মূল পৃষ্ঠা / কৃষি / চাহ খেতি / অসমৰ চাহ খেতিত কৰণীয়সমূহ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ চাহ খেতিত কৰণীয়সমূহ

অসমৰ চাহ খেতিত কৰণীয়সমূহৰ বিষয়ে লিখা হৈছে ।

জানুৱাৰী- ফেব্ৰুৱাৰী -

জানুৱাৰী- ফেব্ৰুৱাৰী এই দুয়োটা মাহেই চাহ খেতিয়কসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বুলি ধৰা যায় । কাৰণ চাহগছজোপা পাত দিবৰ কাৰনে এই দুটা মাহৰ ভিতৰতে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ উঠে । বিশেষকৈ জানুৱাৰী মাহত প্ৰায়খিনি শীতকালীন প্ৰতিপালন শেষ কৰিব লাগে । তলত এই সময়ছোৱাত পদ্ধতিগতভাৱে কৰিব লগাখিনিৰ এক চমু আভাস দিয়া হ’ল -

কলম দিয়া -

পুলিগছ কলম কৰাৰ বাবে জানুৱাৰী মাহেই উত্তম সময় । যদিহে গছজোপাৰ শিপাত শ্বেতসাৰ যথেষ্ট মজুত হৈছে তেন্তে জানুৱাৰী মাহৰ ভিতৰতে পুলিগছবিলাক কলম কৰি শেষ কৰিব লাগে । কলম কৰাৰ সময়ত মাটিত জলীয় বাষ্প থকাটো প্ৰয়োজনীয় ।
ডেকেৰুৱা আৰু বুঢ়া গছসমূহৰ বাকী থকা কলমসমূহো বিশেষকৈ মধ্যমীয়া কলম জানুৱাৰী মাহৰ ১৫/১৬ তাৰিখৰ ভিতৰতে শেষ কৰাটো অতিকে প্ৰয়োজনীয় । পাতল কলম আৰু স্কিফিংসমূহো জানুৱাৰী মাহৰ ২৮-৩০ তাৰিখৰ ভিতৰত শেষ কৰিব লাগে । ক্লিনিং অপাৰেশ্যনসমূহ যেনে কে চি অ’ আৰু hand de-banjhi    কৰাৰ বাবে জানুৱাৰী মাহেই উত্তম সময় । অৱশ্যে খৰাং অঞ্চলসমূহত স্কিফিং অপাৰেশ্যন হাতত লওঁতে সাৱধানতা অৱলম্বন কৰা উচিত ।
ফেব্ৰুৱাৰী মাহটোৰ ভিতৰত ডেকেৰুৱা চাহ সমূহৰ ফ্ৰেম ফৰ্মিং কলম শেষ কৰিব লাগে আৰু নতুনকৈ লগোৱা পুলিসমূহ থাম্ব কলম বা decentering কৰিব লাগে ।

খেতি মাটি প্ৰস্তুকৰণ -

জানুৱাৰী- ফেব্ৰুৱাৰী মাহেই খেতি-মাটি প্ৰস্তুতকৰণৰ উত্তম সময় । খেতি মাটিসমূহৰ সকলো প্ৰকাৰৰ গুণাগুণ জৰীপ, পুৰণা পাতল খাল- ডোংসমূহ সমান কৰি নতুন প্ৰধান আৰু উপ খালসমূহ পৰিস্কাৰ কৰা আৰু খন্দা, মাটিডৰা সমান কৰা আদি সকলো কাম এই দুটা মাহৰ ভিতৰতে শেষ কৰাটো অতি প্ৰয়োজনীয় ।
ৰিহে বিলাই টেশ্যন কৰিব লগা অঞ্চলসমূহত এই সময়ৰ ভিতৰতে নিলাজী বনৰ গুটি সিঁচাৰ লগে লগে গুৱাটেমালা ঘাঁহ লগোৱাও আৰম্ভ কৰিব লাগে ।
নাৰ্ছাৰী :-
চাহ আৰু শ্বেড’ টী নাৰ্ছাৰীসমূহৰ কামসমূহ যেনে- Bed preparation, sleeve filling, seed sowing, watering, mulching আদি সকলো কাম এই দুটা মাহত অতি নিষ্ঠাৰে কৰাটো আৱশ্যক ।
ফলিয়াৰ স্প্ৰে’ :-
খৰাঙৰ পৰা গছসমূহ (বিশেষকৈ কলম নকৰা) ৰক্ষা কৰিবৰ বা MOP(Murate of potash) আৰু মেগনেচিয়াম অভাৱী গছসমূহত মেগনেছিয়াম ছালফেট স্প্ৰে’ কৰাৰ বাবে জানুৱাৰী- ফেব্ৰুৱাৰী মাহেই উত্তম সময় ।
অপজীৱী তৃণ নিয়ন্ত্ৰণ :-
শীতকালৰ এই সময়ছোৱাৰ ভিতৰতে ঢেকীয়াজাতীয় গছসমূহ সম্পূৰ্ণভাৱে উভালি পুৰি পেলাব লাগে । ইয়াৰ উপৰি লতা জাতীয় বা টান গা-গছৰ ঘাঁহ-বনসমূহো উভালি নিৰ্মূল কৰাৰ ব্যৱস্থা লোৱা প্ৰয়োজনীয় ।

বেমাৰ/ আজাৰ/ পোক-পতংগৰ নিয়ন্ত্ৰণ -

কলম কৰা গছসমূহত ট্ৰাইকোডাৰমা, কপাৰ আৰু কষ্টিক ৱাচ প্ৰয়োগ জানুৱাৰী মাহৰ ভিতৰতে কৰি শেষ কৰিব লাগে ।
Looper আৰু Bunch catterpilar পতংগসমূহৰ chrysallids সংগ্ৰহ পদ্ধতিটোও এই দুটা মাহৰ ভিতৰতে শেষ কৰিব লাগে ।
উঁই পোক নিয়ন্ত্ৰনৰ বাবে ল’ব লগা কামসমূহো জানুৱাৰী- ফেব্ৰুৱাৰী মাহৰ ভিতৰতে শেষ কৰাটো অতিকে প্ৰয়োজনীয় ।
ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰাই বিশেষকৈ কলম নকৰা পৈণত আৰু ডেকেৰুৱা চাহবাৰীসমূহত হেল’পেলটিচ আক্ৰমণ আৰম্ভ হয় । সেয়েই এনেকুৱা বাৰীসমূহ অহৰ্নিশে নিৰীক্ষনত ৰাখিব লাগে আৰু প্ৰয়োজন সাপেক্ষে Systemic insecticide এক ৰাউণ্ড স্প্ৰে’ কৰিব লাগে ।

লেখক :- ড° বিচিত্ৰ কুমাৰ বৰঠাকুৰ

উৎস :- দৈনিক জনমভূমি

অসমৰ চাহ খেতিত কৰণীয়সমূহ  জানুৱাৰী- ফেব্ৰুৱাৰীজানুৱাৰী -

ফেব্ৰুৱাৰী এই দুয়োটা মাহেই চাহ খেতিয়কসকলৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বুলি ধৰা যায় । কাৰণ চাহগছজোপা পাত দিবৰ কাৰনে এই দুটা মাহৰ ভিতৰতে সম্পূৰ্ণভাৱে প্ৰস্তুত হৈ উঠে । বিশেষকৈ জানুৱাৰী মাহত প্ৰায়খিনি শীতকালীন প্ৰতিপালন শেষ কৰিব লাগে । তলত এই সময়ছোৱাত পদ্ধতিগতভাৱে কৰিব লগাখিনিৰ এক চমু আভাস দিয়া হ’ল-কলম দিয়া :-পুলিগছ কলম কৰাৰ বাবে জানুৱাৰী মাহেই উত্তম সময় । যদিহে গছজোপাৰ শিপাত শ্বেতসাৰ যথেষ্ট মজুত হৈছে তেন্তে জানুৱাৰী মাহৰ ভিতৰতে পুলিগছবিলাক কলম কৰি শেষ কৰিব লাগে । কলম কৰাৰ সময়ত মাটিত জলীয় বাষ্প থকাটো প্ৰয়োজনীয় । ডেকেৰুৱা আৰু বুঢ়া গছসমূহৰ বাকী থকা কলমসমূহো বিশেষকৈ মধ্যমীয়া কলম জানুৱাৰী মাহৰ ১৫/১৬ তাৰিখৰ ভিতৰতে শেষ কৰাটো অতিকে প্ৰয়োজনীয় । পাতল কলম আৰু স্কিফিংসমূহো জানুৱাৰী মাহৰ ২৮-৩০ তাৰিখৰ ভিতৰত শেষ কৰিব লাগে । ক্লিনিং অপাৰেশ্যনসমূহ যেনে কে চি অ’ আৰু hand de-banjhi    কৰাৰ বাবে জানুৱাৰী মাহেই উত্তম সময় । অৱশ্যে খৰাং অঞ্চলসমূহত স্কিফিং অপাৰেশ্যন হাতত লওঁতে সাৱধানতা অৱলম্বন কৰা উচিত । ফেব্ৰুৱাৰী মাহটোৰ ভিতৰত ডেকেৰুৱা চাহ সমূহৰ ফ্ৰেম ফৰ্মিং কলম শেষ কৰিব লাগে আৰু নতুনকৈ লগোৱা পুলিসমূহ থাম্ব কলম বা decentering কৰিব লাগে । খেতি মাটি প্ৰস্তুকৰণ :-জানুৱাৰী- ফেব্ৰুৱাৰী মাহেই খেতি-মাটি প্ৰস্তুতকৰণৰ উত্তম সময় । খেতি মাটিসমূহৰ সকলো প্ৰকাৰৰ গুণাগুণ জৰীপ, পুৰণা পাতল খাল- ডোংসমূহ সমান কৰি নতুন প্ৰধান আৰু উপ খালসমূহ পৰিস্কাৰ কৰা আৰু খন্দা, মাটিডৰা সমান কৰা আদি সকলো কাম এই দুটা মাহৰ ভিতৰতে শেষ কৰাটো অতি প্ৰয়োজনীয় । ৰিহে বিলাই টেশ্যন কৰিব লগা অঞ্চলসমূহত এই সময়ৰ ভিতৰতে নিলাজী বনৰ গুটি সিঁচাৰ লগে লগে গুৱাটেমালা ঘাঁহ লগোৱাও আৰম্ভ কৰিব লাগে ।নাৰ্ছাৰী :-চাহ আৰু শ্বেড’ টী নাৰ্ছাৰীসমূহৰ কামসমূহ যেনে- Bed preparation, sleeve filling, seed sowing, watering, mulching আদি সকলো কাম এই দুটা মাহত অতি নিষ্ঠাৰে কৰাটো আৱশ্যক । ফলিয়াৰ স্প্ৰে’ :-খৰাঙৰ পৰা গছসমূহ (বিশেষকৈ কলম নকৰা) ৰক্ষা কৰিবৰ বা MOP(Murate of potash) আৰু মেগনেচিয়াম অভাৱী গছসমূহত মেগনেছিয়াম ছালফেট স্প্ৰে’ কৰাৰ বাবে জানুৱাৰী- ফেব্ৰুৱাৰী মাহেই উত্তম সময় । অপজীৱী তৃণ নিয়ন্ত্ৰণ :-শীতকালৰ এই সময়ছোৱাৰ ভিতৰতে ঢেকীয়াজাতীয় গছসমূহ সম্পূৰ্ণভাৱে উভালি পুৰি পেলাব লাগে । ইয়াৰ উপৰি লতা জাতীয় বা টান গা-গছৰ ঘাঁহ-বনসমূহো উভালি নিৰ্মূল কৰাৰ ব্যৱস্থা লোৱা প্ৰয়োজনীয় ।বেমাৰ/ আজাৰ/ পোক-পতংগৰ নিয়ন্ত্ৰণ :-কলম কৰা গছসমূহত ট্ৰাইকোডাৰমা, কপাৰ আৰু কষ্টিক ৱাচ প্ৰয়োগ জানুৱাৰী মাহৰ ভিতৰতে কৰি শেষ কৰিব লাগে ।    Looper আৰু Bunch catterpilar পতংগসমূহৰ chrysallids সংগ্ৰহ পদ্ধতিটোও এই দুটা মাহৰ ভিতৰতে শেষ কৰিব লাগে । উঁই পোক নিয়ন্ত্ৰনৰ বাবে ল’ব লগা কামসমূহো জানুৱাৰী- ফেব্ৰুৱাৰী মাহৰ ভিতৰতে শেষ কৰাটো অতিকে প্ৰয়োজনীয় । ফেব্ৰুৱাৰী মাহৰ মাজভাগৰ পৰাই বিশেষকৈ কলম নকৰা পৈণত আৰু ডেকেৰুৱা চাহবাৰীসমূহত হেল’পেলটিচ আক্ৰমণ আৰম্ভ হয় । সেয়েই এনেকুৱা বাৰীসমূহ অহৰ্নিশে নিৰীক্ষনত ৰাখিব লাগে আৰু প্ৰয়োজন সাপেক্ষে Systemic insecticide এক ৰাউণ্ড স্প্ৰে’ কৰিব লাগে ।

লেখক :- ড° বিচিত্ৰ কুমাৰ বৰঠাকুৰ

উৎস :- দৈনিক জনমভূমি


2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top