মূল পৃষ্ঠা / কৃষি / চাহ খেতি / অসমৰ চাহ শ্ৰমিকৰ ঐতিহাসিক প্ৰেক্ষাপট(কিশোৰ কুমাৰ কলিতা) / বাগিচা শ্ৰমিক আইন, ১৯৫১: বিভিন্ন উপবন্ধ আৰু প্ৰয়োগ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাগিচা শ্ৰমিক আইন, ১৯৫১: বিভিন্ন উপবন্ধ আৰু প্ৰয়োগ

বাগিচা শ্ৰমিক আইন, ১৯৫১: বিভিন্ন উপবন্ধ আৰু প্ৰয়োগৰ বিষয়ে লিখা হৈছে ।

চতুৰ্থ অধ্যায়:

অসমত কৰ্মৰত শ্ৰমিকসকলৰ মজুৰি প্ৰসংগটো আজি পৰ্যন্ত বিতৰ্কিত হৈ আছে আৰু চাহ বাগিচাৰ বনুৱাৰ ন্যূনতম মজুৰি কি হ’ব সেই বিষয়ত এতিয়ালৈকে সৰ্বসন্মত কোনো সিদ্ধান্ত লোৱা হোৱা নাই। তাৎপৰ্যপূৰ্ণ হ’ল ‘ন্যূনতম মজুৰি’ৰ ধাৰণাটো জন্ম হোৱাৰ বহু আগতেই ১৮৬৫ চনৰ ACT VI ৰ ৪ নং অনুচ্ছেদত আমদানিকৃত বনুৱাৰ ন্যূনতম মজুৰি পুৰুষৰ ক্ষেত্ৰত দৈনিক পাঁচ টকা, মহিলাৰ ক্ষেত্ৰত সম্ভাব্য দৈনিক চাৰি টকাকৈ আৰু শিশুৰ ক্ষেত্ৰত দৈনিক তিনি টকাকৈ ধাৰ্য কৰা হৈছিল।

অৱশ্যে এনে মজুৰি পাবলৈ হ’লে শ্ৰমিকসকলে দণ্ডাধীশৰদ্বাৰা কৰ্মত অনুপস্থিত বা সোৰোপা বুলি জৰিমনা ভৰা হ’ব নালাগিব। এই আইনৰ অধীনত বাগিচাৰ বনুৱাৰ লগত কৰা চুক্তিৰ ম্যাদ আছিল তিনিবছৰ। ১৯০১ চনৰ ACT VI অনুসৰি প্ৰথম বছৰত পুৰুষ-মহিলাৰ ন্যূনতম মজুৰি নিৰ্দ্ধাৰণ কৰা হৈছিল দৈনিক ক্ৰমে পাঁচ আৰু চাৰি টকাকৈ। দ্বিতীয় বছৰত ৫.৫০ টকা আৰু ৪.৫০ টকা আৰু শেষৰটো বছৰত মানে তৃতীয় বছৰত ক্ৰমে ৬ টকা আৰু ৫ টকা।

বাগিচাৰ শ্ৰমিকক দিয়া উল্লিখিত মজুৰিৰ বাদেও কৰ্তৃপক্ষৰ ফালৰপৰাব বিভিন্ন ধৰণৰ ৰেহাই বা আকৰ্সণ আগবঢ়োৱা হৈছিল। দুৰ্ভাগ্যৰ কথা যে পৰৱৰ্তী সময়ত চাহৰ মূল্যবৃদ্ধিৰ সমান্তৰালভাৱে বাগিচাৰ বনুৱাৰ মজুৰি বৃদ্ধি কৰা নহ’ল। ১৯৪৬ চনৰ Rege’s National Labour Investigation Report ত অসমৰ চাহ বনুৱাসকলৰ দুৰ্দশগ্ৰস্ত জীৱন বৰ্ণনা কৰি কোৱা হৈছিল যে এইসকল বনুৱাৰ কিছুমান ফটা-ছিটা কাপোৰ আৰু মাটিৰ পাত্ৰত বাদে নিজৰ বুলিবলৈ কোনো সামগ্ৰী নাই।

বাগানৰ মহিলা কিছুমানৰ ৰূপত খাৰু থকাৰ বাদে কোনো আ-অলংকাৰ নাথাকে। তেওঁলোকে যিবোৰ ঘৰত বাস কৰে সেইবোৰে তেওঁলোকৰ নিৰ্মম দাৰিদ্ৰ জীৱনৰ এখন ছবি দাঙি ধৰে। (“The standard of living of tea garden labourers in Assam is appalingly low. They merely exist. They Have Hardly any belongings except a few clothes and a few pots (mostly earthen). Their womenfolk Have no jwellery except German silver bangles in a few cases. Their houses presented a picture of stark poverty.”)

আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে স্বাধীনতাৰ পূৰ্বে ভাৰতবৰ্ষত বাগিচাকেন্দ্ৰিক যিবোৰ নীতি-নিয়ম প্ৰণয়ন কৰা হৈছিল সেইবোৰৰ মূল উদ্দেশ্য অছিল বাগিচাৰ মালিকক প্ৰত্যক্ষ বা পৰোক্ষভাৱে সকলো ধৰণৰ বিধিগত সুৰক্ষা প্ৰদান কৰা আৰু একে সময়তে পাৰ্যমানে শ্ৰমিকক শোষণ কৰা। এনে এক পটভূমিত বাগিচাৰ শ্ৰমিকসকলে নিজৰ অধিকাৰ সম্পৰ্কে প্ৰশ্ন তোলাৰো সুযোগ নাছিল। কেনেডীয়ে এনে এক পৰিস্থিতিত শ্ৰমিক এজনৰ দুৰ্দশাজনিত অৱস্থাটো এনেদৰে বৰ্ণনা কৰিছে- যদিহে তুমি এজন শ্ৰমিক তেতিয়া তুমি পাব নোৱৰা কাৰণ এইবোৰ অবৈধ………।

বৈধ-অবৈধৰ ধাৰণাটো এনেধৰণৰ যে যদিহে    তাত তুমি কৌশলভাৱে কাৰচাজি দেখুৱাব পাৰা তেন্তে যিসকল লোকে এনে কথা বিশ্বাস কৰে তেওঁলোকৰ ওপৰত ব্যাপক ক্ষমতা দেখুৱাব পাৰা। [“if you are a worker in which you are constantly being told by people who are frightening but also autorative that you cannot have it because it is illegal… the idea of legal and illegal is something which if you can manipulate it skillfully. You can use to exercise great power over people who believe it.”]

সি যি কি নহওক, দ্বিতীয় বিশ্বযুদ্ধৰ পিছত বাগিচাৰ শ্ৰমিকসকলৰ কল্যাণাৰ্থে এখন কেন্দ্ৰীয় বিধিৰ কথা সঘনে উত্থাপিত হ’বলৈ ধৰিলে। ১৯৪৭ চনৰ জানুৱাৰী মাহত বাগিচা বিষয় ঔদ্যোগিক কমিটীখনে(Industrial Committee on Plantation) ইয়াৰ প্ৰথমখন সভাত এনে প্ৰস্তাৱৰ সমৰ্থন জনালে। ১৯৪৮ চনৰ এপ্ৰিল মাহত বহ্য কমিটীৰ দ্বিতীয়খন সভাত প্ৰস্তাৱিত বাগিচা শ্ৰমিক বিধিখনৰ ৰূপৰেখা প্ৰস্তুত কৰা হ’ল। ১৯৪৯ চনৰ ছেপ্টেম্বৰ মাহত বিষয়টো সন্দৰ্ভত এক বিস্তৃত প্ৰশ্নপত্ৰ(Questionnaire) বাগিচাৰ নিয়োগকৰ্তা আৰু শ্ৰমিকৰ মাজলৈ প্ৰেৰণ কৰা হ’ল। ইয়াৰ পৰৱৰ্তী বাগিচাৰ স্থায়ী প্ৰশাসনিক সমিতি(Standing Committee on Plantation Industries)ৰ সভাত আলোচনাটো বিশেষ ফলৱতী নহ’ল কিয়নো এই সভাত নিয়োগকৰ্তা আৰু চৰকাৰী প্ৰতিনিধি উপস্থিত থাকিলেও চাহ বনুৱাৰ কোনো প্ৰতিনিধি উপস্থিত নাছিল।

অৱশ্যে চৰকাৰী প্ৰতিনিধিসকলে প্ৰস্তাৱিত বিধিৰ উদ্দেশ্য সন্দৰ্ভত যিবোৰ মতামত আগবঢ়াইছিল তাৰ সৈতে চাহ মালিক সংঘৰ প্ৰতিনিধিয়ে বিৰোধ প্ৰকট কৰিছিল। মালিক সংস্থাৰপৰা কোৱা হৈছিল যে প্ৰস্তাৱিত আইনখনৰ সকলোধৰণৰ বিধিগত ক্ষমতা প্ৰাদেশিক চৰকাৰৰ সলনি কেন্দ্ৰীয় চৰকাৰৰ হাতত ন্যস্ত কৰিব লাগে। তদুপৰি শ্ৰমিক কল্যাণাৰ্থে (স্বাস্থ্য আৰু অন্যান্য কল্যাণ সাধন) যি এক কৰ আৰোপ কৰিব বিচাৰিছে সিয়ে ভাল নিয়োগকৰ্তাক বিমোৰত পেলাব। নতুন ধৰণৰ আৰু ব্যয়বহুল নিৰীক্ষণ(inspectorate) ব্যৱস্থাৰো কোনো প্ৰয়োজন নাই বুলি মালিক বা নিয়োগকৰ্তাৰ প্ৰতিনিধিসকলে মত ব্যক্ত কৰিছিল। ন্যূনতম মজুৰি আইন(Minimum Wages Act)ৰ অধীনত থকা ন্যূনতম মজুৰি বোৰ্ডক বাগিচা শ্ৰমিক আইনৰ অধীনত গঠন কৰিবলগীয়া বোৰ্ডে এলাগী কৰিব লাগে বুলি তেওঁলোকে মত দিছিল। অৰ্থাৎ আইনখন অহাৰ পিছত শ্ৰমিকৰ মজুৰি বিষয়ত পূৰ্বৰ ন্যূনতম মজুৰি বোৰ্ডৰ কোনো এক্তিয়াৰ নাথাকিব। তেওঁলোকে জোৰ দি কৈছিল যে নতুন বাগিচা শ্ৰমিক আইনৰ অধীনত প্ৰণয়ন কৰা নিয়ম মানিবলৈ পূৰ্বৰ বনুৱাৰ বাবে সজা ঘৰবোৰ গুচাই দিয়া কাৰ্যটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।

অৱশেষত The Plantations Labour Act 1951(Act LXIX)শীৰ্ষক আইনখন ১৯৫১ চনৰ ২ নৱেম্বৰত সংসদত পাৰিত হয়। এই আইনখন যদিও কেন্দ্ৰীয়ভাৱে গ্ৰহণ কৰা হৈছিল তথাপি আইনখনৰ কিছুমান উপবন্ধ(provisions)ৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে নিয়ম প্ৰণয়ন কৰিলেহে সেইবোৰ কাৰ্যকৰী কৰাৰ ব্যৱস্থা ৰখা হৈছিল। যিটো উদ্দেশ্যত এই আইনখন কেন্দ্ৰীয়ভাৱে পাৰণ কৰাৰ কথা কোৱা হৈছিল সি বাস্তৱত ফলৱতী নহ’ল। তাৰ কাৰণসমূহ আমি এনেদৰে বিশ্লেষণ কৰিব পাৰোঁ-

১. প্ৰথমতে, ভাৰতবৰ্ষৰ সকলো ঠাইতে ৱলবৎ হ’ব পৰাকৈ এখন সমৰূপীয়(Uniform) আইনৰ কথা ভবা হৈছিল যদিও বাস্তৱত এই আইনখন সেইটো হৈ নুঠিলগৈ। আইনখন বেছিভাগ উপবন্ধৰ ক্ষেত্ৰত নিয়ম প্ৰণয়ন কৰাৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰসমূহৰ হাতত ন্যস্ত হ’ল বাবে স্বাস্থ্য সেৱা, গৃহ নিৰ্মাণ, বেমাৰ আৰু প্ৰসূতিজনিত সা-সুবিধা অদি বিষয় ৰাজ্য চৰকাৰৰ ক্ষেত্ৰাধিকৰৰ ভিতৰত পৰিল। এনে সেৱাবোৰৰ লগতে পৰিদৰ্শনমূলক ব্যৱস্থা, চাহ বনুৱাৰ ল’ৰা-ছোৱালীক দিব লগা শিক্ষাৰ সা-সুবিধা আদি সমগ্ৰ কল্যাণমূলক ব্যৱস্থাৰ নিয়ম প্ৰণয়ন কৰাৰ কৰ্তৃত্ব ৰাজ্য চৰকাৰসমূহৰ হাতত থাকিল বাবে ৰাজ্য ভেদে এনে নিয়মসমূহ বেলেগ বেলেগ হোৱা দেখা গ’ল।

২. দ্বিতীয়তে পূৰ্বৰ যিবোৰ বিধি বা আইন মূলতঃ নিৰ্মাণ উদ্যোগসমূহৰ বাবে প্ৰণয়ন কৰা হৈছিল যেনে- Payment of Wages Act, The minimum Wages Act, The Industrial Disputes Act, The Factories Act আদিবোৰ বাগিচাৰ শ্ৰমিকৰ বাবে মোটামুটিভাৱে প্ৰযোজ্য নাছিল। যিহেতু বাগিচা শ্ৰমিক আইনখনে গৃহ স্বাস্থ্যসেৱা আদি শ্ৰমিকৰ কল্যণৰ বিষয়ত ৰাজ্য চৰকাৰ সমূহকে অধিক কৰ্তৃত্ব দিছিল সেয়েহে ইয়াক এখন পূৰ্নপৰ্যায়ৰ বিধি আৰু একেসময়তে পূৰ্ণ পৰ্যায়ৰ বাগিচা বিধি বুলিও অভিহিত কৰিব পৰা নাযায়।

বাগিচা শ্ৰমিক আইন ১৯৫১ পাৰণ হোৱাৰ পিছত বাগিচাৰ মালিকসকলে বিধিখন নিজ নিজ বাগিচাত কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ আৰ্থিক অসুবিধাৰ প্ৰসংগ উত্থাপন কৰাত ১৯৫২ চনত এই আইনখন কাৰ্যকৰী কৰা নহ’ল। ১৯৫৪ চনৰ জানুৱাৰী মাহত বাগিচা বিষয়ক ঔদ্যোগিক কমিটীৰ সভাত সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লোৱা হ’ল যে আইনখন ১৯৫৪ চনৰ এপ্ৰিল মাহৰ ১ তাৰিখৰপৰা কাৰ্যকৰী কৰা হ’ন।

অৱশ্যে আইনখনৰ কল্যাণমূলক বিভিন্ন উপবন্ধ যেনে- স্বাস্থ্যসেৱাৰ সুবিধা, শিশু যতন কেন্দ্ৰ, বিনোদন কেন্দ্ৰ, বিদ্যালয় স্থাপন, গৃহ আৰু কল্যাণকামী বিষয়া নিয়োগ আদি উপবন্ধৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহে নিয়ম নিৰূপণ কৰাৰ পাছতহে সেইবোৰ উপবন্ধ বলৱৎ হোৱাৰ প্ৰসংগ আহি পৰিল। অৱশ্যে আইনখনৰ কিছুমান উপবন্ধ যেনে মজুৰিসহিত ছুটীৰ ব্যৱস্থা আইনখনৰ সৈতে স্বয়ংক্ৰিয়ভাৱে বলৱৎ হ’ল।

১৯৫২ চনত ভাৰত চৰকাৰে আইনখনৰ বাবে খচৰা নিয়ম(draft rules) প্ৰস্তুত কৰি অসম আৰু পশ্চিম বংগ চৰকাৰৰপৰা উক্ত নিয়মবোৰ সন্দৰ্ভত মতামত বিচাৰিলে। এই নিয়মবোৰৰ কিছুমান প্ৰয়োগ তাৎক্ষনিকভাৱে অসম্ভৱ(যেনে- এই নিয়মৰ দ্বাৰা ১৯৫৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত বাগিচা হাস্পতাল প্ৰতিষ্ঠা কৰাৰ কথা কোৱা হৈছিল) বুলি কৈ মুলতঃ মালিকপক্ষৰপৰা এই নিয়ম সমূহক লৈ সমালোচনা অব্যাহত থাকিল। অৱশেষত বিভিন্ন বাদ-বিবাদৰ অন্তত ১৯৫৬ চনত এই নিয়মবোৰ জাৰি কৰা হ’ল। এতিয়া আহিছো বাগিচা শ্ৰমিক আইনৰ কিছুমান গুৰুত্বপূৰ্ণ অনুচ্ছেদ, সেইবোৰ কাৰ্যকৰী কৰাৰ বাবে প্ৰণয়ন কৰা নিয়ম আৰু বাস্তৱত সেইবোৰ কিমানদূৰ সফল হৈছে সেই প্ৰসংগলৈ।

বাগিচা শ্ৰমিক আইনখন জম্মু আৰু কাশ্মীৰৰ বাদে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰযোজিত। চাহ, কফী, ৰবৰ, কুইনাইনৰ উৎপাদন উদ্ভিদ চিন’কলা(Cinchona), কেকো(cacoa), ইলাচি(cardamom) আৰু তৈলপাম(Oil palm)ৰ বাগিচাৰ ক্ষেত্ৰত এই আইবখৰ উপবন্ধবোৰ প্ৰয়োগ কৰাৰ ব্যৱস্থা কৰা হৈছে। যিবোৰ বাগিচাৰ মাটিকালি পাঁচ হেক্টৰ বা ততোধিক আৰু য’ত পোন্ধৰজন বা ততোধিক শ্ৰমিক নিয়োজিত হৈ আছে(আইনখন বলৱৎ হোৱাৰ পূৰ্বৰ ১২ মাহৰ ভিতৰত যদি ১৫ বা ততোধিক শ্ৰমিক নিয়োজিত হৈ আছিল তেনে ক্ষেত্ৰতো এই আইনখন প্ৰয়োগ কৰিব পৰা যাব) এই আইনখন বাগিচাৰ প্ৰত্যক্ষ শ্ৰমিকৰ লগতে বাগিচাখনৰ কাৰ্যালয়, হাস্পতাল, বিদ্যালয়, শিশু যতন কেন্দ্ৰ আদিতো প্ৰযোজ্য হ’ব। অৱশ্যে যিবোৰ কাৰখানাত ১৯৪৮ চনৰ কাৰখানা আইন প্ৰযোজ্য(The Factories Act, 1948) প্ৰযোজ্য সেইবোৰত এই আইনখন প্ৰয়োগ কৰিব পৰা নাযাব। তদুপৰি চৰকাৰে অধিসূচনাৰ জৰিয়তে যিবোৰ বাগিচাৰ মাটিকালি পাঁচ হেক্টৰতকৈ কম বা য’ত ১৫ জনতকৈ কম শ্ৰমিক আছে তাতো এই আইনখন প্ৰয়োগ কৰিব পাৰে। অৱশ্যে আইনখন বলৱৎ হোৱাৰ আগতে কোনো বাগিচাৰ মাটিকালি যদি পাঁচ হেক্টৰতকৈ কম থাকে বা নিযুক্ত লোকৰ সংখ্যা ১৫ জনতকৈ কম হয় তেন্তে তেনেবোৰ বাগিচাত এই আইনখন প্ৰয়োগ কৰিব পৰা নাযাব।

এতিয়া আহিছো আইনখনত থকা বিভিন্ন শিতানৰ কল্যাণমূলক উপবন্ধবোৰলৈ-

স্বাস্থ্য:

স্বাস্থ্য বিষয়ত আইনখনত থকা উপবন্ধবোৰ হ'ল -

১. খোৱাপানী(অনুচ্ছেদ ৮):

প্ৰতিখন বাগিচাৰ নিয়োগকৰ্তাই বাগিচাখনৰ কোনো এক সুচল স্থানত সকলো কৰ্মচাৰীৰ বাবে যথাযথ ব্যৱস্থা কৰিব।

অসম বাগিচা শ্ৰমিক নিয়মৰ অধীনত প্ৰণয়ন কৰা নিয়ম (Rules prescribed under saction 8 in the Assam Plantation Labour Rules 1956)

খোৱাপানী(নিয়ম নং ৭):

প্ৰতিখন বাগিচাৰ কৰ্মস্থলীত কাম কৰা সময়ছোৱাত পৰ্যাপ্ত পৰিমাণৰ নিৰাপদ খোৱাপানী পোৱাৰ ব্যৱস্থা কৰিব।

যোগানধৰা পানীৰ উৎস(নিয়ম নং ৮):

যোগান ধৰা খোৱাপানী নিম্নোক্ত উৎসৰ হ’ল লাগিব-

ক)ৰাজহুৱা পানী যোগান ব্যৱস্থা সংলগ্ন হৈ থকা পানীৰ টেপৰ পৰা।

খ)বাগিচাসমূহৰ মুখ্য পৰিদৰ্শক(Chief Inspector of Plantations)ৰ দ্বাৰা অনুমোদিত আন উৎস।

পানীত সংৰক্ষণ(নিয়ম নং ৯):

যদিখোৱাপানী ৰাজহুৱা পানী যোগান ব্যৱস্থাৰ সৈতে সংলগ্ন টেপৰ পৰা যোগান ধৰা নহয় তেন্তে কোনো উপযুক্ত পাত্ৰত ইয়াক ৰাখিব লাগিব আৰু নিতৌ পানী নতুনকৈ ভৰাব লাগে। পানী সংৰক্ষণ কৰিবলৈ আৰু পানী ৰখা পাত্ৰতো দূষিত নহ’বলৈ সকলো ধৰণৰ ব্যৱহাৰিক ব্যৱস্থা হাতত লোৱা হ’ব তথা পাত্ৰটো সতৰ্কতাৰে চাফা ৰাখিব লাগিব।

কুঁৱা বা পানীৰ আধাৰ বা পাত্ৰৰ চিকুণতা পৰিচ্ছন্নতা(নিয়ম নং ১০)-

ক)যদিহে কোনো মুকলি কুঁৱা বা পানীৰ টেংক ৰাসায়নিক, বেক্টেৰিয়াজনিত আৰু বাহ্যিক মলিয়ন বস্তুৰদ্বাৰা হ’ব পৰা সম্ভাব্য প্ৰদূষণৰপৰা মুক্ত কৰি ৰাখিবলৈ নিৰ্মাণ কৰা নহয় বা তাৰ তদাৰকী, অৱস্থান আৰু সুৰক্ষা তেনেকুৱা নহয় তেন্তে তেনে উৎসৰপৰা খোৱাপানী যোগান ধৰা নহ’ব।

খ)যদিহে তেনে কুঁৱা বা পানীৰ টেংকৰপৰা খোৱাপানী যোগান ধৰা হয় তেন্তে তেনে পানী পৰিদৰ্শকৰ লিখিত নিৰ্দেশ অনুসৰি নিৰ্দ্ধাৰিত সময়ৰ মূৰে মূৰে বীজাণু নাশন(Sterilised) কৰিব লাগিব। যিদিনাখন এনে বীজাণুনাশন কৰা হ’ব, সেইদিনটো নথিভুক্ত কৰি ৰখা হ’ব।

অৱশ্যে যদি কোনো কুঁৱা বা পানীৰ টেংকৰপৰা যোগান ধৰা পানী খোৱাপানীৰ বাবে যোগান ধৰাৰ আগতে ফিলটাৰ কৰা হয় বা শোধন কৰা হয় তেন্তে তেনে পানীৰ ক্ষেত্ৰত উল্লিখিত ব্যৱস্থাৰ প্ৰয়োগ নকৰিলেও হ’ব।

স্বাস্থ্য বিষয়াৰ প্ৰতিবেদন(নিয়ম নং ১১)-

যদিহে পৰিদৰ্শকে কিবা কাৰণত উপস্থিত থাকিব নোৱাৰে তেন্তে তেওঁ লিখিত নিৰ্দেশযোগে বাগিচাৰ নিয়োগকৰ্তাক এক নিৰ্দিষ্ট সময়ত বা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে শল্য চিকিৎসক(certifying surgeon) হিচাপে প্ৰমাণিত এগৰাকী স্বাস্থ্যবিষয়াৰ কৰ্মচাৰীৰ বাবে যোগানধৰা পানী মানুহে খাব পাৰে নে নাই  সেই বিষয়ত এক প্ৰতিবেদন লাভ কৰিব তেতিয়াই সেই প্ৰতিবেদন পৰিদৰ্শকৰ হাতত জমা দিব।

পানী যোগান(নিয়ম নং ১২):

কৰ্মস্থলীৰ যিকোনো ঠাই সূচল বা যাবলৈ সহজ তেনে স্থানত খোৱাপানী বা টেংকাৰৰ আদিৰে যোগান ধৰা হ’ব।

২. সংৰক্ষিত অঞ্চল(conservancy) (আইনখনৰ অনুচ্ছেদ নং ৯):

ক)প্ৰতিখন বাগিচাতে পুৰুষ-মহিলাৰ বাবে সুকীয়া সুকীয়াকৈ পৰ্যাপ্ত সংখ্যক প্ৰস্ৰাৱগাৰ আৰু শৌচালয় থাকিব। বিহিত(prescribed) ধৰণৰ এনে শৌচালয় আৰু প্ৰস্ৰাৱগাৰ বগিচাত কাম কৰা শ্ৰমিকৰ বাবে সুচল তথা সহজে পোৱা হ’ব লাগিব।

খ)ওপৰত (১)নং অনুচ্ছেদত উল্লেখ কৰা সকলো শৌচালয় আৰু প্ৰস্ৰাৱগাৰ চাফ-চিকুণ আৰু পৰিচ্ছন্ন অৱস্থাত থকা হ’ব লাগিব।

নিয়ম(সংৰক্ষিত অঞ্চল সন্দৰ্ভত মূল আইনখনৰ ৯ নং অনুচ্ছেদৰ অধীনৰ নিয়ম)-

শৌচালয়ৰ সুবিধা(নিয়ম নং ১৩):

ক)প্ৰতিখন বাগিচাৰ খেতি কৰ প্ৰতি পঞ্চাশ একৰ ভূমি ব তাৰ অংশ বিশেষত এতাকৈ শৌচালয় থাকিব। পুৰুষ-মহিলাৰ বাবে সুকীয়াকৈ কমেও এটাকৈ শৌচালয় থাকিব।

খ)কোনো সুচল স্থানত শৌচালয়বোৰ থাকিব আৰু তাত পুৰুষ-মহিলাৰে প্ৰৱেশৰ সম্পূৰ্ণ অধিকাৰ থাকিব।

ৰাজহুৱা স্বাস্থ্য বিধি অনুযায়ী শৌচালয়বোৰ নিৰ্মাণ কৰা হ’ব লাগিব(নিয়ম ১৪):

বাগানত যিবোৰ শৌচালয় নিৰ্মাণ কৰা হ’ব সেইবোৰ ৰাজহুৱা স্বাস্থ্য বিধি অনুযায়ী হ’ব লাগিব। তদুপৰি এইবোৰৰ বাদে যিবোৰ শৌচালয় এক কাৰ্যকৰী জলবাহিত নৰ্মদা ব্যৱস্থাৰ(Water borne sewage-system)ৰ লগত সংলগ্ন হৈ আছে সেইবোৰ ৰাজহুৱা স্বাস্থ্য কৰ্তৃপক্ষবোৰ নিৰ্দ্ধাৰণ কৰি দিয়া প্ৰয়োজনবোৰ পূৰণ কৰিব।

শৌচালয়ৰ আবুৰ(নিয়ম ১৫):

প্ৰতিটো শৌচালয় আবৃত কৰি ৰখা হ’ব তথা শৌচালয়টোক এনেদৰে পৃথকে ৰক্ষা হ’ব যাতে ইয়াত গোপনীয়তা ৰখা হয়। শৌচালয়ত যথাযথ দৰ্জা আৰু তাক জপাই ৰখাৰ ব্যৱস্থা থাকিব।

শৌচালয়ৰ ফলক(নিয়ম ১৬):

যিবোৰ বাগানত পুৰুষ-মহিলা উভয়ে কাম কৰে তেনেবোৰত প্ৰতিটো শৌচালয় খণ্ডৰ বাহিৰত হিন্দী ভাষা বা শ্ৰমিকসকলৰ গৰিষ্ঠ সংখ্যকে বুজি পোৱা ভাষাত ‘কেৱল পুৰুষৰ বাবে’ বা ‘কেৱল মহিলাৰ বাবে’ শীৰ্ষক জাননী আঁৰি থোৱা হ’ব। জাননী বা ফলকখনত এজন পুৰুষ বা এগৰাকী মহিলাৰ চেহেৰা থাকিব।

শৌচালয়ত পানীৰ টেপৰ ব্যৱস্থা(নিয়ম ১৭):

ক)যিবোৰত পনী যোগান ব্যৱস্থা আছে সেইবোৰ বাগানৰ শৌচালয়ত বা শৌচালয়ৰ কাষত সহজে পাব পৰা পৰ্যাপ্ত সংখ্যক পানীৰ টেপৰ ব্যৱস্থা কৰা হ’ব।

খ)যদি পানী যোগান ব্যৱস্থা নাই তেন্তে শৌচালয়ৰ কাষত যথাযথ পাত্ৰত পৰ্যাপ্ত পৰিমাণৰ পানী জমা কৰি ৰাখিব।

মূত্ৰগাৰৰ ব্যৱস্থা(নিয়ম ১৮):

প্ৰতিখন বাগিচাত শৌচালয়ৰ বাহিৰেও অতিৰিক্তভাৱে মূত্ৰাগাৰৰ সুবিধা থাকিব। এনে মূত্ৰাগাৰসমূহ ৰাজহুৱা স্বাস্থ্যবিধি অনুযায়ী হ’ব লাগিব।

নৰ্মদাৰ নিৰ্মাণ আৰু তদাৰকী(নিয়ম ২০)-

পেলনীয়া সামগ্ৰী আৰু গেদযুক্ত পানী কঢ়িওৱা সকলো নৰ্মদা ইটা-শিল বা আন নষ্ট হৈ নোযোৱা সামগ্ৰীৰে নিৰ্মাণ কৰা হ’ব লাগিব। এনে নৰ্মদাত নিয়মীতভাৱে পানী প্ৰৱাহিত কৰি ৰাখিব লাগিব আৰু নৰ্দমাক এক যথাযথ নৰ্দমাৰ শাৰীৰ লগত সংযুক্ত কৰি নৰ্দমাৰ পানী বোৱাই নিয়া হ’ব।

যদিহে কোনো নৰ্মদাৰ শাৰী নাথাকে তেন্তে স্বাস্থ্য বিষয়াৰ সন্তুষ্টি অনুসাৰে নৰ্মদাৰ পানী দুৰ্গন্ধমুক্ত তথা বীজাণুমুক্ত কৰাৰ বন্দৱস্ত কৰা হ’ব।

৩. চিকিৎসাৰ সুবিধা(আইনখনৰ ১০ নং অনুচ্ছেদ):

১. প্ৰতিখন চাহ বাগিচাত ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰা অনুযায়ী শ্ৰমিক তথা তেওঁলোকৰ পৰিয়ালৰ বাবে ততালিকে পাব পৰা চিকিৎসাৰ সুবিধাৰ ব্যৱস্থা কৰা হ’ব আৰু এনে ব্যৱস্থাৰ তদাৰকী কৰা হ’ব।

২. যদিহে কোনো চাহ বাগিচাত ওপৰত উল্লিখিত উপ-অনুচ্ছেদ (১) অনুযায়ী চিকিৎসা ব্যৱস্থা প্ৰদান তথা তদাৰকী কৰা নহয় তেন্তে মুখ্য পৰিদৰ্শকৰ অনুৰোধমৰ্মে ৰাজ্য চৰকাৰে এনে বাগিচাত এনে চিকিৎসা সেৱাৰ ব্যৱস্থা তথা তদাৰকী কৰিব আৰু তাৰ বাবে খৰচ আওহেলা কৰা নিয়োগকৰ্তাজনৰপৰা মোকলাই হ’ব।

৩. ৰাজ্য চৰকাৰে চিকিৎসা সেৱাৰ নামত কৰা এনিএ ব্যয় মুখ্য পৰিদৰ্শকজনে জিলা সমাহৰ্তালৈ প্ৰমাণিত(Certified) কৰি দিব আৰু জিলা সমাহৰ্তাই এই খৰচৰ পৰিমাণ ভূমি ৰাজহৰ বকেয়া হিচাপত আদায় কৰি ল’ব।

নিয়ম(আইনখনৰ ১০ নং অনুচ্ছেদৰ অধীনত প্ৰণয়ন কৰা নিয়ম )-

চিকিৎসালয়ৰ প্ৰকাৰ(নিয়ম ৩৫):

বাগিচাত দুই ধৰণৰ চিকিৎসালয় থাকিব-

১)বাগিচাৰ চিকিৎসালয় বা হাস্পতাল আৰু (Garden Hospitals),

২)গ্ৰুপ হাস্পতাল বা মণ্ডল চিকিৎসালয়।

বাগিচা চিকিৎসালয়সমূহত কোনো বিস্তৃতভাৱে ৰোগ নিৰ্দ্ধাৰণ বা পৰীক্ষা কৰিব নলগা বৰ্হিঃ- ৰোগী বা ভিতৰত ৰোগীৰ চিকিৎসা কৰাৰ ব্যৱস্থা কৰা হয়। সংক্ৰমিত বেমাৰ, ধাত্ৰী(mid-wifery), প্ৰসৱপূৰ্ব(pre-natal), প্ৰৱস-উত্তৰ সময়ছোৱাত কেঁচুৱাৰ যতন, শিশুৰ যতন আৰু শ্ৰমিকসকলৰ স্বাস্থ্য সময়ে সময়ে পৰ্যবেক্ষণ কৰাৰ বাবে এনে চিকিৎসালয় থাকে।

তদুপৰি যিবোৰ বাগিচাত ৫০০তকৈ কম শ্ৰমিক নিয়োজিত হৈ আছে, সেইবাবে বাগিচাত বাগিচাৰ নিয়োগকৰ্তাই চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া নিয়ম অনুযায়ী এখন বাগিচা হাস্পতালৰ ব্যৱস্থা কৰিব পাৰে। অথচ নিকটৱৰ্তী কোনো বাগিচাৰ চিকিৎসালয় বা আন কোনো চিকিৎসালত বিছনা ৰখাৰ ব্যৱস্থা কৰিব পাৰে। এনিএদৰে বিছনাৰ ব্যৱস্থা কৰিবলৈ হ’লে প্ৰতি ১০০০ জন শ্ৰমিকৰ বিপৰীতে ১৫ খনকৈ বিছনাৰ ব্যৱস্থা কৰিব পাৰে এনে চিকিৎসালয় বাগিচাখনৰ কাৰ্যালয়ৰ পৰা পাঁচ কিলোমিটাৰ দূৰত্বৰ ভিতৰত থকা হ’ব লাগিব। [নিয়ম ৩৬(২)]

যদিহে বাগিচাখনে আন হাস্পতালত বিছনাৰ ব্যৱস্থা কৰে তেন্তে সেইখন বাগিচাত বহিঃৰ্ভাগৰ ৰোগীসকলৰ বাবে এখন ডিছপেনছ্যাৰী (dispensary) ব্যৱস্থা নিজাকৈ কৰিব য’ত কমেও দুখন ৰোগী ৰাখিবপৰা বিছনা থাকিব আৰু এনে বিছনাৰ মান বাগিচাৰ মুখ্য পৰিদৰ্শকৰ দ্বাৰা ৰোগী ৰাখিবপৰা বিছনা থাকিব আৰু এনে বিছনাৰ মান বাগিচাৰ মুখ্য পৰিদৰ্শকৰ দ্বাৰা অনুমোদিত হ’ব লাগিব।

এগৰাকী পূৰ্ণকালীন অৰ্হতাসম্পন্ন ফাৰ্মাচিষ্টৰ তাৎক্ষণিক যত্ন আৰু তত্ত্বাৱধানত এনে ডিছপেনছাৰী পৰিচালিত হ’ব য’ত এগৰাকী পূৰ্ণকালীন অৰ্হতাসম্পন্ন নাৰ্ছ তথা ধাত্ৰী থাকিব। যিখন হাস্পতালত বাগিচাখনৰ লিয়েন ভিত্তিক(Lien) বিছনা থাকে সেইখনৰ অৰ্হতাসম্পন্ন চিকিৎসাজীৱীয়ে প্ৰতিদিনে এক নিৰ্দিষ্ট সময়ত এনে ডিছপেনছ্যাৰী পৰিদৰ্শন কৰি। ডিছপেনছাৰীৰ বিছনাত ৰখা যিবোৰ ৰোগীক চিকিৎসালয়ত ৰখাৰ প্ৰয়োজন সেই সকলক লগে লগে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হ’ব। [নিয়ম ৩৬(৩)]।

