অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমত চাহ উৎপাদন: ঐতিহাসিক প্ৰেক্ষাপট

অসমত চাহ উৎপাদন: ঐতিহাসিক প্ৰেক্ষাপটৰ বিষয়ে লিখা হৈছে ।

প্ৰথম অধ্যায়:

চাহৰ আৰম্ভণি কেতিয়াৰপৰা হৈছিল তাৰ সবিশেষ ঐতিহাসিক তথ্য বিচাৰি পোৱা নাযায়। সন্দেহ নাই যে  ভাৰতবৰ্ষত চাহ উৎপাদন প্ৰক্ৰিয়া আৰম্ভ হৈছিল ব্ৰিটিছৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত। ১৭৭৮ চনত ছাৰ যোছেফ বেংকক ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত নতুন শস্য উৎপাদন সম্পৰ্কত জেলানি টোকা প্ৰস্তুত কৰিবলৈ কয়। তাকে সাৰোগত কৰি ব্ৰিটিছ বিষয়াজনে তেওঁ ভাৰতবৰ্ষত চাহ উৎপাদন কৰিব লাগে বুলি পৰামৰ্শ প্ৰদান কৰে। চীন আৰু জাপানৰ লেখীয়াকৈ ভাৰতবৰ্ষৰো কি অঞ্চলত এই খেতি ভালদৰে কৰিব পৰা যাব সেই বিষয়ত তেওঁ বিস্তৃতভাৱে আলোচনা কৰিবলৈ লয় আৰু সৰ্বশেষত থিৰ কৰে যে ২৬ৰ পৰা ৩০ অক্ষাংশৰ মাজত ভৌগলিক এলেকাত ক’লা চাহ আৰু ৩০ আৰু ৩৫ অক্ষাংশৰ ভিতৰত গ্ৰীণ টী উৎপাদন কৰিব পৰা যাব।

ইংলেণ্ড আৰু ইউৰোপত এক পানীয় হিচাপে চাহৰ সমাদৰ দ্ৰুত হাৰত বাঢ়ি অহাৰ বাবেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ ফালৰপৰা এই পদক্ষেপ লোৱা হৈছিল। ব্যৱসায়িকভাৱে চাহ উৎপাদন আৰম্ভ হোৱাৰ আগতে চাহৰ পাৰম্পৰিক ব্যৱহাৰ হোৱা ঠাই টুকুৰাই আছিল চীন। ছাৰ পেৰচিভেল গ্ৰিফিথে চীনৰ বিষয়ে এনেদৰে কৈছে- “obviously we must begin with China, the immemorial home of tea”। চীনত চাহৰ ইতিহাস সম্পৰ্কত লেখকজনে লগতে কৈছে যে চীনত কেতিয়াৰপৰা চাহৰ উৎপাদন বা তাৰ ব্যৱহাৰ আৰম্ভ হ’ল তাৰ কোনো সঠিক তথ্য পোৱা নাযায়। পৰম্পৰা অনুসৰি খ্ৰীষ্টপূৰ্ব তিনিহাজাৰ বছৰ পূৰ্বে সম্ৰাট শ্বিন নঙ(Shin Nong)ৰ সময়ত চীনত চাহৰ জোপোহা আৱিষ্কাৰ কৰা হৈছিল। অৱশ্যে এই ধাৰণা বহুতে অবিশ্বাস কৰে আৰু ছেমুৱেল বোলে ইয়াক আগ্ৰাহ্য কৰি লিখিছে যে যদিও বহুতো ভেষজ বিদ্যা সম্ৰাট শ্বিন নঙৰ দিনৰ বুলি কোৱা, কিন্তু ঐতিহাসিক সমলৰপৰা তাৰ সত্যতা নিৰূপণ কৰাটো কঠিন(It nerverthelees is a common practice among empirics, even at the present day, to ascribe the discovery of their several nostrums to the Emperor Shin Nong, though all such pretension is treated as fabulous and with respect to tea in particular, receives no sanction from the more rexent Chinese accounts at the history of that tree.)

ছেমুৱেল বেলৰ মতে শ্বিন ৰাজবংশৰ সময়ত অৰ্থাৎ তৃতীয় খ্ৰীষ্টাব্দত চীনত চাহ আৱিষ্কৃত হয়। চীনত চাহৰ ব্যৱহায় সম্পৰ্কীয় প্ৰত্যয়জনক প্ৰথম প্ৰমাণ পোৱা যায় চতুৰ্থ দব্লিউ এইচ উকাৰৰ(W H Ukers) গ্ৰন্থ – ‘All about Tea’-ত উল্লেখ কৰিছে যে খ্ৰীষ্টাব্দ চতুৰ্থ শতিকাৰ পাছৰ সময়ছোৱাত চাহক ঔষধি হিচাপে ব্যৱহাৰ কৰাৰ সলনি পানীয় হিচাপে ব্যৱহাৰ কৰাটো আৰম্ভ কৰে যে চীনৰ ৰাজহ কৰ্তৃপক্ষই চাহৰ ওপৰত এক শুক্ল প্ৰৱৰ্তন কৰে।

চীহৰ চাহৰ ব্যাপক সমাদৰৰ পিছতে সমগ্ৰ মধ্য এছিয়াতে চাহৰ প্ৰসাৰ ঘটিবলৈ আৰম্ভ কৰে আৰু ওঠৰ শতিকাৰ ভিতৰত চাহ এক জনপ্ৰিয় পানীয় হৈ পৰে। ভাৰত আৰু চীনৰ এক নিকট যোগাযোগ থকালৈ লক্ষ্য কৰি(ভূমি আৰু পানী উভয়েৰে) ভাৰতবৰ্ষত বহু আগৰেপৰা চাহৰ প্ৰচলন থকা বুলি হয়তো ভাবিব পাৰি। কিন্তু আচৰিতভাৱে ভাৰতলৈ পৰিভ্ৰমণ কৰিবলৈ অহা কোনো পৰিব্ৰাজকৰ বিৱৰণীতে চাহৰ বিষয়ে উল্লেখ পোৱা নাযায়। বাৰ্ণিয়াৰ(Bernier), টাভেনিয়াৰ(Tavenier), মেনুক্কি(Manucci), ছাৰ থমাছ ৰোই(Sir Thoma Roe) আৰু বহুজনে মোগল সাম্ৰাজ্যৰ সময়ৰ ভাৰতবৰ্ষৰ বিষয়ে সবিশেষ উল্লেখ কৰিছে য’ত চাহৰ বিষয়ে একো উল্লেখ কৰা নাই। পৰৱৰ্তী সময়ত ইষ্ট ইণ্ডিয়া কোম্পানীৰ সময়ছোৱাত প্ৰাচ্যৰ পৰা ইংলেণ্ডলৈ চাহ সৰবৰাহ হোৱাৰ তথ্য পোৱা যায়, অথচ ভাৰতবৰ্ষত চাহ ব্যৱহাৰ সম্পৰ্কত কোনো ঐতিহাসিক সমল পোৱা নাযায়। পাছলৈ J. Ovington–ৰ Viyage to Surat শীৰ্ষক গ্ৰন্থত ভাৰতীয়সকলে মূৰৰ বিষ আদি ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ চাহ ব্যৱহাৰ কৰাৰ কথা উল্লেখ আছে- ‘Tea with some hot spice intermint and boiled in the water, has the repute of prevailing against the Headache, Gravel and Griping in the Guts and this generally drunk in India, either with sugar candy or by the more curious, with small conserv’d lemon.

