অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰাজ্যৰ থলুৱা পাণৰ চাহিদা পূৰাইছে বতিয়ামাৰীৰ কৃষকে

ৰাজ্যৰ থলুৱা পাণৰ চাহিদা পূৰাইছে বতিয়ামাৰীৰ কৃষকে

বজালী মহকুমাৰ সদৰ পাঠশালাৰ পৰা ১৩ কিলোমিটাৰ উত্তৰত অৱস্থিত বাঘমাৰা। এই বাঘমাৰাৰ পৰা ৩ কিলোমিটাৰ পশ্চিমে গ’লেই পোৱা যায় এখন গাঁও-বতিয়ামাৰী। দুখীয়া খেতিয়ক, ক্ষুদ্ৰ ব্যৱসায়ীৰ বাসভূমি এই গাঁওখনৰ পশ্চিমে বৈ গৈচেহ পহুমাৰা নদী। এই পহুমাৰা নদীক কেন্দ্ৰ কৰিয়েই গাঁওখনৰ জীৱন-জীৱিকাও গঢ়ি উঠিছে অনাদি কালৰপৰাই। কৃষিকাৰ্য, পশুপালন, শ্ৰমদান কৰি পেট প্ৰৱৰ্তোৱা গাঁওখনৰ আটাইবোৰ বাসিন্দাই কৰ্মতৎপৰ। শেহতীয়াভাৱে এই গাঁওখনে সমগ্ৰ অসমৰ বজাৰসমূহতেই এটা দিশত লেখৰ ভূমিকা ল’বলৈ সক্ষম হৈছে। সেয়া হ’ল বতিয়ামাৰী গাঁৱৰ পাণ। গাঁওখনৰ বহুতো পৰিয়ালৰ নিবনুৱা যুৱকে চাকৰিৰ আশা ত্যাগ কৰি নিজৰ বাৰী-বস্তিৰ ভিতৰতে তামোল-নাৰিকল গছৰ গুৰিত পাণৰ খেতি কৰি স্বচ্ছন্দে নিজ নিজ পৰিয়ালক ভৰণ-পোষণ দি থাকিবলৈ সক্ষম হৈছে। গাঁওখনৰ তিনিকুৰিৰো অধিক যুৱকে বতিয়ামাৰী গাঁওখনক সমগ্ৰ ৰাজ্যৰ ভিতৰতে পাণৰ বাবে বিখ্যাত কৰি তুলিছে। বীৰেন দাস, মধুৰাম দাস, হৃদয় দাস, মুকুট দাস, ভূপেন দাস, কাৰ্তিক দাস, ৰমেশ দাস, ধীৰেণ দাস, প্ৰাণেশ্বৰ দাস, যোগেন কলিতা, ৰঞ্জিত কলিতা, ৰমণীমোহন দাস, মাধৱ দাস আদিয়ে এই ব্যৱসায়ৰ বাটকটীয়া। তেওঁলোকে পাণত চহকী গাঁওখনৰ নিবনুৱা যুৱকসকলক পাণৰ বাৰীবোৰ থান-থিত লগাই তামোল গছত পাণবোৰ উঠাই দি একাণপতীয়াকৈ লাগি যাবলৈ উদ্‌গনি দিয়ে। তাৰ লগে লগে গাঁওখনৰ পৰা উৎপাদিত পাণবোৰ গোট গোট কৰি মুঠা বান্ধি আকৌ কলপাতেৰে মেৰিয়াই বোজা কৰি পুৱাৰেপৰা অসমৰ বিভিন্ন বজাৰলৈ লৈ যোৱা হয়। এনেকৈ এই ব্যৱসায়ত জড়িত হৈ পৰে নিবাৰণ, হেমন্ত, ফণীন্দ্ৰ, অজয়, প্ৰবীণ, কিশোৰ, গোলক, গোপেশ, উৎপল, প্ৰফুল্ল, লোহিত, দিলীপ, কুলধৰ, অক্ষয়, চণ্ডীচৰণ, মথুৰা, খগেন, চক্ৰ, অজিত, অশ্বিনী, দীনেশ, নিৰ্মল, ৰঞ্জন, সঞ্জয়, পৰেশ, প্ৰদীপকে ধৰি তিনিকুৰিৰো অধিক নিবনুৱা যুৱক। অসমৰ পাণৰ বজাৰৰ চাহিদা পূৰণ কৰাৰ বাবেও এই যুৱকসকলে নিৰন্তৰ চেষ্টা চলাই গৈছে। মধু, মুকুট, হৃদয়, বীৰেণ আদি যুৱকে ভাগে ভাগে মানুহ নিয়োগ কৰিছে পাণ সংগ্ৰহ, চালান