অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ বাগানৰ বাবে বনুৱাৰ আমদানি :

চাহ বাগানৰ বাবে বনুৱাৰ আমদানিৰ বিষয়ে লিখা হৈছে ।

দ্বিতীয় অধ্যায়:

অসমত পতা চাহ বাগানবোৰত শ্ৰমিক বা বনুৱা হিচাপে কাম কৰিবলৈ প্ৰথমৰেপৰা অসমৰ থলুৱা লোকসকলে ইচ্ছা প্ৰকাশ কৰা নাছিল। অসমৰ যিবোৰ এলেকাত চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল সেইবোৰ এলেকাত ঊনৈশ শতিকাৰ প্ৰথমাৰ্দ্ধ পৰ্যন্ত গভীৰ অৰণ্য আছিল আৰু এলেকাত ঊনৈশ শতিকাৰ প্ৰথমাৰ্দ্ধ পৰ্যন্ত গভীৰ এলেকাত প্ৰাকৃতিকভাৱে পোৱা খাদ্য শস্যৰ লগতে খতি কৰিবলৈ অসমৰ থলুৱা লোকসকলৰ আগ্ৰহ আছিল তেনেই কম।

১৮৩৯ চনত চি এন ব্ৰুচে অসমত হোৱা চাহ শ্ৰমিকৰ নাটনি সন্দৰ্ভত এক অভিযোগ দাখিল কৰিছিল য’ত তেওঁ অসমৰ থলুৱা শ্ৰমিক সকল কেনেদৰে চাহ বাগিচাৰ বাবে উপযুক্ত নহয় তাক বিস্তৃতভাৱে বিশ্লেষণ কৰিছিল। দৈনিক উপাৰ্জনৰ সৰহ অংশই কানি খোৱাত খৰচ কৰা এইসকল লোকেৰে চাহ বাগিচা চলাই যোৱাটো মস্কিল। সেয়েহে উন্নত জাতৰ বনুৱা নিয়োগ কৰা খুবেই জৰুৰী, যিয়ে কেৱল নিজেই নহয় নিজৰ ল’ৰা-ছোৱালীকো কাম কৰিবলৈ পঠিয়াব। ব্ৰুচে এনেদৰে লিখিছিল- “An extent of 300 will cost from 200 to 300 rupees, i.e. according to the manner in which the miserable opium smoking Assamese work. This alone ought to point out the utility of introducing a superior race of labourers, who would not only work themselves, but encouraging their women and children to do the same; in plucking and sorting leaves they might be profitably turned to account for both parties. This I have not been able to instill into the heads of the Assamese, who will not permit their women to came into the tea gardens. Indeed, unless more labourers can be furnished a larger amount of Tea must not be looked at present. Last season it was with the greatest difficulty that I could det a suddicient number of hands to gather the leaves. The plucking of the leaves may appear to many a very easy and light employment, but there are not a few of our coolies who would much rather be employed on any other job; the standing in one position so many hours occasions swelling in the legs, as our plants are not like those of China, only three feet hight, but double that size, so that one must stand upright to gather the leaves”.

একে স্থানতে ঘন্টাৰ পিছত ঘন্টা ধৰি থিয় দি পাত ছিঙাৰ কষ্টকৰ পৰিশ্ৰমৰ কথা উল্লেখ কৰাৰপৰা আমি বাগিচাত নিয়োগ কৰা বনুৱাৰ শ্ৰমৰ এক আভাস পাব পাৰোঁ, যাক ব্ৰিটিছ বিষয়াজনেও স্বীকাৰ কৰি লৈছিল। এনে পেৰিপ্ৰেক্ষিতত ১৮৪১ চনত আসাম কোম্পানীয়ে ‘চোটানাগপুৰ’ এলেকাৰপৰা বনুৱা আমদানি কৰাৰ সিদ্ধান্ত লয়। এনে সময়তে মেলেৰিয়া ৰোগে তাণ্ডৱৰূপ ধাৰণ কৰাত যিবোৰ বনুৱাক আমদানি কৰি অনা হৈছিল সেইসকলৰ সৰহভাগৰে আধাবাটতে মৃত্যু ঘটিছিল।

অসমৰ মানুহে যে চাহ বাগিচাত কাম কৰিবলৈ মুঠেই ইচ্ছুক নহয় সেই বিষয়ত উত্তম লখিমপুৰৰ সহকাৰী আয়ুক্তই কৈছিল যে চাহ বাগিচাত কাম কৰিবলৈ অসমীয়া মানুহে ঘৰ এৰি যাবগৈ ইচ্ছুক নাছিল। কিছুমান ক্ষণস্থায়ী প্ৰয়োজন যেনে ৰাজহ পৰিশোধ, বিবাহ পাশত আবদ্ধ হোৱা, ‘কায়া’ৰ ওচৰত থকা ঋণ পৰিশোধ কৰা বা তাৰ পৰা পৰিত্ৰাণ পাবলৈ আদি কাৰণতহে এইসকল লোকে বাগিচাত কাম কৰিব বিচাৰিছিল। “It is a very rare thing indeed for an Assamese living at a distance to leave his home for the mere inducement at getting work in a tea garde. Their taking such work at all is generally attributable to temporary necessary, as for instance inability to pay their revenue, wanting to get married and not having the necessary means, being indebt to a kyah and wanting it possible to escape payment at his exorbitant interest or, as more commonly happens, pawning their freedom, being in want at yoke of bullocks for cultivating purposes, ect. ect”.

ইয়াৰ বহু বছৰ পাছত গঠন হোৱা ৰয়েল কমিছনে বাগিচাৰ মালিকৰ দৃষ্টিভংগীৰপৰা অসমৰ বাগিচাত দেখা দিয়া বনুৱা সংকট সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ মতামত ব্যক্ত কৰিছিল। কমিছনৰ প্ৰতিবেদন অনুসৰি সমগ্ৰ অসমতে বাগিচাৰ মূল সমস্যাটোৱে হ’ল পৰ্যাপ্ত পৰিমাণত চাহ শ্ৰমিক নোপোৱাটো। ইয়াত কোৱা হৈছে- অসমত থকা বেছিভাগ চাহ বাগিচা আজি য’ত আছে সেইবাবে বছৰ বছৰ আগতে চাহ নকৰাকৈ পৰি আছিল আৰু সেইবোৰ আছিল জনবসতিহীন জংঘলৰ মাজত। সেয়েহে চাহ বাগিচা উদ্যোগৰ সম্প্ৰসাৰণৰ বাবে বনুৱা আমদানি কৰাটো অতি প্ৰয়োজনীয় হৈ দেখা দিছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ তুলনাত সুৰমা উপত্যকাত স্থানীয়ভাৱে বা কাষৰীয়া বংগৰপৰা শ্ৰমিক পোৱা গৈছিল। কিন্তু ব্ৰহ্মপুত্ৰ উপত্যকাত পোৱা শ্ৰমিকৰ সংখ্যা নগণ্য। তদুপৰি চোটানাগপুৰ বা বিহাৰতকৈ নিকটৱৰ্তী অঞ্চলৰপৰা বনুৱা পোৱাটো আছিল মস্কিল। এইটো মনত ৰখাটো প্ৰয়োজনীয় যে অসমৰ বাগিচাসমূহ থকা জিলাসমূহ পাবলৈ সেইসময়ত ব্ৰহ্মপুত্ৰৰ মাজেৰে কেইবাদিনো নাৱত যাব লগা হৈছিল। তদুপৰি প্ৰব্ৰজনকাৰী বনুৱাসকলে অতিৰিক্তভাৱে দীঘলীয়া ৰে’লযাত্ৰা কৰিব লগাত পৰিছিল। এইখিনিৰ পৰাই অনুধাৱন কৰিব পাৰি চাহ বাগিচাৰ মালিকসকলে নিজৰ বাগিচাৰ বাবে শ্ৰমিক গোটোৱাটো কিমান কষ্টকৰ আছিল…….সেয়েহে বাগিচাৰ মালিকসকলৰ প্ৰথমৰে পৰা মূল উদ্দেশ্যটোৱে আছিল এই যে এবাৰ যদি কোনো বনুৱাক বাগিচাত মকৰল কৰিব পৰা যায় তেন্তে সি কেৱল তাতেই কাম কৰি থাকিব, অন্য ক’তো নহয়।

