অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাগিচা শ্ৰমিক আইনৰ পূৰ্বৱৰ্তী আইন-বিধি

বাগিচা শ্ৰমিক আইনৰ পূৰ্বৱৰ্তী আইন-বিধিৰ বিষয়ে লিখা হৈছে ।

তৃতীয় অধ্যায়:

যদিওৱা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ কৰ্মৰত লক্ষ লক্ষ লোকে দেশখনৰ বিভিন্ন প্ৰকাৰৰ বাগিচাৰ সৈতে জড়িত হৈ উৎপাদন প্ৰক্ৰিয়াৰ অভিন্ন অংগ হৈ আছে, এইসকল শ্ৰমিকক বিধিগত সা-সুৰক্ষা প্ৰদানৰ প্ৰক্ৰিয়াটোৱে এতিয়াও বাস্তৱ ৰূপ লোৱা নাই। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বৱৰ্তী যিবোৰ বিধি ঔপনিৱেশিক ব্ৰিটিছ ৰূপ লোৱা নাই। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পূৰ্বৱৰ্তী যিবোৰ বিধি ঔপনিৱেশিক ব্ৰিটিছ শাসনতন্ত্ৰই প্ৰণয়ন কৰিছিল, সেই বিধিসমূহে শ্ৰমিকৰ কল্যাণৰ সলনি উৎপাদনৰ লাভালাভ আৰু বাগিচাৰ মালিকৰ লাভালাভৰ কথাহে বেছিকৈ বিবেচনা কৰিছিল। ১৯৩২ চনত প্ৰণয়ন কৰা The Tea Districts Emigrant Labour Act, 1932 খন কেৱল অসমৰ বাবে প্ৰযোজ্য হৈছিল আৰু আইনখনে শ্ৰমিক কল্যাণৰ সলনি বাগিচাত কেনেদৰে শ্ৰমিক মকৰল কৰা হ’ব তাৰ বাবেহে কিছুদিন বিধি-বিধান প্ৰস্তুত কৰি দিছিল। একেদৰে The Workmen’s Compensation Avt, 1923 খনৰ দ্বাৰা কফী, ৰাবাৰ, চাহখেতি, চিনকনা(Chinchona- যাৰ পৰা মেলেৰিয়া ৰোগৰ ঔষধ কুইনিন উৎপাদন কৰা হয়) বাগিচাৰ শ্ৰমিকসকলক দুৰ্ঘটনাজনিত ঘটনাত বিশেষ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰা হৈছিল অথচ অসমৰ বাগিচা সমূহত এনে ক্ষতিপুৰণ লাভ কৰাৰ ঘটনা ঘটিছিল মাথোঁ কেইটিমান।

উল্লেখিত এই দুখন বিধিৰ বাহিৰেও অন্যান্য শ্ৰমিক আইন যেনে- The Payment of Wages Act 1936, The Industrial Employment Standing Orders Act, !946 বা The Industrial Disputers Act, 1947ৰ নিচিনা কল্যাণমূলক বিধিসমূহ সুফল অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে তেনেই সামান্যভাৱে লাভ কৰিবলৈ সক্ষম হৈছিল। ১৯৪৬ চনত প্ৰকাশ পোৱা Bour Investigation Committee, Government of India ৰ মূল প্ৰতিবেদনত ‘বাগিচা’ উদ্যোগৰ সৈতে জড়িত শ্ৰমিকসকলৰ সন্দৰ্ভত ভালেমান গুৰুত্বপূৰ্ণ মতামত ব্যক্ত কৰা হৈছিল। উক্ত মূল প্ৰতিবেদনত উল্লেখ কৰা তথ্য অনুযায়ী সমগ্ৰ ভাৰতবৰ্ষৰ বাগিচা উদ্যোগৰ লগত জড়িত শ্ৰমিকৰ সংখ্যা আছিল নিম্নোক্ত ধৰণৰ-

বৰ্ষ

শ্ৰমিকৰ সংখ্যা

১৯১১

৭,৪১,৬৯১

১৯২১

১০,০৩,৪৫৬

১৯৩৫

১০,৩৯,৬৩৭

১৯৩৯

১০,৪৬,৭৫৪

১৯৪২

১০,৮৮,৩৪৮

 

১৯৪৪ চনত নিৰ্ণয় কৰা অনুসৰি চাহ, কফী আৰু ৰাবাৰ বাগিচাত নিয়োজিত সৰ্বমুঠ শ্ৰমিকৰ সংখ্যা আছিল চাৰে এঘাৰ লাখ। এই সংখ্যাই অৱশ্যে কেৱল বাগিচাত দৈনিক গড় হিচাপত নিয়োজিত শ্ৰমিকসকলকহে সামৰি লৈছিল। যিহেতু বাগিচাৰ উৎপাদন প্ৰক্ৰিয়াটো ঋতু নিৰ্ভৰশীল, সেয়েহে নিৰ্দিষ্ট উৎপাদন কালত বাগিচাৰ শ্ৰমিকৰ সংখ্যা স্বাভাৱিকতে বৃদ্ধি পাইছিল। Industrial Labour in India শীৰ্ষক গ্ৰন্থত এইবিষয়ে এনেদৰে কোৱা হৈছিল- The actual nembers of workers are much larger than those indicated by the daily averages.

বাগিচাৰ শ্ৰমিকৰ পৰিসংখ্যাৰ ক্ষেত্ৰত চাহ বাগিচাত কাম কৰা শ্ৰমিকৰ সংখ্যা সৰ্বভাৰতীয় পৰ্যায়ত ১৯৪৪ চন পৰ্যন্ত এনেধৰণৰ আছিল-

বছৰ

শ্ৰমিকৰ সংখ্যা

১৯২৪

৮,১১,৫৪০

১৯২৯

৯,৩০,৪৭২

১৯৩২

৮,৫৯,৭১৩

১৯৩৫

৮,৯৯,০৩৯

১৯৩৯

৯,২৫,২৩৭

১৯৪২

৯,২৬,৪৬১

১৯৪৪

১০,০৩,৮৪০(মোটামোটিভাৱে)

 

এই প্ৰতিবেদনত উল্লেখ কৰা হৈছিল যে চাহ বাগিচাৰ শ্ৰমিকৰ ক্ষেত্ৰত ৪৫ শতাংশ শ্ৰমিকেই হৈছে মহিলা, কফী আৰু ৰাবাৰৰ ক্ষেত্ৰত মহিলা শ্ৰমিকৰ সংখ্যা হৈছে ক্ৰমে ৪০ আৰু ২৫ শতাংশ। শিশু শ্ৰমিকৰ ক্ষেত্ৰত অসমৰ মুঠ শ্ৰমিকৰ ১৫ শতাংশই হৈছে শিশু, বংগত এই সংখ্যা হৈছে ২০ শতাংশ আৰু দক্ষিণ ভাৰতত ১০ শতাংশ।

১৯৩৫ আৰু ১৯৪২ চনৰ চাহ শ্ৰমিকৰ প্ৰদেশভিত্তিক পৰিসংখ্যা -

ৰাজ্য বা প্ৰদেশৰ নাম

১৯৩৫

১৯৪২

অসম

৫,১৯,৬২১

৫,২১,৬৬৭

বংগ

২,০৫,৪২৮

২,২১,২৫১

মাদ্ৰাজ

৬৯,৭০৯

৬৮,৩৭৩

পঞ্জাব

১০,৭১০

১১,০৯৮

ইউনাইটেড প্ৰভিন্স

৩,৪৯৬

৩,৮৩৬

বিহাৰ

২,৫৯৩

৩,০০৬

কৰ্গ

৩৪৯

২৩০

ব্ৰিটিছ ভাৰতবৰ্ষ

৮,১১,৯০৬

৮,২৯,৪৬১

সৰ্বমুঠ(ভাৰতবৰ্ষ)

৮,৯৯,০৩৯

৯,২৪,৪৬১

 

উপৰিউক্ত তালিকাৰপৰা দেখা যায় যে সৰ্বভাৰতীয় মুঠ চাহ শ্ৰমিকৰ পাঁচভাগৰ তিনিভাগেই আছিল অসমৰ। পাঁচভাগৰ এভাগ আছিল বংগৰ আৰু বাকী ভাগ আছিল অসম আৰু বংগক বাদ দি ভাৰতবৰ্ষৰ বাকী প্ৰান্তৰ।

১৯৩৯-৪৪ চনৰ ভিতৰত অসমৰ চাহ শ্ৰমিকৰ পৰিসংখ্যা -

বৰ্ষ

প্ৰাপ্তবয়স্ক

শিশু

সৰ্বমুঠ

১৯৩৮-৩৯

৬,০৫,৫২২

৫,৫৬,৮৩১

১১,৬১,৮৫৩

১৯৩৯-৪০

৬,০৬,১২৮

৫,৬৭,৮৩৬

১১,৭৩,৯৬৪

১৯৪০-৪১

৬,০২,১০৪

৫,৬৭,৪০১

১১,৬৯,৫০৫

১৯৪১-৪২

৫,৮৯,০২৭

৫,৬৬,১১৫

১১,৫৫,১৪২

১৯৪২-৪৩

৫,৯১,৫১০

৫,৭৩,৭৭৯

১১,৬৫,২৮৯

১৯৪৩-৪৪

৫,৯৩,৬৬৫

৫,৭২,৩৫১

১১,৬৬,০১৬

 

ভাৰতবৰ্ষত শ্ৰমিক আইনৰ বিকাশ -

যদিও শুনি আচৰিত যেন লাগে তথাপি প্ৰকৃত সত্যটো এয়ে যে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত সংগঠিত উদ্যোগ(organized industries) ভিতৰত অসমৰ চাহ উদ্যোগেই প্ৰথমবাৰৰ বাবেই বিধিগত নিয়ন্ত্ৰণৰ প্ৰয়োজন সৃষ্টি কৰিছিল। যিহেতু অসম আৰু বংগত প্ৰতিষ্ঠা কৰা চাহ লুদ্যোগৰ বনুৱা সকলক ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰপৰা আনিব লগা হৈছিল সেয়েহে ১৮৬৩ চনৰ পিছৰেপৰা ব্ৰিটিছ নিয়ন্ত্ৰণাধীন ভাৰত চৰকাৰে শ্ৰমিক মকৰল বিধিগতভাৱে নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ কেইবাখনো বিধি প্ৰণয়ন কৰি উলিয়াইছিল। ১৮৮১ চনত আইন(The Mine Act)। বিংশ শতিকাৰ আদিভাগলৈ এনেদৰে শ্ৰমিক আইনসমূহ আছিল একোটো নিৰ্দিষ্ট উদ্যোগক কেন্দ্ৰ কৰি। কিন্তু প্ৰথম বিশ্বযুদ্ধৰ পিছৰেপৰা সমগ্ৰ বিশ্বতে শ্ৰমিক আইনৰ ধাৰণা ক্ষেত্ৰত এক নতুন পৰিৱৰ্তন সাধন হ’বলৈ ধৰিলে।

প্ৰথম বিশ্বযুদ্ধৰ পিছতে পৃথিৱীৰ প্ৰায় সকলোবোৰ ঔদোগিক ৰাষ্ট্ৰতে চৰকাৰৰ তথা কাৰাখানাৰ মহিলাসকলৰ প্ৰতি ধাৰণা সলনি হ’বলৈ ধৰিলে। ঔদ্যোগিক ৰাষ্ট্ৰৰ সামগ্ৰিক বিকাশৰ বিষয়ত যে এক সংঘবদ্ধ প্ৰচেষ্টাৰ প্ৰয়োজন আছে তাক উন্নত গণতান্ত্ৰিক দেশবোৰো বাৰুকৈয়ে অনুধাৱন কৰিলে। ঔপনিৱেশিক শাসনকালত দমন-নিপীড়নৰ জৰিয়তে শ্ৰমিকসকলক কামত মকৰল কৰি ৰখা প্ৰক্ৰিয়াটো যে গণতান্ত্ৰিক পৰিৱেশত টিকি থাকিব নোৱাৰে তাক অনুধাৱন কৰি এনে দেশৰ চৰকাৰসমূহে কাৰখানাৰ শ্ৰম আৰু শ্ৰমিক এই দুয়োটা বিষয়ত ৰাষ্ট্ৰৰ হস্তক্ষেপ আৰম্ভ কৰিবলৈ ধৰিলে। ১৯৯১ চনৰ ভাৰ্ছাই চুক্তি(Treaty of Versailles) বিশ্বত প্ৰথমবাৰৰ বাবে এটা শ্ৰমিক সংগঠনৰ জন্ম দিলে। শ্ৰমিকসকলৰ দুখ-দুৰ্দশাৰ অন্ত পেলাবলৈ জন্ম হোৱা আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংগঠনে(International Labour Organisation) সমগ্ৰ বিশ্বতে শ্ৰমিক বিধিৰ ক্ষেত্ৰত এক-নৱ-বিল্পৱৰ সূচনা কৰিলে বুলি ক’ব পাৰি। পৰৱৰ্তী সময়ছোৱাত ভাৰত চৰকাৰে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সংস্থাৰ দ্বাৰা গৃহীত বহুসংখ্যক সমাৱৰ্তনত অনুমোদন জনোৱাৰপৰাই ভাৰতবৰ্ষত শ্ৰমিক আইনৰ বিকাশ হোৱা বুলি ধৰিব পাৰি।