জন এলবাৰ্ট ডি মেণ্ডেলছন আৰু জে অভিংটনৰ গোপনীয় মতামতসমূহৰপৰা আমি ভাৰতবৰ্ষত চাহ ব্যৱহাৰ বা চাহক পানীয় হিচাপে ব্যৱহাৰ কৰাৰ এক প্ৰাথমিক আভাস পাওঁ ঠিকেই কিন্তু একে সময়তে সোতৰ আৰু ওঠৰ শতিকাৰ বিভিন্ন গুৰুত্বপূৰ্ণ লেখাত চাহৰ কথা সমূলি উল্লেখ নথকা কথাটোৱে আমাক আচৰিত কৰি তোলে। হয়তো কথাটো এনেকুৱা যে কিছুমান লোকে চাহ খাইছিল আৰু ব্ৰিটিছ প্ৰশাসন পূৰ্ণভাৱে দেশখনত প্ৰচলন আৰম্ভ হোৱাৰ আগতে এইবিধ পানীয়েই সৰ্বজনীন সমাদৰ লাভ কৰিব পৰা নাছিল।

ইংলেণ্ডৰ প্ৰেক্ষাপটত চাহ কেতিয়াৰপৰা দেশখনত আৰম্ভ কৰা হৈছিল তাৰো কোনো তথ্য বিচাৰি পোৱাৱ নাযায়। Tea- A Historical Sketch শীৰ্ষক গ্ৰন্থখনত মেনেলে(Mennel) ১৬৪৫ চনত ডাচ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইংলেণ্ডলৈ চাহ পঠোৱা বুলি কোৱাৰ বিপৰীতে Tea Drinking শীৰ্ষক গ্ৰন্থখনত লেখক আৰ্থাৰ ৰিডে(Arthur Reade) ১৬১০ চনত ইংলেণ্ডলৈ চাহৰ আগমন ঘটে বুলি উল্লেখ কৰিছে। ইংলেণ্ডত চাহ সূচনা হোৱা সম্পৰ্কত ভালেমান মতবিবাদ আছে যদিও ১৬৫৭ চনত থমাছ গাৰৱেৰ দ্বাৰা প্ৰথমবাৰৰ বাবে চাহৰ নিলাম হোৱা বুলি দিয়া তথ্য সন্দৰ্ভত এতিয়ালৈকে মত পাৰ্থক্য হোৱা দেখা নাযায়। ১৬৬৯ চনৰপৰা ইংলেণ্ডলৈ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে নিয়মীয়াকৈ চাহ আমদানি কৰিবলৈ লয়। কোম্পানীটোৱে চাহ আমদানিৰ ক্ষেত্ৰত যাতে বেলেগ কোম্পানীৰ লগত প্ৰতিযোগিতাত লিপ্ত হ’ব লগা নহয় তাৰবাবে বিধি প্ৰণয়ন কৰা হৈছিল। ভাৰতীয় উপমহাদেশলৈ যাব লগা সকলো ইংৰাজ জাহাজে ইষ্ট ইণ্ডিয়া কোম্পানীৰ চনদ অনুযায়ী যাতায়ত কৰিব লগা হৈছিল। ১৬৫৭ চনত শুল্ক বিভাগৰ আয়ুক্ত এজনে এক নিৰ্দেশ দিয়ে য’ত কোৱা হৈছিল যে কোম্পানীৰ ছীল মোহৰ মৰা সন্মতি নথকাকৈ ইষ্ট ইণ্ডিজ এলেকাৰ কোনো সামগ্ৰী শুল্ক বিভাগৰ মাজেৰে পাৰ হৈ আহিব নোৱাৰিব। ১৬৬৯ চনত হলেণ্ডৰ পৰা ইংলেণ্ডলৈ চাহ আমদানি বিধিগতভাৱে নিষিদ্ধ কৰি দিয়া হৈছিল। চীনৰপৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যি চাহ ক্ৰয় কৰিছিল সেইবোৰৰ এটা অংশ চীনা ব্যৱসায়ীৰপৰা বান্টামত কিনা হৈছিল। আন এক অংশ চীনৰ সৈতে ব্যৱসায় কৰা পৰ্তুগীজ জাহাজৰ পৰা মাদ্ৰাজ বা চুৰাটত কিনা হৈছিল।

চাহ শিল্পৰ আৰম্ভণি:

আমি ইতিমধ্যে যোছেফ বেংকৰ প্ৰসংগ প্ৰথমতে উনুকিয়াইছো। ১৭৯৩ চনত বেংকক লৰ্ড মেকাৰটিনিজৰ লগত চাহ সম্পৰ্কত সবিশেষ তথ্য সংগ্ৰহ কৰিবলৈ চীনলৈ প্ৰেৰণ কৰা হয়। ইয়াৰ পাছতে এবেল(Abel) নামৰ এগৰাকী প্ৰসিদ্ধ উদ্ভিদবিদে লৰ্ড আৰ্মহাষ্টৰ(Lord Amhersts)ৰ লগত চীনলৈ যায়। দুৰ্ভাগ্যৰ কথা যে এওঁলোকে চাহৰ পুলি আদি সংগ্ৰহ কৰিছিল যদিও ওভতাৰ পৰত সেইবোৰ হেৰুৱাব লগা হয়।

ইয়াৰ পিছৰ দুটা বা তিনিটা দশকত বিভিন্ন ধৰণৰ ৰাজনৈতিক অশান্তিৰ বাবে চাহ উৎপাদন প্ৰক্ৰিয়াটোৱে ভাৰতবৰ্ষত বিশেষ আগ নাবাঢ়িল। ইয়াৰ পাছতে উদ্ভিদ বিজ্ঞানৰ ইতিহাসত এক তাৎপৰ্যপূৰ্ণ ঘটনা সংঘটিত হ’ল। ১৯৪১ চনত চি  এ ব্ৰুচ(C A Bruce) আৰু লেফটেনেন্ট চাৰ্লটনে সমগ্ৰ বিশ্ববাসীক জনাই দিলে যে চাহ অসমৰ এক থলুৱা উদ্ভিদ আৰু ইয়াক কাৰোপৰা আমদানি কৰা হোৱা নাই।

ইষ্ট ইণ্ডিয়া কোম্পানীৰ উল্লেখনীয় কথাটো হ’ল প্ৰথম ইংগ-বৰ্মী যুদ্ধৰ প্ৰাক-মুহূৰ্তত আৰু অসমত মানৰ শাসন চলি থকা অৱস্থাত ১৮২৩ চনত ব্ৰিটিছ বণিক ৰবাৰ্ট ব্ৰুচে(Robert Bruce) ভালেমান পণ্য সামগ্ৰী লৈ আহোম ৰাজ্যৰ ৰাজধানী ৰংপুৰত উপস্থিত হৈছিল। তাতে তেওঁৰ থলুৱা চিংফৌ গাম এজনৰ সৈতে পৰিচয় ঘটে আৰু চিংফৌজনৰ পৰাই অসমৰ হাবিত স্বাভাৱিকভাৱে উৎপত্তি হোৱা চাহ গছৰ অস্তিত্বৰ বিশদ সম্ভেদ পায়। তেতিয়াই তেওঁ কিছু চিকাৰূপৰ বিনিময়ত চাহ গছৰ পুলি কেইতামান সংগ্ৰহ কৰিবলৈ চিংফৌ গামজনৰ সৈতে এক চুক্তি কৰে। পিছত ইংগ-বৰ্মী যুদ্ধ আৰম্ভ হোৱাত ৰবাৰ্ট ব্ৰুচৰ ভাই চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে এটি নৌবাহিনীৰ নেতৃত্ব কৰি শদিয়ালৈ যায়। ব্ৰহ্মপুত্ৰ উপত্যকাত কোমানীৰ সৈনিকৰ হাতত মানসকলৰ পৰাজয়ৰ পৰিণতি স্বৰূপে ৰাজধানী ৰংপুৰ ইংৰাজৰ দখলাধীন হোৱাত চিংফৌ গামজন পুনৰ ৰংপুৰলৈ আহে। এইবাৰ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচে চাহপুলিৰ প্ৰসংগ উত্থাপন কৰাত গামজনে তেওঁক কেইবা শ চাহৰ পুলিসহ যথেষ্ট পৰিমাণৰ বীজৰো যোগান ধৰে। ব্ৰুচে চাহপুলিৰ নমুনা হিচাপে তাৰ কিছুমান উত্তৰ-পূব সীমান্তৰ গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট ডেভিড স্কটক দিয়াত তেওঁ সেইবিলাক কলিকতাৰ বোতানিকেল গাৰ্ডেনৰ অধ্যক্ষলৈ পঠিয়াই দিয়ে। অসমৰ হাবিত স্বাভাৱিক অৱস্থাতে পোৱা চাহ গছ যে চীনত খেতি কৰা চাহ গছৰ দৰে আচল চাহ গছ সেইটো তাতে প্ৰমাণিত হোৱাত অসমৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা হয়।

পূৰ্বে উল্লেখিত গ্ৰিফিথৰ কিতাপখনত এই ঘটনা এনেদৰে উল্লেখ কৰা হৈছে- “In 1823, Robert learned of the existence of tea in Assam and made an agreement with a Singpho Chief. Robert’s brother, C.A. Bruce, arrived on the scene. C A. Bruce had already had sufficient adventure to satisfy people, as appears from his own statement regarding himself in a letter to the Agent to the Governor General…….C.A. Bruce was, nevertheless, still restless and when the Burma war broke out in 1823, he offered his services to David Scott and was appointed to command gun-boats. His command was at Sadiya near the home of the chief with whom Robert Bruce had made the agreement. C.A. Bruce claims that he ‘was the first European who ever penetrated the forests, and visited the tea tracts in British Suddiya, and brought away specimens of earth, fruit and flowers, and the first who discovered numerous other tracts’. He collected the promised tea plants from the Singpho Vhief and made them over to Scott, who planted some of them in his own garden, sent others to the Government at India, and for warded the balance to N. Wallich.”