অসমৰ বাগিচাত বনুৱা মকৰল কৰাৰ সমস্যাটোলৈ লক্ষ্য ৰাখি ১৯৫৯ চনত অসমৰ আয়ুক্ত কৰ্ণেল জেনকিনে বনুৱাৰ তুলনাত বাগিচা শ্ৰীবৃদ্ধি কৰাক লৈ এক সতৰ্কবাণী শুনাইছিল আৰু ইয়ে চাহ বাগিচাৰ মালিকসকলক এক প্ৰণালীবদ্ধ ব্যৱস্থাৰে বাগিচাৰ শ্ৰমিক নিযুক্তি প্ৰক্ৰিয়া গঢ়াত উদ্বুদ্ধ কৰিছিল। ১৮৫৯ চনত টি প্লেন্টাৰছ এছ’চিয়েশ্যন গঠন হয় আৰু একে সময়তে বংগৰ গৱৰ্ণৰে মালিকসকলক মৰিচাছৰ লেখীয়াকৈ শ্ৰমিক নিযুক্তি প্ৰক্ৰিয়া গঢ়ি তুলিবলৈ উপদেশ প্ৰদান কৰে। তেওঁ কৈছিল যে বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকসকলে বেছি পৰিমাণৰ মজুৰিৰ লগতে পুষ্টিকৰ খাদ্য আৰু বাগিচাত নিজৰ প্ৰয়োজন অনুসৰি বিনাভাৰাৰ মাটি দখল কৰিব পাব লাগে। চাহ বাগিচাৰ মালিকসকলে ইয়াৰ পিছতে বাগিচাৰ কামলৈ শ্ৰমিকক আকৰ্ষিত কৰিবলৈ মজুৰি প্ৰতি মাহত পাঁচ টকালৈ বৃদ্ধি কৰে। ইয়াৰ আগলৈকে অসমৰ বাহিৰৰপৰা অসমলৈ আমদানি কৰি অন্য বনুৱাই মাহেকত দুই পৰা তিনি টকাহে লাভ কৰিছিল। মাহেকীয়াব দৰমহা বা মজুৰি ৫ টকা হোৱাৰ পিছত বনুৱা সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে। ১৮৫৮ আৰু ১৮৫৯ চনত বেনাৰস, গাজিপুৰ, চোটানাগপুৰ আৰু বিহাৰৰপৰা কাছাৰলৈ ৪০০ বনুৱা আমদানি কৰা হৈছিল।

১৯০৬ চনত প্ৰকাশিত Report of Assam Labour Enquiry Committee, 1906–ত উল্লেখ কৰা হৈছিল যে বনুৱাৰ যোগান ধৰা ঠিকাদাৰবোৰে উচ্চ হাৰৰ মজুৰি, উজু পৰিশ্ৰম আদিৰ লোভ দেখুৱাই অসমৰ চাহ বাগিচা থকা ঠাইসমূহলৈ বনুৱা প্ৰেৰণ কৰিছিল। যাত্ৰাপথত এইসকল বনুৱাৰ অনাময়, খোৱা-বোৱা আদিৰ কোনো নিশ্চয়তা নাছিল, যাৰ ফলত যাত্ৰাপথতে বহু বনুৱাৰ মৃত্যু ঘটিছিল। তদুপৰি অসমৰ জংঘলত বহু মাহ অতিবাহিত কৰাৰ পিছত এইসকল বনুৱাই জীয়াই থকাৰ সকলো আশা পৰিত্যাগ কৰিবলগা হৈছিল।

এই সময়ছোৱাত যিসমূহ বিধিয়ে বাগিচাৰ মালিক তথা বনুৱাৰ মাজত থকা সম্পৰ্ক পৰিচালিত কৰিছিল তাৰ ভিতৰত অন্যতম আছিল ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯২ নং অনুচ্ছেদ আৰু Act XII of 1959(The workmen’s Breach of Contract Act)। মাষ্টাৰ ৱাৰডেন(Master Warden) আৰু কলিকতা ব্যৱসায় সংন্থা(Calcutta Trades Association)ৰ তৎপৰতাত প্ৰণয়ন কৰা এই আইনখন পোনতে প্ৰেছিডেন্সী চহৰবোৰতহে প্ৰযোজ্য হৈছিল। তাৰ কিছুদিন পিছতে এই আইনখনক(ছিলেটৰ বাদে, পাছৰ পৰ্যায়ত ছিলেটকো সামৰি লোৱা হৈছিল)সকলো চাহ বাগিচা থকা অঞ্চলবোৰত প্ৰযোজ্য কৰা হৈছিল। ১৮৫৯ চনত আইনখন এই কাৰণে অনা হৈছিল যে যিবোৰ দেৱানী আইন(Civil law) সেই সময়ত ভাৰতবৰ্ষত প্ৰযোজ্য আছিল সিয়ে বাগিচাৰ মালিকসকলক বনুৱা নিয়োগৰ ক্ষেত্ৰত যথাযথ সুৰক্ষা প্ৰদান কৰিব পৰা নাছিল। কোনো চাহ শ্ৰমিকে যদি চুক্তিভংগ কৰি কামৰপৰা আঁতৰি গৈছিল তেন্তে তেনে লোকৰ বিৰুদ্ধে দেৱানী মোকৰ্দমাৰ জৰিয়তে বিশেষ সুফল পোৱা নগৈছিল। ১৮৫৯ চনৰ আইনখনৰ দ্বাৰা তেনে বনুৱাৰ বিৰুদ্ধে নিয়োগকৰ্তা বা বাগিচা কৰ্তৃপক্ষই গোচৰ তৰিব পৰাৰ ব্যৱস্থা কৰা হ’ল। নিয়োগকৰ্তাক আইনখনৰ জৰিয়তে বিধিগত সুবিধ প্ৰদান কৰাৰ বিপৰীতে শ্ৰমিকসকলক কোনো ধৰণৰ সুৰক্ষা প্ৰদান কৰা নহ’ল। তদুপৰি বনুৱাজনক চাহ বাগিচা থকা স্থানলৈ যোৱাৰ ক্ষেত্ৰত কোনো সা-সুবিধা প্ৰদানৰ ব্যৱস্থা এই আইনখনে নকৰিলে।

চাহ বাগিচাত কাম কৰিবলৈ আমদানি কৰি অনা শ্ৰমিকসকলৰ দুৰ্ভাগ্যজনক পৰিস্থিতি অনুসন্ধান কৰিবলৈ ১৮৬১ চনত বংগ চৰকাৰে এখন কমিটী গঠন কৰি দিয়ে। এই কমিটীখনে আমদানি কৰা বনুৱাসকলক চাহ বাগিচা থকা ঠাইলৈ অনাৰ ব্যৱস্থা, অনাৰ সময়ত প্ৰদান কৰিব লগা বিভিন্ন সা-সুবিধা, খোৱা-বোৱা আদি পৰ্যবেক্ষণ কৰি এক মৰ্মান্তিক অৱস্থা অনুধাৱন কৰিলে। বাগিচাত কাম কৰিবলৈ অহা শ্ৰমিকসকলৰ অৱস্থা তেওঁলোকে ভবা অৱস্থাতকৈও যে নিদাৰুণ তাক কমিটীৰ সদস্যসকলে উপলব্ধি কৰিছিল। কমিটীয়ে লক্ষ্য কৰিছিল যে বাগিচাত কাম কৰিবলৈ অনা বনুৱাসকলৰ দহৰ পৰা বাৰ শতাংশ(১০-১২%) কুলী বা বনুৱাৰ যাত্ৰা পথতে মৃত্যু ঘটিছিল। এবাৰ যাত্ৰাপথত ৫০% শতাংশ বনুৱাৰ মৃত্যু হোৱা বুলিও এই কমিটীখনে নিশ্চিত কৰিছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল যাত্ৰাপথত কুলীৰ মৃত্যু হ’লেও কুলী অনা ঠিকাদাৰবোৰে প্ৰতিজন কুলীৰ বাবদ পাব লগা ধন সম্পূৰ্ণভাৱে পাইছিল।