এতিয়া আহিছোঁ ভাৰতবৰ্ষৰ শ্ৰম আইন সমূহৰ প্ৰসংগলৈ। ১৯২২ চনত গ্ৰহণ হোৱাৰ পিছত শ্ৰমিক আইন সকলৰ স্বাৰ্থত কেইবাখনো গুৰুত্বপূৰ্ণ আইন পাৰণ হোৱা কথাটো ইতিমধ্যে উল্লেখ কৰা হৈছে। এনে আইনবোৰ হৈছে The Indian Mines Act, 1923; Workmen’s Compensation Act, 1923; The Indian Trade Unions Act, 1926 আৰু The Trade Disputers Act, 1929। ১৯৩১ চনত ভাৰতবৰ্ষত বনুৱা সম্পৰ্কত ৰয়েল কমিছনৰ প্ৰতিবেদন(Royal Commission on Labour) প্ৰকাশ পায় আৰু এই প্ৰতিবেদনত অনুমোদনৰ ফলত ১৯৩২ চনত The District Emigrant Labour Act শীৰ্ষক বিধিখন পাৰিত হয়।

১৯৩৪ চনত কাৰখানা আইন বা The factories Act খন পুঙ্খানুপুঙ্খৰূপে পৰীক্ষা কৰা হয়। একেদৰে The Trade Disputer আইনখনৰো সংশোধনী কৰা হয়। ১৯৩৬ চনত পাৰণ কৰা হয় মজুৰি আইন বা The Payment of Wages Act, 1933। ইয়াৰ পিছৰ বছৰ অৰ্থাৎ ১৯৩৪ চনত পাৰণ কৰা হয় আন এখন গুৰুত্বপূৰ্ণ আইন The Dock Labourers Act, 1934। ১৮৯৪ চনত পৰাণ কৰা ভূমি অধিগ্ৰহণ আইন(The land Acquisition Act, 1894) খনৰো ১৯৩৩ চনত সংশোধন কৰা হয় আৰু এই সকংশোধনীৰ জৰিয়তে চাহ বাগিচাসমূহে শ্ৰমিকৰ বাবে বাসস্থান নিৰ্মাণ তথা অন্যান্য সুবিধা প্ৰদান কৰাৰ স্বাৰ্থত ভূমি অধিগ্ৰহণ বাধ্যতামূলক কৰি তোলা হ’ল। তাৎপৰ্যপূৰ্ণ কথা হ’ল ৰয়েল কমিছনৰ প্ৰতিবেদন দাখিল হোৱাৰ আগতে বোম্বাই আৰু চেন্ট্ৰেল প্ৰভিন্সৰ বাদে ভাৰতবৰ্ষৰ আন কোনো অঞ্চলতে প্ৰসূতি হিতৈষী(Maternity Benefit) আইনৰ ব্যৱস্থা নাছিল।

১৯৩৫ চনত ভাৰত চৰকাৰ আইন(The Government of India Act, 1935) প্ৰণয়নৰ আগলৈকে বিধান প্ৰস্তুত কৰাৰ ক্ষমতা কেন্দ্ৰীয় তথা প্ৰাদেশিক দুয়োখন চৰকাৰৰ হাততে আছিল যদিও প্ৰাদেশিক চৰকাৰবোৰে প্ৰণয়ন কৰা বিধি আছিল তেনেই কম। বোম্বাই, চেন্ট্ৰেল প্ৰভিন্স, মাদ্ৰাজ আদি প্ৰদেশসমূহৰ বাদে বাকী প্ৰদেশবোৰে বিধি প্ৰণয়নৰ ক্ষেত্ৰত দেখুৱাইছিল তেনেই সীমিত তৎপৰতা। ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইন প্ৰণয়ন হোৱাৰ পিছত কংগ্ৰেছ দলৰপৰা শ্ৰমিকসকলে যাতে এক যথাযথ জীৱন ধাৰণ কৰিব পাৰে, তেওঁলোকৰ শ্ৰমৰ সময় যাতে নিৰ্দ্ধাৰিত আন্তঃৰাষ্ট্ৰীয় নিয়মৰ মতে হয় তথা শ্ৰমিকসকলে ন্যায্য সকলো অধিকাৰ যেনে- শ্ৰমিক আৰু মালিকপক্ষৰ মাজত হোৱা বিবাদ এক যথাযথ নিৰপেক্ষ ব্যৱস্থাৰ জৰিয়তে মোচন কৰা, বৃদ্ধাৱস্থা, বেমাৰ, আদিত্ সুৰক্ষা লাভ, ইউনিয়ন গঠন তথা আন্দোলনৰ অধিকাৰ আদি লাভ কৰিব পাৰে তাৰ বাবে গুৰুত্ব দিয়া হৈছিল। এনে এক পৰিপ্ৰেক্ষিতত বোম্বাই, চেন্ট্ৰেল প্ৰভিন্স, উত্তৰ প্ৰদেশ আৰু বিহাৰৰ প্ৰাদেশিক চৰকাৰসমূহে(যিবোৰ চৰকাৰ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনৰ অধীনত কংগ্ৰেছ দলৰ দ্বাৰা গঠিত হৈছিল) শ্ৰমিকসকলৰ অৱস্থাৰ বিষয়ে অনুসন্ধান কৰিবলৈ একোখনকৈ কমিটী গঠন হৈছিল) শ্ৰমিকসকলৰ অৱস্থাৰ বিসয়ে অনুসন্ধান কৰিবলৈ একোখনকৈ কমিটী গঠন কৰি দিছিল। দুৰ্ভাগ্যৰ কথা যে এই কমিটীসমূহৰ অনুমোদনসমূহ কাৰ্যকৰী হোৱাৰ আগতেই ১৯৩৯ চনৰ নৱেম্বৰ মাহত কংগ্ৰেছ শাসনাধীন চৰকাৰসমূহে ইস্তফা দিয়ে। কেৱল কংগ্ৰেছেই নহয়, যিবোৰ প্ৰদেশ অ-কংগ্ৰেছী শাসনত আছিল সেইবোৰতো বনুৱাৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়া হৈছিল।

এই সময়ত প্ৰাদেশিক পৰ্যায়ত যিখন বিধিক সৰ্বাধিক ৰূপত কাৰ্যকৰী কৰা হৈছিল, সেইখন আছিল Industrial Disputes Act। ব্যৱসায়িক বাদ-বিবাদ নিষ্পত্তি কৰৰ ক্ষেত্ৰত এই বিধিখনে প্ৰাদেশিক পৰ্যায়ত ভালেখিনি সফলতা লাভ কৰিছিল বুলি ক’ব পাৰি। আন প্ৰাদেশিক গুৰুত্বপূৰ্ণ বিধি সমূহ আছিল The Bombay Shops and Establishments Act 1939, The Maternity Benefit Act in Bengal, United Provinces, Punjab, Assam and Sind, The Shops and Establishments Acts in Bengal and Sind আৰু Trade Employees Act, Punjab। প্ৰাদেশিক চৰকাৰবোৰে শ্ৰমিকৰ অৱস্থাৰ উন্নতি কৰাৰ ক্ষেত্ৰত এই আইনকেইখনে ব্ৰিটিছ শাসনকালত সীমিত পৰিসৰৰ মাজতো কিছু পৰিমাণে কাৰ্যকৰী আছিল।

ব্ৰিটিছ শাসনকালত প্ৰণয়ন কৰা এই বিধিসমূহৰ সীমিত কাৰ্যকাৰিতা আৰু সীমাবদ্ধতা পৰ্যবেক্ষণ কৰিবলৈ ১৯৪০ চনৰপৰা ভাৰত চৰকাৰে শ্ৰম মন্ত্ৰীসকলৰ সন্মিলত অনুষ্ঠিত কৰি আহিছিল। ১৯৪২ চনত অনুষ্ঠিত তৃতীয়খন শ্ৰম মন্ত্ৰীৰ সন্মিলনত শ্ৰমিকৰ সমস্যাসমূহৰ ক্ষেত্ৰত চৰকাৰক পৰামৰ্শ দিবলৈ এখন ত্ৰিপাক্ষিক শ্ৰমিক সন্মিলনৰ প্ৰথমখন অধিৱেশন অনুষ্ঠিত হয়। এই সন্মিলন বা ভাৰত চৰকাৰৰ দ্বাৰা অনুমোদন কৰা শ্ৰমিক সম্পৰ্কীয় প্ৰশ্নবোৰ বিবেচনা কৰিবলৈ এখন ষ্টেণ্ডিং কমিটীও গঠন কৰি দিয়া হৈছিল। এই সমগ্ৰ প্ৰক্ৰিয়াটো কৰা হৈছিল ৰয়েল কমিছনৰ অনুমোদনৰ পৰিপ্ৰেক্ষিতত যাতে ইতিমধ্যে প্ৰণয়ন হোৱা শ্ৰম আইন সমূহৰ কাৰ্যকাৰিতাৰ বিষয়ে বিশদভাৱে পৰ্যালোচনা হয় তথা সমগ্ৰ ভাৰতবৰ্ষতে একে ধৰণৰ শ্ৰম আইন আৰু প্ৰশাসন গঢ় লৈ উঠে।

ভাৰতবৰ্ষৰ যিবোৰ প্ৰদেশত ব্ৰিটিছ শাসনকালত উদ্যোগীকৰণৰ প্ৰক্ৰিয়া এটা গঢ় লৈ উঠিছিল সেইবোৰত স্বাভাৱিকতে ব্ৰিটিছ আৰ্হিৰ শ্ৰমিক আইন বলৱৎ কৰিবলৈ বিচৰা হৈছিল। অৱশ্যে বহু বিধি নামতহে প্ৰণনয় কৰা হৈছিল, সেইবোৰ কাৰ্যকৰী কৰিবলৈ কোনো অধিসূচনা জাৰি কৰা হোৱা নাছিল। তাৰোপৰি ব্ৰিটিছে প্ৰণয়ন কৰা আইনবোৰ ভাৰতবৰ্ষত কাৰ্যকৰী হোৱালৈ ভালেমান সময়ৰ প্ৰয়োজন হৈছিল। শ্ৰমিক কল্যাণ আৰু শান্তিপূৰ্ণভাৱে বিবাদ লনিষ্পত্তিৰ ক্ষেত্ৰত এখন প্ৰণিধানযোগ্য বিধি আছিল The Mysore Labour Act। এই আইনখনে ঔদ্যোগিক গোটত শ্ৰমিকসকলে ইউনিয়ন কৰিব পাৰিব বুলি অধিকাৰ দিছিল যদিও একেটা কাৰখানা বা উদ্যোগত যাতে পৰস্পৰবিৰোধী ইউনিয়ন কৰিব পাৰিব বুলি অধিকাৰ দিছিল যদিও একেটা কাৰখানা বা উদ্যোগত যাতে পৰস্পৰবিৰোধী ইউনিয়ন গঢ় লৈ নুঠে তাৰ বাবেও ব্যৱস্থা কৰিছিল। অৰ্থাৎ এই বিধি অনুসৰি একোটা উদ্যোগত মাথোঁ এটাহে শ্ৰমিক ইউনিয়ন গঠন কৰিব পাৰি।

বাগিচালৈ ভূমি আবন্টন -

বাগিচা বিধিৰ ইতিহাস চালে দেখা যায় যে ব্ৰিটিছ শাসন কালছোৱাত ঔপনিৱেশিক চৰকাৰখনে বাগিচা সম্পৰ্কত যিবোৰ আইন, অধিনিয়ম আদি সৃষ্টি কৰিছিল সেই সকলোবোৰ আছিল বাগিচাৰ মালিকৰ সুৰক্ষাৰ স্বাৰ্থত। ব্ৰিটিছে অসমৰ ভূমি সম্পৰ্কত যিবোৰ বিধি গ্ৰহণ কৰিছিল তাৰ ফলত উজনি আৰু মধ্য অসমৰ বৃহৎ পৰিসৰৰ মাটি চাহ খেতিৰ বাবে বিদেশী চাহ খেতিয়ক বা কোম্পানীক তেনেই ন্যূনতম ৰাজহৰ বিনিময়ত বা বিনামূলীয়াভাৱে হস্তান্তৰিত হৈছিল। এনে চাহখেতিৰ বাবে ব্ৰিটিছ চৰকাৰে কেৱল যে কৃষিভূমিহে এৰি দিছিল তেনে নহয়, লগতে প্ৰদেশখনৰ ব্যাপক বনাঞ্চলৰ বহু এলেকা চাহ কোম্পানীৰ হাতত এৰি দিয়া হৈছিল। বিশেষ খেতি বা চাহখেতিৰ বাবে চৰকাৰে দিয়া ভূমি বন্টনৰ নীতিসমূহ আছিল এনেধৰণৰ-

১৮৩৮ চনৰ পতিত মাটি মঞ্জুৰী নিয়ম(Waste Land Grant Rule of 1838) -

এই নিয়মক ৪৫ বছৰীয়া লীজ নিয়ম বুলিও জনা যায়। ইয়াৰ বৈশিষ্ট্যসমূহ এনেধৰণৰ-

ক)এই লীজ ৪৫ বছৰৰ বাবে দিয়া হৈছিল।

খ)লীজৰ দ্বাৰা পোৱা মাটিৰ এক চতুৰ্থাংশ(১/৪ অংশ) চিৰদিনৰ বাবে ৰাজহমুক্ত হ’ব।

গ)বাকী ৩/৪ অংশ মাটিৰ খাজনাতো ভালেমান ৰেহাই দিয়া হৈছিল। এক নিৰ্দিষ্ট সময়ৰ অন্তৰত এনে মাটিৰ খাজনা বাঢ়ি গৈ ৪৫ বছৰ হোৱালৈকে মাটিৰ খাজনা দাঁতিকাষৰীয়া মাটিৰ খাজনাৰ সমান হৈছিল।

ঘ)এই মাটিত উত্তৰাধিকাৰৰ অধিকাৰ আৰু হস্তান্তৰৰ অধিকাৰ আছিল আৰু ইয়াৰ নৱীকৰণৰ(Renew) কৰিব পৰা গৈছিল।

১৮৫৪ চনৰ পুৰণি অসম নীতি -

ক)এই লীজ ৯৯ বছৰৰ বাবে দিয়া হৈছিল আৰু এই নিয়মক ৯৯ বছৰীয়া নিয়ম বুলিও জনা যায়।

খ)বাকী তিনি চতুৰ্থাংশ(৩/৪) অংশ) ১৫ বছৰৰ বাবে ৰাজহমুক্ত আছিল। ইয়াৰ পিছৰ দহ বছৰৰ বাবে প্ৰতি একৰ ভূমিত তিনি অনা আৰু পৰৱৰ্তী ৭৪ বছৰৰ বাবে প্ৰতি একৰত ছয় অনাকৈ ভূমি ৰাজহ ধাৰ্য কৰা হৈছিল।

ঘ)৯৯ বছৰ উকলি যোৱাৰ পিছত অস্থায়ীভাৱে বন্দিৱস্তি কৰা ভূমিখণ্ডৰ মালিকৰ ক্ষেত্ৰতে এই লীজ পুনৰ নৱীকৰণ কৰিব পৰা গৈছিল।

ঙ)এই লীজে স্থায়ী(permanent) উত্তৰাধিকাৰী আৰু হস্তান্তৰৰ অধিকাৰ প্ৰদান কৰিছিল।

১৮৬২ চনৰ সৰল মাচুল নিয়ম(Fee Simple Rules of 1862):

এই নিয়ম তথা ১৮৭৪ চনৰ সংশোধিত সৰল মাচুল নিয়ম অনুযায়ী(Revised Fee Simple Rules of 1874) বৃহৎ পৰিসৰৰ মাটি চাহ বাগানৰ মালিকৰ হাতলৈ নিলামযোগে বিক্ৰী কৰা হৈছিল।

১৮৭৪ চনৰ নিয়মাৱলীৰ বৈশিষ্ট্যসমূহ আছিল -

ক)নিলামযোগে বিক্ৰী কৰিবলগা মাটিৰ মূল্য নিৰ্দ্ধাৰণ প্ৰতি একৰত ২/৮/-আছিল। কিনাজনক জিলা উপায়ুক্তই এখন সম্পত্তি হস্তান্তৰৰ দাখিল(Deed of Conveyance) প্ৰদান কৰিছিল। এই দলিলযোগে ক্ৰেতাই পূৰ্নভাৱে উত্তৰাধিকাৰ আৰু সম্পত্তিৰ অধিকাৰ লাভ কৰিছিল।

গ)বাকী দিব লগা টকা দহ বছৰৰ ভিতৰত কিস্তিত পৰিশোধ কৰাৰ ব্যৱস্থা কৰা হৈছিল।

ঘ)এই মাটিৰ মূল্য সম্পূৰ্ণভাৱে পৰিশোধ কৰাৰ পিছত সেই মাটি চিৰদিনৰ বাবে ৰাজহমুক্ত আছিল।

উল্লিখিত ১৮৬২ আৰু ১৮৭৪ চনৰ নিয়মে(১৮৭৪ৰ নিয়মৰ জৰিয়তে নিলামযোগে বিক্ৰী কৰিব লগা মাটিৰ মূল্য প্ৰতি একৰত ৮ টকালৈ বৃদ্ধি হৈছিল) অসমত ক্ৰাজহ মুক্ত আন এবিধ ভূমিখণ্ডৰ সৃষ্টি কৰিলে। কিন্তু এই দুবিধ নিয়মৰ জৰিয়তে ভূমি সম্পূৰ্ণভাৱে ৰাজহমুক্ত কৰাৰ উদ্দেশ্য আছিল অসমত চাহ খেতিত বিনিয়োগ কৰিবলৈ ব্ৰিটিছ কোম্পানী আৰু খেতিয়কসকলক উদগনি দিয়া। তদুপৰি পূৰ্বৰ ৪৫ বছৰীয়া আৰু ৯৯ বছৰীয়া লীজৰ জৰিয়তে লাভ কৰা মাটিও এই সৰল মাচুল নিয়মৰ অধীনলৈ অনাৰ এক সুযোগ প্ৰদান কৰা হৈছিল।

ঙ)স্থায়ী, উত্তৰাধিকাৰ আৰু হস্তান্তৰৰ অধিকাৰ থকাৰ উপৰি এই মাটিৰ অধিকাৰীসকলৰ তেনেবোৰ মাটিত থকা খনিজ, খনিজ সম্পদ, বনাঞ্চল, পুখুৰী আদিৰ ওপৰতো অধিকাৰ আছিল।

১৮৭৬ চনৰ নতুন নিয়ম(New Lease Rules 1876)-

ঊনৈশ শতিকাৰ দ্বিতীয়াৰ্ধত অসমত চাহ উদ্যোগৰ সম্প্ৰসাৰণ ভালেখিনি সংঘটিত হ’ল। সৰল মাচুল নীতিৰ আধাৰত প্ৰায় পানীত দৰত চাহ বাগিচাৰ বাবে মাটি এৰি দিয়াৰ পিছত ১৮৭৬ চনত নতুন লীজ নিয়মাৱলী সূচনা কৰা হয়। এই নতুন নিয়মৰ লধীনত লীজ ৩০ বছৰৰ বাবে প্ৰদান কৰা হ’ল আৰু প্ৰতি একৰত এক টকাকৈ লীজৰ প্ৰিনিয়াম ধাৰ্য কৰা হ’ল। এই লীজৰ জৰিয়তে প্ৰথম ৩০ বছৰত ৰাজহৰ ৰেহাই প্ৰদান কৰা হ’ল। এই লীজেও স্থায়ী, উত্তৰাধিকাৰ আৰু ভূমি হস্তান্তৰৰ অধিকাৰ প্ৰদান কৰিলে।

১৮৮৬ চনত প্ৰণয়ন কৰা অসম ভূমি ৰাজহ অধিনিয়মৰ পিছত চাহ উদ্যোগক প্ৰদান কৰা মাচুল ৰেহাই ব্যৱস্থাটোৰ অৱসান ঘটোৱা হ’ল। এই আইনৰ নিয়মযোগে বিশেষ খেতিৰ বাবে প্ৰিমিয়াম ধাৰ্য কৰা হ’ল। এই আইনে কেৱল মাচুল মঞ্জুৰীৰ জৰিয়তে পোৱা মাটিৰ অধিকাৰীকহে ‘মালিক’(proprietor) বুলি স্বীকৃতি দিছিল। বাকী ৪৫ বছৰীয়া লীজ, ১৮৭৬ চনৰ নতুন লীজ নীতিৰ জৰিয়তে পট্টনৰ অধিকাৰী হোৱাসকলক ‘মালিক’ৰ সলনি ‘পট্টাদাৰ’(Lease holder) বুলি মানি লৈছিল।

১৯৫৯-১৯৬০ চনৰ ভিতৰত চাহ বাগিচাৰ ভূ-খণ্ড -

ক্ৰমিক নং

ভূমিখণ্ডৰ শ্ৰেণী

ভূমিখণ্ডৰ সংখ্যা

মুঠ এলেকা(হেক্টৰত)

১৮৩৯ চনৰ নিয়মৰ অধীনত দিত্যা ৫৪ বছৰীয়া অনুদান

২১

২,৪৮৮৯৫

১৮৫৪ চন্নৰ নিয়মৰ অধীনত দিয়া ৯৯ বছৰীয়া অনুদান

৬৫

১৫,৬৯১.১০

১৮৬২ চনৰ সৰল মাচুল মঞ্জুৰী আৰু ১৮৭৪ চনৰ সংশোধিত সৰল মাচুল মঞ্জুৰী অধীনত তথা Redeemed Grants অধীনত দিয়া ভূমি অনুদান

৯১৬

২,২৭,৫৮৬.৬৩

১৮৭৬ চনৰ নতুন লীজ নিয়মৰ অধীনত দিয়া অনুদান

৭৭৫

১,১১,৬৭৯৭৫

অসম ভূমি ৰাজহ অধিনিয়ম(ALRR)ৰ বন্দৱস্তি নিয়মৰ অধীনত বিশেষ খেতিৰ বাবে দিয়া সাময়িক খেৰাজ ভূখণ্ড

২৬৬৯

১,৪৭,৩২৭৯৩

 

 

মুঠ

৫,০৪,৮৪৫.৩৪ হেক্টৰ

(উৎস: Land Revenue Administration Report 1959-60)

গতিকে দেখা যায় যে ১৯৫১-৬০ চনৰ্ সময়লৈকে অসমৰ সকলো বন্দৱস্তি এলেকাৰ সৰ্বমুঠ মাটি অছিল ৮১,৫৭,৭৬৭ একৰ। ইয়াৰে ১২,৪৬,৭৬৮ একৰ ভূমি (৫,০৪,৮৪৫.৩৪ হেক্টৰ) চাহ খেতিৰ বাবে ব্যৱহৃত আছিল। অৰ্থাৎ অসমৰ ভূমি বন্দৱস্তি সম্পন্ন হোৱা সৰ্বমুঠ এলেকাৰ ১৬ শতাংশই চাহ খেতিৰ বাবে ব্যৱহাৰ কৰা হৈছিল।

এটা ঐতিহাসিক ৰায় -

ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত প্ৰণয়ন কৰ ১৯৪৮ চনৰ Assessment of Revenue-Free Waste land Grants Act খনে চিৰস্থায়ীভাৱে ৰাজহমুক্ত খৈ থকা মাটিৰ অনুদান প্ৰক্ৰিয়াটো বন্ধ কৰে। কেৱল সৰল মাচুল নিয়মৰ অধীনত চিৰস্থায়ীভাৱে ৰাজহমুক্ত মাটিয়েই নহয়, ১৮৩৮ আৰু ১৮৫৪ চনৰ নিয়মৰ জৰিয়তে এক চতুৰ্থাংশ মাটিকো ৰাজহৰ আওতালৈ অনা হ’ল। ১৯৫৬ চনত Girijananda Choudhury Vs The State of Assam শীৰ্ষক গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। এই ৰায়ত কোৱা হ’ল যে যিবোৰ ভূ-সম্পত্তি কৰ আদায় নিদিয়াকৈ ভোগ কৰি থকা হৈছে সেইবোৰক আইনৰ দৃষ্টিত সম্পত্তি বুলি ক’ব পৰা নাযায়। আদালতে লগতে মত পোষণ কৰে যে ৰাষ্ট্ৰৰ কৰ আৰোপ কৰাৰ এক সাৰ্বভৌম অধিকাৰ আছে আৰু ভূমি ৰাজহক কেতিয়াও এক ‘ভাৰা’ হিচাপে ধৰা নহয়। ই হৈছে এবিধ কৰ।

অসমৰ বিস্তীৰ্ণ ভূমি বিনামূলীয়াভাৱে বিদেশী চাহ কোম্পানীব হাতত তুলি দিয়ৰ লগতে যিবোৰ বিধি কল্যাণমূলক বুলি কোৱা হৈছিল সেইবোৰৰো সৰ্বশেষ উদ্দেশ্য আছিল বাগিচাৰ মালিকক সুৰক্ষা প্ৰদান কৰা। ১৯০১ চনৰ Assam Labour Emigration Act 1901 খনে মালিকক দিয়া আটকৰ অধিকাৰ, ঠিকাদাৰৰ দ্বাৰা বনুৱা নিযুক্তি আৰু চুক্তিবদ্ধ শ্ৰম ক্ৰমে ১৯০৮ আৰু ১৯১৫ চনৰ সংশোধনীয় নোহোৱা কৰি আনিছিল। অৱশেষত ১৯৩২ চনত ৰয়েল কমিছনৰ অনুমোদনক্ৰমে ১৯০১ চনৰ আইনখনৰ বিলোপ সাধন কৰা হয়। এই আইনখনে বাগিচাৰ শ্ৰমিকৰ কল্যাণৰ সলনি উদ্যোগবোৰে নিযুক্তি দিয়াৰ ক্ষেত্ৰত যেনেধৰণৰ স্বাধীনতা যাতে বনুৱা নিযুক্তিৰ ক্ষেত্ৰত বাগিচা কৰ্তৃপক্ষই পাব পাৰে তাৰ ব্যৱস্থা Tea Districts Emigrants Labour Act , 1932 খনে কৰিছিল। এই আইনখনত সন্নিৱিষ্ট আন এক সুবিধা আছিল এয়ে যে তিনি বছৰ সেৱা বা শ্ৰমৰ অন্তত শ্ৰমিক এজনে বাগিচা কৰ্তৃপক্ষৰ খৰচত নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিব বা ঘূৰি যাব পাৰিছিল। এই আইনখনৰ কৰ্তৃপক্ষৰ খৰচত নিজ গৃহলৈ প্ৰত্যাৱৰ্তন কৰিব বা ঘূৰি যাব পাৰিছিল। এই আইনখনৰ আন কিছু উল্লেখনীয় বিশেষত্ব হৈছে-

১. ১৬ বছৰৰ তলৰ কোনো শিশুৱে মাক-বাপেক বা নিকটৱৰ্তী সম্পৰ্কীয় লোকৰ সন্মতি বিনে বাগিচাৰ কামত নিয়োজিত হ’ব নোৱাৰিব।

২. কোনো বনুৱৰ লগত সহবাস কৰি থকা পত্নীয়ে গিৰীয়েকৰ সন্মতি সাপেক্ষেহে কামত সহায় কৰি দিব পাৰিব।

৩. এই আইনখনৰ অধীনত কাৰ্যবোৰ কৰা হৈছে নে নাই তাক পৰ্যবেক্ষণ কৰিবলৈ কন্ট্ৰ’লাৰ অব ইমিগ্ৰান্ট লেবাৰ’ শীৰ্ষক ভাৰত চৰকাৰৰ এগৰাকী বিষয়াক নিযুক্তি দিয়া হৈছিল। তেওঁৰ মূল কাম আছিল অসমলৈ অহা প্ৰব্ৰজিত বনুৱাসকলক কামৰ শেষত নিজ ঠাইলৈ ঘূৰাই পঠোৱা তথা পুনৰায় নতুন শ্ৰমিক নিয়োগ কৰাৰ ব্যৱস্থা কৰা। এই বিষয়াজনৰ অসমৰ চাহ বাগিচাসমূহত কৰ্মৰত শ্ৰমিকসকলৰ শ্ৰমিক জীৱন তথা সাধাৰণ জীৱন ধাৰণৰ মান নিয়ন্ত্ৰণ কৰা বা সেইবোৰ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো বিধিগত কৰ্তৃত্ব নাছিল। যদিও আইনখনৰ অধিনিয়মবোৰ খুব কঠোৰভাৱে বলৱৎ কৰাৰ প্ৰয়াস কৰা হৈছিল তথাপি বিধিভংগৰ বহু ঘটনাও অসমৰ সংঘটিত হোৱা দেখা গৈছিল। স্থানীয় এজেন্টবোৰ এনে অবৈধ তথা ঠগবাজি নিযুক্তিৰ কথা কন্ট্ৰলাৰক সময়ে সময়ে অৱগত কৰাইছিল। ১৯৩৯ চনৰ পৰা ১৯৪৪ চনৰ ভিতৰত এনে ঘটনা ৮ৰ পৰা ২২টালৈ সংঘটিত হৈছিল।

এই আইনখনৰ জৰিয়তে প্ৰত্যাৱৰ্তন(right of repatriation) সন্দৰ্ভত যথেষ্ট সতৰ্কতাৰ পৰিৱেশ গঢ় দিয়া হৈছিল। আইনখনৰ ১৪ নং অনুচ্ছেদ অনুযায়ী এগৰাকী শ্ৰমিকে নিয়োগকৰ্তাৰ লগত চুক্তি কৰি প্ৰত্যাৱৰ্তন পিছুৱাব পাৰিছিল। অৱশ্যে এনে চুক্তি যথাযথ প্ৰ-পত্ৰ লিখিতৰূপত স্বাক্ষৰ কৰি প্ৰত্যাৱৰ্তনৰ এমাহ আগতে সমাপন কৰিব লাগিছিল। চুক্তিপত্ৰযোগে স্বাক্ষৰ কৰি প্ৰত্যাৱৰ্তন পিছুওৱা শ্ৰমিকৰ সংখ্যা এনেধৰণৰ আছিল-

১৯৩৯:

৯,২২৪

১৯৪০:

১২,৬৬১

১৯৪১:

১৪,৯৩৭

১৯৪২:

৮,০০৮

১৯৪৩:

৯,৭১৩

১৯৪৪:

৭,৮৪২

 

প্ৰত্যাৱৰ্তন বিষয়ত এনে চুক্তি স্বাক্ষৰৰ জৰিয়তে ঘৰলৈ উভতি যাব বিচৰা বহুতো শ্ৰমিকক বাগিচাবোৰত ধৰাবাহিকভাৱে কাম কৰি থাকিবলৈ বাধ্য কৰা হৈছিল বুলি ভাবিব পাৰি। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল চৰকাৰী কোন কৰ্তৃপক্ষৰ সমুখত প্ৰত্যাৱৰ্তন পিছুওৱা এনে চুক্তি স্বাক্ষৰ কৰা হ’ব(Assam Labour Emigration Act, 1901 ৰ ১৪(১) অনুচ্ছেদ অনুযায়ী) তাকো ভাৰত চৰকাৰে নিৰূপণ কৰি দিয়া নাছিল। এনে পৰিপ্ৰেক্ষিতত বাগিচৰ মেনেজাৰবোৰ কৰ্মৰত বনুৱাক জোৰ-জবৰদস্তি এনেধৰণ প্ৰত্যাৱৰ্তন পিছুওৱা চুক্তিত স্বাক্ষৰ কৰাইছিল আৰু তাৰে সৰহভাগ অশিক্ষিত বনুৱাই চুক্তিপত্ৰখনত কি লেখা আছে তাক জনাৰো ন্যুনতম সুযোগ পোৱা নাছিল। অৱশ্যে কোনো শ্ৰমিকৰ বিধৱাৰ ক্ষেত্ৰত এই চুক্তি কৰিবলগা হ’লে অনুচ্ছেদ ৬০(১) অনুসৰি তেনে চুক্তি জিলা দণ্ডাধীশ বা তেনে কাৰ্যৰ বাবে নিযুক্ত দণ্ডাধীশৰ দ্বাৰা অনুমোদিত হ’ব লাগিছিল। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল ভাৰত চৰকাৰে এই কাৰ্যৰ বাবে কিছুসংখ্যক বাগিচাৰ মেনেজাৰক দণ্ডাধীশ হিচাপে নিযুক্তি দিছিল যাৰ বাবে এই সুযোগতে মেনেজাৰবোৰে চুক্তিবোৰ স্ব-ইচ্ছাত ৰুটিন-মাফিক অনুমোদন কৰি লৈছিল।

এই আইনখনৰ এক বৈষম্যমূলক উপবন্ধ আছিল এয়ে যে আইনখনে এজন বনুৱাই চাহ বাগিচাত কাম কৰিবলৈ যোৱাৰ পৰত যাত্ৰাপথৰ খা-খৰচ, খোৱা-বোৱা আদি নিৰ্দ্ধাৰণ কৰি দিছিল পথচ ঘূৰি যোৱা শ্ৰমিকৰ ক্ষেত্ৰত এনে কোনো বিধিগত উপবন্ধৰ ব্যৱস্থা কৰা হোৱা নাছিল। বনুৱাজনে বাগিচাত কাম কৰিবলৈ যোৱাৰ ক্ষেত্ৰত তেওঁ যাতে নিৰাপদে বাগিচাখন পাব পাৰে তাৰবাবে সকলোধৰণৰ সতৰ্কতা অৱলম্বন কৰা হৈছিল, অথচ প্ৰত্যাৱৰ্তন কৰা এজন বনুৱাৰ বাবে অৱলম্বন কৰা হোৱা নাছিল কোনো ধৰণৰ সতৰ্কতা। এই আইনখনত বাগিচাত কৰ্মৰত বনুৱাৰ বাবে থকা-লোৱাৰ বন্দৱস্ত(accomodation), অনাময়(sanitation), পানী যোগান, চিকিৎসাসেৱা, মজুৰি(wages), কামৰ সময়(hours of work), শিক্ষাৰ সুবিধা, বিশ্ৰাম আৰু মনোৰঞ্জন(recreation) আৰু অন্যান্য কল্যাণকমী কোনোধৰণৰ ব্যৱস্থাই নাছিল।

জলপাইগুৰি শ্ৰমিক আইন(The Jalpaiguri labour Act, 1912) খনে শ্ৰমিকৰ এখন পঞ্জীয়ন বহী ৰখাৰ বিধি বলৱৎ কৰিছিল যাৰ প্ৰভাৱ আছিল নামমাত্ৰ। একেখন আইনে শ্ৰমিকৰ স্বাস্থ্য, বেমাৰ-আজাৰ আৰু মৃত্যুহাৰ সম্পৰ্কে নিয়োগকৰ্তাৰ দ্বাৰা খতিয়নি(returns)দিয়াৰ ব্যৱস্থা কৰিছিল। এই আইনৰ অধীনত জলপাইগুৰি চিভিল চাৰ্জন বা শস্য চিকিৎসকজনে ‘দুৱাৰ’ৰ(Dooars) চাহ শ্ৰমিকসকলৰ বেমাৰ তথা চিকিৎসা সেৱা সন্দৰ্ভত বছৰেকীয়া প্ৰতিবেদন দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

গতিকে দেখা যায় যে ভাৰতবৰ্ষত বিশেষকৈ স্বাধীনতাৰ পূৰ্বৰ সয়মছোৱাত শ্ৰমিকৰ কল্যাণৰ স্বাৰ্থত যিবোৰ আইন-কানুন প্ৰণয়ন কৰা হৈছিল সেইবোৰ মোটামুটিভাৱে বাগিচাৰ শ্ৰমিকসকলক আওতাৰ বাহিৰত ৰাখি থৈছিল। সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত একমাত্ৰ কোচিন প্ৰদেশত বাগিচাৰ কৰ্মৰত শ্ৰমিকৰ স্বাস্থ্য আৰু স্বাস্থ্য ৰক্ষাৰ বাবে চৰকাৰৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণ ৰাখিবলৈ নিয়ম(rules) প্ৰণয়ন কৰা হৈছিল। ১৯৩৭ চনৰ ১ মে’ৰ পৰা এই নিয়মসমূহ বলৱৎ কৰা হৈছিল। কেইটামান বিশেষ নিয়ম আছিল একেধৰণৰ-

১. এই নিয়ম সেইবোৰ বাগিচাৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল যিবোৰ বাগিচাৰ অতি কমেও দহ একৰ মাটিত খেতি কৰা হৈছে আৰু য’ত কমেও বিশজন বনুৱাই বছৰটোৰ কোনো এটা দিনত কাম কৰে।

২. এই নিয়মৰ অধীনত দহ বছৰ বয়সতকৈ কম বয়সৰ শিশুক নিয়োগ কৰাটো বাৰণ কৰা হৈছিল।

৩. সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজাৰ ভিতৰত বাগিচাত কোনো মহিলা বা শিশুৱে কাম কৰিব নোৱাৰে।

৪. এই নিয়মৰ অধীনত বাগিচাত মানবিশিষ্ট আৱাসগৃহ, বিনামূলীয়া চিকিৎসা সেৱা আৰু মেলেৰিয়া প্ৰতিৰোধ ব্যৱস্থা কৰাটো নিশ্চিত কৰা হৈছিল।

৫. বছৰত কমেও এবাৰকৈ জনস্বাস্থ্যৰ সঞ্চালক(Director of Public Health) বা জিলা দণ্ডাধীশ বা তেওঁৰ সহায়কাৰী সকলে বাগিচা পৰিদৰ্শন কৰিব লাগিব।

উৎস: অসমৰ চাহ শ্ৰমিকৰ ঐতিহাসিক প্ৰেক্ষাপট(কিশোৰ কুমাৰ কলিতা)

 

 

3.06666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top