ইষ্ট ইণ্ডিয়া কোম্পানীৰ উদ্ভিদ বিজ্ঞানী ড° এন ৱালিছে স্কটে তেওঁলৈ পঠিয়াই দিয়া বীজ আৰু পাতবোৰ প্ৰকৃত চাহগছৰ বুলি বিশ্বাস নকৰিলে। বৰঞ্চ তেওঁ ইয়াক কেমেলিয়া বুলি ধৰি ল’লে আৰু বিষয়টো ১৮৩১ চনলৈ তেনেদৰে পৰি ৰ’ল। ১৮৩১ চনত অসমত কাম কৰি থকা লেফটেনেণ্ট চাৰ্লটনে কলিকতাত থকা ‘Agriculture and Horticulture Society in Calcutta’ লৈ চাহ গছ বুলি গণ্য কৰা কিছু পুলি প্ৰেৰণ কৰে। এই গছবোৰকো চাহৰ মান্যতা প্ৰদান কৰা নহ’ল আৰু এনেদৰে অসমৰ হাবিৰ থলুৱা চাহগছবোৰে আনুষ্ঠানিকভাৱে চাহ গছৰ মৰ্যদা পাবলৈ সক্ষম নহয়। এই গছপুলিবোৰ প্ৰেৰণ কৰি যিটো চাৰ্লটনে সন্নিৱিষ্ট কৰি পঠাইছিল তাত উল্লেখ কৰিছিল যে ব্ৰিটিছ অধিকৃত অসমৰ একেবাৰে পূৰ্বত অৱস্থিত ব্ৰহ্মদেশৰ লগতে থকা শদিয়া এলেকাত চাহৰ গছ গজে। শদিয়াৰ কিছুসংখ্যক লোকে শুকান পাত পানীত মিহলাই খায় যদিও তাক কোনো বিশেষ পদ্ধতিৰে প্ৰস্তুত নকৰে। যদিওৱা সেউজীয়া অৱস্থাত চাহপাতবোৰত কোনো গোন্ধ নাথাকে, কিন্তু যেতিয়াই পাতবোৰ শুকুওৱা হয় তেতিয়াই সেইবোৰ চীনদেশীয় চাহৰ দৰে এক গোন্ধ লয়। বনৰীয়া গোলাপৰ দৰে এক ফুল গছবোৰত দেখা যায়, কিন্তু সেইবোৰৰ আকৃতি গোলাপতকৈ বহু সৰু [The tea grows in the vicinity of saddiyah, the most remote of the British possessions towards the east, in Assam, and advjacent to the Burmah territory. Some of the natives of Suddiya are in the habit of drinking an infusion of dried leaves, but they do not prepare them in any particular manner. Although the leaves are devoid of fragnance in their green state, they acquire the smell and taste of Chinese tea when dried. The tree leaves a flower very like that of the wild white rose, but much smaller]

১৮২৮ চনত লৰ্ড উইলিয়াম বেন্টিংকে অসমৰ গৱৰ্ণৰ জেনেৰেল হোৱাৰ কিছুদিন পাছতে তেওঁ ৱাকাৰ নামৰ এজন লোকৰপৰা এখন স্মৰকপত্ৰ লাভ কৰে। এই স্মাৰকপত্ৰখনত ৱাকাৰে চীনৰ পৰা চাহ আমদানি কৰা বিষয়ত অনিশ্চয়তা প্ৰকাশ কৰি নিএপালৰ পাৰ্বত্য এলেকা আৰু ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তত চাহ উৎপাদন প্ৰস্তাৱ দিছিল। ইংৰাজসকলৰ মাজত এক পানীয় চাহৰ সমাদৰ বৃদ্ধি আৰু চীনৰ হাতত চাহৰ একক ব্যৱসায়িক আধিপত্য থকা বিষয় দুটাক কেন্দ্ৰ কৰিয়েই যে ব্ৰিটিছে বিকল্প পথৰ সন্ধান কৰিবলৈ বিচাৰিছিল তাত সন্দেহ নাই। সেয়েহে ভাৰতবৰ্ষৰ কোন প্ৰান্তত ব্ৰিটিছ চৰকাৰে সুলভ খৰচত চাহ উৎপাদন কৰি নিজৰ দেশীয় চাহিদা আৰু সমান্তৰালভাৱে ইউৰোপৰ চহাৰ বজাৰখনৰ কৰ্তৃত্ব নিজৰ হাতলৈ দেশীয় চাহিদা আৰু সমান্তৰালভাৱে ইউৰোপৰ চাহৰ বজাৰখনৰ কৰ্তৃত্ব নিজৰ হাতলৈ আনিব পাৰে তাৰ চিন্তা-চৰ্চা ক্ৰমশঃ অৰম্ভ হৈছিল। এনে এক ঔপনিৱেশিক স্বাৰ্থ নাথাকিলে হয়তো অসম তথ ভাৰতবৰ্ষৰ আন প্ৰান্তত চাহৰ ব্যৱসায়িক উৎপাদন আৰম্ভই নহ’লহেঁতেন। ভাৰতবৰ্ষৰ সস্তীয়া খৰচত চাহ উৎপাদন কৰাৰ লক্ষ্যৰেই পৰৱৰ্তী সময়ত বিভিন্ন ভূমি বিধি প্ৰণয়ন, বাগিচাৰ মালিকৰ সুচলতাৰ বাবে শিথিল শ্ৰমিক আইন, গোলামী শ্ৰমিক ব্যৱস্থা আদিৰ প্ৰয়োগ কৰা হৈছিল। সেই সময়ছোৱাত জাপানে পশ্চিমৰ সৈতে ব্যৱসায় কৰাত মূল নেতৃত্ব লৈছিল। ৱাকাৰে সন্দেহ কৰিছিল যে চীনেও এই একেধৰণৰ ব্যৱসায়ত জড়িত হৈ পৰিব আৰু কিছুমান সামগ্ৰীৰ ক্ষেত্ৰত(যিবোৰ সামগ্ৰী পশ্চিমীয়া দেশবোৰে এছিয়া মহাদেশৰপৰা আমদানি কৰিবলৈ বাধ্য) চীনৰ ব্যৱসায়িক আধিপত্য সমগ্ৰ পশ্চিমতে প্ৰতিষ্ঠিত হ’ব। ৱাকাৰে এনেদৰে লিখিছিল-

“For many years the consumption of tea has been increasing in this country; it has become a luxury to all, and almost a portion of food to the common people, who in some districts drink it three four times a day. Its use is so intermingled with pur habits and customs, that it would not easily be dispensed with.

It is, therefore, of considerable national importance that some better guarantee should be provided for the continued supply of this article, than that at present furnished by the mere toleration of the Chinese government, which, although the Chinese have at present a monopoly, it will be easy for us to destrory…….if in future we are not rendered independent of the Chinese by producing tea from our own territories and colonies, it will be our own fault”.

ৱাকাৰৰ এই মতামতৰ পিছতে উদ্ভিদ বিজ্ঞানী ৱালিচে ৱাকাৰৰ প্ৰস্তাৱটো সাধাৰণভাৱে সমৰ্থন কৰিলেও ব্যৱসায়িকভাৱে চাহ উৎপাদনত জদেখা দিয়া বতৰ বিজ্ঞান তথা ভৌগোলিক অৱস্থানৰ অনুকূল-প্ৰতিকূল পৰিৱেশৰ কথা উত্থাপন কৰে। ৱালিচৰ মতামতৰ প্ৰতি সমৰ্থন জনাই বেন্টিংকে এগৰাকী এজেন্ট নিয়োগৰ প্ৰস্তাৱ আগবঢ়ায়। বেন্টিংকৰ প্ৰস্তাৱটো আছিল এনেধৰণৰ যে নিয়োগ লাভ কৰা এজেন্টজনে, পেনাং(Penang), ছিংগাপুৰ(Singapore) আদি ভ্ৰমণ কৰি চাহৰ উৎপাদন সন্দৰ্ভত সঠিক তথ্য উদ্ধাৰ কৰিব। ১৮৩৪ চনৰ ১ ফেব্ৰুৱাৰীত এখন চাহ কমিটী নিযুক্তি দিয়া হয় আৰু এই কমিটীখনৰ সম্প্ৰসাৰণ ঘটোৱা হয়। অসমত পোৱা চাহ গছৰ যথাৰ্থতা সম্পৰ্কত সন্দেহৰ উদ্ৰেক থাকি গ’লেও অসমৰ ভূমি যে চাহখেতিৰ বাবে অনুকূল হ’ব পাৰে সেই বিষয়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এক পূৰ্বানুমান কৰি লৈছিল। গতিকে উল্লেখ কৰা ধৰণে এগৰাকী এজেন্ট নিয়োগ কৰা হ’ল। চাহ গছৰ(পুনিৰ) নমুনা, বীজ আৰু চাহখেতি আৰু চাহ তৈয়াৰ কৰাত পাকৈত বনুৱা মানিবলৈ চাহ সমিতিয়ে সচিব গৰ্ডনক চীন দেশলৈ পঠিয়াই দিয়ে।