১৮৬৩ চনৰ আইন:

এই কমিটীৰ অনুসন্ধানৰ পাছতে ১৮৬৩ চনত Inland Emigration Act, Bengal Act III of 1863 পালন কৰা হয়। এই বিধিখনৰ জৰিয়তে নিম্নোক্ত বিষয়বোৰ সামৰা হ’ল-

১. অসমলৈ আমদানি কৰা চাহ শ্ৰমিক নিয়ন্ত্ৰণ কৰা।

২. যিসকলে শ্ৰমিক নিয়োগ কৰিব বিচাৰে তেওঁলোকৰ অনুজ্ঞাপত্ৰ(License) থাকিব লাগিব।

৩. যিবোৰ বনুৱাই অসমলৈ আহি কাম কৰিবলৈ ইচ্ছা প্ৰকাশ কৰে সেইসকলক পোনতে বনুৱাজনৰ গৃহ জিলাৰ দণ্ডাধীশৰ আগত হাজিৰ কৰাব লাগিব।

৪. বনুৱাজন চাহ বাগিচাত কাম কৰিবলৈ শাৰীৰিকভাৱে হয় নে ,নহয় তাক চিকিৎসকৰ দ্বাৰা পৰীক্ষা কৰোৱা।

৫. বনুৱাজনে কাম বাগিচাত কৰৰ সময়সীমা বা ম্যাদ যে চাৰিবছৰৰ অধিক হ’ব নোৱাৰে সেই কথাটো বনোৱাজনক অৱগত কৰা আৰু কাম কৰা চুক্তিখন(Contract of service) প্ৰব্ৰজন অধীক্ষক(Superintendent of Emigration)ৰ আগত সম্পন্ন কৰিব লাগিব।

৬. যিবোৰ জাহাজ বা নাৱত বনুৱাসকলক অনা হ’ব সেইসমূহৰো অনুজ্ঞাপত্ৰ থাকিব লাগিব।

৭. যিবোৰ বনুৱাই নিয়োগকৰ্তা বা ঠিকাদাৰ নোহোৱাকৈ নিজাববীয়াকৈ অসমলৈ চাহ শ্ৰমিক হিচাপে গৈছিল সেইসকলৰ ক্ষেত্ৰত এই আইনখন প্ৰযোজ্য হোৱা নাছিল।

এই আইনখনে কাৰ্যক্ষেত্ৰত শ্ৰমিক বা বাগিচাৰ মালিকক একো সকাহ প্ৰদান কৰিব নোৱাৰিলে। যিবোৰ বনুৱাই নিয়োগকৰ্তাৰ অলেখ ধন ব্যয় কৰি বাগিচাত কাম কৰিবলৈ আহি কাম কৰিবলৈ অমান্তি প্ৰকাশ কৰে বা পলাই লযায় সেইসকলৰ বিৰুদ্ধে ১৮৫৯ চনৰ আইনখন বা ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯২ নং অনুচ্ছেদটো প্ৰয়োগ কৰৰ বাদে আন কোনো বিকল্প নাছিল। যিসকল শ্ৰমিকক বাগিচাত কাম কৰিবলৈ মাতি অনা হৈছিল সেইসকলক আচলতে বহুতো প্ৰলোচন আৰু মিছা কথাৰে আভুৱা ভাঁৰা হৈছিল। অসমৰ মাটিত কিছুদিন কাম কৰাৰ পিছত এনে বনুৱাৱৰ মোহভংগ হৈছিল আৰু পুনৰ উভতি যাব বিচাৰিছিল স্ব-গৃহলৈ। বনুৱাৰ সংকট হ’লে মালিকসকলে যথাসময়ত চৰকাৰৰ ঘৰৰ পৰা আবন্টন পোৱা মাটি মোকলাই ল’ব নোৱাৰিব বুলি শংকিত হৈছিল বাবে মালিকৰ মূল লক্ষ্য আছিল যেনেতেনে এক বনুৱাক আবদ্ধ কৰি ৰাখে। কমকৈ কাম কৰা বনুৱাক তীব্ৰ বেত্ৰাঘাত কৰা হৈছিল আৰু পলাই যোৱা বনুৱাক যেতিয়া ধৰাত পেলোৱা হৈছিল তেতিয়া বনুৱাজনৰ ওপৰত চলোৱা হৈছিল অকথ্য নিৰ্যাটন। বাগিচাৰপৰা পলাই যোৱা চাহ বনুৱা সকলক ধৰি আনিবলৈ ‘পাহাৰৰ মানুহ’ লগাই দিয়া হৈছিল। পলাই যোৱাজনক ধৰি আনিব পাৰিলে পাহাৰীয়া মানুহে কৰ্তৃপক্ষৰপৰা ধনৰ পুৰস্কৰ লাভ কৰিছিল আৰু এই ধন বনুৱাজনৰ দৰমহা বা মজুৰিৰপৰা কৰ্তন কৰা হৈছিল।

অসমলৈ কাম কৰিবলৈ অহা শ্ৰমিকসকলৰ দুৰ্দশগ্ৰস্ত জীৱনৰ এক পৰিসংখ্যাগত তথ্য পোহৰলৈ আহে ১৯০৬ চনত। ১৯০৬ চনৰ গঠন হোৱা ‘Committee of Enquiry’–এ হিচাপ কৰি উলিয়ায় যে ১৮৬৩ চনৰ ১ মে’ৰ পৰা ১৮৬৬ চনৰ ১ মে’ৰ ভিতৰত অসমলৈ কাম কৰিবলৈ ৮৪,৯১৫ জন বনুৱা আহিছিল। তাৰে ৩০,০০০ জন বনুৱা ১৮৬৬ চনৰ ৩০ জানুৱাৰীৰ ভিতৰত মৃত্যু ঘটিছিল।

১৮৬৩ চনৰ Bengal Act III খনে নিয়োগকৰ্তা আৰু চাহ শ্ৰমিকক বিশেষ সুৰক্ষা দিব নোৱৰা হেতুকে ইয়াক ১৮৬৫ চনত সংশোধন কৰা হয়। Bangal Act VI of 1865 লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত আইনখনত কোৱা হৈছিল: দেশৰ পূবপ্ৰান্তৰ জিলাবোৰত নিয়োগবাৰ্তা আৰু শ্ৰমিকৰ মাজৰ থকা দুৰ্ভাগ্যজনক সম্পৰ্কৰ পৰিণতিত, ঔপনিৱেশিক প্ৰব্ৰজনৰ লেখীয়াকৈ, যেতিয়ালৈকে চুক্তি বাহাল থাকিব তেতিয়ালৈকে চৰকাৰৰ হস্তক্ষেপ চলিব বুলি এতিয়া প্ৰস্তাৱ লোৱা হ’ল। এনে হস্তক্ষেপ নিয়োগবাৰ্তা আৰু বনুৱা দুয়োৰে স্বাৰ্থত প্ৰয়োজনীয় বুলি বিবেচনা কৰা হৈছে। নিয়োগবাৰ্তাজনে ঘোষণা কৰে যে তেওঁ বহু খৰচ-পাতি কৰি প্ৰদেশখনলৈ বনুৱা আমদানি কৰে আৰু যেতিয়াই বনুৱাবিলাক আহি পায় তেতিয়াই সিহঁতে কাম কৰিবলৈ অসন্মত হয় বা কাম বাদ দিয়ে; কাম ত্যাগ কৰাৰ শাস্তি সামান্য বাবে তথা ইয়াৰ দ্বাৰা বনুৱাজনে সকলো বন্দৱস্তিৰপৰা মুকলি হৈ পৰে বাবে বনুৱাজনে চুক্তিৰপৰা মুক্তি পাবলৈ ইচ্ছাকৃতভাৱে শাস্তিৰ সন্মুখীন হয়। আনহাতে বনুৱাজনৰ মতে চুক্তি কৰাৰ সময়ত তেওঁ যি হাৰত মজুৰি পাব বুলি ভাবিছিল সেই হাৰৰ মজুৰি তেওঁক দিয়া নহয়; তেওঁৰ প্ৰতি ৰুক্ষ ব্যৱহাৰ তথা অনাদৰ কৰা হয়, সেয়েহে তেওঁ চুক্তিৰ অধীনত সকলো দায়ৰ পৰা নিজকে মুকলি হোৱা বুলি গণ্য কৰে। [In consequences of the unfortunate state of the reations existing between employers and labourers in the eastern districts, it is now proposed, as in the case of colonial Emigration, to continue the interference of Sovernment so long asa the contract is current. Such interfence appears to be necessary in the interests of the labour. For the planter declares that he imports labourers into the province at a very great expense and that as soon as they aarive they refuse to work or leave service; that the punishment for desertion is slight and carries with it the release from all engagements and that therefore the labourer willingly incurs the liability to punishment in the hope of being set free from his contract. The labourer on other hand declares that he is not paid at the rate which he expected to receive when he entered into the contract; that he is ill-used and neglected and therefore considers himself free from all liability under the contract]

এই আইনখনৰ জৰিয়তে বাগিচাৰ শ্ৰমিকৰ ন্যূনতম মজুৰি, কাম কৰাৰ নিৰ্দ্ধাৰিত সময়(প্ৰতিদিনে ৯ ঘন্টা আৰু সপ্তাহত ৬ দিন কাম) আৰু আমদানি কৰা প্ৰব্ৰজিত শ্ৰমিকক তিনিবছৰতকৈ অধিককাল কামত আবদ্ধ কৰি ৰাখিব নোৱাৰিলে বুলি কোৱা হ’ল। প্ৰতিখন চাহ বাগিচাতে এখন হাস্পতাল, শ্ৰমিকৰ বাবে এগৰাকী পৰিদৰ্শক আৰু ৰক্ষাকৰ্তা(protector) নিয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছিল। কোনো শ্ৰমিকে তেওঁক কৰা নিষ্ঠুৰ ব্যৱহাৰৰ বিৰুদ্ধে যদি অভিযোগ দিব বিচাৰে তেন্তে তেনে অভিযোগৰ কথা ৰক্ষাকৰ্তাক মেনেজাৰে অৱগত কৰাটো বাধ্যতামূলক কৰা হৈছিল আৰু ইয়াৰ অন্যথা ৫০০ টকাৰ জৰিমনা বিহাৰ ব্যৱস্থা কৰা হৈছিল। যদিহে বনুৱাজনক ৰুক্ষ ব্যৱহাৰ কৰাটো প্ৰমাণিত হয় তেন্তে বনুৱাজনৰ লগত কৰা চুক্তিপত্ৰ ৰক্ষাকৰ্তাৰদ্বাৰা তাৎক্ষণিকভাৱে নাকচ কৰা হৈছিল। ইয়াৰ বিপৰীতে কোনো আমদানিকৃত বনুৱাই যদি ধাৰাবাহিকভাৱে কাম কৰিবলৈ অমান্তি প্ৰকাশ কৰে বা ৭ দিনতকৈ অধিকসময় কামত অনুপস্থিত থাকে তেনে বনুৱাক কাৰগাৰলৈ নিক্ষেপ কৰাৰ বিধি কৰা হৈছিল। এই আইন অনুযায়ী বাগিচাৰ মালিকে কাৰাগাৰলৈ নিক্ষেপ কৰাৰ বিধি কৰা হৈছিল। এই আইন অনুযায়ী বাগিচাৰ মালিকে পলাই যোৱা বনুৱা আৰু মালীক দুয়োপক্ষকে বিধিগত সুৰক্ষা দিয়াৰ চেষ্টা চলোৱা হৈছিল সঁচা কিন্তু কাৰ্যক্ষেত্ৰক বাগিচা কৰ্তৃপক্ষৰ শোষণ, নিষ্পেষণ আৰু বনুৱাক কৰা আৱদমন অব্যাহত থাকিল। শ্ৰমিকৰ প্ৰতি কৰ্তৃপক্ষই প্ৰদৰ্শন কৰা নিষ্ঠুৰ ব্যৱহাৰ কিছু পৰিমাণে লাঘৱ হ’ল ঠিকেই কিন্তু বাগিচাত কাম কৰা আৰু থকা-বোৱাৰ অস্বাস্থ্যকৰ পৰিৱেশ, খোৱাপানী আৰু খাদ্যবস্তুৰ অভাৱ, শ্ৰমিক থকা ক’লনীত অত্যধিক বনুৱাক থাকিবলৈ দিয়া, বেমাৰ হ’লে যথাযথভাৱে চিকিৎসা নোপোৱা আদি পৰিঘটনা অব্যাহত আছিল। ফলত বাগিচাত কাম কৰা বনুৱাৰ মৃত্যুৰ পৰিসংখ্যা নিয়ন্ত্ৰণত এই আইনে কোৱা সফলতা দেখুৱাব নোৱাৰিলে।

১. ১৮৬৩ৰ বংগ বিধি(Bengal Act of 1863)ত কোৱা হৈছিল যে অসম, কাছাৰ আৰু চিলেটত বনুৱা নিয়োগ কৰিবলৈ হ’লে নিয়োগকৰ্তাসকলৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। চাহ বাগিচা থকা এলেকাবোৰলৈ নিজ স্থান এৰি যোৱাটো আগতে বনুৱাৰ লগত চুক্তিপত্ৰ কৰিব লাগিব।

২. ১৮৬৫ চনৰ বংগ আইনখনে(Bengal Act of 1865) প্ৰবসুৱা(emigrant) বনুৱাৰ বাবে ন্যূনতম পাৰিশ্ৰামিক তথা চুক্তিৰ জৰিয়তে কামৰ ম্যাদ তিনি বছৰ নিৰ্দ্ধাৰণ কৰি দিছিল। আগতে চাহ বাগিচাৰ বনুৱাই লাভ কৰিব লগা বিভিন্ন সুৰক্ষা, শাস্তিৰ ব্যৱস্থা আৰু পলৰীয়া বনুৱ আটক কৰাৰ ব্যৱস্থাও এই আইনখনে প্ৰদান কৰিছিল।

৩. ১৮৬৫ চনৰ আইনখনৰ কাৰ্যকাৰিতা ফঁহিয়াই চাবলৈ চৰকাৰে ১৮৬৮ চনত এখন অনুসন্ধান আয়োগ নিয়োগ কৰিছিল। এই আয়োগে মূলতঃ বাগিচাৰ বনুৱাৰ দুৰ্দশাগ্ৰস্ত ছবিখন উন্মোচন কৰাৰ লগতে বনুৱা নিয়োগৰ ক্ষেত্ৰত চলি অহা ‘চৰ্দাৰী’(Sardari) ব্যৱস্থাৰ বিলুপ্তিৰ বাবে অনুমোদন কৰিছিল। অৱশ্যে চৰকাৰে এই অনুমোদন মানি নল’লে। ১৮৬৩ আৰু ১৮৬৫ চনৰ আইনত বনুৱা কল্যাণাৰ্থে থকা কিছু উপবদ্ধ যেনে- স্বাস্থ্য পৰীক্ষা, চাহ এলেকালৈ যোৱাৰ পূৰ্বে চুক্তিপত্ৰত স্বাক্ষৰ কৰা আদি ১৮৭০ চনৰ আইনখনতো ৰখা হ’ল। অৱশ্যে ১৮৬৫ চনৰ আইনত সন্নিৱিষ্ট কৰা ন্যূনতম মজুৰি উপবন্ধ ১৮৭০ৰ আইনখনত ৰখা নহ’ল। তৎসত্ত্বেও বাগিচাৰ শ্ৰমিকৰ অৱস্থা পৰিদৰ্শন কৰাৰ ব্যৱস্থাটো অব্যাহত থাকিল। ১৮৭০ চনৰ আইনখনত(Bengal Act II of 1870) চৰ্দাৰী প্ৰথাৰে বনুৱা নিযুক্তি দিয়া প্ৰক্ৰিয়াটো বিধিগত বুলি ৰখা হৈছিল।