আনহাতে এখন বাগিচাৰ কোনো এটা অংশ যদি মূল বাগিচাখনৰপৰা বাহিৰত অৱস্থিত আৰু তাত ন্যূনতম ২০০ গৰাকী বনুৱা নিয়োজিত হৈ থাকে তথা যদিহে এই অংশটোৰ আৱাসিক এলেকা বাগিচাৰ মূল হাস্পতালখনৰপৰা পথৰ হিচাপত দুই কিলোমিটাৰ নিলগত থাকে তেন্তে সেই অংশত দুখন বিছনাযুক্ত এখন ডিছপেনছ্যাৰী থাকিব। মুখ্য পৰিদৰ্শকৰ দ্বাৰা অনুমোদিত বিছনাৰ এই চিকিৎসালকেন্দ্ৰত বেমাৰীক তাৎক্ষণিকভাৱে প্ৰশিক্ষণপ্ৰাপ্ত ধাত্ৰীয়ে ফাৰ্মাচিষ্টজনক সহায় সহায় কৰিব। বাগানৰ চিকিৎসকে প্ৰতিদিন নিৰ্দিষ্ট সময়ৰ বাবে এনে ডিছপেনছ্যাৰীলৈ আহি বহিঃৰ্বিভাগৰ বেমাৰীসকলৰ চিকিৎসা কৰিব। যদি বেমাৰীক চিকিৎসাৰ বাবে ৰাখিব লগা হয় তেন্তে তেতিয়াই তেনে বেমাৰীক বাগিচাৰ হাস্পতাললৈ লৈ অনা হ’ব। [নিয়ম ৩৬(৪)]

প্ৰতিখন বাগিচাতে কমেও এগৰাকী পূৰ্ণকালীন চিকিৎসক থাকিব যাক এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্ছ, এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত ধাত্ৰী, এগৰাকী অৰ্হতাসম্পন্ন ফাৰ্মাচিষ্ট আৰু এগৰাকী প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্য-সহায়কে সহায় কৰিব। এই সকলো কেইজনৰ দায়িত্ব পূৰ্ণকালীন হ’ব তথা তেওঁলোকৰ সহায় সকলো সময়ত প্ৰাপ্ত হ’ব। [নিয়ম ৩৬(৫)]

উল্লিখিত উপ-নিয়ম(৩), (৪), (৫) সাপেক্ষে প্ৰতিখন বাগিচাতে চিকিৎসা আৰু সহায়ক কৰ্মী নিন্মোক্ত হাৰত হ’ব-

অৰ্হতাসম্পন্ন চিকিৎসাজীৱী বা চিকিৎসক: প্ৰতি ১৭৫০ জন বা তাৰ ভাগৰ বিপৰীতে এজনকৈ।

ধাত্ৰী:

প্ৰতি ১৭৫০ জন বা তাৰ ভাগৰ বাবে এজন।

প্ৰশিক্ষিত নাৰ্ছিং এটেণ্ডেন্ট:

প্ৰতি ৩০০ বা তাৰ ভাগৰ বাবে এজন।

ফাৰ্মাচিষ্ট:

প্ৰতি ১৭৫০ জন শ্ৰমিক বা তাৰ ভাগৰ বাবে এজন।

স্বাস্থ্য সহায়ক:

প্ৰতি ২১০০ জন শ্ৰমিক বা তাৰ ভাগৰ বাবে এজন। [নিয়ম ৩৬(৬)]

বাগিচাৰ প্ৰতি ১০০০জন শ্ৰমিকৰ বিপৰীতে এখনকৈ কমেও ১৫ খন বিছনা বাগিচাৰ হাস্পতালত থাকিব আৰু প্ৰতিখন বিছনাৰ বাবে ৬০ বৰ্গফুট মজিয়া এলেকা ন্যূনতম(Floor space) ভাৱে থাকিব। [নিয়ম ৩৬(৭)(ক)]

চিকিৎসালয়বোৰ স্থায়ীভাৱে নিৰ্মিত হোৱাৰ লগতে কমেও পাঁচফুট ওখ ধুব পৰা বেৰ ভিতৰভাগত থাকিব আৰু এইবোৰ পানী নসৰকা হ’ব। হাস্পতালবোৰত যথাযথ পানী যোগান আৰু অনাময় ব্যৱস্থা থাকিব। একেদৰে হাস্পতালবোৰত সকলোৱে পাবপৰা বিশুদ্ধ নলীৰ পানী যোগন থাকিব। চিকিৎসালয় এখনত নিম্নোক্ত বিভাগসমূহ থাকিব-

১. পুৰুষৰ বাবে সাধাৰণ ৱাৰ্ড(General Ward)

২. মহিলাৰ বা সাধাৰণ ৱাৰ্ড

৩. প্ৰসূতি বিভাগ য’ত সুকীয়া লেবাৰ কক্ষ থাকিব

৪. পৰিয়াল পৰিকল্পনা কেন্দ্ৰ

৫. টি বি আৰু ভি ডি ক্লিনিক

৬. বহিঃ- ৰোগীৰ বাবে বিভাগ(এই বিভাগত ৰোগীয়ে অপেক্ষা কৰি থাকিব পৰা পৰ্যাপ্ত জেগা থাকিব য’ত আঁৰ-বেৰ থাকিব। এই বিভাগটো ৰোগীৰ বাবে থকা সাধাৰণ ৱাৰ্ডৰপৰা আঁতৰত সুকীয়া ব্লকত থাকিলে ভাল।

৭. পৰামৰ্শ কক্ষবোৰ এনেভাৱে থাকিব লাগে যাতে ৰোগীক গোপনীয়ভাৱে পৰীক্ষা কৰিব পাৰি।

৮.সৰু অপাৰেশ্যন আৰু ড্ৰেছিং কোঠা

৯. ডিছপেনছ্যাৰী আৰু ঔষধৰ ভঁৰাল(Drug Store)

১০. সাধাৰণ ভঁৰাল(Seneral Store)

১১. ৰন্ধাৰ বাবে ৰান্ধনীকক্ষ(মহ-মাখি পৰিব নোৱৰা)

১২. সাধাৰণ বিয়পিব পৰা বেমাৰৰ বাবে সুকীয়া সৰু পৃথক ৱাৰ্ড(isolation wards)

১৩. সাধাৰণ ৱাৰ্ডৰ পৰা এক যথাযথ দূৰত্বত এটা সুকীয়া ব্লক বা কক্ষ থাকিব। সংক্ৰমিত বেমাৰ, টি বি(যক্ষ্মা) বেমাৰীৰ বাবে এটা পৃথক ৱাৰ্ড থাকিব য’ত সম্পূৰ্ণ সুকীয়াভাৱে সেইসকল বেমৰীয়ে ব্যৱহাৰ কৰিব পৰা স্নানাগাৰ আৰু শৌচাগাৰ থাকিব। [নিয়ম ৩৬(৬)(ডি)]

প্ৰতিখন হাস্পতালতে মণ্ডল হাস্পতাললৈ ৰোগী অনা-নিয়াৰ কাৰণে পৰিবহণ ব্যৱস্থা থাকিব আৰু এই পৰিবহণ বাগিচাখনৰ নিয়োগকৰ্তাই বিনামূলীয়াকৈ যোগান ধৰিব। একেদৰে প্ৰতিখন বাগিচাত নিজৰ আৱাসগৃহৰ পৰা বাগানৰ ডিছপেনছ্যাৰীলৈ যাবলৈ ষ্ট্ৰেচাৰৰ ব্যৱস্থা থাকিব। যিবিলাক ৰোগীয়ে ষ্ট্ৰেচাৰ নোহোৱাকৈ ডিছপেনছ্যাৰীলৈ যাব নোৱাৰে সেইসকলে বিনামূলীয়াভাৱে ষ্ট্ৰেচাৰ আৰু ইয়াৰ বাহক(Bearer) লাভ কৰিব।

যদিহে কোনো চাহ বাগিচাৰ কোনো দাঁতিকাষৰীয়া বাগানৰ হাস্পতালত বা আন কোনো চিকিৎসালয়ত লিয়েন ভিত্তিত বিছৰা থাকে তেন্তে তেনে হাস্পতাললৈ ৰোগীক বিনামূলীয়াভাৱে অনা-নিয়া কৰা হ’ব আৰু বাগিচাৰ নিয়োগকৰ্তাই এই খৰচ বহন কৰিব।

মণ্ডল চিকিৎসালয়(নিয়ম ৩৭)-

বাগিচাসমূহৰ মালিকসকলে সমূহীয়াভাৱে প্ৰতিষ্ঠা কৰা মণ্ডল হাস্পতাল বাগিচাৰ মুখ্য পৰিদৰ্শকে নিৰ্দ্ধাৰণ কৰি দিয়া এলেকা বা উপ-এলেকাত প্ৰতিষ্ঠা কৰা হ’ব। মুখ্য পৰিদৰ্শকজনে নিৰ্দ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট কৰি সময়ৰ ভিতৰত এনে চিকিৎসালয় প্ৰতিষ্ঠা কৰিব লাগিব আৰু এই ক্ষেত্ৰত পৰিদৰ্শজনে চিকিৎসা উপদেষ্টামণ্ডলীৰ পৰামৰ্শ গ্ৰহণ কৰিব। যিটুকুৰা ঠাইত মণ্ডল চিকিৎসালয় প্ৰতিষ্ঠা কৰা হ’ব সেইটুকুৰা বাগিচাকেইখনৰ কেন্দ্ৰীয় স্থানত অথবা সেই সমূহৰ বাবে সুচল হ’ব লাগিব। চিকিৎসালয়খনৰ প্ৰতিষ্ঠা আৰু ইয়াক চলাই নিয়াৰ খৰচৰ অংশীদাৰিত্ব মুখ্য পৰিদৰ্শকে বাগিচাসমূহৰ মাজত নিৰ্দ্ধাৰণ কৰি দিব[নিয়ম ৩৭(১)]

মণ্ডল হাস্পতাল প্ৰতিষ্ঠা কৰিবলৈ সেইখনৰ স্থান, আকাৰ, চিকিৎসালখনে সামৰা বাগিচাসমূহৰ কালি, সেইসমূহত কৰ্মৰত শ্ৰমিক ইত্যাদি সামৰা আঁচনিখন ৰাজ্য চৰকাৰে অনুমোদন কৰিব লাগিব।

এনেধৰণৰ প্ৰতিখন মণ্ডল চিকিৎসালয়ত ন্যূনতম এশখন বিছনা থাকিব আৰু প্ৰতি ৭০০ জন বনুৱাৰ বিপৰীতে তিনিখনকৈ বিছনাৰ ব্যৱস্থা কৰা হ’ব। প্ৰতিখন বিছনাই সামৰি লোৱা মজিয়াৰ কালি হ’ব ৮০ বৰ্গ ফুট।

অৱশ্যে ৰাজ্য চৰকাৰে মণ্ডল চিকিৎসালয়ৰ বাবে তাতকৈ কমসংখ্যক বিছনাও নিৰ্দ্ধাৰণ কৰি দিব পাৰে। যদিহে মণ্ডল চিকিৎসা কৰিবলৈ যাব বিচৰা বেমাৰীৰ বাবে বিকল্প চিকিৎসাৰ ব্যৱস্থা থকা বুলি ৰাজ্য চৰকাৰ পতিয়ন যায় তেন্তে চৰকাৰে বাগিচাৰ কোনো মণ্ডলক মণ্ডল চিকিৎসালয় প্ৰতিষ্ঠা কৰাৰ পৰা ৰেহাই দিবও পাৰে।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ আগতীয়া অনুমোদন নোহোৱাকৈ এনে অনুমোদন দিব পৰা নাযাব।

মণ্ডল চিকিৎসালয়বোৰ ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি নিৰ্মাণ কৰা হ’ব। ইয়াত বিশুদ্ধ পানীৰ যোগান, বিদ্যুৎ ব্যৱস্থা, আধুনিক অমানয় ব্যৱস্থা, প্ৰৱাহিত পানীৰ ব্যৱস্থা থকা শৌচালয়(মল-মূত্ৰ পানী মাৰি ভহাই দিয়া ব্যৱস্থা) থাকিব। প্ৰতিটো ৱাৰ্ড, লেবাৰ ৰূপ, চাৰ্জিকেল ড্ৰেছিং ৰূপ, পৰামৰ্শদান কক্ষ আদিত প্ৰক্ষালন পাত্ৰৰ ওপৰত পানীৰ ব্যৱস্থা থাকিব। অৱশ্যে চৰকাৰে পানীযোগান, বিদ্যুৎ ব্যৱস্থা আৰু অনাময়ৰ আন আধুনিক ব্যৱস্থৰ ক্ষেত্ৰত যদি অনুমোদন জনায় তেন্তে তেনে বিকল্প ব্যৱস্থা ল’ব পৰা যায়।

মণ্ডল চিকিৎসালয়ত উপদেষ্টা মণ্ডলীৰ অনুমোদনমৰ্মে নিম্নোক্ত ব্যৱস্থাসমূহ থাকিব-

*অপাৰেটিং থিয়েটাৰ ব্লক(Operating Theatre Block)

*এক্স-ৰে ব্ল‘ক(X-Ray Block)

*ফিজিকেল থেৰাপী ব্ল’ক(Physical Therapy Block)

*দন্ত চিকিৎসা খণ্ড(Dental Treatment Block)

*প্ৰসূতি কক্ষ(Labour Room)

*টি বি আৰু ভি ডি(T.B. and V.D. Clinics)

*পৰামৰ্শদান আৰু পৰীক্ষণ কেন্দ্ৰ(Consulting and Examination rooms)

*সম্পূৰ্ণ সা-সৰঞ্জামযুক্ত ক্লিনিকেল লেব’ৰেটৰী(Clinical Labouratory, fully equipped)

*ডিছপেনছ্যাৰী(Dispensary)

*প্ৰশাসনিক আৰু কাৰ্যালয় খণ্ড(Administrative and Office Block)

*ৰান্ধনীঘৰ আৰু কাপোৰ ধোৱা কক্ষখণ্ড(Kitchen and Laundary Blocks)

*স্নানাগাৰ আৰু শৌচালয়(Lavatories and Bathrooms)

*ভঁৰাল(Stores)

*শৱগৃহ আৰু মৰোণোত্তৰ পৰীক্ষাগৃহ(Mortuary and Post-mortem rooms)

বহিঃবিভাগীয় ৰোগীসকলৰ বাবে পাৰিলে কিছু আঁতৰত সুকীয়াকৈ ৱাৰ্ডৰ ব্যৱস্থা কৰাটো উচিত। একেদৰে পুৰুষ-মহিলা, প্ৰসূতি সম্পৰ্কীয় বেমাৰৰ বাবে সুকীয়া ৱাৰ্ডৰ ব্যৱস্থা থাকিব লাগে। যিবোৰ সংক্ৰমিত বেমাৰ সেইসমূহৰদ্বাৰা আক্ৰান্ত ৰোগীৰ বাবে সুকীয়া ৱাৰ্ডৰ ব্যৱস্থা থাকিব।

যদিহে নিয়োগকৰ্তাসকলে এক্স-ৰে, ফিজিকেল থে’ৰাপী ব্লক আৰু দন্ত চিকিৎসাখণ্ড প্ৰতিষ্ঠা কৰাৰ সলনি আন কোনো চিকিৎসালয়ত মুখ্য পৰিদৰ্শকৰ অনুমোদন ক্ৰমে তেনে ব্যৱস্থাবোৰ সন্তোষজনকভাৱে কৰি দিয়ে তেতিয়াহ’লে নিয়োগকৰ্তাসকলে মণ্ডল চিকিৎসালয়ত এনে ব্যৱস্থাবোৰ স্থাপন নকৰিলেও হ’ব।

প্ৰতিখন মণ্ডল চিকিৎসালয়ত ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া অনুসৰি চিকিৎসা আৰু অন্যান্য কৰ্মী থাকিব। মণ্ডল চিকিৎসালয়ৰ সকলোবোৰ চিকিৎসক অৰ্হতাসম্পন্ন চিকিৎসাজীৱী হ’ব। এশ বিছনাযুক্ত এখন চিকিৎসালয়ত ১৫ গৰাকী নাৰ্ছ থাকিব। ইয়াৰে এগৰাকী প্ৰশিক্ষিত জ্যেষ্ঠ নাৰ্ছ, পাঁচগৰাকী প্ৰশিক্ষিত কনিষ্ঠ নৰ্ছ আৰু ন গৰাকী সহকাৰী নাৰ্ছ হ’ব। নাৰ্ছসকলৰ শিক্ষা-দীক্ষা আৰু অভিজ্ঞতা অনুযায়ী এনেধৰণৰ শ্ৰেণীবিভাজনসমূহ কৰা হ’ব পাৰে। প্ৰতিখন মণ্ডল চিকিৎসালয়তে যথাযথ সা-সৰঞ্জামযুক্ত এখন এম্বুলেঞ্চ থাকিব।

প্ৰতিখন ডাক্তৰখানা, বাগিচা হাস্পতাল বা চিকিৎসালয় আৰু  মণ্ডল চিকিৎসালয়ত ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া অনুযায়ী সা-সৰঞ্জাম আৰু ঔষধি থাকিব। [নিয়ম ৩৮]

প্ৰতিখন ডাক্তৰখানা, বাগিচা বা মণ্ডল চিকিৎসালয়ত ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰা অনুযায়ী পঞ্জীয়নবহী, হিচাপবহী আৰু প্ৰতিজন ৰোগীৰ বিপৰীতে একোখনকৈ চিকিৎসা নথি(Medical Record) ৰাখিব। তদুপৰি চিকিৎসালয়খনৰ মেডিকেল ষ্ট’ৰৰ সন্দৰ্ভত সেইবোৰ নিয়ম মানি চলিব যিবোৰ ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিব।

চিকিৎসা সুবিধাৰ মান(নিয়ম ৮০)-

বহিঃবিভাগৰ ৰোগীৰ চিকিৎসা সেৱাই নিম্নোক্ত বিষয়সমূহ সামৰি ল’ব-

১. নিৰীক্ষণ আৰু চিকিৎসা প্ৰদানৰ বাবে ৰোগীক ৰখা

২. প্ৰতিষেধক চিকিৎসা প্ৰণালী, যেনে: টীকাকৰণ আৰু প্ৰতিৰোধ শক্তিবৃদ্ধিকৰণ(Inoculations)

৩. ইনজেকশ্যনকে আদি কৰি সকলো ধৰণৰ ঔসধৰ ব্যৱস্থা কৰা তথা ড্ৰেছিং আৰু প্ৰয়োজনীয় সা-সৰঞ্জাম বিনামূলীয়াকৈ যোগান ধৰা।

৪. প্ৰসৱৰ পূৰ্বৰ, প্ৰসৱকালীন আৰু প্ৰসৱোত্তৰ ]উপদেশ প্ৰদান।

৫. আইনখনৰ ৩২ নং অনুচ্ছেদ অনুযায়ী প্ৰসূতি আৰু বেমাৰৰ সা-সুবিধা ল’বৰ বাবে যি প্ৰমাণ পত্ৰৰ প্ৰয়োজন সেইবোৰ বিনামূলীয়াকৈ যোগান ধৰা হ’ব।

যিবোৰ ৰোগীক চিকিৎসালয়ত ভৰ্তি কৰা হ’ব সেইবোৰক চোৱাচিতা, খাদ্যযোগান, ঔষধপাতি আদি চিকিৎসালয়ত মজুত থকা হিচাপত যোগান ধৰা হ’ব।

যদিহে কোনো হাস্পতাল বা ডাক্তৰখানাৰ চিকিৎসা প্ৰদানক লৈ কোনো আপত্তি দৰ্শোৱা হয় তেন্তে ৰাজ্য চৰকাৰে ন্যূনতম জিলা অসামৰিক শল্য চিকিৎসক পৰ্যায়ৰ এগৰাকী বিষয়াৰ দ্বাৰা বিষয়টোৰ অনুসন্ধান কৰিব আৰু অধিকতৰ চিকিৎসা প্ৰদানৰ বাবে প্ৰয়োজনীয় নিৰ্দেশ জাৰি কৰিব।

প্ৰতিগৰাকী নিয়োগকৰ্তাই এই নিয়ম জাৰি হোৱাৰ ছমাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ ওচৰত নিৰ্দ্ধাৰিত নিয়ম অনুযায়ী চিকিৎসা সেৱা আগবঢ়োৱা সন্দৰ্ভত এখন আঁচনি দাখিল কৰিব। এই আঁচনিখনত প্ৰয়োজনীয় চিকিৎসা সা-সুবিধাসমূহৰ বিভিন্ন পৰ্যায় বা স্তৰৰ কথা উল্লেখ থাকিব। লগতে কিমান তাৰিখৰপৰা এনে সেৱাসমুইউহ আগবঢ়োৱা হ’ব তাৰ উল্লেখ কৰিব।

প্ৰতিগৰাকী নিয়োগকৰ্তাই নিৰ্দিষ্ট ৰাজ্য চৰকাৰৰ ওচৰত প্ৰতি বছৰৰ ৩১ জানুৱাৰী আৰু ৩১ জুলাইত এখন প্ৰতিবেদন দাখিল কৰিব য’ত অনুমোদিত আঁচনি অনুযায়ী চিকিৎসা সা-সুবিধাসমূহ প্ৰদান কৰাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিৰ কথা উল্লেখ থাকিব (নিয়ম ৪১)।

যদিহে কোনো নিয়োগকৰ্তাই এই নিয়মত নিৰ্দ্ধাৰণ কৰা অনুযায়ী চিকিৎসাসেৱা প্ৰদান নকৰে আৰু নিয়োগকৰ্তাজনৰ চিকিৎসা সেৱাৰ সা-সুবিধাবোৰ যদিহে মুখ্য পৰিদৰ্শকৰ মনঃপুত নহয় তেন্তে মুখ্য পৰিদৰ্শকে এনে চিকিৎসা সুবিধা দাঁতিকাষৰীয়া বাগিচাৰ হাস্পতাল বা ডাক্তৰখানা অথবা জিলা বোৰ্ড(District Board) অথবা এনেধৰণৰ আন হাস্পতালত ব্যৱস্থা কৰিব পাৰে। যদিহে মুখ্য পৰিদৰ্শকজনে প্ৰয়োজনীয় বুলি বিবেচনা কৰে তেন্তে তেওঁ সাধাৰণ বা বিশেষ নিৰ্দেশযোগে কোনো অৰ্হতাসম্পন্ন চিকিৎসক বা কোনো সুচল চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিব।

চিকিৎসা প্ৰদানত আওহেলা প্ৰদৰ্শন কৰা নিয়োগকৰ্তাজনে এনেভাৱে প্ৰদান কৰা চিকিৎসা ব্যয়ৰ খৰচ বহন কৰিব লাগিব। লগতে নিম্নোক্ত বিষয়বোৰৰ মাচুলো তেওঁ বহন কৰিব লাগিব-

ক)কোনো বেমাৰী শ্ৰমিক বা শ্ৰমিকসকলৰ পৰিচৰ্যা কৰিবৰ বাবে বাগিচাখনলৈ অহা চিকিৎসা বিষয়াজনৰ খৰচ,

খ)এখন চিকিৎসালয় বা ডাক্ৰৰখানাৰ চিকিৎসাধীন বেমাৰীজনৰ প্ৰতিদিনৰ ভৰণ-পোষণৰ খৰচ,

গ)বেমাৰী শ্ৰমিকজনক প্ৰদান কৰা পৰিবহণ ব্যয়।

ইয়াৰ উপৰি মুখ্য পৰিদৰ্শকজনে আওহেলা কৰা শ্ৰমিকজনক জৰিমনাও বিহিব পাৰে।

একেদৰে কোনো মণদল চিকিৎসালয়ৰ অন্তৰ্গত বাগিচাবোৰে যদিহে মণ্ডল চিকিৎসালয়ত চিকিৎসা সা-সুবিধাসমূহ দিবলৈ অসমৰ্থ হয় তেতিয়া ৰাজ্য চৰকাৰে চিকিৎসা উপদেষ্টা মণ্ডলীৰ উপদেশ মৰ্মে এনোএ চিকিৎসাৰ ব্যৱস্থা কৰিব পাৰে। এনেক্ষেত্ৰত চৰকাৰে চিকিৎসাসেৱাৰ ব্যয় বা অন্যানপ্য খৰচ ভূমিৰ খাজনা হিচাপত বা অন্যান্য ৰূপে আদায় কৰি ল’ব পাৰে।

কল্যাণমূলক কাৰ্য -

কেন্টিনৰ সুবিধা(আইনৰ ১১ নং অনুচ্ছেদ):

আইনখনৰ ১১ নং অনুচ্ছেদ অনুযায়ী ৰাজ্য চৰকাৰে যিবোৰ সাধাৰণতে ১৫০ গৰাকী বনুৱাই কাম কৰে তাত এখন বা ততোধিক কেন্টিন স্থাপন কৰাৰ বাবে নিয়ম প্ৰণয়ন কৰিব পাৰে। এনে কেন্টিনবোৰ মালিকপক্ষই স্থাপন কৰিব তথা তাৰ তদাৰকী কৰিব। ৰাজ্য চৰকাৰে লগতে নিম্নোক্ত নিয়মসমূহো বান্ধি দিব পাৰে-

ক)কোন তাৰিখৰ পৰা কেন্টিনৰ ব্যৱস্থা কৰা হ’ব।

খ)একোখন বাগিচাত কিমানখনকৈ কেন্টিন থাকিব তথা এনে কেন্টিবোৰৰ নিৰ্মাণৰ মান, আসনৰ ব্যৱস্থা(accomodation), ফাৰ্ণিচাৰ আৰু কেন্টিনখনত থাকিব লগা অন্যান্য আচবাব।

গ)কেন্টিনখনৰ পৰিৱেশন কৰিব পৰা খাদ্য সামগ্ৰী আৰু এনে খাদ্য সামগ্ৰীৰ নিৰিখ।

ঘ)কেন্টিনখনৰ পৰিচালনা কমিটী গঠন আৰু কেন্টিনখন পৰিচালনা কৰাৰ ক্ষেত্ৰত শ্ৰমিকৰ প্ৰতিনিধিত্ব।

ঙ)উপৰিউক্ত (গ)ৰ অধীনত নিয়ম প্ৰণয়ন কৰিবলৈ মুখ্য পৰিদৰ্শকক ক্ষমতা অৰ্পণ।

কেন্টিনৰ বাবে নিয়ম(নিয়ম ৪৪)(আইনখনৰ ১১ নং অনুচ্ছেদৰ অধীনত প্ৰণয়ন কৰা):

যিবোৰ বাগিচাত ১৫০ গৰাকী শ্ৰমিকে সাধাৰণতে কাম কৰে তাত বা তাৰ সমীপত বাগিচাখনৰ নিয়োগকৰ্তাই এখন বা ততোধিক কেন্টিন খোলাৰ ব্যৱস্থা কৰিব। এনে কেন্টিনত চাহ, বিস্কুট বা মুখ্য পৰিদৰ্শকে ৰাজ্য চৰকাৰৰ আগতীয়া অনুমোদন ক্ৰমে কি কি খাদ্য সামগ্ৰী পোৱা যাব তাক নিৰ্দ্ধাৰণ কৰি দিব।

মূল্য(নিয়ম ৪৫):

কেন্টিনত পৰিৱেশন কৰা বা কৰ্মস্থলীতে কেন্টিনৰপৰা যোগান ধৰা চাহ, বিস্কুট বা অন্যান্য খাদ্য সামগ্ৰী লাভহীনভাৱে(non-profit basis) বিক্ৰী কৰিব। কেন্টিনখনৰ ফাৰ্নিচাৰ,  ইন্ধন, সা-সৰঞ্জাম, গ্লাছ, কাপ, বাচন-বৰ্তন আদি, কেন্টিনখনত বহাৰ ব্যৱস্থা, কেন্টিনখন প্ৰতিদিনে চলাবলৈ প্ৰয়োজনীয় লোক যেনে- ৰান্ধনী, চাহ-বিস্কুট যোগান দিয়া লোক আদি সকলোবোৰ নিয়োগকৰ্তাই নিজৰ খৰচত বহন কৰিব লাগিব। কেন্টিনখনত বিক্ৰী কৰা কোনো সামগ্ৰীতে এনেবোৰ খৰচৰ বাবে মূল্য ল’ব পৰা নাযাব।

নিয়ম ৪৫-ক(Rul 45-A):

১. উপযুক্ততাৰ প্ৰমাণপত্ৰ দিয়া শল্য চিকিৎসকৰ(Certifying Surgeon) দ্বাৰা অনুমোদিত তথা যথাযথ পৰিষ্কাৰ অৱস্থাত প্ৰস্তুত কৰা খাদ্য প্ৰতিখঅন কেন্টিন বা কৰ্মস্থলীত পৰিৱেশন কৰা হ’ব। কৰ্মস্থলীত পৰিৱেশন কৰাৰ বাবে এনে খাদ্য সামগ্ৰী মহ-মাখি বা ধূলি পৰিব নোৱৰা বাচনত কঢ়িয়াই নিব।

২. প্ৰতিখন কেন্টিন এখন কেন্টিন পৰিচালনা কমিটীৰ অধীনত পৰিচালিত হ’ব আৰু এই কমিটীখনত বাগানৰ কৰ্তৃপক্ষ আৰু শ্ৰমিকৰ সম-প্ৰতিনিধিত্ব থাকিব। শ্ৰমিকক প্ৰতিনিধিত্ব কৰা সকল স্বীকৃতিপ্ৰাপ্ত ইউনিয়নৰ দ্বৰা মনোনীত কৰ আৰু পৰিচালনা বা কৰ্তৃপক্ষক প্ৰতিনিধিত্ব কৰা প্ৰতিনিধিসকলক নিয়োগকৰ্তাই মনোনীত কৰিব। বাগানৰ পৰিচালনাৰ পৰা প্ৰতিনিধিত্ব কৰ কোনো এজন, যাক নিয়োগকৰ্তাই মনোনীত কৰে, কমিটীখনৰ অধ্যক্ষ হ’ব। এই কমিটীখনৰ সদস্য সংখ্যা কোনো ক্ষেত্ৰতে দহজনতকৈ অধিক হ’ব নোৱাৰিব।

৩. কেন্টিন পৰিচালনা কমিটীৰ সিদ্ধান্ত গৰিষ্ঠসংখ্যকৰ ভোটৰ আধাৰত নিৰ্ণয় কৰা হ’ব। যদিহে কোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত ভোট দুয়োটা পক্ষত সমান সমান সহ তেন্তে অধ্যক্ষজনে নিৰ্ণায়ক ভোট প্ৰদান কৰিব।

৪. কেন্টিন পৰিচালনা কমিটীৰ সদস্যসকলক সাধাৰণতে দুটা বছৰৰ এটা কাল(term)ৰ বাবে মনোনীত কৰা হ’ব। অধ্যক্ষৰ বাদে কোনো সদস্যই একেৰাহে এটা কালতকৈ অধিক সময়ৰ বাবে মনোনীত হ’ব নোৱাৰিব।

৫. কেন্টিন পৰিচালনা কমিটী মাহেকত কমেও এবাৰকৈ বহিব আৰু ইয়াৰ সভাৰ কাৰ্যবিৱৰণী এটা বন্ধা পঞ্জীয়ন বহীত লিপিবদ্ধ কৰি ৰাবিব। সভাত উপস্থিত থকা সকলো সদস্যই হস্তাক্ষৰেৰে বা আঙুলিৰ ছাপ মাৰি এই বিৱৰণী প্ৰত্যায়ন বা প্ৰমাণ কৰিব(authenticated)। বহীখনত শেষৰবাৰৰ বাবে হোৱা পঞ্জীয়নভুক্তকৰণৰ দিনটোৰ পৰা ধৰি পৰৱৰ্তী তিনি বছৰৰ বাবে এই কাৰ্যবিৱৰণী লেখা বহীখন সংৰক্ষণ কৰি ৰখা হ’ব।

৬. কেন্টিন পৰিচালনা কমিটীৰ সভাৰ কাৰ্যবিৱৰণী যিমান সোনকালে পাৰি মুখ্য পৰিদৰ্শক আৰু স্থানীয় পৰিদৰ্শকলৈ প্ৰেৰণ কৰা হ’ব।

শিশু যতন কেন্দ্ৰ(Creches) [আইনখনৰ ১২ নং অনুচ্ছেদ]:

১. প্ৰতিখন চাহ বাগিচাতে য’ত ৫০ বা ততোধিক মহিলা কৰ্মীয়ে(কোনো ঠিকাদাৰৰ দ্বাৰা নিয়োজিত মহিলা শ্ৰমিককে ধৰি) কাম কৰে বা পূৰ্বৰ বাৰ মাহৰ ভিতৰত কোনো দিনত কাম কৰিছিল বা য’ত কৰ্মৰত মহিলা শ্ৰমিকৰ সন্তানৰ সংখ্যা(কোনো ঠিকাদাৰৰ দ্বাৰা নিয়োজিত মহিলা শ্ৰমিকৰ সন্তানক ধৰি) যদি ২০ বা ততোধিক হয় তেন্তে এনে মহিলা শ্ৰমিকৰ সন্তানসকলৰ বাবে নিয়োগকৰ্তাই উপযুক্ত কোঠাৰ ব্যৱস্থা কৰিব তথা সেইবোৰৰ তদাৰকী কৰিব। [এই অনুচ্ছেদত উল্লেখ কৰা ‘শিশু’ মানে সেইসকল লোক যিসকলৰ বয়স ৬ বছৰৰ তলত।]

অৱশ্যে কোনো বাগানত যদি ৫০ জনীতকৈ কম মহিলা শ্ৰমিক(ঠিকাদাৰৰ দ্বাৰা নিয়োজিত মহিলা শ্ৰমিককে ধৰি) থাকে বা পূৰ্বৰ বাৰ মাহৰ ভিতৰৰ কোনো দিনত আছিল বা যদিহে এনে মহিলাৰ সন্তানৰ সংখ্য়া ২০ জনতকৈ কম হয় তেন্তে ৰাজ্য চৰকাৰে যদি এনে মহিলা শ্ৰমিকৰ সন্তানৰ সংখ্যালৈ লক্ষ্য ৰাখি উপযুক্ত কোঠা দিয়াটো প্ৰয়োজনীয় বুলি বিবেচনা কৰে তেন্তে চৰকাৰে নিয়োগকৰ্তাক তেনে কোঠাৰ ব্যৱস্থা তথা তদৰকী কৰিবলৈ নিৰ্দেশ কৰিব। এনে নিৰ্দেশ পোৱাৰ পিছত নিয়োগকৰ্তাই তেনে নিৰ্দেশ পালন কৰিবলৈ বাধ্য হ’ব। [অনুচ্ছেদ ১২(১ এ)]

উল্লিখিত অনুচ্ছেদ দুটাত উল্লেখিত ‘কোঠা’ মানে হৈছে-

ক)যথাযথ থকা-লোৱাৰ ব্যৱস্থা থকা

খ)যথাযথ পোহৰ আৰু বায়ু চলাচলৰ ব্যৱস্থা(ventilation) থকা

গ)চাফা আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ব্যৱস্থা

ঘ)শিশু আৰু কেঁচুৱাৰ যতন ল’বলগা প্ৰশিক্ষিত মহিলাৰ তত্ত্বাৱধান। [অনুচ্ছেদ ১২(২)]

ৰাজ্য চৰকাৰে লগত কেঁচুৱা যতন কেন্দ্ৰৰ স্থান আৰু কোঠাৰ নিৰ্মাণ, থকা-লোৱাৰ ব্যৱস্থা, সা-সৰঞ্জাম আৰু সুবিধা সমূহৰ মান নিৰ্দ্ধাৰণ কৰিবলৈ নীতি প্ৰণয়ন কৰিব পাৰে। [অনুচ্ছেদ ১২(৩)]

শিশু যতন কেন্দ্ৰৰ বাবে নিয়ম [নিয়ম ৪৬] [মূল আইনখনৰ অনুচ্ছেদ ১২(৩)ৰ অধীনত প্ৰণয়ন কৰা]

১. প্ৰতিখন বাগিচাত য’ত ৫০ বা ততোধিক মহিলা শ্ৰমিকে কাম কৰি আছে বা পূৰ্বৰ ১২ মাহৰ যিকোনো এটা দিনত কৰিছিল, তেন্তে নিয়োগকৰ্তাই দুই বছৰৰ তলৰ শিশুৰ বাবে শিশুযতন কেন্দ্ৰৰ ব্যৱস্থা কৰিব তথা তাৰ তদাৰকী কৰিব।  কৰ্মস্থলী কোনো উপযুক্ত ঠাইত হ’ব লগা এনে কেন্দ্ৰ প্ৰতি ২৫ হেক্টৰ চাহ বগিচা বা তাৰ অংশ বিশেষত এটাকৈ হ’ব। দুইৰ পৰা ছয় বছৰ বয়সৰ শিশুৰ বাবে মূল বাগিচা আৰু বাহিৰ ফালৰ(outgarden) বাগানৰ(যদিহে বাহিৰৰ ফালৰ বাগিচা আছে) প্ৰত্যেকৰ বাবে এটাকৈ শিশু যতন কেন্দ্ৰ থাকিব।

২. প্ৰতিটি শিশু যতন কেন্দ্ৰত আলপিচান ধৰি লগা শিশুসকলৰ ওচৰলৈ মাকসকলে সহজতে যাব পাৰিব লাগিব।

৩. এটা শিশু যতন কেন্দ্ৰত ৰখা শিশুৰ প্ৰত্যেকৰে বাবে ন্যূনতম পোন্ধৰ বৰ্গ ফুট মজিয়ৰ এলেকা(floor area) থাকিব।

৪. যিটো গৃহত শিশু যতন কেন্দ্ৰটো অৱস্থিত তাৰ নিৰ্মাণ শক্তিশালী হ’ব য’ত ভাল ভেটিৰ বেৰ(plinth) থাকিব।

৫. শিশু যতন কেন্দ্ৰটো ঘৰটো মুখ্য পৰিদৰ্শকে নিৰ্দ্ধাৰণ কৰা মানযুক্ত আঁচনি অনুযায়ী হ’ব। যদিহে কোনো মানযুক্ত আঁচনি নাথাকে বা যদিহে মানবিশিষ্ট আঁচনিতকৈ বেলেগকৈ ঘৰটো নিৰ্মাণ কৰিব বিচৰা হয় তেন্তে মুখ্য় পৰিদৰ্শকৰ অনুমোদন লাগিব।

৬. শিশু যতন কেন্দ্ৰত উপযুক্ত ফাৰ্ণিচাৰ, শিশুৱে লশুবৰ বাবে বিছনা, বহিবলৈ চকী, দুই বছৰৰ তলৰ প্ৰতিজন শিশুৰ বাবে ওলমা বিছনা(Hammock) পুতলা আৰু ৰাজ্য চৰকাৰৰ অনুমোদন ক্ৰমে মুখ্য পৰিদৰ্শকে নিৰ্দিষ্ট কৰি দিয়া খেলৰ সামগ্ৰীসমূহ থাকিব।

৭. চাৰিওফালে বেৰ দিয়া আৰু ছাঁ-পৰা মুকলি খেলপথাৰ বয়সীয়াল শিশুসকলৰ বাবে থাকিব।

৮. নিয়োগকৰ্তাজনে নিম্নোক্ত লোকসকলক শিশু যতন কেন্দ্ৰ চলোৱাৰ বাবে নিয়োগ কৰিব-

ক) শিশু যতন কেন্দ্ৰৰ তত্ত্বাৱধায়ক হিচাপে এগৰাকী মহিলা যিয়ে নেকি মাকসকলৰ অনুপস্থিতিত শিশুসকলৰ যতন ল’ব। এনে মহিলাৰ ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত শৈক্ষিক অৰ্হতা আৰু প্ৰশিক্ষণ থাকিব

খ)কৰ্তৃপক্ষই অনুমোদন কৰা অনুযায়ী প্ৰতি ২০ জন শিশু বা তাৰ অংশ বিশেষৰ বিপৰীতে এগৰাকীকৈ কৰ্মচাৰী নিয়োগ।

প্ৰতিটো শিশু যতন কেন্দ্ৰৰ ভিতৰত বা তাৰ সংলগ্ন কৰি শিশুক ধুই-পখালি দিবলৈ তথা সিঁহতৰ  কাপোৰ ধুবলৈ ধোৱন কক্ষ(Wash-room) থাকিব । তদুপৰি শিশুসকলে ব্যৱহাৰ কৰিবলৈ একোটাকৈ শৌচালয়ো ইয়াত থাকিব। [নিয়ম ৪৭]

প্ৰতিগৰাকী শিশুৰ বাবে নিয়োগকৰ্তাই নিজৰ খৰচত প্ৰত্যায়ন কৰা শল্য চিকিৎসকৰ দ্বাৰা অনুমোদিত ন্যূন্তম ০.২৫ লিটাৰ পৰিষ্কাৰ আৰু সতেজ গাখীৰ বা পাউদাৰ গাখীৰ আৰু দেহ-মনৰ উন্নতি কৰা জলপানৰ ব্যৱস্থা কৰিব। দুই বছৰ বয়সলৈ সকলো শিশুৰ বাবে এই ব্যৱস্থা শিশু যতন কেন্দ্ৰত কৰা হ’ব। দুই বছৰৰ উৰ্দ্ধৰ যিবোৰ শিশুক শিশু যতন কেন্দ্ৰত ৰখা হয় সেইসকলৰ বাবে প্ৰতিদিনে নিয়োগকৰ্তাজনে নিজ খৰচত পৰ্যাপ্ত পৰিমাণত দেহ-মনৰ উন্নতি কৰা গোটা খাদ্য যোগান ধৰিব। [নিজৰ ৪৮(১)]

কেন্দ্ৰত ৰখা দুই বছৰৰ তলৰ প্ৰতিগৰাকী শিশুৰ মাতৃয়ে নিজৰ দৈনিক কামৰ মাজতে দুবাৰকৈ বিৰতিত শিশু কেন্দ্ৰত ৰখা শিশুটো চাবলৈ তথা খুৱাবলৈ আহিবলৈ পাৰিব আৰু ইয়াৰ বাবে মাতৃগৰাকীক পৰ্যাপ্ত সময় হ’ব। [নিয়ম ৪৮(২)]

শিশু যতন কেন্দ্ৰৰ কৰ্মচাৰীসকলক যতন কেন্দ্ৰত কাম কৰি থাকোতে ব্যৱহাৰ কৰিবলৈ পৰিষ্কাৰ কাপোৰ দিয়া হ’ব। শিশু যতন কেন্দ্ৰত থকাৰ সময়ত প্ৰতিগৰাকী শিশুক যথাযথভাৱে টাৱেল, চাবোন আৰু তেলৰ যোগান ধৰা হ’ব। ইয়াৰ উপৰি তিনি বছৰৰ তলৰ যিবোৰ শিশু কেন্দ্ৰত থাকিব তেওঁলোকৰ প্ৰতিজনকে শিশু যতন কেন্দ্ৰত ব্যৱহাৰ কৰিবলৈ চাফা কাপোৰ দিয়া হ’ব।

অৱসৰ বিনোদনৰ সুবিধা[অনুচ্ছেদ ১৩]:

ৰাজ্য চৰকাৰে বাগানৰ প্ৰতিগৰাকী নিয়োগকৰ্তাই যাতে তেওঁৰ বাগানত কৰ্মৰত শ্ৰমিক আৰু শিশুৰ বাবে অৱসৰ বিনোদনৰ ব্যৱস্থা কৰি দিয়ে তাৰ বাবে নিয়ম নিৰ্দ্ধাৰণ কৰি দিব পাৰে।

নিয়ম ৫০[আইনখনৰ ১৩ নং অনুচ্ছেদৰ অধীনত]:

প্ৰতিগৰাকী নিয়োগকৰ্তাই বাগানত নিম্নোক্ত সুবিধাবোৰ প্ৰদান কৰিব তথা তাৰ তদাৰকী কৰিব-

১. প্ৰতিখন বাগিচা বা তাৰ বাহিৰ ভাগৰ বাবে ন্যূনতম এটাকৈ অৱসৰ বিনোদন কেন্দ্ৰ থাকিব। ৰাজ্য চৰকাৰৰ অনুমোদনক্ৰমে বাগানৰ মুখ্য পৰিদৰ্শকে এনে কেন্দ্ৰত কি কি সমল থাকিব তাক নিৰ্দ্ধাৰণ কৰিব য’ত সন্নিৱিষ্ট হ’ব প্ৰতি ১৭৫ টা আৱাসী শ্ৰমিকৰ বা তাৰ অংশ বিশেষৰ বাবে একোটাকৈ ৰেডিঅ’ আৰু প্ৰাপ্তবয়স্ক আৰু শিশুৰ বাবে আভ্যন্তৰীণ খেলা-ধূলাৰ(Indore Games) ব্যৱস্থা।

২. যদিহে যথাযথ দূৰত্বত মুকলি বহল খালী ঠই থাকে তেন্তে প্ৰাপ্তবয়স্ক আৰু শিশুৰ বাবে এখন খেলাপথাৰ থাকিব য’ত মুকলি ঠাইত খেলা-খেল-ধেমালিৰ(outdoor games) সা-সামগ্ৰী থাকিব।

শিক্ষাৰ সুবিধা [অনুচ্ছেদ ১৪] -

যদিহে কোনো বাগানত ৬ৰ পৰা ১২ বছৰ বয়সৰ শ্ৰমিকৰ শিশুৰ সংখ্যাই ২৪ অতিক্ৰম কৰে তেন্তে ৰাজ্য চৰকাৰে প্ৰতিগৰাকী নিয়োগকৰ্তাই নিৰ্দ্ধৰিত ধৰণ আৰু মান অনুযায়ী শৈক্ষিক সুবিধাৰ ব্যৱস্থা কৰিবলৈ নিয়ম প্ৰণয়ন কৰিব পাৰে।

শ্ৰমিকসকলৰ শিশুৰ বাবে শৈক্ষিক সুবিধা(নিয়ম ৫২) [আইনখনৰ অনুচ্ছেদ ১৪ৰ অধীনত]:

যদিহে কোনো নিয়োগকৰ্তাৰ বাগানত কৰ্মৰত শ্ৰমিকৰ ৬ৰ পৰা ১২ বছৰ বয়সৰ শিশুৰ সংখ্যাই ২৫তকৈ অধিক হয় তেন্তে নিয়োগকৰ্তাজনে শিশুসকলৰ প্ৰাথমিক শিক্ষা দিবলৈ এখন বা ততোধিক প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থা কৰিব তথা তাৰ তদাৰকী কৰিব।

অৱশ্যে যদিহে ৰাজ্য চৰকাৰ বা কোনো স্থানীয় নিকায়ৰ প্ৰত্যক্ষ পৰিচালনাত বিনামূলীয়া প্ৰাথমিক বা উচ্চ শ্ৰেণীৰ শিক্ষাৰ বাবে প্ৰাথমিক বিদ্যালয় থাকে আৰু এনে বিদ্যালয়ত নিয়োগকৰ্তাজনৰ বাগানত কাম কৰা শ্ৰমিকৰ ৬ৰ পৰ ১২ বছৰৰ শিশুৰ বাবে পৰ্যাপ্ত আসন খালী থাকে তথা বিদ্যালয়খন যদিহে শ্ৰমিকসকলে বাগানত বস কৰা আৱাসস্থানৰপৰ এমাইল দূৰত্বৰ ভিতৰত অৱস্থিত হয় তেন্তে নিয়োগকৰ্তাজনে নিজাববীয়াকৈ এখন প্ৰাথমিক বিদ্যালয় স্থাপন বা তাৰ তদাৰকী নকৰিলেও হয়।

তদুপৰি কোনো আইনৰ অধীনত তেওঁ যদি ৰাজস্ব(Cess) বা প্ৰাথমিক শিক্ষাৰ বাবে কৰ পৰিশোধ কৰিবলগা হয় তেন্তে তেতিয়াও তেওঁ এনেদৰে বিদ্যাল্য স্থাপন বা তদাৰকী কৰিব নালাগে। একেদৰে নিয়ম ৫৩(১)ৰ অধীনত নিয়োগকৰ্তাসকলৰ এটা দলে সংঘবদ্ধভাৱে এখন প্ৰাথমিক বিদ্যালয়ৰ ব্যৱস্থা বা তদাৰকী কৰিব পাৰে বা ইয়াৰ খৰচ তেওঁলোকৰ মাজত ভগাই ল’ব পাৰে।

এনেভাৱে প্ৰতিষ্ঠা কৰা বিদ্যালয়বোৰ কেন্দ্ৰীয় অৱস্থানত থকা হ’ল লাগিব আৰু বিদ্যাল্যৰ বাসগৃহ ৰাজ্যৰ শিক্ষা বিভাগে ঠিক কৰি দিয়া মানবিশিষ্ট আঁচনি অনুসাৰে নিৰ্মাণ কৰা হ’ব লাগিব। যদিহে কোনো মান বিশিষ্ট আঁচনি নাথাকে বা যদিহে কোনোৱে মানবিশিষ্ট আঁচনিৰ সলনি ব্যতিক্ৰম নিৰ্মাণ কৰিবলৈ বিচৰা হয় তেন্তে তাৰ বাবে এনে আঁচনিত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে দিয়া অনুমোদন লাগিব।

য’ত পৰ্যাপ্ত খালী ঠাই থাকিব তাত বিদ্যালয়ত ভৰ্তি কৰা ল’ৰা-ছোৱালীৰ বাবে উপযুক্ত খেলা-ধূলাৰ সামগ্ৰীৰ সৈতে এখন মুকলি ক্ৰীড়াংগন থাকিব। এখন প্ৰাথমিক বিদ্যালয়ৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে যিবোৰ শৈক্ষিক বা আন সামগ্ৰী নিয়োগকৰ্তা বা নিয়োগকৰ্তাসকলে উল্লিখিত প্ৰাথমিক বিদ্যালয়সমূহত যোগান ধৰিব।

নিয়ম ৫৫ অনুসৰি প্ৰতি ৪০ গৰাকী শিশুৰ বিপৰীতে নিয়োগকৰ্তা বা নিয়োগকৰ্তাসকলে এগৰাকীকৈ শিক্ষক নিয়োগ কৰিব। চৰকাৰী প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা কৰিবলৈ ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া শৈক্ষিক অৰ্হতা এনে শিক্ষকসকলৰ থাকিব।

অৱশ্যে কোনো লোকে যদি আইনখনৰ অধীনত এই নিয়মবোৰ আৰম্ভ কৰাৰ সময়ত বাগানত বিদ্যালয়ৰ শিক্ষক হিচাপে কাম কৰি থাকে তেন্তে ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্দিষ্ট চৰ্ত সাপেক্ষে শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত মানুহজনক ৰেহাই প্ৰদান কৰিব পাৰে।

বাগানৰ প্ৰাথমিক বিদ্যালয়ৰ পাঠ্যসূচীৰ সময়সীমা(curriculum duration), মান আৰু পাঠ্যক্ৰম আদি ৰাজ্যৰ শিক্ষা বিভাগে অনুমোদন কৰা ধৰণে হ’ব। প্ৰাথমিক বিদ্যালয়ত ভৰ্তি হোৱা শ্ৰমিকৰ কোনো শিশুৰ পৰা কোনো মাচুল ল’বপৰা নাযায়।

ঘৰৰ সুবিধা(Housing Facilities):

আইনখনৰ ১৫ নং অনুচ্ছেদ অনুযায়ী প্ৰতিজন নিয়োগকৰ্তাৰ নিম্নোক্ত সকলৰ বাবে ঘৰৰ ব্যৱস্থা প্ৰদান কৰা তথা সেইবোৰৰ তদাৰকী কৰাৰ দায়িত্ব থাকে-

ক)বাগানত বাস কৰা প্ৰতিজন বনুৱা(তেওঁৰ পৰিয়ালসহিত)

খ)প্ৰতিগৰাকী বনুৱা(তেওঁৰ পৰিয়ালসহিত), যিয়ে বাগানৰ বাহিৰত আৰু বাগানত একেৰাহে ছমাহৰ বাবে কাম কৰি আহিছে তথা বাগানত কাম কৰিবলৈ লিখিতভাৱে ইচ্ছা প্ৰকাশ কৰিছে।

অৱশ্যে ছমাহৰ ধাৰাবাহিক সেৱাৰ প্ৰয়োজনীয়তা সেইসকল বনুৱাৰ ক্ষেত্ৰত ইপ্ৰযোজ্য নহ’ব যি এনে এগৰাকী মৃত শ্ৰমিকৰ পৰিয়ালৰ সদস্য যিজনে মৃত্যুৰ আগতে বাগনত বাস কৰিছিল।

গৃহ নিৰ্মাণৰ ক্ষেত্ৰত নিয়ম প্ৰণয়নৰ ক্ষমতা(অনুচ্ছেদ ১৬):

উপৰিউক্ত ১৫ নং অনুচ্ছেদৰ উপবন্ধবোৰ যথাৰ্থভাৱে কাৰ্যকৰী কৰাৰ বাবে ৰাজ্য চৰকাৰে নিম্নোক্ত বিষয়বোৰত নিয়ম প্ৰণয়ন কৰিব পাৰে-

ক)থকা-মেলাৰ মান আৰু বিশিষ্টতা(specification)

খ)ঘৰ বান্ধিবলৈ স্থান নিৰ্দ্ধাৰণ আৰু প্ৰস্তুতি তথা প্ৰতিটুকুৰা প্লটৰ আকাৰ

গ)ৰাজ্য চৰকাৰ, নিয়োগকৰ্তা আৰু বনুৱাৰ প্ৰতিনিধিৰে উপদেষ্টা মণ্ডলীৰ গঠন যিয়ে গৃহ বিষয়ত পৰামৰ্শ দিব তথা এই বিষয়ত তেওঁলোকৰ ক্ষমতা, কাৰ্য আৰু দায়িত্ব নিৰ্দিষ্ট কৰিব।

ঘ)যদিহে শ্ৰমিকৰ ঘৰৰ সুবিধা কৰি দিয়াৰ বাবে ভাৰা লোৱা হয় তেন্তে তেনে ভাৰা নিৰ্দ্ধাৰণ কৰা।

ঙ)শ্ৰমিক তথা তেওঁলোকৰ পৰিয়ালৰ বাবে ঘৰৰ সুবিধাৰ আবন্টন তথা যদিহে এনে বাসস্থানৰ লগতে শাক-পাচলিৰ বাগানৰ বাবে সমান খালী ঠাই থাকে তেন্তে তাৰ বাবে আবন্টন। লগতে এনে বাসস্থানৰ পৰা শ্ৰমিক তথা তেওঁৰ পৰিয়ালক উচ্ছেদ।

চ)বাগানৰ যিটো অংশত বনুৱাৰ বাবে ঘৰ থাকে তালৈ সাধাৰণ ৰাইজ অহা-যোৱা কৰিব পৰাৰ সুগমতা।

নিয়োগকৰ্তাই প্ৰদান কৰা ঘৰ ধ্বংস লৈ যদি দুৰ্ঘটনা ঘটে তেন্তে তাৰ বাবে নিয়োগকৰ্তাৰ দায়িত্ব(অনুচ্ছেদ ১৬-এ):

যদিহে অনুচ্ছেদ ১৫ৰ অধীনত প্ৰদান কৰা কোনো ঘৰ ধ্বংস হৈ কোনো শ্ৰমিক বা তেওঁৰ পৰিয়ালৰ কোনো সদস্য মৃত্যুমুখত পৰে বা আঘাতপ্ৰাপ্ত হয় আৰু যদিহে ঘৰলৈ দখল কৰি থকা কোনো লোকৰ প্ৰত্যক্ষ দোষৰ বাবে অথবা প্ৰাকৃতিক দুৰ্যোগৰ বাবে ঘৰটো ধ্বংস নহয় তেন্তে নিয়োগকৰ্তাই ক্ষতিপূৰণ ভৰিব লাগিব।

এনে ক্ষতিপূৰণ নিৰ্দ্ধাৰণ কৰি দিবলৈ ৰাজ্য চৰকাৰে চৰকাৰী ৰাজপত্ৰত অধিসূচনা কৰাৰ যোগেৰে যথাযথ অৰ্হতা থকা লোকৰ আয়ুক্ত(Commission) হিচাপে নিয়োগ কৰিব। অনুচ্ছেদ ১৬-এ(16-A)ত উল্লেখ কৰা ক্ষতিপূৰণৰ বাবে নিম্নোক্ত সকলে আৱেদন কৰিব পাৰিব-

ক)আঘাতপ্ৰাপ্ত ব্যক্তিজনে নিজে।

খ)আঘাতপ্ৰাপ্ত ব্যক্তিজনে যথাযথভাৱে কৰ্তৃত্ব প্ৰদান কৰা কোনো এজেন্টে।

গ)যদিহে আঘাত পোৱা লোকজনে নাবালক মৃত্যু লহয় তেন্তে তেনে মৃতকৰ ওপৰত নিৰ্ভৰশীল(Dependent) কোনো লোক বা তেনে লোকৰ দ্বাৰা  কৰ্তৃত্বপ্ৰাপ্ত কোনো এজেন্টে অথবা যদিহে তেনে নিৰ্ভৰশীল লোক নাবালক হয় তেন্তে নাবালকৰ অভিভাৱকে।

নিৰ্দ্ধাৰিত প্ৰ-পত্ৰতহে এনে আৱেদন কৰিব লাগে আৰু এনে প্ৰ-পত্ৰত উল্লেখ কৰিব লগা সবিশেষ প্ৰ-পত্ৰৰ লগত জমা দিব লাগে। ঘৰটো ধ্বংস হোৱাৰ ছমাহৰ ভিতৰত আৱেদন নকৰিলে আৱেদন গ্ৰহণ কৰা নহয়। যদিহে আৱেদনকাৰীয়ে যথাৰ্থ কাৰণত আৱেদন কৰাতব বিফল হোৱা বুলি আয়ুক্তই পতিয়ন যায় তেন্তে নিৰ্দ্ধাৰিত ছমাহৰ পিছতো আয়ুক্তই এনে আৱেদন গ্ৰহণ কৰিব পাৰে।

আয়ুক্তৰ ক্ষমতা আৰু কাৰ্যপদ্ধতি(অনুচ্ছেদ ১৬-ডি)-

ক্ষতিপূৰণ বিচৰা আৱেদন লাভ কৰাৰ পিছত আয়ুক্তই বিষয়টোৰ সন্দৰ্ভত এক অনুসন্ধান কৰিব পাৰে। তদুপৰি ক্ষতিপূৰণ নিৰ্দ্ধাৰিত কৰিবলৈ আয়ুক্তজনিএ সংক্ষিপ্ত পদ্ধতি(summary procedure) দেৱানী কাৰ্যবিধি(Code of Civil Procedure) অনুযায়ী দেৱানী আদালতৰ নিম্নোক্ত ক্ষমতাবোৰ পাব-

ক)কোনো লোকক চমন জাৰি কৰা তথা উপস্থিত হ’বলৈ বাধ্য কৰা তথা মানুহজনক শপত লৈ পৰীক্ষা কৰা।

খ)কোনো তথা দাখিল কৰিবলৈ বাধ্য কৰা।

গ)শপতনামাযোগে সাক্ষ্য গ্ৰহণ।

ঘ)কোনো আদালত বা কাৰ্যালয়ৰপৰা কোনো ৰাজহুৱা নথি বা তাৰ নকল অভিগ্ৰহণ(requisitioning)।

ঙ)সাক্ষী তথা তথ্যৰ পৰীক্ষা কৰিবলৈ আয়োগ(commissions) গঠন।

চ)বিহিত আন যিকোনো বিষয়।

তদুপৰি আয়ুক্তজনে দাবী বা ক্ষতিপূৰণ নিষ্পত্তি কৰিবলৈ অনুসন্ধানটোৰ সৈতে সম্পৰ্কিত কোনো বিষয়ত বিশেষ জ্ঞান লোকক অনুসন্ধান প্ৰক্ৰিয়াৰ সহায়ক কৰি ল’ব পাৰে।

আয়ুক্তই নিৰ্দ্ধাৰণ কৰি দিয়া ক্ষতিপূৰণ প্ৰদান দায়িত্ব(অনুচ্ছেদ ১৬-ই):

নিয়োগকৰ্তাৰ ক্ষতিপূৰণ প্ৰদান কৰাৰ দায়িত্ব, ক্ষতিপূৰণৰ পৰিমাণ আৰু ক্ষতিপূৰণ কাক দিয়া হ’ব আদি কথাবোৰ আয়ুক্তই নিৰ্দ্ধাৰণ কৰি দিব [অনুচ্ছেদ ১৬-ই(১)]। কোনো লোকে যদি আয়ুক্তৰ সিদ্ধান্তত অসন্তুষ্ট হৈ ক্ষতিপূৰণ দিবলৈ অমান্তি প্ৰকাশ কৰে বা ক্ষতিপূৰণৰ পৰিমাণ বা তাৰ বিভাজনত(apportionment) আপত্তি থাকে তেন্তে তেওঁ যি স্থানত ঘৰটো ধ্বংস হৈছিল সেই ঠাইখিনি যিখন উচ্চ ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ(Jurisdiction) ভিতৰত পৰে তাত তেওঁ আপীল কৰিব পাৰিব। এনে আপীল আয়ুক্তজনে তেওঁক দিয়া  আদেশটো পোৱাৰ(communication) ৯০ দিনৰ ভিতৰত কৰিব লাগিব। অৱশ্যে যদিহে নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো যথাৰ্থ কাৰণৰ বাবে আৱেদনকাৰীয়ে উল্লিখিত ৯০ দিন সময়ৰ ভিতৰত আপীলটো কৰিব নোৱাৰিলে বুলি উচ্চ ন্যায়ালয়ে সৈমান যায় তেন্তে সময় উকলি যোৱাৰ পিছতো আপীল গ্ৰহণ হ’ব পাৰে।

অৱশ্যে আয়ুক্তজনে নিৰ্দ্ধাৰণ কৰা ক্ষতিপূৰণতকৈ উচ্চ ন্যায়ালয়ে অধিক ক্ষতিপূৰণ নিৰূপণ কৰিব নোৱাৰে। আপীল কৰা কেছৰ বাদে ১৬-ই(১) অনুযায়ী আয়ুক্তই নিৰৰ্ধাৰণ কৰি দিয়া ক্ষতিপূৰণ সন্দৰ্ভত আন আদালতত গোচৰ তৰিব পৰা নাযাব।

অন্যান্য সুবিধা -

প্ৰতিখন বাগানৰ নিয়োগকৰ্তাই বনুৱাক বৰষুণ আৰু ঠাণ্ডাৰ পৰা সুৰক্ষা দিবলৈ ছাতি, ব্লেংকেট, ৰেইনকোট আৰু অন্যান্য সা-সুবিধা আদি দিয়াৰ বাবে ৰাজ্য চৰকাৰে নিয়ম প্ৰণয়ন কৰিব পাৰে (অনুচ্ছেদ ১৭)।

কল্যাণ বিষয়া(অনুচ্ছেদ ১৮):

যিবোৰ বাগিচাত তিনিশ বা ততোধিক বনুৱাই সাধাৰণতে কাম কৰি আছে তাত নিয়োগকৰ্তাই নিৰ্দ্ধাৰিত সংখ্যাত কল্যাণ বিষয়া নিয়োগ কৰিব।

ৰাজ্য চৰকাৰে এনে বিষয়াৰ দায়িত্ব অৰ্হতা আৰু চাকৰিৰ সেৱাচৰ্ত নিৰূপণ কৰি দিব।

(অনুচ্ছেদ ১৬ৰ অধীনৰ নিয়মাৱলী)

বনুৱাৰ বাবে ঘৰৰ ব্যৱস্থা:

(নিয়ম ৫৮) প্ৰতিজন নিয়োগকৰ্তাই বাগানত বাস কৰা বনুৱা আৰু বনুৱাৰ পৰিয়ালৰ বাবে কৰ্মস্থলীৰ ওচৰত থকা-লোৱাৰ ব্যৱস্থা কৰিব। থকাৰ বাবে ঘৰ-দুৱাৰবোৰ কেবা বছৰৰ ভিতৰত দিয়া হ’ব পাৰে যদিও প্ৰতিবছৰে ন্যূনতম ৮% আৱাসী বনুৱাৰ বাবে ঘৰৰ ব্যৱস্থা কৰা হ’ব। অৱশ্যে নিয়োগকৰ্তাৰ সন্তোষজনক কাৰণ বাখ্যা লিখিতৰূপত লিপিবদ্ধ কৰি আৰু গৃহ মণ্ডলীৰ(Housing board) উপদেশমৰ্মে ৰাজ্য চৰকাৰে প্ৰতি বছৰে ধাৰ্য কৰা নিৰ্দিষত শতাংশৰ বাবে ঘৰ নিৰ্মাণৰ বিষয়ত নিয়োগকৰ্তাক ৰেহাই প্ৰদানো কৰিব পাৰে।

উপদেষ্টা মণ্ডলীৰ অনুমোদনমৰ্মে ৰাজ্য চৰকাৰে বনুৱাক প্ৰদান কৰা ঘৰৰ মান আৰু থাকিব লগা নিৰ্দিষ্ট বিষয়বোৰ যেনেদৰে অনুমোদন কৰে সেই অনুসাৰে ঘৰবোৰ হ’ব লাগিব। (নিয়ম ৫৯)

থকা ঘৰৰ স্থান(নিয়ম ৬০):

১. যি স্থানত ঘৰবোৰ বনুৱাৰ থকা-মেলাৰ বাবে ব্যৱস্থা কৰা হ’ব সেই স্থান শুকান আৰু যথাযথ নৰ্দমা থকা হ’ব। এনে স্থান কৰ্মস্থানৰপৰা যথাযথ দূৰত্বত থকা হ’ব তথা যথাৰ্থ দূৰত পৰ্যাপ্ত পৰিমাণৰ বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা থকা হ’ব। ঘৰবোৰ জলাহ-বিল, দলনি আদিৰ পৰা সুৰক্ষিত দূৰত অৱস্থিত হ’ব আৰু বানপানীৰ সৰ্বোচ্চ জল সীমাৰ ঊৰ্দ্ধত থাকিব।

২. যি স্থানত ঘৰৰ ব্যৱস্থা কৰা হয় আৰু চৌদিশে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা কৰা হ’ব।

৩. আৱাসগৃহ থকা এলেকালৈ যোৱা ৰাস্তা-ঘাতবোৰ নিয়োগকৰ্তাই ভাল কৰি ৰাখিব আৰু সেই এলেকাৰ নল-নৰ্দমাবোৰৰো তদাৰকী কৰিব। বনুৱাসকলৰ বাবে যি স্থানত ঘৰ সজাই দিয়া হয় তালৈ সাধাৰণ মানুহ অহা-যোৱা কৰাৰ অধিকাৰক নিয়োগকৰ্তাই অস্বীকাৰ কৰিব নোৱাৰিব।

৪. নিয়োগকৰ্তাই সকলো ঘৰৰ চৌকাষ জাৱৰ-জোঁথৰ আৰু মল-মূত্ৰৰপৰা চাফ-চিকুণ কৰি ৰাখিব আৰু শৌচালয় তথা নৰ্দমাবোৰ দৈনিক ভিত্তিক চাফা কৰাৰ ব্যৱস্থা কৰিব। সকলো ধৰণৰ জাবৰ-জোঁথৰ স্বাস্থ্যসন্মতভাৱে সংগ্ৰহ কৰি সেইবোৰ আঁতৰ কৰা তথা সেইবোৰৰ বন্দৱস্তি কৰিব।

গৃহ আঁচনি(নিয়ম ৬১):

এই নিয়ম জাৰি হোৱাৰ ছমাহৰ ভিতৰত প্ৰতিগৰাকী নিয়োগকৰ্তাই বাগানৰ মুখ্য পৰিদৰ্শকৰ হাতত শ্ৰমিকৰ বাবে বনাব বিচৰা ঘৰৰ আঁচনিৰ অনুমোদন বিচাৰি আৱেদন কৰিব। আঁচনিখনত নিন্মোক্ত বিষয়বোৰ থাকক্ব-

ক)বাগানৰ আৱাসিকসমূহ বনুৱাৰ বাবে থকাৰ ব্যৱস্থা কিমান দিনৰ ভিতৰত কৰা হ’ব তাৰ সময় সবিশেষ। নিয়ম ৫৮ৰ সংগতি ৰাখি এনে সময় বিলম্বিত হ’ব নোৱাৰিব।

খ)চৰকাৰে নিয়ম ৫৯ৰ অধীনত গৃহ নিৰ্মানৰ বাবে যি মান বিশিষ্টতা নিৰ্দ্ধাৰণ কৰি দিয়ে তাৰ সৈতে জসংগতি ৰাখি গৃহ নিৰ্মাণৰ প্ৰস্তাৱিত আৰ্হি হ’ব লাগিব।

বনুৱাৰ বাবে নিৰ্মাণ কৰা সকলো ঘৰ বাগানৰ মুখ্য পৰিদৰ্শকে অনুমোদন কৰা আঁচনি অনুযায়ী নিৰ্মাণ কৰা হ’ব লাগিব। এনে আঁচনি অনুযায়ী ঘৰৰ ব্যৱস্থা কৰাৰ ক্ষেত্ৰত অগ্ৰগতি দেখুৱাবলৈ প্ৰতিগৰাকী নিয়োগকৰ্তাই বাগানৰ মুখ্য পৰিদৰ্শকৰ হাতত প্ৰতি বছৰৰ ২১ জুলাইত ৪ নং ফৰ্ম পূৰণ কৰি এখন প্ৰতিবেদন জমা দিব লাগিব। (নিয়ম ৬২)

ঘৰৰ তদাৰকী(নিয়ম ৬৩):

বনুৱাক প্ৰদান কৰা ঘৰৰ তদাৰকীৰৰ দায়িত্ব বাগানৰ নিয়োগকৰ্তাৰ। তেওঁ ঘৰবোৰত যাতে শ্ৰমিকে নিৰাপদে থাকিব পাৰে তাৰ বাবে ঘৰবোৰৰ তদাৰকী কৰিব। তদুপৰি সময়ে সময়ে তথা বছৰেকীয়া হিচাপত ঘৰবোৰৰ মেৰামতি কৰিব। কোনো ঘৰৰ বেয়া অৱস্থাৰ কথা যদিব ঘৰটো দখল কৰি থকা শ্ৰমিক বা আইনখনৰ অধীনত নিযুক্ত পৰিদৰ্শকৰ চকুত পৰে আৰু কথাটো যদি তেওঁলোকে মালিকৰ দৃষ্টিগোচৰ কৰিব যদিহে পৰিদৰ্শকজনে এনে খুঁত নিয়োগকৰ্তাৰ দৃষ্টিগোচৰ কৰে তেন্তে শ্ৰমিকৰ স্বাস্থ্য তথা সুৰক্ষাৰ বিপজ্জনক এনে খুঁত(defects)বোৰ নিয়োগকৰ্তাই দেৰি নকৰি ততাতৈয়াকৈ ঠিক কৰাৰ ব্যৱস্থা কৰিব। প্ৰতিবছৰে কমেও এবাৰকৈ এনে ঘৰবোৰত নিয়োগকৰ্তাৰ খৰচত চূৰ্ণ সনা হ’ব। প্ৰতি তিনিবছৰৰ মূৰত এবাৰকৈ এনে ঘৰৰ দৰ্জা, খিৰিকী তথা কাঠৰ আন গাঁথনিত বাৰ্ণিছ বা ৰং মৰা হ’ব। চূণ সনা বা ৱাৰ্ণিছ বা ৰং সনাৰ নথি ৫ নং প্ৰ-পত্ৰৰ নথিভুক্ত কৰি পঞ্জীয়ন কৰা হয়।

ঘৰৰ দখল(নিয়ম ৬৫):

১. প্ৰতিজন বনুৱাৰ বিপৰীতে এটাকৈ ঘৰ আবন্টন দিয়া হ’ব। অৱশ্যে নিয়োগকৰ্তাই অকলশৰীয়া(single worker) শ্ৰমিকৰ বাবেও ঘৰ আবন্টন কৰিব পাৰেউ যদিও এনে আবন্টন দুটাতকৈ বেছি নহ’ব। যদিহে কোনো পৰিয়ালত এজনতকৈ বেছি শ্ৰমিক থাকে তেন্তে স্বামী, পত্নী আৰু অ-প্ৰাপ্তবয়স্ক শিশুৰ বাবে এটা ঘৰ আবন্টন কৰা হ’ব।

২. ঘৰটো দখল কৰা সকলে কৰ্তৃত্বহীনভাৱে ঘৰটোত একো সন্নিৱিষ্ট নকৰিব বা সালসলনি নঘটাব।

৩. নিয়োগকৰ্তাৰ লিখিত অনুমতি অবিহনে এটা  ঘৰৰ দখলকাৰীয়ে আন এটা ঘৰৰ দাখিলকাৰীৰ সৈতে সালসলনি নকৰিব।

৪. দখলকাৰীয়ে ঘৰটো বা ঘৰৰ কোনো অংশ ভাৰালৈ নিদিব।

৫. ঘৰটো দখল কৰা সকলো শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যই শৌচালয় ব্যৱহাৰ কৰিব আৰু ঘৰটোৰ মাটি মলিয়ন নকৰিব তথা ঘৰটো তথা তাৰ চৌদিশ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰাখিব। তেওঁলোকে খোৱাপানী অবাবত নষ্ট নকৰিব।

৬. থকা কক্ষ বা বাৰাণ্ডাত কোনো ধৰণৰ পোহনীয়া গৰু-ম’হ, ছাগলী আদি ৰাখিব নোৱাৰিব আৰু কোনো খিৰিকী বা বতাহ অহা-যোৱা কৰা পথ বন্ধ কৰি থ’ব নোৱাৰিব।

৭. থক ঘৰৰ ব্যৱস্থা কৰা প্ৰতিজন শ্ৰমিকক নিয়োগকৰ্তাই এনে ঘৰত থকিবলৈ ৰখা চৰ্তাৱলীৰ বিষয়ে লিখিতভাৱে এনে এক ভাসাত অৱগত কৰাব যিটো ভাষা শ্ৰমিক বা বনুৱাজনে বুজি পায়।

কামৰ ম্যাদ শেষ হোৱাৰ পিছত থকা ঘৰৰ দখল(নিয়ম ৬৬):

১. যদিহে এগৰাকী শ্ৰমিকৰ কৰ্মৰত অৱস্থাত মৃত্যু হয় বা অৱসৰ লয় বা বদলিকৰণ ঘটে বা কাম ইস্তফা দিয়ে, বা ছুটী লয় বা যেতিয়া তেওঁক কামৰপৰা অব্যাহতি দিয়া হয় তেতিয়া তেওঁ বা তেওঁৰ পৰিয়াল নিম্নোক্ত সময় পৰ্যন্ত ঘৰটোত থাকিব পাৰে-

ক)মৃত্যু, বদলি, চাকৰিৰপৰা অব্যাহতি, অৱসৰ বা ইস্তফা আদি ক্ষেত্ৰত অনধিক দুমাহ(not exceeding two months)

খ)ছুটী লোৱাৰ ক্ষেত্ৰত ছুটীৰ সময়ছোৱা

গ)যদিহে শ্ৰমিকজনক কামৰপৰা অব্যাহতি দিয়া বিষয়ত বিবাদৰ সূত্ৰপাত ঘটে আৰু বিষয়টো ইণ্ডাষ্টিয়েল ট্ৰিবিউনেল(Industrial Tribunal) বা আদালতলৈ লৈ যোৱা হয় তেন্তে বিষয়টো নিষ্পত্তি নোহোৱালৈকে শ্ৰমিকজনে ঘৰটোত থাকিব পাৰে।

উল্লিখিত সময়ৰ ভিতৰত যদি এগৰাকী শ্ৰমিকে ঘৰটো এৰি দিব নোৱাৰে আৰু পৰিয়ালৰ কোনো লোকে বাগানত কাম নকৰা সত্ত্বেও ঘৰটো দখল কৰি থাকে তেন্তে মানুহজনে নিয়োগকৰ্তাক ভাৰা আদায় দিব লাগিব, যি তাৰ মজুৰীৰ দহ শতাংশতকৈ বেছি হ’ব নোৱাৰিব। বাগানৰ মুখ্য পৰিদৰ্শকে গৃহ উপদেষ্টা মণ্ডলীৰ উপদেশ মৰ্মে তেওঁৰ অকৰ্তৃত্বশীল দখলীৰ সময়ছোৱাৰ ভাৰা নিৰ্দ্ধাৰণ কৰি দিব।

সুৰক্ষা ব্যৱস্থাৱলী -

অনুচ্ছেদ ১৮ এ:

১. প্ৰতিখন বাগানত নিয়োগকৰ্তাই শ্ৰমিক কীটনাশক(Insecticides), ৰাসায়নিক দ্ৰব্য(Chemicals), বিষজাত দ্ৰব্য(Toxic substances) ব্যৱহাৰ কৰা, সংৰক্ষণ কৰা তথা তাৰ সৰবৰাহ সুৰক্ষিতভাৱে কৰিবলৈ যথাযথ ব্যৱস্থা কৰিব।

২. ৰাজ্য চৰকাৰে বিপজ্জনক ৰসায়ন ব্যৱহাৰ হোৱা বা তেনে কাৰ্য কৰা কামত মহিলা বা কিশোৰৰ নিয়োগ নিষেধ, নিয়ন্ত্ৰণ কৰিবলৈ নিয়ম প্ৰণয়ন কৰিব পাৰে।

৩. এনে সামগ্ৰী ব্যৱহাৰ কৰিবলৈ, সংৰক্ষণ কৰিবলৈ তথা তেনে বস্তু ব্যৱহাৰ কৰা কাৰ্য কৰিবলৈ নিয়োগকৰ্তাই নিৰ্দ্ধাৰিত অৰ্হতা থকা  লোকক  নিয়োগ কৰিব।

৪. যিসকল শ্ৰমিক কীটনাশক, ৰসায়ন আৰু বিষজাত দ্ৰব্যৰ কাম কৰা, মিহলোৱা, মিশ্ৰণ কৰা(blending) আৰু প্ৰয়োগ কৰা কাৰ্যত নিয়োজিত, সিহঁতে যে প্ৰতিটো কাৰ্যত থকা বিপদ সম্পৰ্কত অৱগত, তথা এনে কীটনাশক, ৰসায়ন আৰু বিষজাত দ্ৰব্য অনিচ্ছাকৃতভাৱে পৰি যোৱা ঘটনা ঘটিলে কেনেধৰণৰ সুৰক্ষা ব্যৱস্থা তথা সুৰক্ষিত কৰ্মপদ্ধতি ল’ব লাগে(যিবোৰ ৰাজ্য চৰকাৰে নিদ্ধাৰণ কৰি দিয়ে) সেই বিষয়ত সতৰ্ক সেই কথাটো নিয়োগকৰ্তাই নিশ্চিত কৰিব লাগে।

৫. ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰা অনুসৰি যিসকল শ্ৰমিকে কীটনাশক, ৰসায়ন অৰু অন্যান্য বিষাক্ত দ্ৰব্যৰ সৈতে মুখামুখি হ’ব লাগে সেইসকলৰ সময়ে সময়ে স্বাস্থ্য পৰীক্ষা কৰিব লাগে।

৬. এনে শ্ৰমিকৰ স্বাস্থ্য সম্পৰ্কীয় তথ্য এখন পঞ্জীয়ন বহীত লিপিবদ্ধ কৰি ৰাখিব লাগে যাক বনুৱাসকলে সহজতে পাব পাৰে।

৭. প্ৰতিগৰাকী নিয়োগকৰ্তাই উল্লিখিত কামত নিয়োজিত শ্ৰমিকৰ বাবে মুখ-হাত ধোৱা, গা-ধোৱা, মালপত্ৰ ৰখা কোঠা(clock room) আদি সুবিধাৰ ব্যৱস্থা কৰাৰ লগতে সুৰক্ষিত কাপোৰ আৰু অন্যান্য সা-সৰঞ্জামৰ ব্যৱস্থা কৰিব। এনে সামগ্ৰী বা সুবিধাবোৰ কীটনাশক, ৰসায়ন বিষাক্ত দ্ৰব্যৰে সৈতে কাম কৰা শ্ৰমিকক প্ৰদান কৰা হ’ব।

৮. এনে দ্ৰব্য ব্যৱহাৰ কৰি কাম বাগানৰ এলেকাত কীটনাশক, ৰাসায়নিক দ্ৰব্য বা বিষাক্ত দ্ৰব্যৰ দ্ৰৱণত আপেক্ষিক পৰিমাণ(consentration) কিমান হ’ব তাক নিয়োগকৰ্তাই প্ৰদৰ্শন কৰিব।

৯. প্ৰতিগৰাকী নিয়োগকৰ্তাই ৰাজ্য চৰকাৰে এনে দ্ৰব্য ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিৰ্দ্ধাৰণ কৰা সতৰ্কমূলক জাননীবোৰ প্ৰদৰ্শন কৰিব।

নিয়ম(সুৰক্ষা ব্যৱস্থাৱলীৰ ক্ষেত্ৰত):

১. ১৮ বছৰৰ তলৰ কোনো লোক আৰু কোনো মহিলাক কীটনাশক, ৰাসায়নিক দ্ৰব্য বা বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰা, সংৰক্ষণ কৰা বা পৰিবহণ কৰা কামত নিয়োজিত কৰিব পৰা নাযাব(নিয়ম ৭১ এ)।

২. যিসকল লোকক কীটনাশক, ৰাসায়বিক আৰু বিষাক্ত দ্ৰব্য ব্যৱহাৰ কৰা, সংৰক্ষণ কৰা বা পৰিবহণ কৰা কামত নিয়োজিত কৰা হ’ব তেওঁলোকক নিয়োগৰ আগে আগে এগৰাকী অৰ্হতাসম্পন্ন চিকিৎসাজীৱীৰ দ্বাৰা পৰীক্ষা কৰোৱা হ’ব আৰু বাগানৰ শ্ৰমিক আইন, ১৯৫১ অনুসৰি ১৫ দিনৰ ভিতৰত এগৰাকী প্ৰামাণ্য শল্য চিকিৎসকৰ পৰীক্ষা কৰোৱা হ’ব। বনুৱাজনৰ স্বাস্থ্যৰ বিষয়ে বুজ ল’বলৈ যিবোৰ স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন সেইবোৰ যথাযথ পৰীক্ষা ইয়াত সন্নিৱিষ্ট হ’ব। (নিয়ম ৭১ বি)

৩. এখন চাহ বাগানৰ এগৰাকী নিয়োগকৰ্তাই ন্যূনতম শৈক্ষিক অৰ্হতা থকা কমেও এগৰাকী লোকক কেমিকেল ছুপাৰভাইজাৰ(Chemical Supervisor) হিচাপে নিয়োগ কৰিব যিয়ে নেকি উচ্চতৰ মাধ্যমিক পৰীক্ষাত ‘ৰসায়ন’ক আৰু বিষাক্ত দ্ৰব্য ব্যৱহাৰ, সংৰক্ষণ আৰু পৰিবহণ কৰা বিষয়ত যথাযথভাৱে প্ৰশিক্ষিত হ’ব তথা বাগানত এনে দ্ৰব্য ব্যৱহাৰ কৰিলে ল’ব লগা প্ৰাথমিক চিকিৎসা বিধিৰ অতিৰিক্ত অৰ্হতা থাকিব। [নিয়ম ৭১ বি(২)]

৩. যিসকল শ্ৰমিক এনে কামত জড়িত হয়, তেওঁলোকে এনে কীটনাশক, ৰাসায়নিক বা বিষাক্ত দ্ৰব্য ব্যৱহাৰ, মিশ্ৰণ বা ব্যৱহাৰৰ সম্ভাব্য বিপদ সম্পৰ্কত প্ৰশিক্ষিত হোৱাটো নিয়োগকৰ্তাই নিশ্চিত কৰিব লাগে। লগতে এনে দ্ৰব্য নিঃসৰণ হ’লে উশাহ-নিশাহ বা মুখেৰে সেই দ্ৰব্য সোমাই হাওঁফাওঁ, ছাল, চকু আৰু অন্যান্য শাৰীৰিক অংগত যাতে ক্ষতি কৰিব নোৱাৰে তাৰ বাবে কেনেধৰণৰ সুৰক্ষা ব্যৱস্থা আৰু সুৰক্ষিউত কাৰ্যকৰ্ম অনুসৰণ কৰিব লাগে সেই বিষয়তো প্ৰশিক্ষিত হোৱাটো নিয়োগকৰ্তাই নিশ্চিত কৰিব লাগে। নিয়োগকৰ্তাজনেও নিয়মীয়া নিৰ্দেশাৱলীৰ জৰিয়তে এনে সুৰক্ষা ব্যৱস্থা আৰু সুৰক্ষা কাৰ্যকৰ্ম সম্পৰ্কত বনুৱাক সষ্টম কৰি ৰাখিব লাগে।

৪. কোনো শ্ৰমিকে যদি বিষৰদ্বাৰা আক্ৰান্ত লক্ষণ প্ৰকাশ কৰে তেন্তে তেওঁক ততাতৈয়াকৈ পৰীক্ষা কৰা হ’ব আৰু চিকিৎসা প্ৰদান কৰা হ’ব।

৫. এনে দ্ৰব্যৰ সৈতে মুখামুখি হোৱা বনুৱা সকলৰ স্বাস্থ্যৰ নথি সম্বলিত এখন পঞ্জীয়ন বহী নিয়োগকৰ্তাই তদাৰকী কৰিব আৰু সকলো বনুৱাই এই বহীখন চাব পাৰিব। এই বহীখন প্ৰামাণ্য শল্য চিকিৎসক আৰু এলেকাটোৰ সহকাৰী শ্ৰম আয়ুক্তৰ আগতো প্ৰদৰ্শন কৰা হ’ব। এই বহী আইনখনৰ অধীনত নিযুক্ত পৰিদৰ্শককো(যাৰ বাগানখনৰ ওপৰত ক্ষেত্ৰাধিকাৰ থাকিব) দেখুৱাব লাগিব।

ধোৱা কক্ষ আৰু মালপত্ৰৰ কোঠা(নিয়ম ৭১ চি):

এই নিয়ম অনুসৰি প্ৰতিখন বাগানত যথাযথ বাথৰূপ থাকিব য’ত পানীৰ পাইপ আৰু প্লাগৰ ব্যৱস্থা থাকিব। প্ৰতি দহ গৰাকীৰ বিপৰীতে একোটাকৈ মুখ ধোৱা বেচিন থাকিব য’লৈ পৰ্যাপ্ত পৰিমাণৰ পানী যোগানৰ ব্যৱস্থা থাকিব। ইয়াত চাবোন, নখ চাফা কৰা ব্ৰাছ তথা অন্যান্য চাফ-চিকুণ কৰা সামগ্ৰী থাকিব। বাথৰূমৰ টাৱেল প্ৰতিদিনে সলনি কৰা হ’ব। কাম কৰা ঠাই বা পৰক্ষালন কোঠালৈ কোনো খাদ্য, পানীয় বা পাণ, চুপাৰি, ধঁপাত আদি নিব নোৱাৰিব বা খাব নোৱাৰিব।

সতৰ্কতামূলক জাননী(নিয়ম ৭১ ডি):

প্ৰতিগৰাকী নিয়োগকৰ্তাই কীটনাশক, ৰাসায়নিক আৰু বিষাক্ত দ্ৰব্যৰ পৰা হ’ব পৰা বিপদ সন্নিৱিষ্ট কৰা এখন সতৰ্কতামূলক জাননী গৰিষ্ঠসংখ্যক বনুৱাই বুজি পোৱা ভাষাত ছপা বা টাইপ কৰি সকলোৱে দেখা পোৱা ঠাইত আঁৰিব যাতে সকলোৱে ইয়াক দেখা পায় আৰু পঢ়িব পাৰে।

প্ৰাথমিক চিকিৎসা সাহায্য(নিয়ম ৭১ ই)-

যদি কোনো লোক বিষত আক্ৰান্ত হয় তেন্তে চিকিৎসকক মতাৰ আগতেই তেওঁক পোনতে প্ৰাথমিক চিকিৎসা সাহায্য দিয়া হ’ব। The Indian Standard Guide for Handling Cases of Presticide Poisoning part 1, First Aid Measures শীৰ্ষক নিৰ্দেশাৱলীৰ সহায় লোৱাৰ বাদেও প্ৰাথমিক সাহায্য প্ৰদান কৰিবলৈ আন কিতাপৰো সহায় লোৱা হ’ব পাৰে। শ্ৰমিকসকলকো বিষৰ প্ৰভাৱ আৰু প্ৰাথমিক সাহায্য প্ৰদানৰ বিষয়ে জ্ঞান দিয়া হ’ব।

সুৰক্ষিত কাপোৰ(নিয়ম ৭১ এফ):

১. যিসকল বনুৱাই পৰিবহণ আৰু প্ৰয়োগৰ সময়ত কীটনাশক পৰিচালনা কৰিব লগা হয় সেইসকলক যথাযথ কাপোৰেৰে সুৰক্ষিত কৰা হ’ব। লগতে উশাহৰ লগত যাতে ধূলি, ভাপ, গেছ আদি সোমাব নোৱাৰে তাৰ বাবে যথাযথ উশাহ-নিশাহৰ সুৰক্ষিত যন্ত্ৰ দিয়া হ’ব। কোনো বনুৱাই হাতমোজা(gauntlets), ধূলিকণা ৰুধিব পৰা টুপী ওৰণি(hood), পলিথিন এপ্ৰ’ন, চছমা, ৰাবাৰৰ গ্লোভ, গামবুট বা ৰাবাৰৰ বুট, নাক আৱৰি ৰখা মুখা, মুখ আৰু নাক ঢকা ৰুমাল, মোজা আদি নিপিন্ধাকৈ ৰাসায়নিক দ্ৰব্য মিহলাব নোৱাৰিব বা তাক ছটিয়াব নোৱাৰিব। চছমাৰ আইনা ভাল হ’ব লাগিব তথা স্প্ৰে দিয়া মেচিনটোৱে যাতে বেছিকৈ লৰিব নোৱাৰে তাৰ বাবে পিঠিত ৰবৰৰ পেদ ব্যৱহাৰ কৰা হ’ব। স্প্ৰে কৰা বনুৱাই প্ৰতি পোন্ধৰদিনৰ মূৰত এটুকুৰা চাবোন লাভ কৰিব। স্প্ৰে কৰা সঁজুলি আৰু সুৰক্ষিত কাপোৰ যথাযথভাৱে তদাৰকী কৰিব লাগে আৰু প্ৰয়োজন অনুসাৰে তাৎক্ষণিকভাৱে সলাব লাগে।

স্প্ৰে কৰা বনুৱাৰ সালসলনি(নিয়ম ৭১ জি):

তিনিমাহ ধৰি স্প্ৰে কৰা কাম কৰাৰ পিছত এনে বনুৱাক আন এটা স্প্ৰে কৰা বনুৱাৰ দ্বাৰা সলাব লাগে।

ব্যৱহৃত পেকেট, অতিৰিক্ত সামগ্ৰীৰ বন্দৱস্তি আৰু কীটনাশকৰ প্ৰক্ষালন(নিয়ম ৭১ এইচ):

পৰিৱেশ প্ৰদূষণ আৰু পানী প্ৰদূষিত নোহোৱাকৈ নিয়োগকৰ্তা বা চালকে ব্যৱহৃত পেকেট, অতিৰিক্ত সামগ্ৰী আৰু কীটনাশক, ৰাসায়নিক বা বিষাক্ত দ্ৰব্যৰ ধোৱন-পোখন বা নিষ্পত্তি(dispose off) কৰিব লাগে। ব্যৱহৃত পেকেটবোৰ যাতে পুনৰ আঁতৰত এনে পেকেটবোৰ ভাঙি পুতি পেলাব লাগে।

নিয়োগৰ পৰিসীমা আৰু ঘন্টা -

সাপ্তাহিক ঘন্টা(অনুচ্ছেদ ১৯):

বাগানৰ শ্ৰমিক আইনখনত যদি অন্যধৰণে অনুমতি নকৰে তাৰ ব্যতিৰেকে কোনো প্ৰাপ্তবয়স্ক বনুৱাই এসপ্তাহত ৪৮ ঘন্টাতকৈ অধিক আৰু কোনো কিশোৰ/চেমনীয়াৰ সপ্তাহত ২৭ ঘন্টাতকৈ বেছি কাম কৰিব নোৱাৰিব। যদিহে কোনো প্ৰাপ্তবয়স্ক লোকে এটা দিনৰ নিৰ্দ্ধাৰিত সময়তকৈ অধিক বা এক সপ্তাহৰ নিৰ্দ্ধাৰিত ৪৮ ঘন্টাতকৈ অধিক সময় বাগানত শ্ৰম প্ৰদান কৰে তেন্তে তেওঁ এই অতিৰিক্ত কামৰ বাবে সাধাৰণ মজুৰিৰ দুগুণ মজুৰি লাভ কৰিব। অৱশ্যে কোনো বনুৱাই এদিনত ৯ ঘন্টাতকৈ অধিক বা সপ্তাহত ৫৪ ঘন্টাতকৈ অধিক কাম কৰিব নোৱাৰিব।

যদিহে কোনো বন্ধ দিনত বা বিশ্ৰামৰ দিনত কোনো বনুৱাই বাগানত কাম কৰে তেন্তে তেওঁ অতিৰিক্ত কাম কৰাৰ বেলিকা পোৱাৰ দৰে সাধাৰণ মজুৰিতকৈ দুগুণ মজুৰি লাভ কৰিব।

সাপ্তাহিক বন্ধ(অনুচ্ছেদ ২০):

ৰাজ্য চৰকাৰে প্ৰতি এসপ্তাহৰ মূৰত এদিবকৈ বন্ধ দিয়াৰ বাবে নিয়ম প্ৰণয়ন কৰিব পাৰে যি সকলো বনুৱাৰ বাবে উপলব্ধ হ’ব কি পৰিস্থিতি আৰু চৰ্তত এগৰাকী প্ৰাপ্তবয়স্ক বনুৱাই অতিৰিক্ত কাম কৰাৰ প্ৰয়োজন হয় বা তেনে কাম কৰিবলৈ অনুমতি দিয়া হ’ব সেই বিষয়টো ৰাজ্য চৰকাৰৰে নিয়ম প্ৰণয়ন কৰিব পাৰে। যদিহে এগৰাকী বনুৱাই বন্ধ দিনৰ বাদে কোনো জিৰণি দিনত কাম কৰিব বিচাৰে তেন্তে তেওঁক কাম কৰাত বাধা দিব পৰা নাযাব। অৱশ্যে বনুৱাজনে মাজত কোনো ধৰণৰ সম্পূৰ্ণ বন্ধৰ দিন নৰখাকৈ একেৰাহে দহ দিনতকৈ অধিক দিনৰ বাবে কাম নোৱাৰিব।

প্ৰতিদিনৰ জিৰণি সময়(অনুচ্ছেদ ২১):

প্ৰতিদিনে এজন বনুৱাই একেৰাহে পাঁচ ঘন্টাতকৈ অধিক সময়ধৰি কাম কৰিব নোৱাৰিব। এনেধৰণে পাঁচ ঘন্টা কাম কৰাৰ পিছত তেওঁ কমেও আধা ঘন্টা সময় জিৰণি ল’ব লাগিব।

সময়ৰ ব্যাপ্তি(spread-over)(অনুচ্ছেদ ২২):

এগৰাকী প্ৰাপ্তবয়স্ক বনুৱাৰ বাগানৰ দৈনিক শ্ৰম কৰাৰ সময় এনেদৰে ধাৰ্য কৰা হ’ব যাতে তেওঁ লোৱা জিৰণিৰ সময়কে ধৰি এই সময় ১২ ঘন্টাতকৈ অধিক কালৰ বাবে বিয়পি নাযায়। এই ১২ ঘন্টাৰ ভিতৰত তেওঁ কামৰ বাবে অপেক্ষা কৰাৰ সময়খিনিকি সামৰি লোৱা হ’ব।

সময়ৰ জাননী(অনুচ্ছেদ ২৩):

প্ৰতিখন বাগানত বনুৱাই প্ৰতিদিনে কি কি সময়ত কাম কৰিব তাক নিৰ্দ্ধাৰিত ফৰ্ম আৰু প্ৰকাৰত উল্লেখ কৰি এখন জাননী প্ৰদৰ্শন কৰা হ’ব। বনুৱাবোৰে এনে জাননীত উল্লেখ কৰা সময় অনুসৰিহে কাম কৰিব। এনে জাননীত স্পষ্টভাৱে সকলো কথা উল্লেখ থাকিব। অৱশ্যে যদিহে কোনো বনুৱাই কাম আৰম্ভ কৰাৰ নিৰ্দিষ্ট সময়ৰ আধা ঘন্টাতকৈ পিছত কৰ্মস্থলীত উপস্থিত হয় তেন্তে নিয়োগকৰ্তাই সেইটো দিনত বনুৱাজনক কামত নল’বও পাৰে।

শিশু নিয়োগ(অনুচ্ছেদ ২৪):

কোনো বাগিচাতে শিশু শ্ৰমিক নিয়োগ কৰিব পৰা নাযায়।

মহিলাৰ বাবে নৈশ কৰ্ম(অনুচ্ছেদ ২৫):

ৰাজ্য চৰকাৰৰ অনুমতি নোলোৱাকৈ কোনো মহিলা বনুৱাকে পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৭ বজাৰ বাহিৰে আন কোনো সময়তে কোনো বাগানত কাম কৰিব দিব পৰা নাযাব। অৱশ্যে এই উপবন্ধ ধাত্ৰী আৰু নাৰ্ছৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব।

অ-প্ৰাপ্তবয়স্ক কৰ্মীয়ে টোকেন বা প্ৰতীকচিহ্ন ল’ব লাগিব(অনুচ্ছেদ ২৬):

যদিহে কোনো চেমনীয়াই বাগানত কাম কৰিব লগা হয় তেন্তে তেওঁ কামটো কৰিবলৈ যে শাৰীৰিকভাৱে সুস্থ তাৰ বাবে এখন উপযুক্ততাৰ প্ৰমাণ-পত্ৰ(certificate of fitness) ল’ব লাগিব। তেনে উপযুক্ততাৰ প্ৰমাণ পত্ৰৰ ভিত্তিত কাম কৰাৰ অনুমতিসূচক এক প্ৰতীক চিহ্ন প্ৰদান কৰা হ’ব। চেমনীয়াজনে বাগানত কাম কৰাৰ ক্ষেত্ৰত এই প্ৰতীক চিহ্নটো লগত ৰাখিব লাগিব। এগৰাকী প্ৰামাণ্য শল্য চিকিৎসকে আৱেদনৰ ভিত্তিত এনে প্ৰমাণ পত্ৰ দি যাৰ ম্যাদ থাকিব ১২ মাহৰ।

চাৰ্টিফিকেটখনৰ বাবে দিব লগা মাচুল নিয়োগকৰ্তাজনে দিব আৰু এই অৰ্থ চেমনীয়া বা তেওঁৰ পিতৃ-মাতৃ বা অভিভাৱকৰ পৰা নিয়োগকৰ্তাই ঘূৰাই ল’ব নোৱাৰিব। যদিহে পৰিদৰ্শকে বিচাৰে তেনে তেওঁ এনে নিয়োজিত চেমনীয়াৰ স্বাস্থ্য পৰীক্ষা কোনো প্ৰামাণ্য শল্য চিকিৎসকৰ দ্বাৰা কৰিব পাৰে।

নিয়ম: সাপ্তাহিক বন্ধ(নিয়ম ২৭):

যদিহে ৰাজ্য চৰকাৰে অন্যধৰণে অনুমতি নিদিয়ে তেন্তে কোনো বনুৱাই দেওবাৰৰ দিনাখন কাম কৰিব নালাগে বা তেওঁৰ কাম কৰাৰ অনুমতি দিয়া নহয়। অৱশ্যে তেওঁ যদি কোনো দেওবাৰৰ আগৰ তিনিটা দিন বা দেওবাৰটোৰ পিছৰ তিনি দিনৰ কোনো দিনত জিৰণি লয় তেন্তে তেওঁ দেওবাৰে কাম কৰিব পাৰে। যদিহে নিয়োগকৰ্তাই কোনো বনুৱাক জিৰণিৰ দিনাখনো কাম কৰাৰ প্ৰস্তাৱ দিয়ে তেন্তে তেওঁ সেই কাম কৰিব পাৰে, কেৱল সেইটো বন্ধৰ দিন হ’ব নোৱাৰিব। এনেদৰে কাম কৰিলেও কোনো বনুৱাই একেৰাহে সম্পূৰ্ণ বন্ধ দিন এটা মাজত নোহোৱাকৈ দহ দিনতকৈ বেছি দিন বাগানত কাম কৰিব নোৱাৰিব। প্ৰতিজন বনুৱাই বনুৱাই জিৰণিৰ দিনা কৰা কামৰ বাবে উক্ত এলেকাত Minimum Wage Act 1948 অনুসৰি অতিৰিক্ত কামৰ নিৰিখ যি হাৰত থাকে সেই হাৰত মজুৰি পাব। যদিহে এলেকাটোত তেনে কোনো নিৰিখ নাথাকে তেন্তে বনুৱাজনে সাধাৰণ নিৰিখতকৈ দুগুণ হাৰত মজুৰি পাব।

মজুৰি সহিত ছুটী:

মজুৰিসহ বছৰেকীয়া ছুটী(অনুচ্ছেদ ৩০):

১. প্ৰতিগৰাকী শ্ৰমিকে নিম্নোক্ত হিচাপত এবছৰত মজুৰিসহ বছৰেকীয়া ছুটী পাব-

ক)যদিহে প্ৰাপ্তবয়স্ক হয় তেন্তে তেওঁ কৰা ২০ দিন কামৰ বিপৰীতে এদিনকৈ ছুটী।

খ)যদিহে চেমনীয়া হয় তেন্তে তেওঁ কৰা প্ৰতি ১৫ দিন কামৰ বিপৰীতে এদিনকৈ ছুটী পাব। এনে ছূটীৰ দিনবোৰ হিচাপ কৰাৰ ক্ষেত্ৰত বন্ধৰ দিনবোৰ বাদ দিয়া হ’ব।

ছুটী লোৱাৰ সময়ছোৱাত বা ছুটী আৰম্ভ বা শেষ হোৱাৰ সময়ত যদি কোনো বন্ধৰ দিন পৰে তেন্তে সেই বন্ধৰ দিনক ছুটীৰ দিনৰ লগত সামৰিব পৰা নাযাব। অৰ্থাৎ বন্ধৰ দিন বাদ দিহে ছুটীৰ দিন হিচাপ কৰা হ’ব। যদিহে কোনো বনুৱাই বাৰ মাহৰ ভিতৰত তেওঁক মঞ্জুৰ কৰা ছুটী নলয় তেন্তে পৰৱৰ্তী বাৰ মাহৰ ভিতৰত মঞ্জুৰ কৰিব লগা ছুটীৰ সৈতে পূৰ্বৰ ছুটী জমা হ’ব। যদিহে কোনো বনুৱাই পাব লগা ছুটী ৩০ দিন হয় তেন্তে তেওঁ ছুটীৰ দিন নাপাব।

ছুটীৰ সময়ত মজুৰি(অনুচ্ছেদ ৩১):

অনুচ্ছেদ ৩০ৰ অধীনত কোনো বনুৱাই ছুটী লাভ কৰিলে তেওঁ নিম্নোক্ত ধৰণে মজুৰি পাব-

ক)যদিহে বনুৱাজনক সম্পূৰ্নভাৱে সময়ৰ ভিত্তিত নিয়োগ কৰা হৈছে তেন্তে ছুটী লোৱাৰ আগৰ সময়ত কোনো ৰায়, চুক্তি বা সেৱাৰ চুক্তি অনুসৰি তেওঁ যি দৈনিক মজুৰি পায় সেই অনুপাতে

খ)আন ক্ষেত্ৰত, যদিহে বনুৱাজনে ছুটী লোৱাৰ পূৰ্বৰ বাৰ মাহত সময়ভিত্তিক কিছু মজুৰি আৰু কিছু মজুৰি কামৰ ভিত্তিত(piece-rate) লৈছিল তেন্তে পূৰ্বৰ বাৰ মাহৰ দৈনিক গড় হিচাপত যি মজুৰি নিৰ্দ্ধাৰণ হয় সেই হিচাপত বনুৱাজনে ছুটীৰ সময়ত মজুৰি পাব।

বেমাৰ আৰু প্ৰসূতি সম্পৰ্কীয় সুবিধা(অনুচ্ছেদ ৩২):

১. প্ৰতিগৰাকী শ্ৰমিক বা বনুৱাই নিয়োগকৰ্তাৰপৰা নিম্নোক্ত সুবিধাসমূহ পাব-

যদিহে বেমাৰ হয় তেন্তে এগৰাকী অৰ্হতাসম্পন্ন চিকিৎসকৰ প্ৰমাণপত্ৰৰ ভিত্তিত বেমাৰ ভাত্তা। এনে ভাত্তা কিমান সময় বা কিমান দিনৰ বিৰতিত দিয়া হ’ব তাক ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়ে। কেনে পৰিস্থিতিত এনে ভাত্তা দিয়া নহ’ব বা দি থকা ভত্তা বন্ধ কৰি দিয়া হ’ব তাকো ৰাজ্য চৰকাৰে নিয়মৰ জৰিয়তে ঠিক কৰি দিয়ে। অৱশ্যে এনে নিয়ম নিৰ্দ্ধাৰণ কৰাৰ সময়ত ৰাজ্য চৰকাৰে বাগানত নিয়োকৰ্তাই কেনেধৰণৰ সুবিধা প্ৰদান কৰে তালৈ লক্ষ্য ৰাখিব।

বেমাক ভাত্তা দিয়াৰ নিয়ম(নিয়ম ৭৪):

এগৰাকী বনুৱাই বেমাৰৰ প্ৰমাণপত্ৰৰ ভিত্তিত এবছৰত সৰ্বমুঠ চৈধ্য দিনৰ বাবে বেমাৰৰ ভাত্তা পাব যাৰ নিৰিখ হ’ব এনেধৰণৰ-

১. দৈনিক মজুৰিৰ দুই তিনি ভাগ বা

২. যদিহে কামৰ ভিত্তিত বনুৱাজনে মজুৰি পাইছিল তেন্তে বেমাৰৰ পূৰ্বৰ তিনিমাহৰ দৈনিক ভিত্তিৰ গড় উপাৰ্জন। অৱশ্যে এনে গড় পূৰ্বৰ হিচাপতকৈ বেছি হ’ব লাগিব।

অৱশ্যে যদিহে বেমাৰ ভাত্তা ইতিমধ্যে দিয়া হয় সি যদি এই নিয়মত উল্লেখ কৰা ভাত্তাতকৈ বেছি হয় তেন্তে এই নিয়মৰ বাবে তেনে উচ্চ ভাত্তা নাকচ কৰিব পৰা নাযাব।

এনে বেমাৰ ভাত্তা বনুৱাজনৰ মৰ্জি অনুসৰি তেওঁক সাপ্তাহিক আগতীয়া মজুৰিৰ সৈতে বা তেওঁ কামত যোগ দিয়াৰ পিছত কিস্তিত দিব লগা মজুৰিৰ সৈতে দিব পৰা যায়।

দুৰ্ঘটনা(অনুচ্ছেদ ৩২ এ):

যদিহে কোনো বাগানত কোনো দুৰ্ঘটনাৰ ফলত কোনো বনুৱাৰ মৃত্যু হয় বা বনুৱাজনে এনেধৰণৰ শাৰীৰিক আঘাত লাভ কৰে যাৰ ফলত দুৰ্ঘটনা ঘটাৰ তেওঁ ৪৮ ঘন্টা পৰ্যন্ত বা ততোধিক সময়ৰ বাবে কামত যোগ দিব নোৱাৰে তেন্তে নিয়োগকৰ্তাই এই দুৰ্ঘটনাৰ বিষয়ে কৰ্তৃপক্ষক নিৰ্দ্ধাৰিত সময় আৰু প্ৰপত্ৰযোগে অৱগত কৰাব। নিয়োগকৰ্তাজনে বাগানত ঘটা দুৰ্ঘটনা এখন পঞ্জীয়ন বহীত লিপিবব্ধ কৰি ৰাখিব। যদিহে বাগানত দুৰ্ঘটনা সংঘটিত হয় তেন্তে নিয়োগকৰ্তাই বনুৱাজনক ক্ষতিপূৰণ দিব আৰু নিয়োকৰ্তাই এনে ক্ষতিপূৰণৰ স্মাৰকপত্ৰ Workmen’s Compensation Act, 1923 অনুসৰি আয়ুক্তৰ ওচৰত পঞ্জীয়ন কৰিব।

নিয়ম(৭৪ এ):

উল্লিখিত ধৰণৰ দুৰ্ঘটনা সংঘটিত হ’লে নিয়োগকৰ্তাই ডাকযোগে অনাধিক ৭২ ঘন্টাৰ ভিতৰত বাগানৰ মুখ্য পৰিদৰ্শকক এই বিষয়ে অৱগত কৰিব। এনে দুৰ্ঘটনা অৱগত কৰাৰ বাবে নিয়োগকৰ্তাই ১৮নং প্ৰ-পত্ৰখন ব্যৱহাৰ কৰিব। যদিহে দুৰ্ঘটনাত দ্বাৰা এই কথা বাগানৰ মুখ্য পৰিদৰ্শকক অৱগত কৰাব।

আপীল(নিয়ম ৭৫):

২. কোনো পৰিদৰ্শকৰ বিৰুদ্ধে আপীল কৰিবলৈ হ’লে তেনে আপীল বাগানৰ মুখ্য পৰিদৰ্শকৰ ওচৰত কৰিব লাগিব। আনহাতে বাগানৰ মুখ্য পৰিদৰ্শকৰ আদেশৰ বিৰুদ্ধে আপীল ৰাজ্য চৰকাৰে নিৰ্দ্ধাৰণ কৰি দিয়া কৰ্তৃপক্ষৰ ওচৰত কৰিব পাৰি। আপীল বিচাৰকে(appellate authority) দুয়োটা পক্ষক নিজৰ বক্তব্য ৰখাৰ সুযোগ দি হয় আৱেদন খাৰিজ কৰিব বা বিষয়টো নিষ্পত্তি কৰিব।

আপীল আৱেদনত নিৰ্দেশকৰ বিৰুদ্ধে থকা আপত্তিবোৰ সংক্ষিপ্তভাৱে উল্লেখ কৰিব লাগিব আৰু স্মাৰকপত্ৰ হিচাপত দিয়া আৱেদন আপীল কৰাজনে বা তেওঁ কৰ্তৃত্ব দিয়া কোনো এজেন্ট বা আইনজীৱীয়ে স্বাক্ষৰ কৰিব। যিটো আদেশৰ বিৰুদ্ধে আপীল কৰা হয় সেই আদেশটো দিয়াৰ দিনৰ পৰা দুমাহৰ ভিতৰত আপীল কৰিব লাগে।

উৎস: অসমৰ চাহ শ্ৰমিকৰ ঐতিহাসিক প্ৰেক্ষাপট(কিশোৰ কুমাৰ কলিতা)

 

2.89655172414
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top