গৰ্ডনে চীনৰপৰা ভালেমান শ্ৰমিক আনি তেওঁলোকৰ সহযোগত ১৮৩৭ চনত চাহ প্ৰস্তুত কৰি তাৰ কিছু নমুনা ইংলেণ্ডলৈ পঠিয়াইছিল। চীনৰপৰা অহা এই পাৰ্গত চাহ বনুৱাসকলে তেতিয়া ভাৰতৰ থলুৱা লোককো চাহ প্ৰস্তুত কৰাবলৈ শিকাইছিল। সম্প্ৰসাৰিত কমিটীখনত লগতে আছিল। তিনিগৰাকী কলিকতীয়া ব্যৱসায়ী, ৱালিচ আৰু দুগৰাকী ভাৰতীয় ভদ্ৰলোক। এই কমিটীখনে ১৮৩৪ চনৰ ১৩ ফেব্ৰুৱাৰীত মিলিত হয় আৰু ভাৰতবৰ্ষত চাহখেতি উৎপাদন সম্পৰ্কত কোনো সিদ্ধান্ত গ্ৰহণ নকৰিলে।

ভাৰতবৰ্ষৰ্ৱ বিভিন্ন স্থানত থকা থলুৱা চাহ গছক তেতিয়ালৈকে ৱালিচ আৰু তেওঁৰ সহকৰ্মীসকলে প্ৰকৃত চাহ গছ বুলি গ্ৰহণ কৰা নাছিল। সেয়েহে কমিটীয়ে থলুৱা চাহৰ ব্যৱসায়িক উৎপাদনক লৈ যি এক প্ৰচেষ্টা ল’ব বিচাৰিছিল তাক লৈ এক বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। এনে এক প্ৰেক্ষাপটত কমিটীয়ে চাহ গছৰ উৎপাদনৰ বাবে মাটি আৰু বতৰ কমিটীয়ে যিবোৰ স্থানত থলুৱা চাহগছ হয় সেইবাবে স্থানৰ বতৰ আৰু মাটিৰ তথ্য সংগ্ৰহ কৰাৰ বাবে স্থানীয় বিষয়াবোৰক এক চাৰ্কুলাৰযোগে নিৰ্দেশ জাৰি কৰে।

উত্তৰ-পূৱ সীমান্তত গভৰ্ণৰ জেনেৰেলৰ এজেন্টৰূপে কাৰ্যনিৰ্বাহ কৰি থকা কেপ্টেইন এফ জেনকিনক(যাৰ সদৰ কাৰ্যালয় আছিল যোৰহাটত) অসমত চাহ উৎপাদনৰ আৰ্থিক সম্ভাৱনীয়তাক লৈ এক প্ৰতিবেদন দাখিল কৰিবলৈ নিয়োগ কৰা হয়। জেনকিনে অতি সতৰ্কতাৰে অসমৰ পৰিৱেশ-পৰিস্থিতি সন্দৰ্ভত দুবছৰ ধৰি অধ্যয়ন কৰি আছিল আৰু চাৰ্কুলাৰখনৰ প্ৰত্যুত্তৰত লেখিছিল যে অসমৰ যি এক পাৰ্বত্য এলেকাই কাছাৰ আৰু অসমক বিভিক্ত কৰি ৰাখিছে সেই অঞ্চল চাহৰ বাবে তেওঁ উপযোগী বুলি ভাবে। সেয়েহে তেওঁ কমিটীক অসমমুলুকৰ প্ৰতি দৃষ্টি ৰাখিবলৈ আহ্বান জনাই কোনো যোগ্য ব্যক্তিৰ দ্বাৰা বিষয়টো পৰীক্ষা কৰি চাবলৈ আহ্বান জনাইছিল।

প্ৰশাসনৰ ক্ষেত্ৰাধিকাৰৰ ভিতৰত অৱস্থিত চিংফৌ এলেকাত বিভিন্ন ধৰণৰ চাহখেতি হয় বুলি উল্লেখ কৰি জেনকিনে এনে চাহ গছবোৰক থলুৱা বুলি অভিহিত কৰিছিল। তেওঁ লেখিছিল [I am so fully impressed with the belict of the fitness of the mountainous region which divides Cachar from Assam for the growth of tea, that I beg to attempt to call the attention of the committee to that region in the most favourable manner I can, with a view to its examination by a competent individual.

Camellias are found in every part of this hill country; and within our jurisdiction in the Singpho district of Beesa, a coarse variety to the tea plant is as I am informed, undoubtedly indigenous. A plant was a genuine tea tree, and I intended to have brought it to Calcutta for examination, but I received it in a sickly state, and from the prevalence of great heat, I was anable to succed in taking to the presidency.

…….However, having no doubt muself of the fact the tea shrub being found wild in the eastern part of Assam. I would beg to recommend the expediency at some well-qualified person being at once sent up for the indentification of the plants beyond any objection, for the examination of the soil in which it grows, as reported, and an inspection at the tract of mountains between Cacher and Assam.

সেই সময়তে জেনকিনে চাহ কমিটীয়ে পঠোৱা চাৰ্কুলাৰখন চাৰ্লটনক দেখুৱায় আৰু চাৰ্কুলাৰখন সন্দৰ্ভত চালৰ্টনে জেনকিনলৈ লিখে যে তিনিবছৰমান আগতে বেছা() এলেকাৰ পাৰ্বত্য অঞ্চলৰ পাদদেশত চাহগছ হোৱা কথাৰে তেওঁ সম্ভেদ পাইছিল। তাৰপৰা তেওঁ তিনি-চাৰিটামান পুলি সংগ্ৰহ কৰি কলিকতাত ড° জন টাইলাৰলৈ পঠিয়াইছিল, যাতে সেইবোৰ কলিকতাৰ চৰকাৰী উদ্ভিদ বিজ্ঞান বাগিচাত ৰোপণ কৰিব পৰা যায়। জেনকিনৰ পৰা চাৰ্কুলাৰখন লাভ কৰি চাৰ্লটনে শদিয়াৰপৰা কিছুসংখ্যক চাহৰ বীজ আৰু পাত জেনকিনলৈ প্ৰেৰণ কৰে।

অৱশেষত ৱালিচ আৰু চাহ কমীটীয়ে অসমত যে থলুৱাভাৱে চাহ গছ গজে তাত পতিয়ন গ’ল আৰু এই চাহ গছবোৰ যে চীনত পোৱাৰ দৰে একেই চাহ গছ হয় তাত কোনো সন্দেহ নাৰাখিলে ‘We have at length obtain the fruit of the Suddya plant from Lieutenant Charlton…..We are now enabled to state with cerainity, that not only is it a genuine tea, but that no doubt can be entertained of its being the indentical tea of China’.

১৮৩৪ চনৰ ২৪ ডিচেম্বৰত কমিটীয়ে গভৰ্ণৰ জেনেৰেলৰ পৰিষদৰ আগত অসমত পোৱা চাহ গছ যে ইয়াৰ থলুৱা এক প্ৰজাতি তাক উল্লেখ কৰি এই সত্য আৱিষ্কাৰৰ বাবে কেপ্টেইন জেনকিন আৰু চাৰ্লটনৰ ভূয়সী প্ৰশংসা কৰে- “It is with feelings of highest possible satisfaction, that we are enable to announce all doubt his Lordship in Council, that the tea shrub is beyond all doubt indigenous in upper Assam……..We have no hesitation in decglaring this discovery, which is due to the indefatigable researches of Captain Jenkins and Lieutenant Charlton, to be by for the most important and valuable that has ever been made on matters connected with the agricultural or commercial resources of this empire”.