৪. ১৮৭৩ চনৰ বংগ আইনখনে(Bengal Act VII of 1873) এই আইনখনৰ উপবন্ধৰ বাহিৰতো মুকলিভাৱে বনুৱা নিযুক্তিৰ ব্যৱস্থাৰাখিছিল। অৱশ্যে এনে চুক্তি এবছৰৰ অধিককালৰ বাবে কৰিব নগৈছিল। এনেভাৱে নিযুক্তি দিয়া চুক্তি আৰু বাগিচাৰ মালিকৰ বিৰুদ্ধে আইনখনৰ শাস্তি বিধান প্ৰয়োগ কৰিব পৰাৰ ব্যৱস্থা ৰখা হোৱা নাছিল। সেয়েহে আইনখনৰ প্ৰয়োগ আছিল তেনেই সীমিত পৰিসৰত।

৫. ১৮৮২ চনৰ আইন(Bengal Act I of 1882)ক ধুবুৰী ব্যৱস্থা(Dhubri System) বুলিও জনা গৈছিল যাৰ অধীনত কোনো বনুৱা যোগান ধৰোঁতাজনে বনুৱাবোৰক ধুবুৰীলৈ চালান দি পুনৰ তাত কামত নিয়োগ কৰি আইনখনত নিৰ্দ্ধাৰণ কৰা সকলো দায়বদ্ধতাৰপৰা হাত সাৰিব পাৰিছিল। ১৮৭০ চনৰ আইনখনে বিলুপ্ত কৰা ‘ন্যূনতম মজুৰি’ উপবন্ধ বৃদ্ধি কৰা হৈছিল।

৬. ১৮৮৯(Bengal Act I) আৰু ১৮৯৩(Bengal Act VII)ত বনুৱাৰ নিয়োগ বিষয়টোত সামান্য পৰিৱৰ্তন সাধন কৰা হৈছিল।

৭. ১৯০১ চনৰ আইনখনত(Act VI) উল্লেখ কৰা হ’ল যে অধিসূচীত এলেকাত বনুৱাৰ যোগান বাগিচাৰ চৰ্দাৰসকলে কৰিলে নিয়োগবকৰ্তাৰ অনুজ্ঞাপত্ৰ থাকিব লাগিব। তদুপৰি বাগিচা এলেকালৈ অহাৰ আগতেই বনুৱাসকলৰ সৈতে চুক্তিপত্ৰ কৰিব লাগিব। এনে এলেকাবোৰত চৰ্দাৰৰ দ্বাৰা বনুৱা যোগান ধৰাৰ ক্ষেত্ৰত চৰকাৰে চৰ্দাৰক কৰ্তৃত্ব দিয়াৰ ব্যৱস্থা কৰা হ’ল। ন্যূনতম মজুৰি বৃদ্ধি কৰাৰ লগতে চুক্তিৰ সময়সীমা চাৰি বছৰ কৰা হ’ল।

গতিকে দেখা যায় যে বিংশ শতিকাৰ প্ৰাৰম্ভণিতে বাগিচাত বনুৱা নিযুক্তি দিয়াৰ ক্ষেত্ৰত পাঁচবিধ ব্যৱস্থা প্ৰচলিত আছিল-

ক)যিবোৰ এলেকাত অনুজ্ঞাপত্ৰহীন নিয়োগ দিয়াত বাধা প্ৰদান কৰা হোৱা নাছিল সেইবোৰ এলেকাত অনুজ্ঞাপত্ৰ নোহোৱা যোগনিয়াৰৰ দ্বাৰা মুকলিভাৱে বনুৱা যোগান ধৰা।

খ)যিবোৰ এলেকাত বাগিচাৰ শ্ৰমিক নিয়োগৰ বাবে অনুজ্ঞাপত্ৰৰ প্ৰয়োজন আছিল সেইবাবে অনুজ্ঞাপত্ৰ থকা নিয়োগকৰ্তা বা বাগিচাৰ চৰ্দাৰৰ দ্বাৰা বনুৱাৰ যোগান। চাহ বাগিচাৰ এলেকাবোৰলৈ প্ৰেৰণৰ আগতেই এনে বনুৱাৰ লগত চুক্তিপত্ৰ কৰি ল’ব লগা হৈছিল।

গ)ধুবুৰী বা আন এলেকাত মুকলি শ্ৰমিক মকৰল। এনে শ্ৰমিকবোৰৰ ক্ষেত্ৰত যোগনিয়াৰে মকৰল কৰক বা নকৰক, ধুবুৰী বা আন চাহ এলেকাত অহাৰ আগতে কোনো চুক্তিপত্ৰ কৰা নাছিল। এলেকাটো বা বাগিচাখন দেখাৰ পিছত এনে বনুৱাবোৰে মন সলনি কৰিব পাৰিছিল।

ঘ)১৮৫৯ চনৰ আইনৰ অধীনত নিৰ্দিষ্ট সময়ত ম্যাদ উকলি যোৱা চুক্তিৰে প্ৰৱাসী বনুৱাৰ নিয়োগ যাক ভাৰতীয় দণ্ডবিধি আইনৰ ৪৯২ নং দফাৰে পুনৰ বাহাল ৰখা হৈছিল।

ঙ)স্থানীয় বনুৱাৰ নিয়োগ।

চাহ বাগানত নিয়োগ সন্দৰ্ভত কেইবাধৰণৰ মতামতৰ সৃষ্টি হৈছিল। যিসকলে এনেধৰণৰ বনুৱা নিয়োগকৰ্তাসকল বিশেষক বাগিচাৰ মালিকবোৰক ‘অমানৱীয় দাস চালক’ বুলি অভিহিত কৰিছিল। ১৯০১ চনৰ আইনখন(Act VI) পাৰণ হোৱাৰ পিছত তদানীন্তন অসমৰ মুখ্য আয়ুক্ত হেনৰী কটনে চাহ বাগিচাত বনুৱা নিযুক্তি দিয়া ব্যৱস্থাটোকে ‘দণ্ডনীয় চুক্তি’(penal contract) বুলি অভিহিত কৰিছিল। ভাৰত চৰকাৰে ছাৰ হেনৰী কটনৰ এই মন্তব্য সমৰ্থন নকৰি ক’লে যে ভাৰতৰ আটাইতকৈ দৰিদ্ৰ এলেকাৰ পৰা নিযুক্ত অৰ্ধনিযুত লোক এই উদ্যোগটোৰ সৈতে জড়িত হৈ উদাৰভাৱে যোগান ধৰা খাদ্য আৰু কাপোৰৰ বাবে উদ্যোগটোৰ প্ৰতি কৃতজ্ঞ হৈ ৰৈছে। তেওঁলোকে নিজ গৃহত উপভোগ কৰিব পৰাতকৈ বেছি সুবিধা পোৱা বাবেই এই কৃতজ্ঞতাবোধৰ সৃষ্টি হৈছে বুলি চৰকাৰে কৈছিল(‘more than half a million emigrants drown from the very poorest classes of India are indebted to the industry for a much more liberal supply of food and clothing than they could have expected to enjoy in their own homes’.)

