অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সৰু কামেও উজলায় মানুহৰ হিয়া

সৰু কামেও উজলায় মানুহৰ হিয়া

সপোন দিঠক কৰাৰ মানসিকতা, কাম কৰাৰ প্ৰবল স্পৃহা আৰু সবল মনোবল যেতিয়া একাত্ম হৈ পৰে তেতিয়াই সফলতাই ধৰা দিয়েহি নীৰৱে, নিজানে। সৎ উদ্দেশ্য আগত ৰাখি আৰম্ভ কৰা যিকোনো কাম-লাগিলে সেই কাম যিমানেই সৰু নহওক কিয়, নিষ্ঠা, সততা আৰু একাগ্ৰতাৰ মন্মিলিত শক্তিয়েই সেই কামৰ পৰাই জন্ম দিয়ে অন্য এক বিশালতাৰ।

তেনে কামৰেই সূচনা হৈছে যোৰহাট জিলাৰ দক্ষিণ-পশ্চিম দিশত অৱস্থিত অঞ্চল ধলাজানত। যোৰহাট, তিতাবৰ আৰু দেৰ্গাঁও বিধান সভা সমষ্টিৰ সংগম স্থল এই ধলাজানতে ১৯৯৫ চনত স্থাপিত হয় এখন বেচৰকাৰী শিক্ষানুষ্ঠান – ‘চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰ’। আৰম্ভণিৰে পৰা শিক্ষানুষ্ঠান খনৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক প্ৰবীণ ৰাজখোৱাৰ লগতে অন্যান্য সহযোগী শিক্ষক-শিক্ষয়িত্ৰী সকলে ছাত্ৰ-ছাত্ৰী সকলক সুস্থ সবল সেউজী সপোনেৰে পৰিৱেশ অনুকূল পাৰিপাৰ্শ্বিকতাৰ শিক্ষা দিয়াৰ কামত ব্ৰতী হয়। বিদ্যায়তনিক শিক্ষাৰ লগতে বিদ্যালয়ৰ পৰিপুষ্টি বাগিচাত ছাত্ৰ-ছাত্ৰী সকলক হাতে কামে দিয়া হয় জৈৱিক কৃষিৰ পাঠ।

২০১০ চন। প্ৰধান শিক্ষক প্ৰবীণ ৰাজখোৱাই বিদ্যালয় চৌহদত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা কেঁচু সাৰ উৎপাদন কৰি অৰ্থনৈতিক স্বাৱলম্বিতাৰ পাঠ দিয়াৰ লক্ষ্যৰে লগ ধৰিলে কৃষক বন্ধু সুব্ৰত ৰঞ্জন বৰাক। বৰাই লগ লগাই দিলে ‘প্ৰকৃতি ছে’ভ নেচাৰ’ নামৰ বেচৰকাৰী অনুষ্ঠানৰ সমীৰ ৰঞ্জন বৰদলৈ আৰু মহান বৰাক। এই দুজন সমল ব্যক্তিৰ জতিয়তেই বিদ্যালয়ৰ ষষ্ঠা শ্ৰেণীৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক কেঁচু সাৰ উৎপাদনৰ প্ৰশিক্ষণ দিয়াৰ লগতে কেনেকৈ মাছ কঢ়িওৱা থাৰ্ম’কলৰ বাকচত কেচুঁ সাৰ উৎপাদন কৰিব পাৰি তাকো হতে কামে কৰি দেখুওৱা হয়। ছাত্ৰ-ছাত্ৰী সকল উৎসাহিত হ’ল। ঘৰে ঘৰে থাৰ’কলৰ বাকচত উৎপাদন কৰিবলৈ ল’লে কেচুঁসাৰ। ঘৰৰ পেলনীয়া জাবৰ-জোথঁৰ আৰু প্ৰধান শিক্ষকৰ জৰিয়তে ‘প্ৰকৃতি চেভ নেচাৰ’ৰ পৰা পোৱা পাঁচৰ পৰা দহ ডাল কেচুঁৰেই আৰাম্ভ কৰিলে এক নতুন যাত্ৰা। কেচুঁসাৰ উৎপাদন কৰি ছাত্ৰ-ছাত্ৰী সকলৰ হাতলৈ ধনো আহিল। হাতলৈ অহা ধন সঞ্চয়ৰ বাবে বিদ্যালয় কতৃপক্ষই প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰীক ৰৰৈয়াৰ ইণ্ডিয়ান বেংকত খুলি দিলে একোটাকৈ একাউণ্ট। ছাত্ৰ-ছাত্ৰী সকলৰ উদ্যম যাতে কলিতে মৰহি নাযায় তাৰ ব্যৱস্থাও বিদ্যালয় কতৃপক্ষই নাপাহৰিলে। ছাত্ৰ-ছাত্ৰী সকলে উৎপাদন কৰা উন্নত মানদণ্ডৰ কেচুঁসাৰ ‘চিত্ৰলেখা ভাৰ্মিকাম্পষ্ট’ নামৰ ব্ৰেণ্ডৰ অধীনত সুন্দৰ পেকেটেৰে বজাৰত বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হ’ল। যোৰহাট, গুৱাহাটীৰ লগতে দিল্লীত বিভিন্ন চৰকাৰী বেচৰকাৰী সংস্থাই আয়োজন কৰা মেলা সমূহত এই ‘চিত্ৰলেখা ভাৰ্মিকাম্পষ্ট’ সমাদৃত হোৱাৰ উপৰিও এতিয়া যোৰহাট জিলাত উপযুক্ত মূল্যত ব্যাপক পৰিমাণত বিক্ৰী হৈ আহিছে।