দুখৰ কথা যে কমিটীৰপৰা গভৰ্ণৰ জেলেৰেল পৰিষদলৈ প্ৰেৰণ কৰা এই পত্ৰত ব্ৰুচ ভ্ৰাতৃদ্বয়ৰ বা ডেভিদ স্কটৰ বিষয়ে কোনো উল্লেখ নাছিল। কমিটীৰ এই পত্ৰ প্ৰেৰণৰ দহবছৰ আগতে তেওঁলোকে অসমত থলুৱা চাহ গছ পোৱা যায় বুলি সজোৰে মতামত দিছিল, অথচ কমিটীৰ প্ৰতিবেদনত ;ইয়াৰ কোনো প্ৰতিফলন নঘটিল। সেয়েহে ১৮৪১ চনত Agriculture and Horticulture Society–এ চাৰ্লটনকে অসমত চাহৰ উদ্ভাৱক বুলি ঘোষণা কৰাৰ বিভিন্ন বাদ-বিবাদ ঘটিছিল।

ইয়াৰ পাছতে কমিটীয়ে অধিক উৎসাহেৰে অসমৰ চাহক লৈ পৰীক্ষা-নিৰীক্ষা চলাবলৈ আগবাঢ়ে আৰু বৈজ্ঞানিকৰ এটা কমিটী গঠন কৰি দিয়ে। এই কমিটীত ৱালিচৰ বাহিৰেও আছিল সহকাৰী শল্য চিকিৎসক মেক লিলাণ্ড(M’C Lelland) আৰু গ্ৰিফিথ। সহকাৰী শল্য চিকিৎসক গ্ৰিফিথক অসমলৈ প্ৰেৰণ কৰা হয় আৰু একে সময়তে লেফটেনন্ট চাৰ্লটনৰ অধীনত অসমত স্থাপন কৰিব বিচৰা নাৰ্ছাৰীবোৰৰ তদাৰকী কৰিবলৈ চি এ ব্ৰুচক নিয়োগ কৰা হয়। ১৮৩৬ চনৰ জানুৱাৰী মাহত বৈজ্ঞানিক সকলৰ কমিটীখনে শদিয়াত মিলিত হয়। তেওঁলোকে কলিকতাৰপৰা প্ৰায় চাৰে-চাৰিমাহৰ যাত্ৰাৰ অন্ততহে শদিয়া পাইছিল আৰু তাতে তেওঁলোকৰ লগ লাগিছিলহি ব্ৰুচ। এই দলটোৱে প্ৰণালীবদ্ধভাৱে জংগলত চাহৰ্ গছপুলি বিচাৰিছিল আৰু বীজ সংগ্ৰহৰ লগতে তেওঁলোকে মাটিৰো গুণাগুণ পৰীক্ষা কৰি চাইছিল। অসমত চাহ আৱিষ্কাৰৰ বিষয়ক প্ৰথম লেখাটো ১৮৩৬ চনৰ ‘এছিয়াটিক জাৰ্নেল’ত প্ৰকাশ পায়।

অৱশেষত ৱালিচৰ প্ৰস্তাৱ অনুযায়ী ভাৰত চৰকাৰে অসমৰ বিশাল বনাঞ্চলত চাহ বাগিচা পতাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই মাটি বা অঞ্চলবোৰ মুখিয়ালসকল(Chiefs)ৰ পৰা লীজত ল’ব লগা বা কিনি ল’ব লগা হৈছিল বাবে একেসময়তে বহুতো চাহ বাগিচা পতাতকৈ দুই-তিনি এলেকাত চাহ গছ উৎপাদন কৰাটোহে যথাযথ বুলি চৰকাৰে গণ্য কৰিলে। ১৮৩৬ চনৰ মে’ মাহত চি এ ব্ৰুচক চাহ বনাঞ্চলৰ অধীক্ষক(Superintensent of Tea Forests) হিচাপে পদোন্নতি দিয়া হ’ল আৰু তেওঁৰ মাহিলি দৰমহা নিৰ্দ্ধাৰণ কৰা হ’ল চাৰিশ টকা। কিন্তু আৰ্থিক লাভ-লোকচানৰ কথা বিবেচনা কৰি ভাৰত চৰকাৰে ব্ৰুচৰ অধীনত কমিটীয়ে অনুমোদন কৰা কৰ্মচাৰীৰ সংখ্যা ভালেখিনি হ্ৰাস কৰিছিল।

এনেদৰে অসমত ব্ৰিটিছ চৰকাৰৰ তত্ত্বাৱধানত পৰীক্ষামূলকভাৱে চাহৰ উৎপাদন আৰম্ভ হ’ল। চাহ কমিটীয়ে বুঢ়ীদিহিং আৰু টিঙৰী নদীৰ পাৰত প্ৰায় ৭০,০০০ একৰ ভূমিত এখন চাহ বাগিচা খুলি পৰীক্ষামূলকভাৱে চাহ উৎপাদন কৰিবলৈ গৈ ব্যৰ্থ হোৱাত আৰু ১৮৩৯ চনত আসাম কোম্পানী গঠিত হোৱাত(১৯৪০) উক্ত বাগিচাখন সেই কোম্পানীক বিকি দিয়ে। উল্লেখযোগ্য যে ১৮৩৯ চনৰ ফেব্ৰুৱাৰী মাহত ১০,০০০ সংখ্যক ৫০ পাউণ্ডৰ অংশীদাৰক লৈ ‘আসাম কোম্পানী’(The Assam Comany) নামে এটি কোম্পানী গঠন কৰা হয়। সেই কোম্পানীয়ে মুঠতে ৫,০০,০০০ পাউণ্ডৰ এটি শক্তিশালী পুঁজি মোতায়েন কৰে। এই কোম্পানীৰ ৮,০০০টা অংশ ইংলেণ্ডত আৰু বাকী ২,০০০টা অংশ ভাৰতবৰ্ষত বিক্ৰীৰ বাবে আছুতীয়াকৈ ৰখা হৈছিল। এই কোম্পানীৰূপে প্ৰতিষ্ঠিত হৈছিলগৈ।

অসমৰ থলুৱা লোকৰ ভূমিকা:

অসমত চাহ খেতিৰ সম্প্ৰসাৰণৰ বাবে প্ৰান্তীয় এলেকাবোৰত ভালেমান সমস্যাই দেখা দিয়াত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সমতলভূমিত চাহ খেতি কৰাৰ প্ৰয়োজনটোৱে দেখা দিলে। ব্ৰুচে নিজে শদিয়াত চাহ খেতি পৰিত্যাগ কৰাৰ প্ৰস্তাৱ আগবঢ়ালে আৰু চিফৌ বনাঞ্চল এলেকাত চাহ খেতিৰ বাবে ধন বিনিয়োগ কৰাৰ প্ৰস্তাৱ দিলে। তেওঁ লগতে ক’লে যে যেতিয়ালৈকে কুলীবোৰে শদিয়া এলেকাত মাহেকত চাৰি টকাকৈ পাই থাকিব তেতিয়ালৈ সেই একে পইচাত তেওঁলোকে চিংফৌ এলেকালৈ নাযাব। চৰকাৰৰ এজেন্টজনেও এই প্ৰস্তাৱ সমৰ্থন কৰি ক’লে চৰকাৰী খৰচত কোনো কৃত্ৰিম গছ ৰোপণ নকৰি থলুৱা গছৰ ওপৰতহে অধিক গুৰুত্ব দিব লাগে। যেনেদৰে চীনৰ চাহ উৎপাদনকাৰীসকলে ৰপ্তানিৰ চাহিদাৰ ভিত্তিত চাহ উৎপাদন কৰিবলৈ সমৰ্থ হৈছে একেদৰে অসমৰ মুখিয়ালসকলে চাহপাত যোগান ধৰি যথাযথ অৰ্থ লাভ কৰিলে চাহ গছত মনোনিৱেশ কৰিব। শদিয়া এলেকাত পৰীক্ষামূলকভাৱে আৰম্ভ কৰা চাহ বাগিচাবোৰে বিফলতাৰ মুখ দেখাৰ পিছত সেইবোৰৰ কিছুমান জয়পুৰত পুনৰ ৰোপণ কৰা হ’ল। ১৮৩৭ চনত চাবুৱাত এখন নতুন চাহ বাগিচা স্থাপন কৰা হ’ল আৰু ইয়ে সফলতা দেখুৱালে।

অসমত যিবোৰ বাগিচা স্থাপন কৰা হৈছিল তাত পৰীক্ষামূলকভাৱে চীনা চাহ গছৰ সঁচ বা বীজ আৰু থলুৱা বীজ দুয়োবিধকে ব্যৱসায়িক লাভালাভৰ দৃষ্টিৰে ৰোপণ কৰা হৈছিল। ১৮৩৯ চনলৈ ইষ্ট ইণ্ডিয়া কোম্পানীৰ নাৰ্ছাৰীবোৰত চীন দেশীয় পুলি ৰোৱা হৈছিল। এনে নাৰ্ছাৰীকেইখন আছিল জয়পুৰ, চাবুৱা, চোটা টিঙৰী আৰু শুকানপুখুৰী। শদিয়াৰ চীনা চাহ গছ ৰোৱা নাৰ্ছাৰীখনৰ কাষতে চি এ ব্ৰুচে এখন থলুৱা চাহ গছৰ নাৰ্ছাৰী প্ৰতিষ্ঠা কৰিছিল। সেই একেই সময়তে উজনি অসমৰ বিভিন্ন প্ৰান্তত থলুৱা চাহ গছ পোৱা গৈছিল আৰু সেইবোৰ এলেকাৰ মুখিয়ালবোৰক এনে খেতি কৰিবলৈ উৎসাহ দিয়া হৈছিল।

+699জয়পুৰত থকা সময়ত ব্ৰুচে এই বিষয়ত এক প্ৰতিবেদন লিখি উলিয়াই(১৮৩৯ চনৰ জুন মাহত) আৰু প্ৰতিবেদন Journal of the Asiatic Societyত প্ৰকাশ পায়। অসমৰ ১২০টা ক্ষেত্ৰত থলুৱা চাহ গছ বিচাৰি পোৱা গৈছিল আৰু এই সন্দৰ্ভত ব্ৰুচে লিখিছিল- ‘a sufficiency of seeds and seedling might be collected from these tracts in the course of a few years to plant off the whole of Assam”.