যদিও ব্ৰিটিছ চৰকাৰে ছাৰ হেনৰী কটনৰ লগত ঐক্মত্যত উপনীত হোৱা নাছিল, তথাপি ভাৰতবৰ্ষৰ বাকী অঞ্চলৰ লগত অসমৰ চাহ বনুৱা সকলৰ অৱস্থাৰ তুলনাত্মক অধ্যয়ন কৰিবলৈ জে চি আৰবুথনট(J.C. Arbuthonot)ক নিয়োগ কৰে। এখেতে দাখিল কৰা প্ৰতিবেদনখনে ভালেমান বিতৰ্কৰ সূচনা কৰাত ১৯০৬ চনত অসমমৈ বনুৱা যোগানৰ ক্ষেত্ৰত প্ৰয়োজনীয় ব্যৱস্থাবোৰ বিবেচনা কৰিবলৈ এখন অনুসন্ধান কমিটী গঠন কৰা হয়। এই কমিটীৰ প্ৰতিবেদনত কোৱা হ’ল যে অসমত চাহ শ্ৰমিকৰ নাটনিৰ বিষয়ত যিটো পৰিসংখ্যা দাঙি ধৰা হয় তাতকৈ বনুৱাৰ প্ৰয়োজন অধিক বেছি। যিহেতু প্ৰাপ্তবয়স্ক হোৱা চাহপুলিৰ বাগান এলেকা বৃদ্ধি কৰা হৈছে আৰু একেসময়তে চাহ শ্ৰমিকক ধান খেতি কৰিবলৈ মাটি আবন্টন কৰা হৈছে, সেয়েহে চাহ বাগানত কামৰ সময় হ্ৰাস পাইছে। কমিটীয়ে পুনৰ উল্লেখ কৰিছিল যে অসম উপত্যকাত লগাতকৈ ৫০,০০০ বনুৱা কমি আছে। কমিটীয়ে মতামত দিছিল যে অসমত বনুৱাৰ স্বাস্থ্যজনিত আৰু সাধাৰণ অৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত কৰ্তৃপক্ষই অৱহেলা কৰাৰ বাবে বনুৱা পোৱাটো মস্কিল হৈছে। অসমৰ বনুৱাক প্ৰদান কৰা মজুৰি তেনেই কম হোৱাটোও বনুৱা নাটনি হোৱাৰ অন্যতম কাৰক বুলি অনুসন্ধান কমিটীখনৰ প্ৰতিবেদনত কোৱা হৈছিল। ঠিকাভিত্তিক বনুৱা নিযুক্তিতকৈ চৰ্দাৰী ব্যৱস্থাৰে বনুৱা আমদানি কৰাটো অধিক ফলদায়ক বুলি মত দি কোৱা হৈছিল যে যিবোৰ বাগানে বনুৱাৰ প্ৰতি ভাল ব্যৱহাৰ কৰিছে সেইবোৰ বাগানত চৰ্দাৰী ব্যৱস্থাৰে বনুৱা নিয়োগ ব্যৱস্থাটো সফল হৈছে……. ‘But it is safe to say that the gardens which are most successful in Sardari recruitment are those which treat their labour best’.

চৰ্দাৰী প্ৰক্ৰিয়াৰে নিয়োগৰ ক্ষেত্ৰত কমিটীৰ মন্তব্য আছিল এয়ে যে এই ব্যৱস্থাটো সকলো ধৰণৰ বাধা-নিষেধৰপৰা মুক্ত হ’ব লাগে আৰু বনুৱাৰ লগত কোনো ধৰণৰ চুক্তি কৰিব নালাগে। এখন বাগানত মুৰব্বী(Headmen) বা গেঙৰ মুৰব্বী(Gangers) ধৰণৰ ব্যক্তিৰ অধীনত বনুৱাই কাম কৰিব লাগে আৰু বনুৱাবোৰৰ নিযুক্তি আৰু সেইসকলৰ কামৰ দায়িত্ব মুৰব্বী জনাই মূৰ পাতি ল’ব। বাগিচাৰ মেনেজাৰে গোটেই বাগিচাখন এনে চৰ্দাৰসকলৰ দ্বাৰা পৰিচালিত কৰিব। কমিটীখনৰ কিছুমান তাৎপৰ্যপূৰ্ণ অনুমোদন আছিল এনেধৰণৰ-

ক)পলায়ন কৰা বনুৱা আটক কৰিবলৈ মেনেজাৰৰ যি ক্ষমতা আছে তাক নোহোৱা কৰিব লাগে।

খ)এখন বাগানে যাতে আন এখন বাগানলৈ বনুৱ ফুচুলাই নিব নোৱাৰে তাৰ বাবে অসমত যথাযথ বিধি প্ৰণায়ন কৰিব লাগে।

গ)যদিহে অসমলৈ অধিক বনুৱাক আকৰ্ষণ কৰি আনিব লাগে তেন্তে চুক্তি বা সন্মতি পত্ৰ ধৰণৰ বস্তু এৰাই চলিব লাগে।

ঘ)বাগিচাৰ মালিকে বনুৱাক প্ৰদান কৰা মজুৰি বৃদ্ধি কৰিব লাগে।

ঙ)বেৰেক লাইনত থকা কোৱাৰ্টাৰ ব্যৱস্থাৰপৰা উলিয়াই আনি বনুৱাক(যিসকলে খেতি ল্কৰে) উদাৰভাৱে ভূমি প্ৰদান কৰিব লাগে যাতে তাতে তেওঁলোকে ঘৰ-দূৱাৰ নিৰ্মাণ কৰাৰ লগতে পাচলিৰ বাগিচা গঢ়িব পাৰে।

চ)বনুৱাবোৰক নিজৰ স্বাস্থ্যৰ অনুকূলে কামত যোগদান আৰু কাম এৰি যোৱাৰ স্বাধীনতা প্ৰদান কৰিব লাগে।

এই কমিটীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কোনো বিধি প্ৰণায়ন কৰা নহ’ল যদিও ১৯১৫ চনত Act VIII-ৰ জৰিয়তে এক সংশোধনী আনি যোগনিয়াৰ আৰু আৰকাটি(arkatti) ব্যৱস্থা বিলোপ কৰা হ’ল আৰু কেৱল চৰ্দাৰৰ জৰিয়তেহে বনুৱা নিযুক্ত কৰাটো বেলেগ বেলেগ বাগানৰ বাবেও বনুৱাৰ যোগান ধৰিব পাৰিছিল। নতুন বিধি অনুযায়ী এগৰাকী চৰ্দাৰে নিজে কাম কৰা বাগানখনৰ মেনেজাৰৰ পৰা বনুৱা যোগান ধৰাৰ এখন অনুজ্ঞাপত্ৰ ল’বলগাত পৰিল আৰু নিজ বাগিচাখনক বাদ দি আন বাগিচাৰ বাবে বনুৱা যোগান ধৰাত বাধা আৰোপ কৰা হ’ল।

ইয়াৰ পৰৱৰ্তী সময়ৰ বনুৱা নিযুক্তিৰ বিষয়ত অনা বিধিগত সংশোধনী সমূহ আমি নিম্নোক্ত ধৰণে আলোচনা কৰিব পাৰোঁ-

১৯২০ চনৰ আইন(Act XIII):

এই আইনখনৰ জৰিয়তে ১৮৫৯ চনৰ Act XIII বিধিখনৰ ভালেমান নিয়ম বিশেষলৈ দীৰ্ঘসময়ৰ বাবে চুক্তিপত্ৰৰ জৰিয়তে বনুৱা নিযুক্তিৰ ক্ষেত্ৰত সংশোধনী অনা হৈছিল। ১৯২০ চনৰ আইনখনৰ দ্বাৰা স্থানীয়ভাৱে কৰা চুক্তিৰ ম্যাদ এবছৰ কৰা হৈছিল। অৱশ্যে এই নিয়ম বহু বাগানে মানি চলা নাছিল আৰু বিভিন্ন ধৰণৰ সুবিধা, প্ৰলোভন আদি দেখুৱাই বনুৱাবোৰক দীৰ্ঘদিনৰ বাবে একেখন বাগিচাত শ্ৰম কৰিবলৈ বাধ্য কৰি ৰখা হৈছিল। ১৯২১-২২ চনত নিযুক্তি দিয়া Assam Labour Inquiry Committee-ৰ সদস্যৰ মাজত ১৯৫৯ চনৰ Act XIII খন ৰখা-নৰখাক লৈ দুই ধৰণৰ মতামতৰ সৃষ্টি হৈছিল। বিভিন্ন ধৰণৰ বাদ-বিবাদৰ অন্তত ভাৰত চৰকাৰে এগৰাকী গৃহ সদস্য ছাৰ উইলিয়াম ভিনচেন্টে এনে এখন কঠোৰ বিধি বাতিল কৰাটো আধুটো ভাবধাৰাৰ বাবে প্ৰয়োজনীয় বুলি মতামত ব্যক্ত কৰিছিল- “The repeal of an act which included a penalty of imprisonment for breach of contract was in accordance with modern feeling”.

