্ৰ কলিতা, ৰূপক কলিতা, ৰাজীৱ কলিতা, অসীম বৰা, অনিল চেকনিধৰা, দিগন্ত কলিতা, দাদুল বৰা, জয়ন্ত বৰা, বিৰিণাবাৰীৰ ৰঞ্জন বৰা, বিনয় লিখক, মাণিক বৰা, চেলেকৰ মাণিক কুলি, ঢেকিয়াজুলীৰ ৰাজীৱ মেধি, বৰবাৰীৰ প্ৰবীণ শইকীয়া, দীপক গায়ন, দিগন্ত শইকীয়া, মেৰাগড় কলনিৰ শ্ৰীমন্ত দাস, অৰুণ বৰা, কঠমীয়াৰ বাবুল বেজ আদি কৃষকসকলে গাইপ্ৰতি ৩০/৪০ বিঘাকৈ মাটিৰ সৰিয়হ খেতি কৰি যথেষ্ট লাভৱান হোৱা বুলি জনাইছে। এইসকলৰ বাহিৰেও বিভিন্ন কৃষক গোট সংগঠিত হৈ সৰিয়হ খেতিৰ দ্বাৰা যথেষ্ট উপকৃত হোৱাৰ তথ্য লাভ কৰা গৈছে। মাজুলীৰ কৃষি বিভাগৰপৰা জানিব পৰা মতে, বিভাগীয়ভাৱে এই বৰ্ষত বিভিন্ন পথাৰ পৰিচালনা সমিতি, ব্যক্তিগত কৃষকৰ মাজত ৩৫০ কুইন্টল সৰিয়হ বীজ প্ৰদান কৰে। ইয়াৰে ৮ কুইন্টল উন্নত এন আৰ-চি এইচ-১০১ জাতৰ বীজ প্ৰদান কৰি ইয়াৰ পৰা ভাল উৎপাদন কৃষকে লাভ কৰা বুলি জনাইছে। উল্লেখযোগ্য যে মাজুলীত সৰিয়হ খেতিৰ যথেষ্ট সম্ভাৱনা আছে আৰু বহুসংখ্যক শিক্ষিত যুৱ কৃষকে কৃষিৰ জৰিয়তে আত্মসংস্থাপনৰ বাট মোকলাবলৈ আগবাঢ়ি অহাৰ পিছতো কৃষি বিভাগে, বিভিন্ন বেংক প্ৰতিষ্ঠান, কৃষি বিশ্ববিদ্যালয় আদি সংশ্লিষ্ট পক্ষসমূহ যিদৰে আগবাঢ়ি আহিব লাগিছিল সেয়া বাস্তৱতে হোৱা নাই বুলি কৃষকসকলে সততে অভিযোগ উত্থাপন কৰি আহিছে। বিশেষকৈ জলসিঞ্চন, কৃষি ঋণ, উপযুক্ত বজাৰ, উপযুক্ত প্ৰশিক্ষণ, বৈজ্ঞানিক পদ্ধতিৰ প্ৰচলনত সজাগতা, কৃষকসকলৰ সংগঠিত কৰা, উন্নত বীজৰ যোগান আদি ব্যৱস্থাসমূহ আজিও মাজুলীত উপযুক্তভাৱে গঢ় লৈ নুঠিল। এইবাৰৰ খৰাং বতৰৰ পৰিপ্ৰেক্ষিতত যদিহে কৃষিতলীসমূহত জলসিঞ্চন ব্যৱস্থা থাকিলেহেঁতেন বৰ্তমানৰ উৎপাদনতকৈ দুগুণ বাঢ়িলেহেঁতেন বুলি কৃষকসকলে মত প্ৰকাশ কৰিছে। চৰকাৰী পক্ষৰ এনে অব্যৱস্থাপনা সত্ত্বেও প্ৰকৃতিৰ ওপৰতে নিৰ্ভৰ কৰি নিজ প্ৰচেষ্টাৰে সৰিয়হ খেতিৰ জৰিয়তে মাজুলীৰ শিক্ষিত যুৱ কৃষকসকলে দেখুওৱা সফলতা নিশ্চিতভাৱে প্ৰশংসনীয়া। অনাগত দিনত চৰকাৰ, কৃষি বিভাগ আদি সংশ্লিষ্ট পক্ষসমূহে মাজুলীৰ কৃষি আৰু কৃষকসকলক লৈ উৎসাহজনক আঁচনি গ্ৰহণ কৰিলে তৈলবীজ সৰিয়হ উৎপাদনৰ জৰিয়তে মাজুলীৰ গ্ৰাম্য অৰ্থনীতিৰ যথেষ্ট সবল হ’ব বুলি আশা কৰিছে কৃষক ৰাইজে।

লেখক:বিপুল শইকীয়া(দৈনিক অসম)

সেউজ-শস্যৰে উপচি পৰিছে ধনশিৰিপাৰ:

 

গোলাঘাটৰ মাজেৰে বৈ যোৱা ধনশিৰি নদীখন মাতৃস্বৰূপ হৈ পৰিছে নৈপৰীয়া ৰাইজৰ বাবে। নদীখনৰ পাৰৰ পলসুৱা সাৰুৱা ভূমিত বতৰৰ খেতি কৰি লাভম্বিত হৈছে শশ কৃষক। এইসকলৰ ভিতৰত এজন সফল কৃষক হিচাপে চিহ্নিত হৈছে মইনাপাৰৰ অনিল ছেত্ৰী। জিলা কৃষিভূমি অতি কম হোৱা বাবে বছৰ বছৰ ধৰি তেওঁ আনৰ মাটি লীজত লৈ সম্পন্ন কৰি আহিছে কৃষিকাৰ্য। সাধাৰণতে ধানখেতিৰ পিছত অব্যৱহ্ৰত হৈ পৰি থাকে বিশাল পথাৰসমূহ।

এনে পথাৰ তথা আৱাদী হৈ পৰি থকা মুঠ ২১ বিঘা মাটি লীজত লৈ আনিলে পত্নী পমফা দেৱীৰ সহযোগত ৰঙালাও, বেঙেনা, ফুলকবি, বিলাহীৰ খেতি কৰিছে। এই খেতিৰ ফচল চপোৱাৰ প্ৰাৰম্ভিক অৱস্থাতেই তেওঁ বিৰাট সাফল্যৰ মুখ দেখিবলৈ সক্ষম হৈছে। প্ৰতিবছৰৰ দৰে এইবাৰো তেওঁ ১০ বিঘা মাটিত বিলাহী আৰু বেঙেনাৰ খেতি কৰিছে। কাষতে এজন নিৱনুৱা যুৱকৰ সৈতে ৫ বিঘা মাটিত কৰিছে ফুলকবিৰ খেতি। বৰবেঙেনা গছভৰি লাগিছে। বিলাহীৰ অনুকূল বতৰ হোৱা বাবে তেওঁ প্ৰথমবাৰ বিলাহী চিঙি বেপৰীৰ পাইকাৰী মূল্যত বিক্ৰী কৰি অৰ্জন কৰিছে ৩০ হাজাৰ টকা। তেনেদৰে ফুলকবিডৰাও নদন-বদন হৈ পৰিছে। প্ৰতিটো ফুলকবিৰ ওজন ডেৰ কিলোগ্ৰামতকৈ অধিক হৈছে। ফুলকবি প্ৰ্তি কিলোগ্ৰামত ১২ৰ পৰা ১৫ টকা দৰত বেপাৰীয়ে কৃষিভূমিৰপৰাই লৈ যায়। প্ৰথমবাৰৰ বাবে ফুলকবি বিক্ৰী কৰি তেওঁ অৰ্জন কৰিছে ৩০ হাজাৰ টকা।

তদুপৰি ৬ বিঘা মাটিত ৰঙালাও খেতিৰ ফচল প্ৰাথমিক পৰ্যায়ত চিঙি বজাৰত বিক্ৰী কৰি অৰ্জন কৰিছে ২০ হাজাৰ টকা। অনিলৰ এনে কৃষিকাৰ্যই আষৰীয়া নিবনুৱা যুৱক-যুৱতীসকলকো উৎসাহিত কৰিছে। তেওঁ কৃষিভূমিত এতিয়া দৈনিক ৬-৭ জনকৈ পুৰুষ-মহিলাক সংস্থাপিত কৰিবলৈ সক্ষম হৈছে।

ধনশিৰি নদীৰপাৰৰ পলসুৱা ভূমি শস্যৰে নদন-বদন কৰা অনিলে কিন্তু আজি পৰ্যন্ত পোৱা নাই কোনো চৰকাৰী সাহাৰ্য। চৰকাৰী সাহায্যৰ সন্দৰ্ভত অনিলে কয় যে তেওঁ মাটিৰ দাগ নম্বৰ, পট্টা নম্বৰ দিব নোৱাৰাৰ বাবেই গোলাঘাটৰ কৃষি বিভাগে তেওঁক কোনো আঁচনিৰ অধীনত সাহায্য দিবলৈ অপাৰগতা প্ৰকাশ কৰি আহিছে।

লেখক:প্ৰকাশ শৰ্মা(দৈনিক অসম)

পশু পালনেৰে আত্মসংস্থাপনৰ বাট দেখুৱাইছে লক্ষেশ্বৰ চৌধুৰীয়ে:

 

‘যাৰ নাই গৰু সি সবাতোকৈ সৰু’- এই আপ্ত বাক্যশাৰীকে সৰোগত কৰি আগবাঢ়িছে মুছলপুৰৰ লক্ষেশ্বৰ চৌধুৰী নামৰ লোকজনে। মুছলপুৰৰ সমীপৱৰ্তী আঠিয়াবাৰী চৌধুৰীচুপাৰ বাসিন্দা লক্ষেশ্বৰ চৌধুৰীয়ে গো-পালনেৰে স্বাৱলম্বিতাৰ আদৰ্শ দাঙি ধৰিবলৈ সক্ষম হৈছে। এই কাৰ্যত তেওঁক সহায় কৰিছে পত্নী মামনি চৌধুৰীয়ে। লক্ষেশ্বৰ চৌধুৰীয়ে বিগত ১২ বছৰ ধৰি পালন কৰি আহিছে বিভিন্ন জাতৰ গাইগৰু। নিজ ঘৰতে সম্পূৰ্ণ এককভাৱে গঢ়ি তুলিছে তেওঁৰ গৰুৰ ফাৰ্মখন। তেওঁৰ ফাৰ্মখনত সম্প্ৰতি সাতজনী গাই আছে। লক্ষেশ্বৰ চৌধুৰীৰ ফাৰ্মখনত থকা গাইগৰুৰ বিভিন্ন জাতবোৰ হ’ল- মুণ্ডা, হৰ্ছটেন, চাহিয়াল আৰু গুজৰাটী। তেওঁ প্ৰকাশ কৰা মতে, নিজ ঘৰতে থকা গাইকেইজনীৰপৰা পৰ্যায় ক্ৰমে বৰ্ণসংকৰ জাতৰ পোৱালিৰ জন্ম দি তেওঁ ফাৰ্মখন গঢ়ি তুলিছে। সম্প্ৰতি পাঁচজনী গাইৰপৰা দৈনিক ষাঠি লিটাৰ গাখীৰ উৎপাদন কৰি তেওঁ বিক্ৰী কৰি আছে। শীঘ্ৰেই আন দুজনী গাইৰ গাখীৰৰ সৈতে তেওঁ আশী লিটাৰ গাখীৰ দৈনিক বিক্ৰী কৰিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে।

গো-পালক লক্ষেশ্বৰ চৌধুৰীয়ে জনোৱা মতে, তেওঁৰ ফাৰ্মত উৎপাদন হোৱা গাখীৰ দৈনিক নিত্যানন্দত থকা পূৰবী ডেইৰীৰ কাৰ্যালয়ত জমা দিয়ে আৰু প্ৰতি সপ্তাহৰ মূৰত ডেইৰী কৰ্তৃপক্ষই তেওঁক টকা আদায় দিয়ে। তেওঁ প্ৰকাশ কৰা মতে, পূৰবী ডেইৰী কৰ্তৃপক্ষই গাখীৰ বিনিময়ত গো-পালকসকলক উচিত দাম দিয়া নাই। তাতে আকৌ ঘৰৰপৰা নিত্যানন্দলৈ গাখীৰ নিয়াৰ বাবদ তেওঁলোকে বুজন অংকৰ ধন খৰচ কৰিবলগীয়া হয়।

গো-পালনেৰে অঞ্চলটোৰ সামগ্ৰিক পৰিৱেশ সলনি কৰিব বিচৰা লক্ষেশ্বৰে আগন্তুক দুটা বছৰত পোন্ধৰজনী গাইগৰু পোহাৰ পৰিকল্পনা কৰিছে আৰু সকলো ঠিকেঠাকে থাকিলে ২০২০ চনৰপৰা তেওঁৰ ফাৰ্মত দৈনিক দুশ লিটাৰ গাখীৰ উৎপাদনৰ লক্ষ্য লৈছে। এই সন্দৰ্ভত তেওঁ কয় যে দুশ লিটাৰৰ তলত গাখীৰ হ’লে পূৰবী ডেইৰী কৰ্তৃপক্ষই গাখীৰ নিবলৈ নাহে। সেয়ে তেওঁৰ লক্ষ্য দুশ লিটাৰ গাখীৰ উৎপাদন।

আঠিয়াবাৰী অঞ্চলত জনপ্ৰিয় গো-পালক হিচাপে পৰিচিত লক্ষেশ্বৰ চৌধুৰীয়ে পিছে আজিলৈ পোৱা নাই কোনো চৰকাৰী সাহায্য। আঠিয়াবাৰী অঞ্চলত পশু চিকিৎসাৰ কোনো সা-সুবিধা নথকা বাবে গাইকেইজনীৰ বিভিন্ন বেমাৰ হ’লে বা ভেকচিন দিয়াৰ প্ৰয়োজন হ’লে পাঠশালাৰপৰা চিকিৎসক আনি চিকিৎসা কৰিব লগা হয়। আঠিয়াবাৰী আঞ্চলিক জ্যেষ্ঠ নাগৰিক পৰিষদৰ সংৰক্ষিত মাটি এডোখৰ পশু চিকিৎসা কেন্দ্ৰৰ বাবে আগবঢ়োৱা হৈছে যদিও বিভাগে আজিলৈ এই বিষয়ত গুৰুত্ব দিয়া নাই। বাকসা জিলা পশুপালন বিভাগে এইগৰাকী পশুপালকক সহজলভ্য ঋণ দি আগবাঢ়ি যোৱাত সুবিধা কৰি দিবনে?

উৎস:কাৰ্তিক দাস(দৈনিক অসম)

3.04444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top