এতিয়া আহিছো অসমৰ শিক্ষিত মধ্যবিত্ত শ্ৰেণীটোৰ চাহ উদ্যোগ সম্পৰ্কীয় তদানীন্তন ধাৰনাসমূহলৈ। ১৮৪৭ চনৰ এপ্ৰিল সংখ্যা ‘অৰুণোদই’ত প্ৰকাশিত ‘ইংলেণ্ডৰ বিৱৰণ’ শীৰ্ষক ৰচনাখনত আনন্দৰাম ঢেকিয়াল ফুকনে এনেদৰে লিখিছিল- “ হে কৃপামই জগদিশ্বৰ, এই অসম দেশৰ লোক সকলক স্বদেশ সভ্য জ্ঞানী আৰু ধাৰ্মিক কৰিবলৈ মত দিয়া, সিবিলাকৰ অভাৱ আৰু দূৰ অৱস্থা জানিবলৈ সিবিলাকক জ্ঞান দিয়া আৰু তোমাৰ বিচিত্ৰ শক্তিৰে সিবিলাকক সভ্য কৰা তোমাক জানিবৰ আৰু আজ্ঞা পালিবৰ যোগ্য কৰা। যি সময়ত অসম হাবি গুচি ফুল বাৰি হ’ব, ঘৰ বাঁহৰ গুচি শিল ইটাৰ হ’ব, গাঁৱে গাঁৱে হেজাৰে হেজাৰে পৰ্হা সালি, জ্ঞানীৰ সভা চিকিৎসালই, দুখীয়া দৰিদ্ৰ পৰিত্ৰাণৰ আলাই হ’ব আৰু যি কালত লোকসকলে পৰস্পৰ হিংসা নকৰি আটাইয়ে আটাইকে ভাত্ৰিবত চেনেহ কৰিব, কেৱে দুটকা কানিৰ সলনি মিচা সাক্ষী নি দি, লাখ টকাকো কাতি কৰি থ’ব, কোটি টকা ভেঁটি পাইও কাৰো অন্যায় নকৰিব, বেস্যা, কানি আৰু সুৰা এই কথা দেসত লোকে ভূ নোপোৱা হ’ব, সেই সময়, হে পৰম পিতা জগদিশ্বৰ শীঘ্ৰে ঘটোৱা।

আনন্দৰাম ঢেকিয়াল ফুকন ৰচিত এই লেখাটোৰ দ্বাৰাই আমি সেই সময়ত শিক্ষিত অসমীয়া মধ্যবিত্ত শ্ৰেণীটোৰ ব্ৰিটিছৰ প্ৰতি অনুৰাগ, পশ্চিমীয়া সভ্যতা-সংস্কৃতিৰ প্ৰতি গভীৰ স্পৃহা আৰু পুঁজিবাদী সম্প্ৰসাৰণৰ বিষয়ত প্ৰতিৰোধৰ সলনি(মনত ৰখা দৰকাৰ যে উত্তৰ-পূৰ্বাঞ্চলত ব্ৰিটিছ সম্প্ৰসাৰণবাদৰ বিৰুদ্ধে বহুতো জনজাতীয় মুখিয়ালে সেইসময়তেই তীব্ৰ প্ৰতিৰোধ আগবঢ়াইছিল) আগবঢ়াইছিল গভীৰ আনুগত্য। ঢেকিয়াল ফুকনে কলকাতাৰ হিন্দু কলেজত পঢ়া-শুনা কৰি কলেজীয়া শিক্ষা শেষ নকৰাকৈ অসমলৈ উভতি আহিছিল আৰু কোম্পানীৰ অধীনত প্ৰশাসনিক বিষয়াৰূপে কৰ্মজীৱন আৰম্ভ কৰিছিল।

আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰিয়ালটো আছিল ব্ৰিটিছ প্ৰশাসনৰ প্ৰতি চূড়ান্তভাৱে অনুগত পৰিয়াল। পাৰিবাৰিক আৰু ৰাজনৈতিক এই দুয়োটা দিশত ব্ৰিটিছ প্ৰশাসনৰ অধীনত অসমৰ সৰ্বাংগীণ উন্নতি হ’ব বুলি তেওঁ মনে-প্ৰাণে বিশ্বাস কৰিছিল। অসমত আধুনিকতাৰ বাৰ্তাবাহক তথা অসমীয়া জাতীয়তাবাদৰো পুৰোধা ব্যক্তি বুলি সমাদৃত আনন্দৰাম ঢেকিয়াল ফুকনে ঔপনিৱেশিক ব্ৰিটিছ শাসনে সৰ্বতোদিশত অসমৰ তথা অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ সাধন কৰিব বুলি মনে-প্ৰাণে বিশ্বাস কৰিছিল।

অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ব্ৰিটিছ প্ৰীতিৰ বিপৰীতে বিধ্বস্ত আহোম ৰাজবংশকে ধৰি সাধাৰণ প্ৰজাগণে ব্ৰিটিছ শাসন স্থায়ীভাৱে বিচৰা নাছিল। ড° প্ৰফুল্ল মহন্তই লিখিছে- “কথা হ’ল, বিধ্বস্ত আহোম ৰাজবংশকে ধৰি প্ৰজাসাধাৰণে দুৰ্দিনৰ সময়ত ব্ৰিটিছক ত্ৰাণকৰ্তাৰূপে আদৰণি জনালেও বিদেশী শাসন তেওঁলোকে বিচৰা শাসন তেওঁলোকে বিচৰা নাছিল। ব্ৰিটিছ শাসন প্ৰতিষ্ঠা হোৱাৰ লগে লগে ৰজা-প্ৰজা উভয়েই অসন্তুষ্ট হৈ পৰিল। আমোদজনক কথা, ৰজা, ডা-ডাঙৰীয়া আৰু প্ৰজাসাধাৰণে যি সময়ত ব্ৰিটিছ শাসকৰ ভগৱানৰ অভিশাপ ৰূপে গণ্য কৰিছিল, সেই সময়ত ওপৰত উল্লেখ কৰা সম্ভ্ৰান্ত অভিজাত শ্ৰেণীটোৱে ব্ৰিটিছ শাসনক ঊৰ্দ্ধবাহু লৈ ভগৱানৰ আশীৰ্বাদৰূপে গ্ৰহণ কৰিছিল।

অসমীয়া সম্ভ্ৰান্ত মধ্যবিত্ত শিক্ষিত চামৰ ব্ৰিটিছ অনুৰাগৰ নমুনা পাব পাৰি গুণাভিৰাম বৰুৱাৰ লেখাতো- “এই দেশীয় লোকসকলে দৌৰাত্ম্যকাৰী ৰজা আৰু আক্ৰমণকাৰীৰ আক্ৰমণত নিতান্ত ক্লান্ত আৰু শ্ৰান্ত হই যি আৰ্তনাদ কৰিছিল তাক পৰমেশ্বৰে শ্ৰৱণ কৰি দেশলৈ ইংৰাজক প্ৰেৰণ কৰিলে”। অৰ্থাৎ ব্ৰিটিছ শাসনৰ ফলত অসমৰ বিভিন্ন জনগোষ্ঠীৰ মুখিয়াল বা ৰজাবোৰে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্যবোৰৰ কৰ্তৃত্ব ব্ৰিটিছ প্ৰশাসনৰ হাতত সমৰ্পণ কৰি ভিতৰি ভিতৰি ব্ৰিটিছ প্ৰশাসনিক আগ্ৰাসনৰ বিৰুদ্ধে গুঁজৰি-গুমাৰি আছিল যদিও পশ্চিমীয়া শিক্ষা-দীক্ষাৰে লালিত-পালিত বৰ্ণহিন্দু অসমীয়াৰ মননত আছিল আনুগত্য স্বীকাৰৰ নিভাঁজ মনোভাব।

এই প্ৰসংগত ড° প্ৰফুল্ল মহন্তই এনেদৰে কৈছে- “লক্ষ্য কৰিবলগীয়া কথা যে সভ্যতাৰ এই ঊষাকালতে ম্লেছ দেশত প্ৰৱেশ কৰা আৰ্য জনগোষ্ঠীয় যি জনজাতীয় নৃপতিৰ নিৰাপদ আশ্ৰয়তে ধৰ্মচৰ্চা আৰু প্ৰচাৰ কৰিছিল সেই জনজাতীয় ৰজাই ৰাজকাৰ্য পৰিচালনাৰ সুবিধাৰ কাৰণে সংস্কৃত ভাষা আৰু ব্ৰাহ্মণ্য ধৰ্মক আদৰি লৈছিল আৰু ব্ৰাহ্মণ্য ধৰ্ম-সংস্কৃতিৰ আশ্ৰয়তে এক নতুন সমাজলৈ উত্তৰণৰ সপোন দেখিছিল আৰু সেই আপাহতে আৰ্যব্ৰাহ্মণ কায়স্থসকলক হাজাৰ হাজাৰ পুৰা ভূমি আৰু গাঁও দানেৰে অনুগৃহীত কৰিছিল আৰু যি ব্ৰাহ্মণসকলে মাত্ৰাধিক ৰাজপ্ৰশস্তিৰে জনজাতীয় নৃপতিসকলৰপৰা ৰাজঅনুগ্ৰহ লাভ কৰি, ৰজাৰ গুণানুকীৰ্তনেৰে নিজকে এটা সম্পদশালী সম্ভ্ৰান্ত অভিজাত শ্ৰেণীৰূপে গঢ়ি তুলিছিল, সেই আৰ্যব্ৰাহ্মণ গোষ্ঠীয়েই ব্ৰিটিছ শাসন-ক্ষমতা দখল কৰাৰ লগে লগে, জনজাতীয় তজা-প্ৰজাক অসভ্য বৰ্বৰ দৌৰাত্ম্যাকাৰী জাতিলৈ ঠেলি, ব্ৰিটিছক আদৰি লোৱাটোত আচৰিত হ’ব লগা একো নাই, এই কাৰণেই যে অসমক এখন আৰ্য উপনিবেশত পৰিণত কৰি আৰ্যাৱৰ্তৰ অন্তৰ্ভুক্ত কৰাৰ আৰ্যব্ৰাহ্মণ সকলৰ প্ৰায় লদুহেজাৰ বছৰীয়া পুৰণি এটা সপোন ব্ৰিটিছে আহি হঠাতে বাস্তৱত পৰিণত কৰিছিল। ব্ৰিটিছ হিন্দু নাছিল সঁচা, কিন্তু আৰ্য।

গতিকে ব্ৰিটিছ ঔপনিৱেশিক স্বাৰ্থতে আধুনিক অসমীয়া মধ্যশ্ৰেণীটোক নিজৰ সহযোগী কৰি লৈছিল আৰু এইসকল মূলতঃ আছিল অনা-আহোম, উচ্চবৰ্নৰ হিন্দু। ব্ৰিটিছ শাসন ব্যৱস্থাত প্ৰাধান্য পোৱা সম্পদশালী অভিজাত পৰিয়ালকেইটাৰ ভিতৰত যজ্ঞোৰাম খাৰঘৰীয়া ফুকন, কাশীনাথ তামুলীফুকন, হৰকান্ত সদৰামীন, যাদুৰাম ডেকা বৰুৱা, দীনানাথ বেজবৰুৱা, ৰামদত্ত বৰুৱা, মণিৰাম দেৱান, হৰকান্ত বৰুৱা আদিয়েই প্ৰধান আছিল। আনহাতে ভূমি-সম্পত্তি বিষয়ত আহোম ৰাজকীয় সম্ভ্ৰান্ত শ্ৰেণী আৰু অভিজাত ব্ৰাহ্মণ-কায়স্থ সম্প্ৰদায়ৰ মানুহৰ মাজত সম্পূৰ্ণ বিপৰীত দৃষ্টিভংগী। আহোম ৰজা আৰু সম্ভ্ৰান্ত শ্ৰেণীটোৰ কাৰণে ৰাজ্যখনৰ ভূমি আৰু মানৱ সম্পদকে ধৰি সকলোখিনি তেওঁলোকে নিজৰ সম্পত্তি বুলি ধৰি লৈছিল। সেয়ে সঞ্চয় বা পুঁজি সংগ্ৰহৰ প্ৰতি তেওঁলোক আছিল সম্পূৰ্ণভাৱে উদাসীন। তেওঁলোকে ভোগৰ প্ৰতিহে মনোযোগী আছিল। ইয়াৰ বিপৰীতে শাসনতন্ত্ৰত একো প্ৰভাৱ নথকা উচ্চবৰ্ণ হিন্দুসকলে পাকে-প্ৰকাৰে সম্পদ সংগ্ৰহ আৰু সঞ্চয়ৰ প্ৰতি আগ্ৰহী আছিল। ব্ৰিটিছসৃষ্ট ভূমি আইনৰ প্ৰণয়নৰ পিছত নিজৰ অধিকৃত মাটি(যিবোৰৰ সৰহভাগ আহোম বা অন্যান্য জনগোষ্ঠীয় ৰজাই ভূমিদান হিচাপত দিছিল) ৰাজহ বিভাগত নথিভুক্ত কৰাই পট্টা লোৱাৰ ক্ষেত্ৰত এই শ্ৰেণীটো আছিল সকলোতকৈ আগৰণুৱা।

অসমৰ সৰহভাগ জনজাতীয় মূলৰ মানুহৰ এনে নথিভুক্তিৰ প্ৰতি থকা নিস্পৃহতা(যাৰ ফলত অসমত সৰহভাগ খিলঞ্জীয়া লোকৰ হাতত ভূমি পট্টা নাই) আৰু ইয়াৰ বিপৰীতে উচ্চ বৰ্ণ হিন্দুৰ মাটিৰ পট্টাৰ প্ৰতি থকা ঐতিহাসিক তৎপৰতা বিশ্লেষণ কৰিলেই আমি অসমৰ উচ্চবৰ্ণৰ হিন্দুৰ হাতত কিয় ব্যাপক পৰিমাণৰ মাটি থাকি গ’ল তাৰ এক উমান পাব পাৰোঁ। লক্ষ্মীনাথ তামুলীয়ে এই শ্ৰেণীটো, বিশেষকৈ অসমৰ অভিজাত ব্ৰাহ্মণ সকলৰ হাতত অধিক ভূ-সম্পত্তি সদৃশ আছিল, তেনেস্থলত সামন্তপ্ৰভু আৰু ডা-ডাঙৰীয়াসকল সঞ্চয়ৰ প্ৰতি নিৰ্বিকাৰ হৈ ৰৈছিল।

কিন্তু বিষয় ভোগা যিটো শ্ৰেণীৰ বাবে সুলভ আৰু নিৰাপদ নাছিল, সেই শ্ৰেণীটোৱেই সম্পত্তি অৰ্জন সঞ্চয়ৰ প্ৰতি বিশেষ মনোযোগ দিবলৈ বাধ্য হৈছিল। ব্ৰিটিছ যুগত লাখেৰাজ আৰু নিষ্পিখেৰাজ শ্ৰেণীৰ বিপুল পৰিমাণৰ মাটিৰ গৰাকী হিচাপে স্বীকৃত হৈছিল সত্ৰ অনুষ্ঠানৰ পিছতে এই শ্ৰেণীটোৱেই”।

ব্ৰিটিছ প্ৰশাসনৰ নতুন ব্যৱস্থাটোত যিবোৰ চাকৰি ওলাইছিল সেইবোৰত শিক্ষা-দীক্ষাৰ সুবিধা পোৱা উচ্চবৰ্ণৰ হিন্দুসকলে নিয়োগ লাভ কৰাৰ বাবে এই শ্ৰেণীটোৱে ব্ৰিটিছৰ ভূমি নীতি বা অন্যান্য চৰকাৰী নীতিবোৰৰ প্ৰতি কোনো আপত্তি দৰ্শোৱা নাছিল। বিৰোধিতা আহিছিল প্ৰশাসনৰ বিষয়বাব বা সা-সুবিধাৰপৰা বহু নিলগত অৱস্থান কৰা সাধাৰণ প্ৰজা বা ৰজাদিনীয়া বা সামন্তীয় সা-সুবিধা হেৰুওৱা লোকসকলৰপৰাহে। লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃ দীননাথ বেজবৰুৱাই একমাত্ৰ পদোন্নতিৰ স্বাৰ্থত নিৰ্বিবাদে ব্ৰিটিছৰ সকলো নিৰ্দেশ মানি চলিছিল। “ৰাজনৈতিক আন্দোলনত তেওঁ সদায় উৎসাহেৰে সৈতে যোগদান কৰিছিল। কিন্তু গৱৰ্ণমেন্টৰ বিৰুদ্ধে চলা কোনো কথা আৰু কামত কেতিয়াও মত নিদিছিল, বৰং প্ৰজাপালক ৰজাক ইশ্বৰৰ প্ৰতিনিধিস্বৰূপে দেখিবলৈ সকলোকে উপদেশ দিছিল”।

প্ৰশাসনীয় ব্যৱস্থাত উচ্চবৰ্ণৰ হিন্দু অভিজাত শ্ৰেণীটোক নিয়োগ প্ৰদান কৰি ব্ৰিটিছে নগৰাঞ্চলত যেনেদৰে(এই শ্ৰেণীটোৱে নগৰ অঞ্চলত ব্যাপকভাৱে মাটি দখল কৰি সেইবোৰত নিজাববীয়া পট্টা উলিয়াই লৈছিল। অসমৰ নগৰ অঞ্চলৰ সৰহভাগ ভূমি এই শ্ৰেণীটোৰ দখলত থকাৰ কাৰণো সেইটোৱেই) এটা অনুগত শ্ৰেণীৰ সৃষ্টি কৰি লৈছিল, একেদৰে ঔপনিৱেশিক শোষণ-লুন্ঠনৰ স্বাৰ্থত, বিশেষকৈ ভূমি ৰাজহ সংগ্ৰহ কৰিবলৈ মৌজাদাৰ মণ্ডল, গাঁওবুঢ়া আদি পদ সৃষ্টি কৰি সিবোৰত গাঁৱৰ প্ৰভাৱশালী অভিজাত লোকক নিয়োগ কৰিছিল।

ড° হীৰেন গোহাঁইয়ে এই বিষয়ত লিখিছে- “মৌজাদাৰবিলাক গ্ৰামাঞ্চলত কেৱল খাজনা তোলা কৰ্মচাৰী নহয়, সামন্তবাদী সমাজ সম্পৰ্কক কোনোমতে ভেজা দি ৰাখিবলৈ ব্ৰিটিছ সাম্ৰাজ্যবাদে কৰা প্ৰচেষ্টাৰ প্ৰধান অভিনেতা। আগৰ গণ্য-মান্য মানুহকে চাই-চিন্তি প্ৰথমতে মৌজাদাৰ পতা হৈছিল। স্থানীয় ৰাইজৰ অবিসম্বাদী বেচৰকাৰী নেতাৰূপে মৌজাদাৰবিলাকক গঢ়ি তোলা হৈছিল। প্ৰাচীন ঐতিহ্য ইত্যাদি, জাতকুলৰ নীতি-নিয়ম আদি সংৰক্ষণ কৰাত সত্ৰীয়া গোসাঁইৰ লগতে মৌজাদাৰ সকলেও আগভাগ লৈছিল। এওঁলোকে গঞা সমাজৰ শিৰোমণি হৈ পৰি প্ৰাচীন সমাজবন্ধন ৰক্ষা কৰাতহে জোৰ দিছিল। বেহা-বেপাৰ, বহিৰ্জগতৰ লগত সঘন আৰু ঘনিষ্ঠ সম্পৰ্ক আদিয়েহে স্থৱিৰ আঞ্চলিক মনোভাবৰপৰা মুক্ত দিব পাৰে। তাৰ অভাৱত আত্মসন্তুষ্টি, আত্মকেন্দ্ৰিকতা, ৰক্ষণশীলতাৰ প্ৰকোপ বাঢ়ে”।

গতিকে অসমৰ থলুৱা মানুহে ব্ৰিটিছে শাসনকালত বেহা-বেপাৰ, বহিৰ্জগতৰ লগত সম্পৰ্ক স্থাপন আদিৰ কোনো সুযোগ পোৱা নাছিল। কিছুসংখ্যক অভিজাত সম্প্ৰদায়ৰ লোকে বাদে শিক্ষা-দীক্ষা, চাকৰি-বাকৰি, বেমাৰ-বাণিজ্য, বাহিৰৰ পৃথিৱীখনৰ লগত সম্বন্ধ স্থাপন আদিৰ ক্ষেত্ৰত অসমৰ আন লোকসকলে কোনো সুযোগ-সুবিধা পোৱা নাছিল।

সেয়েহে আধুনিকতাৰ গতিপথত এওঁলোকৰ খোজ আছিল তেনেই মন্থৰ গতিৰ। বৰঞ্চ ঔপনিৱেশিক শোষণ-নিষ্পেষণৰ স্বাৰ্থত ৰক্ষণশীল সামাজিক ৰীতি-নীতিবোৰৰ ক্ষেত্ৰত ৰক্ষণশীলতাকে প্ৰশ্ৰয় দিয়া হৈছিল।

অসমত ব্ৰিটিছে চাহশিল্পৰ সম্প্ৰসাৰণৰ বাবে বিনামূলীয়াভাৱে হাজাৰ-বিজাৰ বিঘা ভূমি অধিগ্ৰহণ, কয়লা, তেল, খনিজ আৰু বনজ সম্পদসমূহ লুন্ঠন কৰা বিষয়ত অসমৰ শিক্ষিত শ্ৰেণীটোৱে পোনতে কোনো প্ৰতিবাদ কৰা দেখা নাযায়।

পৰৱৰ্তী সময়ত ব্ৰিটিছৰ লগত বিভিন্ন কাৰণত সংঘাত বৃদ্ধি পোৱাত আৰু স্বাধীনতা আন্দোলনৰ প্ৰভাৱজাত এই শ্ৰেণীটোৱে, ক্ৰমান্বয়ে ঔপনিৱেশিক আইন-আঁচনিৰ বিৰোধিতা কৰিছিল।

মণিৰাম দেৱানৰ লগত ব্ৰিটিছৰ প্ৰত্যক্ষ সংঘাত লগাব পিছতহে অসমৰ এই শ্ৰেণীটো সচেতন হৈ পৰিছিল বুলি ক’লেও বঢ়াই কোৱা নহয়। মণিৰামে কোম্পানীৰ দেৱান হিচাপে ১৮৪৪ চনলৈকে কেইবাখনো বাগান পাতিছিল। ১৮৪৪ চনত কোম্পানীৰ লগত মতানৈক্য ঘটাত তেওঁ কোম্পানীৰ চাকৰি বাদ দিয়ে আৰু নিজ প্ৰচেষ্টাত চেনিমৰা আৰু চেংলুঙত দুখন চাহ বাগিচা পাতে।

উল্লেখ্য যে ১৮৫২ চনলৈ ব্যক্তিগত উদ্যোগত শিৱসাগৰত মানুহে মাথোঁ তিনিখন বাগিচা পাতিছিল। ইয়াৰ দুখন মণিৰামৰ আৰু এখন আছিল এজন চাহাবৰ।

ব্ৰিটিছে মণিৰামক চাহ-শিল্পত আগবঢ়াবলৈ নিদিলে। বিশেষকৈ চাহ বাগিচা পাতিবৰ বাবে বিনামূলীয়াভাৱে বিশাল পৰিমাণৰ ভূমি বিদেশী কোম্পানীবোৰক আবন্টন বা লীজত দিয়াৰ বিপৰীতে দেশীয় কোনো লোকে যাতে চাহ খেতিত হাত দিব নোৱাৰে তাৰ বাবে মাটিৰ খাজনা নিৰ্দ্ধাৰণ কৰা হৈছিল বহু বেছি পৰিমাণত।

ইয়াৰ বিৰোধিতাৰে মণিৰামে চাহ বাগান খোলা দেখি ব্ৰিটিছ প্ৰশাসন সচকিত হৈ পৰিছিল আৰু থলুৱা লোকৰ চাহ বাগিচা খোৱাৰ আকাংক্ষাক মষিমূৰ কৰিবলৈ ষড়যন্ত্ৰ কৰা হৈছিল।

সেয়ে সুবিধা পাই মণিৰামৰ ওপৰত অনা অভিযোগৰ তদন্ত হোৱাৰ আগতেই ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত তেওঁক ফাঁচিকাঠত তুলিছিল।

ব্ৰিটিছে যে কেতিয়াও স্বদেশী উদ্যোগ, দেশীয় পুঁজিৰ বিকাশ আদি সহ্য নকৰে তাক যেতিয়ালৈকে অসমীয়া মধ্যবিত্তই বুজি উঠিছিল, তেতিয়ালৈকে অসমৰ বৃহৎ পৰিসৰৰ ভূমি চাহ বাগিচা স্থাপনৰ নামত বহিৰাগত কোম্পানীক সামান্য মাচুলত বা বিনামূলীয়াকৈ আবন্টন দিয়া প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈ উঠিছিল।

উৎস: অসমৰ চাহ শ্ৰমিকৰ ঐতিহাসিক প্ৰেক্ষাপট(কিশোৰ কুমাৰ কলিতা)

 

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top