এই কমিটীখনে ১৮৫৯ চনৰ আইনখন বিলোপ কৰাৰ অনুমোদন জনাইছিল। ১৯২৪ চনত ভাৰত চৰকাৰে এখন নতুন আইন প্ৰণয়ন কৰে যাৰ জৰিয়তে Act XIII বিধিখন ১৯২৬ চনৰ পৰা কাৰ্যকৰী হোৱাকৈ বিলোপ কৰা হয়।

১৯২৬ চনত ভাৰত চৰকাৰে স্থানীয় চৰকাৰবোৰক পৰামৰ্শ প্ৰদান কৰি কয় যে চাহ বাগানৰ বনুৱা নিযুক্তিৰ ক্ষেত্ৰত থকা চৰকাৰী নিয়ন্ত্ৰণবোৰ আঁতৰ কৰোৱাৰ সময় সমাগত হৈছে আৰু আইনত যিবোৰ প্ৰয়োজনীয় সংশোধনী আনিব পাৰি তাতহে মবোনিৱেশ কৰিব লাগে। হেন সময়তে ভাৰত চৰকাৰে ৰয়েল কমিছন নিয়োগ কৰে বাবে এই বিষয়ত কোনো সিদ্ধান্ত লোৱা নহ’ল।

ৰয়েল আয়োগৰ অনুমোদনৰ:

ৰয়েল আয়োগে বাগিচাৰ বনুৱা নিযুক্তিৰ প্ৰসংগত দিয়া অনুমোদনৰ সাৰাংশ এনেধৰণৰ-

১. অসমলৈ হোৱা বনুৱাৰ প্ৰব্ৰজনক উৎসাহিত কৰিব লাগে। ব্যক্তিগতভাৱে বনুৱা আমদানি কৰাতকৈ পৰিয়ালভিত্তিক নিযুক্তি দিব লাগে তথা স্থায়ীভাৱে সংস্থাপনৰ স্বাৰ্থত খেতি কৰিবলৈ ভূমি আবন্টন দিয়াৰ ব্যৱস্থা কৰিব লাগে। আয়োগে মত প্ৰকাশ কৰিবলৈ যে অসমৰ বাগানবোৰৰ কষ্টকৰ জীৱন নিৰ্বাহৰ পিছতো দৰিদ্ৰতা আৰু গোলামীৰপৰা পৰিত্ৰাণ পাবলৈ বহু লোকে অসমলৈ বনুৱা হিচাপে আহিবলৈ ইচ্ছুক। আয়োগে লাভ কৰা তথ্য অনুযায়ী সেই পৰ্যন্ত প্ৰায় ৬,০০,০০০ প্ৰাক্তন চাহ শ্ৰমিকে অসমৰ চৰকাৰী ভূমিত সংস্থাপিত হৈছিল।

২. চাহ বাগিচাবোৰে কোনো মধ্যৱৰ্তীৰ সলনি নিজাববীয়াকৈ বনুৱা নিয়োগৰ বিষয়টো চম্বালিব লাগে। চৰকাৰী নিয়ন্ত্ৰণৰ প্ৰয়োজনটো স্বীকাৰ কৰিও আয়োগে বাগিচাৰ মেনেজাৰৰ দ্বাৰা নিযুক্ত কোনো এজেন্সীৰ দ্বাৰা বাধাহীনভাৱে বনুৱাৰ নিযুক্তি দিয়াটোৰ অনুমোদন কৰিছিল।

৩. ভৱিষ্যতলৈ অহা সকলো বনুৱাক তিনি বছৰৰ কৰ্মজীৱনৰ অন্তত মালিকৰ খৰচত নিজগৃহলৈ প্ৰত্যাৱৰ্তন কৰাৰ সুবিধা দিয়া।

৪. বাগিচাৰ বনুৱাৰ নিযুক্তি তথা পঢ়িয়াই দিয়া দিশটো তত্ত্বৱধান কৰা আসাম বোৰ্ড(Assam Labour Board)ৰ ঠাইত কন্ট্ৰ’লাৰ অব ইমিগ্ৰ্ন্ট লেবাৰ বা প্ৰৱাসী বনুৱা নিয়ন্ত্ৰক শীৰ্ষক এগৰাকী বিষয়া নিয়োগ কৰিব লাগে, যিয়ে কেৱল এই বিষয়টোৰ লগতে অসমৰ কৰ্মৰত প্ৰৱাসী বনুৱাৰ কল্যাণৰ বিষয়টো তত্ত্বাৱধান কৰিব।

১৯৩২ চনত আইন:

Act XXII of 1932 শীৰ্ষক বিধিখনে ৰয়েল কমিছনৰ অনুমোদন সমূহ মানি লৈ নিযুক্তিৰ ক্ষেত্ৰত তিনিধৰণৰ ব্যৱস্থা ৰাখিছিল-

১)নিয়ন্ত্ৰিত(controlled),

২)নিষেধক(restricted) আৰু

৩)অনিয়ন্ত্ৰিত(uncontrolled)।

দুৱাৰত বনুৱাৰ নিযুক্তি:

অসমৰ যিকেইখন ‘দুৱাৰ’(Doars) আছিল তাত বনুৱাবোৰে কোনো ধৰণৰ চুক্তি নকৰাকৈ মুকলিভাৱে বাগানত কাম কৰিব পাৰিছিল। তদুপৰি বনুৱাবোৰে ইচ্ছামতে বাগান এৰি গুচি যাব পাৰিছিল। সেয়েহে এনে দুৱাৰ অঞ্চলত স্থাপিত বাগানবোৰত বনুৱাৰ সংকট হৈছিল তেনেই কম। চুক্তিপত্ৰ নথকাৰ বাবে তথা বাগানৰ মালিকৰ দ্বাৰা দণ্ড নোপোৱাৰ বাবেই হয়তো এনে অঞ্চলবোৰত চাহ বাগিচাৰ বিকাশ হৈছিল দ্ৰুতভাৱে। দুৱাৰ অঞ্চলত স্থায়ী বনুৱাৰ সংখ্যা ১৯১৩ চনৰ ১,০৩,০০০ৰ পৰা ১৯১৯ চনত ১,৫০,০০০ লৈ বৃদ্ধি হোৱাটো এক প্ৰাসংগিক পৰিসংখ্যা বুলি ক’ব পাৰি। ১৯১৮-১৯ বৰ্ষত বিহাৰ আৰু উৰিষ্যাত ব্যাপকৰূপত দুৰ্ভিক্ষ হোৱাত আৰু সমত কাম কৰি থকা বহু বনুৱাই স্ব-গৃহলৈ প্ৰত্যাৱৰ্তন কৰাত অসমৰ বাগানসমূহে বনুৱা আমদানি কৰাৰ স্বাৰ্থত ভালেমান লোভনীয় প্ৰস্তাৱ আগবঢ়াইছিল। দুৱাৰ অঞ্চলৰ সলনি অসমৰ বাগানলৈ যাতে বনুৱাবোৰ আহে তাৰ বাবেই এনে কৰা হৈছিল বুলি ভাবিব পাৰি।

দুৱাৰ অঞ্চলত বাগিচাৰ সম্প্ৰসাৰণ আৰু একে সময়তে বনুৱাৰ নাটনি হ’বলৈ আৰম্ভ্ কৰাত ১৯২৪ চনত দুৱাৰৰ বাগানবোৰে Tea District Labour Associationৰ দ্বাৰা বনুৱা নিযুক্তি দিবলৈ সিদ্ধান্ত লৈছিল। অৱশ্যে এই সন্থাটোক নিয়ন্ত্ৰণ কৰিবলৈ এখন স্বেচ্ছামূলক বোৰ্ড গঠন কৰা হ’ল য’ত কলিকতাৰ চাৰিজন, দুৱাৰ এলেকাৰ বাগান মালিকৰ দুজন আৰু অসমৰপৰা এজন প্ৰতিনিধি থাকিল। ১৯৩২ চনৰ পিছত দুবাৰ এলেকাৰ বনুৱা নিযুক্তিৰ ক্ষেত্ৰত Tea District Labour Associationএ ইয়াৰ নিয়মৰ সংশোধনী ঘটাই দুবাৰ এলেকাত তিনিধৰণৰ নিযুক্তি প্ৰক্ৰিয়াৰ অনুমোদন কৰিলে। এই তিনিবিধ প্ৰক্ৰিয়া হৈছে-

১)সাধাৰণ ছিৰদাৰি ব্যৱস্থা(Ordinary Sirdari),

২)নিৱাসী ছিলদাৰি(Resident Sirdari) আৰু

৩)বেতনভোগী নিয়োগবাৰ্তা(Paid Recruiters)

বাগিচা সলনি কৰিবলৈ বনুৱাক দিয়া প্ৰলোভন:

বিংশ শতিকাৰ প্ৰথমাৰ্দ্ধলৈ অসমৰ বাগিচাবোৰত দেখা দিয়া এটা প্ৰধান সমস্যা আছিল এখন বাগানৰপৰা আন এখন বাগানলৈ বিভিন্ন প্ৰলোভন দেখুৱাই বনুৱা লৈ যোৱা, এনে এক প্ৰেক্ষাপটত অসমৰ চৰকাৰলৈ এক পৰামৰ্শ আহিল যে চৰকাৰে অধিসূচনা যোগে অসমৰ এটা মহকুমাৰপৰা আন এটা মহকুমাত বনুৱা নিযুক্ত দিয়াটো বন্ধ কৰিব লাগে। অৱশ্যে ৰয়েল কমিছন নিয়োগ কৰাৰ বাবে উল্লিখিত অধিসূচনা দিয়াটো স্থগিত ৰখা হৈছিল। ১৯৩২ চনৰ Tea Districts Emigrant Labour Actৰ জৰিয়তে প্ৰৱাসী বনুৱাক স্ব-গৃহলৈ ঘূৰাই পঠিওৱাৰ দায়িত্ব শেষৰগৰাকী নিয়োগকৰ্তাৰ ওপৰত আৰোপ কৰা হৈছিল। এই বিধিৰ ফলতে ফুচুলাই বনুৱা আন বাগানলৈ নিয়া কাৰবাৰটো বহু পৰিমাণে কমি গৈছিল।

পঞ্চাশৰ দশকত অসমত বনুৱাৰ নিযুক্তি:

ভাৰতবৰ্ষৰ স্বাধীনতাৰ মাথোঁ পাঁচটা বছৰ পিছত ১৯৫৩ চনত অসমৰ বাগানত বনুৱাৰ নিযুক্তিৰ প্ৰসংগটো এক বেলেগ দৃষ্টিভংগীৰে বিবেচনা কৰা হৈছিল। অসমত নিবনুৱাৰ সংখ্যা বৃদ্ধি, খাদ্যবস্তুৰ সংকট আদিলৈ লক্ষ্য কৰি অসম চৰকাৰে অসমৰ বাহিৰৰপৰা বনুৱা অনাটো বাৰণ কৰিব বিচাৰিলে আৰু ৰাজ্যখনৰ ভিতৰতে যিবোৰ বাগানত বনুৱাৰ সংখ্যা অতিৰিক্ত তাৰ পৰা বনুৱা নিয়োগ কৰাটো উচিত বুলি মত প্ৰকাশ কৰিলে। ভাৰতীয় চাহ সংস্থাই(Indian Tea Association) এনে আঁচনিৰ প্ৰতি বিশেষ আশাবাদী বিশেষ সফলতা নেদেখুৱালে। চৰকাৰে এই ব্যৱস্থাটোৰ জৰিয়তে প্ৰায় ১৫,০০০ বনুৱাক নিয়োগ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল যদিও ১৯৫৪ চনত মাথোঁ ৫,০০০ বনুৱাকহে নিয়োগ কৰাটো সম্ভৱ হৈছিল। ১৯৫৪ চনৰ জুনত ভাৰতীয় চাহ সংস্থাই ১৯৫৫ চনৰ বাবে অতিৰিক্তভাৱে ২০,০০০ বনুৱাৰ প্ৰয়োজন হ’ব বুলি অনুমান কৰিছিল। অসম চৰকাৰে তেতিয়া অসমৰ ভিতৰতে বদলি কৰিলে সংস্থাপন ভাট্টা(settlement allowance) ৫০ টকাৰপৰা ৬০ টকালৈ(দুটা বা ততোধিক সদস্য থক পৰিয়ালৰ বাবে) আৰু এজনৰ বাবে ৩০ টকালৈ বৃদ্ধি কৰাৰ পৰামৰ্শ দিছিল। ১৯৫৫ চনত অসম চৰকাৰে ৰাজ্যখনৰ বাহিৰৰ পৰা ৫,০০০ বনুৱা অনাত সন্মতি প্ৰদান কৰে, ফেব্ৰুৱাৰী মাহত এই সংখ্যা ১১,০০০ লৈ বৃদ্ধি কৰা হয়। বছৰটোৰ প্ৰাৰম্ভতে এই সংখ্যা পুনৰ বৃদ্ধি পোৱাত ভাৰতীয় চাহ সংস্থাই অতিৰিক্ত বনুৱা শিলচৰ আৰু ৰোয়াৰিহৰ ডিপোটৰ(Depots) পৰা সংগ্ৰহ কৰিবলৈ Tea District Labour Associationক নিৰ্দেশ দিয়ে।

বনুৱাবোৰে ৰাজ্যখনৰ ভিতৰৰে এখন বাগানৰপৰা আন এখন বাগানলৈ যাবলৈ অনিচ্ছা প্ৰকাশ কৰাত ১৯৫৭ চনত স্থানীয় ডিপোট ব্যৱস্থা বন্ধ কৰি দিয়া হয়। ১৯৫৯ চনত অসম চৰকাৰে চাহ বাগিচাৰ নিবনুৱাৰ বিষয়ত এখন কেন্দ্ৰীয় কমিটী গঠন কৰি দিয়ে। ভাৰতীয় চাহ সংস্থাৰ ফালৰপৰা উক্ত কমিটীৰ আগত চাহ বাগিচাৰ অদক্ষ বনুৱা(unskilled labour) নিয়োগৰ কথা উলিওৱা হৈছিল আৰু লগতে চাহবনুৱাৰ বাবে নতুন উদ্যোগ আৰু অন্যান্য বৃত্তিমুখী প্ৰশিক্ষণৰ ব্যৱস্থাৰ কথা দোহোৰা হৈছিল। চৰকাৰে যাতে বাগানত উদ্বৃত্ত হৈ পৰা বনুৱাক আন বাগানলৈ(য’ত শ্ৰমিকৰ প্ৰয়োজন আছে) যাবলৈ সৈমান কৰাব পাৰে তাৰ বাবেও ব্যৱস্থা ল’বলৈ কৈছিল। একেদৰে চৰকাৰৰ অনুৰোধত সংস্থাই চাহ বাগানৰ বনুৱাৰ মাজত পৰিয়াল পৰিকল্পনা আঁচনিৰ জ্ঞান সম্প্ৰসাৰণ কৰিছিল।

১৯৫৯ চনলৈ অসমৰ বাহিৰৰপৰা চাহ বনুৱা অহাটো ভালেখিনি কমি যায়। ১৯৬০ চনৰ আগষ্ট মাহত Industrial Committee on Plantationৰ সভা এখনত বাহিৰৰপৰা বনুৱা অহাটো বন্ধ কৰিব লাগে বুলি কোৱা হয় আৰু বাহিৰৰপৰা বনুৱা আনিলে শাস্তিমূলক ব্যৱস্থা লোৱাৰ প্ৰস্তাৱ দিয়া হয়। বাহিৰৰপৰা বনুৱা অনাটো বন্ধ হোৱাত Tea District Labour Associationৰ কোনো কাম নোহোৱা হৈ পৰিল আৰু ১৯৬০ চনৰ ১ ডিচেম্বৰত এই সংগঠনটো ভংগ কৰি দিয়া হ’ল।

উৎস: অসমৰ চাহ শ্ৰমিকৰ ঐতিহাসিক প্ৰেক্ষাপট(কিশোৰ কুমাৰ কলিতা)

 

 

 

3.02857142857
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top