দিয়া, পাণৰ বস্তি ক্ৰয় কৰা, কলপাত কাটি অনা, মুঠি মুঠি কৰি গোট বন্ধা, বজাৰ টকা, টকা-পইচাৰ লেন-দেন আদি কাৰ্য্যত। গাঁওখনৰ পৰা প্ৰতিদিনে ৭০০-৮০০ গোট পাণ চালান দিয়া হয়। দি বতিয়ামাৰী গাঁৱৰ পৰা সম্প্ৰতি পাঠশালা, হাউলী, কয়াকুছি, মন্দিয়া, বহৰি, জনিয়া, কাদাং, চেঙা, কলগাছিয়া, বৰপেটাৰোড, হোজাই, তেজপুৰ, ঢেকিয়াজুলি, খাৰুপেটীয়া, বিশ্বনাথ চাৰিআলি, গুৱাহাটীৰ ফাঁচীবজাৰ, গণেশগুৰি আদিলৈ প্ৰেৰণ কৰা হয়। খৰালিকালত প্ৰতিদিনে একমাত্ৰ এই বতিয়ামাৰী গাঁওখনৰ পৰাই ৬০-৬৫ হেজাৰ টকাৰ পাণ ওলাই যায় এই বজাৰসমূহলৈ। আনহাতে, এই ব্যৱসায়ক উপলক্ষ্য কৰি অঞ্চলটোত এক আন্ত:গাঁথনি গঢ়ি উঠাৰ বাবে কৰ্ম সংস্থাপনৰো বাট ওলাইছে। দুপৰীয়াৰ পৰা নিশা ১২ বজালৈ সংগৃহীত পাণ মুঠি মুঠি কৰা, গুটিওৱা, বোজা বোজা কৰি বন্ধা কামত বহু লোক নিয়োজিত হৈছে। সৰু সৰু স্কুলীয়া ছোৱালী আৰু ল’ৰাকো এই পাণ গুটিওৱা কামত নিয়োগ কৰা হয়। ইয়াৰ বিনিময়ত তেওঁলোকক উচিত মাননি দিয়া হয়। এই পাণৰ গোটবোৰ কলপাতত মেৰিয়াই বন্ধা হয়। এই পাণৰ গোটবোৰ কলপাতত মেৰিয়াই বন্ধা হয়। পাণ বান্ধোতে বান্ধোতে গাঁওখনত কলৰ পাত নাইকিয়া হৈ গৈছে। এই অভাৱ দূৰ কৰিবলৈ এতিয়া বেপাৰীসকলে অন্য গাঁৱৰ পৰা প্ৰতিখন কলপাতত এটকাকৈ দি ক্ৰয় কৰি আনিব লগা হৈছে। ঠেলাত উঠাই, চাইকেলত উঠাই পাণৰ বোজাবোৰ বাঘমৰাৰ বাছ আস্থানলৈ নিয়া হয়। পাঠশালাৰ পৰা বাছেৰে বিভিন্ন বজাৰৰ পৰা অহা পাইকাৰী বিক্ৰেতাই পাণবোৰ কিনি লৈ যায়। তেজপুৰ, ঢেকিয়াজুলি, নগাঁও, জাগীৰোড আদিত বতিয়ামাৰীৰ পাণৰ সুনাম আছে। এই ব্যৱসায়ে ক্ৰমবৰ্দ্ধমান হাৰত লাভৰ মুখ দেখুওৱা বাবে অঞ্চলটোৰ বহুতে এতিয়া ধানৰ খেতি এৰি পাণৰ খেতি কৰাত লগা পৰিলক্ষিত হৈছে। গাঁওখনৰ মুঠ ১৫৫ টা পৰিয়ালেই পাণৰ খেতিত জড়িত হৈছে। প্ৰায় প্ৰতিটো পৰিয়ালেই ৪-৫ বিঘা পৰ্য্যন্ত বস্তি মাটিত তামোল, নাৰিকল গছত পাণৰ খেতি কৰিছে। পানী যোগান ধৰিবলৈ তেওঁলোকে দমকল, অগভীৰ, নলী-নাদ বহুৱাই লৈছে। বতিয়ামাৰী গাঁৱৰ আদৰ্শ এতিয়া ইয়াৰ চুবুৰীয়া গাঁওসমূহেও অনুকৰণ কৰিবলৈ লৈছে। স্বাৱলম্বিতাৰ এই নিদৰ্শন সঁচাকৈ প্ৰশংসনীয়।

লিখক: গিৰিজামোহন কলিতা, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate