মূল পৃষ্ঠা / কৃষি / আমাৰ কৃষক, আমাৰ গৌৰৱ / ৰবৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন তামুলপুৰৰ যুৱকৰ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ৰবৰ খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন তামুলপুৰৰ যুৱকৰ:

কৃষিকৰ্মৰ যোগেদি নিবনুৱা যুৱক-যুৱতীসকলে যে স্বাৱলম্বী হ’ব পাৰে তাৰ এক দৃষ্টান্ত তামুলপুৰৰ যুৱক শুকুৰ সিং

 

কৃষিকৰ্মৰ যোগেদি নিবনুৱা যুৱক-যুৱতীসকলে যে স্বাৱলম্বী হ’ব পাৰে তাৰ এক দৃষ্টান্ত তামুলপুৰৰ যুৱক শুকুৰ সিং। তামুলপুৰ মহকুমাৰ পূব কচুকাটা গাঁৱৰ শিঙিমাৰী চুবাৰ যুৱক শুকুৰ সিঙে ৰবৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ পথ প্ৰশস্ত কৰিছে। এটি কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰা যুৱকগৰাকীয়ে গান্ধীবাৰী হাইস্কুলত দশম শ্ৰেণীলৈ পঢ়ি শিক্ষা জীৱনৰ অন্ত পেলাই কোনো চৰকাৰী চাকৰিৰ আশা নকৰি কৃষিকাৰ্যত মনোনিবেশ কৰে। সেই উদ্দেশ্যে ঘৰৰ পিচফালে থকা বৰলীয়া নদীৰ পাৰৰ বিশ বিঘা পলসুৱা মাটিত শুকুৰ সিঙে প্ৰথমে এটি মালভোগ কলৰ পুলি ৰোপণ কৰি কৃষিকাৰ্য আৰম্ভ কৰে। এনেদৰে কেইবাবছৰ ধৰি বৰলীয়া নদীৰ পাৰত থকা নিজৰ মাটিত চকুত লগাধৰণে মালভোগ কলৰ খেতি কৰি তাৰ পৰা যুৱকগৰাকীয়ে যথেষ্ট লাভৰ মুখ দেখিবলৈ সক্ষম হয়। এই লাভৰ টকাৰে নিজৰ পৰিয়ালটো ভৰণ-পোষণ দিবলৈ সক্ষম হয়। মালভোগ কলৰ খেতিৰ প্ৰতি অলপ আমনি লাগিব ধৰাত পুনৰ তেওঁ ৰবৰ খেতিত যথেষ্ট লাভৱান হোৱাৰ আশাৰে ৰবৰৰ খেতি কৰিবলৈ মন মেলে। আজিৰ পৰা ৩ বছৰ আগতে বাক্সা জিলাৰ বাগানপাৰাৰ জাপাৰ পৰা ৰবৰৰ পুলি সংগ্ৰহ কৰি প্ৰায় চৈধ্য বিঘা মাটিত এহেজাৰ ৰবৰৰ পুলি ৰোপণ কৰে। ৰবৰ খেতিৰ সমান্তৰালভাৱে শুকুৰে এক চৌহদতে এখন তামোলৰ বাগান স্থাপন কৰাৰ উপৰি পাঁচশ মূল্যৱান চেগুন আৰু গামাৰি গছৰ পুলি ৰোপণ কৰে। তদুপৰি মনটোক সন্তুষ্ট কৰাৰ বাবে ডেৰ বিঘা মাটিত মালভোগ কলৰ পুলি নতুনকৈ ৰোপণ কৰে। এইবেলি শুকুৰ সিঙে পাঁচ বিঘা মাটিকালিৰ এটি বৃহৎ পুখুৰী খান্দি তাত কেইবা কুইন্টল মাছৰ পোনা দিয়াৰ বাবে পৰিকল্পনা হাতত লৈছে। শুকুৰে ৰবৰ গছৰ তলত থকা খালী মাটিত আদা, নহৰু আৰু নানা তৰহৰ শাক-পাচলিৰ খেতি কৰিও লাভৰ মুখ দেখিবলৈ সক্ষম হৈছে। এইবেলি পাঁচ কুইন্টল তামোল উৎপাদন কৰে। তামোল বাগানৰ পৰা শুকুৰে ৰবৰ খেতিক মুখ্য হিচাপে লৈ ৰবৰ গছৰ প্ৰতিপালনত হাতে-কামে লাগি পৰা দেখা গৈছে। ইতিমধ্যে লহপহকৈ ডাঙৰ হ’ব ধৰিছে ৰবৰ গছবোৰ। শুকুৰৰ ৰবৰ খেতিৰ কথা গম পাই অলপতে গুৱাহাটীৰ পৰা কেন্দ্ৰীয় ৰবৰ ব’ৰ্ডৰ বিষয়া, কৰ্মচাৰীসকল আহি ৰবৰ খেতিৰ বাগানখন পৰিদৰ্শন কৰে আৰু শুকুৰ সিঙক যথেষ্ট উৎসাহিত কৰে। বিষয়াসকলে শুকুৰৰ বাগান চাই অভিভূত হৈ পৰে আৰু ৰবৰ ব’ৰ্ডৰ তৰফৰ পৰা কিছু আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথাও শুকুৰক অৱগত কৰে। শুকুৰ সিঙে এইক্ষেত্ৰত যথেষ্ট উৎসাহিত হৈ দুগুণ উৎসাহেৰে ৰবৰ বাগানখনৰ প্ৰতিপালনত বৰ্তমান ব্যস্ত হৈ পৰিছে। ইতিমধ্যে শুকুৰে এই প্ৰতিবেদকক জানিব দিয়া মতে ৰবৰ গছবোৰ দুবছৰ পিচত পৈণত হৈ উঠিব। এই পৈণত প্ৰতিজোপা ৰবৰ গছৰ পৰা প্ৰতি এক দিনৰ মূৰে মূৰে ৫০০-৭৫০ গ্ৰামকৈ ৰবৰ উৎপাদন কৰিব পাৰিব। শুকুৰে জনোৱামতে মাহত পোন্ধৰ দিনত প্ৰতিজোপা ৰবৰ গছৰ পৰা অতিকমেও ৫০০ গ্ৰামকৈ ৰবৰ উৎপাদন কৰিব পাৰিলে এহেজাৰ ৰবৰ গছৰ পৰা যথেষ্ট ৰবৰ উৎপাদন হ’ব। সকলো ঠিকে-ঠাকে থাকিলে শুকুৰে এদিনতে ৰবৰ বাগানখনৰ সকলো খৰচ বাদ দি অতিকমেও ৪০-৫০ হেজাৰ টকা ৰবৰৰ পৰা সংগ্ৰহ কৰাৰ আশা মনত পুহি ৰাখিছে।

উৎস:দৈনিক অসম

 

3.15151515152
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top