শিশুৰ পৰা জননীলৈ : আন এটি ব্যতিক্ৰমী কাৰ্যসূচী

শিশুৰ দৈহিক আৰু মানসিক উৎকৰ্ষ সাধনত মাতৃ সকলৰ গধুৰ দায়িত্ব থকাৰ দৰে শিশুৱেও মাতৃ সকলক সু-শিক্ষ বা জ্ঞান দিব পৰা ধাৰণাক সাৰোগত কৰি বিদ্যালয় কতৃপক্ষই আৰম্ভ কৰিলে ‘শিশুৰ পৰা জননী’লৈ নামৰ এটি অভিনৱ কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে মাতৃ সকলক ছাত্ৰ-ছাত্ৰী সকলেই কেচুঁসাৰ উৎপাদনৰ প্ৰশিক্ষণ দিয়ে। প্ৰশিক্ষণ প্ৰাপ্ত মাতৃ সকলে ঘৰে ঘৰে আৰম্ভ কৰিলে কেচুঁসাৰৰ উৎপাদন। এই মাতৃ সকলৰ ভিতৰৰে উল্লেখযোগ্য সফলতা লাভ কৰা এগৰাকী হ’ল নৱম শ্ৰেণীৰ ছাত্ৰী তৃষামণি হাজৰিকাৰ মাতৃ ভাৰতী হাজৰিকা। ঘৰ টেকেলা গাঁৱত। কেচুঁসাৰ উৎপাদন কৰি ভাৰতী হাজৰিকাই নিজে অৰ্থনৈতিক ভাৱে লাভম্বিত হোৱাৰ উপৰিও আন মাতৃ সকল আগুৱাই যোৱাত আগভাগ ল’লে। ভাৰতী হাজৰিকাই স্থানীয় মহিলা সকলক লৈ ‘তেজশ্ৰী’, ‘ৰুপশ্ৰী’ ইত্যাদি নামকৰণেৰে তিনিটা মহিলা আত্ম সহায়ক গোট গঠন কৰি মহিলা সকলক স্বাৱলম্বী হোৱাৰ পথৰ সন্ধান দিছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাতৃ সকলে লগ লাগি গঠন কৰা ‘জননি সমবায় সমিতি’ৰ এগৰাকী সদস্য হিচাপেও ভাৰতী হাজৰিকাই সবল ভূমিকা গ্ৰহণ কৰিছে।

এনেদৰেই চিত্ৰলেখা শিক্ষা বিকাশ মন্দিৰৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰী সকলৰ সমন্বিত প্ৰচেষ্টাত অঞ্চলটোত গঢ়ি উঠিল এটা জৈৱিক বাতাবৰণ। বিশেষকৈ ধলাজানৰ টেকেলা গাঁও, চৰাইবাহী বমুণ গাঁও, চনং চৰাইবাহী, বেজৰগাঁও আৰু ধলাজান হাবিৰ গাঁৱৰ কৃষকৰ মাজত বলিবলৈ আৰম্ভ কৰিলে এটা পৰিৱৰ্তনৰ বতাহ। এই বতাহ অৰ্থনৈতিক পৰিৱৰ্তনৰ। এই বতাহে স্পৰ্শ কৰিলে যোৰহাটৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ক। কৃষি বিষয়াৰ কাৰ্যালয়ৰ উদ্যান শস্য শাখাৰ দ্বাৰা গাঁও কেই খনৰ ১১০ ঘৰ উদ্যমী কৃষকলৈ আগবঢ়োৱা হ’ল ১১০ খন প্লাষ্টিক ভাৰ্মিবে’ড। উদ্দেশ্য- অঞ্চলটোক ভাৰ্মি গাঁও হিচাপে প্ৰতিষ্ঠা কৰা। ২০১৩ চনৰ নৱেম্বৰ মাহত বিতৰণ কৰা ভাৰ্মি বেদ সমূহ বৰ্তমান কেচুঁসাৰ উত!পাদনৰ কাম পূৰ্ণ গতিত চলি আছে। মহিলা সকলৰ লগতে পুৰুষ সকলেও ১২ ফুট দীঘল ৪.৫ ফুট বহল আৰু ৩.৫ ফুট দ ভাৰ্মিবে’ডবোৰত সময় মতে কেচাঁ গোবৰ, জাবৰ-জোঁথৰ দি তদাৰক কৰে। উৎপাদিত কেচুঁ সাৰ নিজা খেতিত প্ৰয়োগ কৰাৰ উপৰিও বিক্ৰী কৰি তেওঁলোক লাভবান হৈছে।

ধলাজান অঞ্চলত উৎপাদিত কেচুঁসাৰ যোৰহাটৰ এটা ব্যৱসায়িক প্ৰতিষ্ঠানে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বৃহৎ পৰিমাণত ক্ৰয় কৰি আছে। এই প্ৰতিষ্ঠানটোৰ জৈৱিক পামত কেচুঁসাৰ উৎপাদন কৰিবৰ বাবে কেচুঁও ক্ৰয় কৰা হৈছে। কেচুঁৰ মূল্য প্ৰতি কিলোগ্ৰামত ৮০০ টকা। কেচুঁসাৰৰ মূল্য প্ৰতি কিলোগ্ৰামত ১০ টকা। যোৰহাটৰ জিলা গ্ৰাম্য উন্নয়ন অভিকৰণেও ধলাজানৰ কৃষকৰ পৰা কেচুঁসাৰ ক্ৰয় কৰিছে। অসম চাহ নিগম লিমিটেডৰ যোৰহাটৰ মৰিয়নিৰ ওচৰৰ মূৰমূীয়া চাহ বাগিচাৰ বাবেও নিগমে পৰ্যযয় ক্ৰমে ১৮,০০০ কিলোগ্ৰাম কেচুঁসাৰ ক্ৰয় কৰিব বুলি বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰবীণ ৰাজখোৱাই আমাক জানিবলৈ দিয়ে। ইয়াৰ ওপৰি কৃষক সকলে খুচুৰাকৈও কেচুঁসাৰ বিক্ৰী কৰি লাভবান হৈছে। কেচুঁসাৰ উৎপাদনত পাৰ্গত হৈ উঠা দুই এজন কৃষকে কেচুঁসাৰ উৎপাদনৰ লগে লগে কেচুঁ ৰস বা ভাৰ্মি ওৱাছ্‌ সংগ্ৰহ কৰাতো পাকৈত হৈ উঠিছে। চাহ খেতিয়কে উন্নত মানৰ কেচাঁপাত পাবৰ বাবে ভাৰ্মি ওৱাছ্‌ ১-৯ অনুপাতত পানীৰ লগত মিহলি কৰি পাতত স্প্ৰে’ কৰে। কৃষক সকলে প্ৰতি লিটাৰত ৩৫ টকা দৰত এনে ভাৰ্মি ওৱাছ্‌ বিক্ৰী কৰে। ভাৰ্মি বেদত কেচুঁ সাৰ  উৎপাদন কৰা সকলে প্ৰতি মাহে গড় হিচাপে ৩০০০ টকা পাবলৈ সক্ষম হৈছে। কম ঠাইত কম কষ্টৰে এনে উপাৰ্জন প্ৰশংসনীয়।

‘প্ৰকৃতি ছে’ভ নেচাৰ’ৰ সমীৰ ৰঞ্জন বৰদলৈ বৰ্তমান বেচৰকাৰী অনুষ্ঠান ‘ফাৰ্ম টু ফুড’ৰ আঁচনি সমন্বয়ক। বৰদলৈ আৰু প্ৰধান শিক্ষক ৰাজখোৱাৰ প্ৰচেষ্টাত ধলাজান অঞ্চলৰ কেচুঁসাৰ উৎপাদনকাৰী কৃষক সকলক লৈ ‘দক্ষিণ-পশ্চিম যোৰহাট কেচুঁসাৰ উৎপাদক সমবায় সমিতি’ এখন গঠন কৰিবলৈ উদ্যোগ লোৱা হৈছে যাতে সকলোৱে একত্ৰিত হৈ কেচুঁসাৰৰ উৎপাদন আৰু বিপনন কৰাৰ লগতে সম মূল্য নিৰ্ধাৰণ কৰিব পাৰে।

সামগ্ৰিক ভাবে ধলাজান অঞ্চলত এনেদৰেই আৰম্ভ হৈছে এই সামূহিক বিপ্লৱ। বিদ্যালয়ৰ পৰা ঘৰলৈ আৰম্ভ হোৱা এই নীৰৱ অৰ্থনৈতিক বিপ্লৱে স্পৰ্শ কৰিছে অঞ্চলটোৰ প্ৰতি গৰাকী ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক-অভিভাৱিকাক। যি সময়ত বিদ্যালয়-মহাবিদ্যালয়ত ব্যৱহাৰিক শিক্ষাৰ প্ৰচলনৰ জৰিয়তে অৰ্থনৈতিক স্বাৱলম্বিতাৰ পথ প্ৰশস্ত কৰাৰ সন্দৰ্ভত বিভিন্ন নীতিৰ কথা আলোচিত হৈছে, ঠিক সেই সময়তেই যোৰহাট জিলাৰ এই ধলাজান নামৰ ঠাই খনতেই সেই নীতিৰ ব্যৱহাৰিক প্ৰয়োগ সফলতাৰ মুখ দেখিছে, হয়, নিশ্চিত ভাবেই ধলাজান হৈ উঠিব পাৰে সমগ্ৰ অসম বাসীৰ বাবে অৰ্থনৈতিক স্বাৱলম্বীতাৰ আদৰ্যৰ প্ৰতীক।

লেখক: দিলীপ কুমাৰ গগৈ, কৃষি বিভাগৰ যোৰহাটৰ জিলা কৃষি তথ্য বিষয়া, এগ্ৰি হৰ্টি প্ৰদৰ্শনী।

শেহতীয়া উন্নীতকৰণ: : 3/9/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate