অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বাগিচাৰ শ্ৰমিক আইনৰ প্ৰয়োগ :

বাগিচাৰ শ্ৰমিক আইনৰ প্ৰয়োগৰ বিষয়ে লিখা হৈছে ।

 

বাগিচা শ্ৰমিক আইনৰ উপবন্ধ অনুযায়ী ৰাজ্য চৰকাৰসমূহে এই আইনখনৰ উপবন্ধ সমূহ বা কিছুমান নিৰ্দিষ্ট উপবন্ধৰ ক্ষেত্ৰত যথাযথ নিয়ম প্ৰণয়ন কৰি বাগানত কৰ্মৰত শ্ৰমিকৰ কল্যাণ সাধন কৰিব। অসমৰ চাহ বাগিচাত কাম কৰি থকা লক্ষ লক্ষ বনুৱাৰ বাবে অসমৰ ৰাজ্য চৰকাৰে যথাসম্ভৱ নিয়ম প্ৰনয়ন কৰিছে যদিও সেই নিয়মবোৰ কিমানদূৰ কাৰ্যকৰী কৰা হৈছে সেই সন্দৰ্ভত ভালেমান প্ৰশ্নৰ আৱতাৰনা ঘটিছে। এতিয়া এই আইনখন অসমত কিমানদূৰ ফলপ্ৰসূ হৈছে তালৈ আহিছোঁ।

দেখা গৈছে যে ২৯১৪ চনৰ অসমৰ মুঠ ৭৯২ খন চাহ বাগিচাক এই আইনখনে সামৰি লৈছিল।

বিভিন্ন ৰাজ্যৰ এক পৰিসংখ্যা দাঙি ধৰা হৈছে -

 

ৰাজ্য

Plantation labour Actৰ অধীনত প্ৰণয়িত নিয়ম কেতিয়াৰ পৰা কাৰ্যকৰী হৈছে

আইনখনে সামৰি লোৱা বাগিচা

অসম

জানুৱাৰী, ১৯৫৬

৭৯২

হিমাচল

প্ৰদেশ

ছেপ্টেম্বৰ, ১৯৫৫

১৭

কৰ্ণাটক

অক্টোবৰ, ১৯৫৬

১১৯৪

কেৰালা

এপ্ৰিল, ১৯৫৬

৭২৫

তামিলনাডু

জানুৱাৰী, ১৯৫৬

৬৮০

ত্ৰিপুৰা

ছেপ্টেম্বৰ, ১৯৫৫

১০৪

উত্তৰাখণ্ড

মাৰ্চ, ১৯৫৭

পশ্চিমবংগ

নৱেম্বৰ, ১৯৫৭

২৮৬

আন্দমান নিকোবৰ দ্বীপপুঞ্জ

ছেপ্টেম্বৰ, ১৯৫৭

 

 

৩৮১১

উৎস: Report on the working of the Plantation labour Act 1951, for the year 2014

অসমৰ চাহ বাগিচাত ২০১৪ চনৰ ভিতৰত সৰ্বোচ্চ সংখ্যক বনুৱা(৫,৩২,৭৮৭) নিয়োজিত হৈছিল যি সৰ্বভাৰতীয় মুঠ চাহ বাগানৰ বনুৱাৰ ৭০.৪৯%। ইয়াৰ পিছতে স্থান আছিল পশ্চিমবংগৰ(১,১২,৫১৯) অৰ্থাৎ মুঠ চাহ বনুৱাৰ ১১,৪৯%। তামিলনাডু(৪৯,৩৫৫ জন), কেৰালা(৩৯,১৫৫), ত্ৰিপুৰা(৯,৮৩৬) আৰু কৰ্ণাটক ৰাজ্যই(৯,৩২০) ইয়াৰ পিছত ক্ৰমাগতভাৱে স্থান লাভ কৰিছিল।

২০১৪ চনৰ ভিতৰত প্ৰবিৱৰণ(returns)দাখিল কৰা চাহ বাগিচাত দৈনিক গড় হিচাপত শ্ৰমিক নিয়োগ-

 

ৰাজ্য

প্ৰাপ্তবয়স্ক

চেমনীয়া

সৰ্বমুঠ

পুৰুষ-মহিলা মিলি সৰ্বমুঠ

পুৰুষ

মহিলা

পুৰুষ

মহিলা

পুৰুষ

মহিলা

অসম

২,২৩,৩১৫

২,৫৪,৯৫৭

২৭,২১৩

২৭,৩০২

২,৫০,৫২৮

২,৮২,২৫৯

৫,৩২,৭৮৭(৭০.৪৯%)

পশ্চিমবংগ

৪৮,১৩১

৬৪,২২৬

৬৫

৯৭

৪৮,১৯৬

৬৪,৩২৩

১,১২,৫১৯(১৪.৮৯%

কেৰেলা

১৭,৫৩৭

২১,৬১৮

 

 

১৭,৫৩১

২১,৬১৮

৩৮,১৫৫(৫.১৮%)

তামিলনাডু

১৮,১২০

৩১,২৩৫

 

 

১৮,১২০

৩১,২৩৫

৪৯,৩৫৫(৬.৫৩%)

Tea Garden of Assa: A Report on Plantation Labour Act 1951, under 100 days Action Plan শীৰ্ষক এক প্ৰতিবেদনত নিম্নোক্ত অনুভৱবোৰ ব্যক্ত কৰা হৈছিল-

১. অসমৰ পঞ্জীয়নভূক্ত চাহ বাগিচাবোৰত বাগিচা পৰিচালনা সমিতিয়ে ২,২৭,১৯৫ টা ঘৰ বাগিচা বনুৱাৰ বাবে দিছে। এতিয়াও বনুৱাক লগা ঘৰৰ পৰিমাণ ৪২,৪৫৩ টা কমি আছে। বাগিচা শ্ৰমিক আইনৰ ১৫ নং অনুচ্ছেদ অনুযায়ী ইয়াক এক উলংঘন বুলি ক’ব পাৰি।

২. বাগিচা পৰিচালনা সমিতিয়ে ১,৮৯,৩৩৮ টা শৌচালয়ৰ সুবিধা কৰি দিছে আৰু বাগানৰ শ্ৰমিকৰ বাবে ৭৯,০০৯ টা পানীৰ পইন্টৰ ব্যৱস্থা কৰি দিছে। এই সংখ্যা প্ৰয়োজনীয় শৌচালয়তকৈ ৮,০৩২ টা কম আৰু পানীৰ পইন্ট ৫,৫২১ টা কম। ইয়ে বাগিচা শ্ৰমিক আইনৰ ৯ আৰু ৮ নং অনুচ্ছেদ উলংঘন কৰিছে।

৩. অসমৰ পঞ্জীয়নকৃত চাহ বাগানত ৪৩৪ খন হাস্পতাল, ৩৯১ জন চিকিৎসক আৰু ৭৫১ জন ফাৰ্মাচিষ্ট আছে। পঞ্জীয়নভুক্ত বাগানত লগাতকৈ এই সংখ্যা হাস্পতালৰ ক্ষেত্ৰত ৬৩, চিকিৎসকৰ ক্ষেত্ৰত ১২৬ আৰু ফাৰ্মাচিষ্টৰ ক্ষেত্ৰত ৩৭৯ জন কম। ইয়ে আইনখনৰ ১০ নং অনুচ্ছেদ ভংগ কৰিছে।

৪. অসমৰ পঞ্জীয়নভুক্ত চাহ বাগিচাবোৰত ১২১৮ খন শিশু যতন কেন্দ্ৰ আছে। অসমৰ মুঠ ৬১ খন চাহ বাগানত কোনো ধৰণৰ শিশু যতন কেন্দ্ৰৰ ব্যৱস্থা নাই যিয়ে শ্ৰমিক আইনৰ ১২ নং অনুচ্ছেদ ভংগ কৰিছে।

(উৎস: Tea Gardens of Assam, A Report on Plantations Labour Act, 1951 under 100 days Action Plan আৰু www.cec-india.org/event -detail.php?event_id=19)

খোৱাপানী -

২০১৪ চনৰ উল্লিখিত প্ৰতিবেদন অনুযায়ী ২০১৪ চনত অসমৰ ৭৯২(৬২১ খন বাগিচাই প্ৰতিৱৰণ দাখিল কৰিছিল)খন বাগিচাত থকা পানীৰ টেপৰ সংখ্যা আছিল ৯২,৭৫৫ টা যি প্ৰয়োজন অনুপাতে নাছিল। ইয়াৰ বিপৰীতে কৰ্ণাটক, তামিলনাডু আৰু আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ দৰে ঠাইত যথাযথ পানীৰ ব্যৱস্থা কৰা হৈছিল বুলি প্ৰতিবেদনখনত কোৱা হৈছে।

কনাৰ্জাৰভেন্সিৰ ব্যৱস্থা -

উল্লিখিত ২৯১৪ চনৰ প্ৰতিবেদন অনুযায়ী অসমৰ বাগানত বাস কৰা চাহ বনুৱাৰ বাবে লগা শৌচালয়ৰ সংখ্যা আছিল ২,৮৮,৩৭৩ টা। ইয়াৰ বিপৰীতে অসমৰ বাগানসমূহত বাগিচা কৰ্তৃপক্ষই ব্যৱস্থা কৰি দিয়া শৌচালয়ৰ সংখ্যা হৈছে ২,০২,৬৬৩। তামিলনাডুৰ দৰে ৰাজ্যত বনুৱাৰ ঘৰে প্ৰতি শৌচালয়ৰ ব্যৱস্থা কৰি দিয়াৰ লগতে বাগানৰ প্ৰতি পঞ্চাশ হেক্টৰ বা তাৰ অংশ বিশেষত শৌচালয়ৰ ব্যৱস্থা কৰা হৈছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত মহিলা আৰু পুৰুষৰ বাবে সুকীয়ায়াকৈ শৌচালয় তথা মূত্ৰালয়ৰ ব্যৱস্থা যথাযথভাৱে কৰা হৈছে।

স্বাস্থ্যৰ সুবিধা -

এই প্ৰতিবেদন অনুযায়ী অসমৰ ৫৫৫ খন বাগিচাৰ হাস্পতালত থকা সুবিধাবোৰ এনেধৰণৰ- (২০১৪ চনত):

বিছনা: ১১,২৮৭

ডিছপেনছ্যাৰী: ৬১৮টা ডিছপেনছ্যাৰীত ১১৬১ খন বিছনা(detention beds)

অৰ্হতাসম্পন্ন চিকিৎসক: ৪০৩

পৰিদৰ্শনকাৰী চিকিৎসক(Visiting Doctors): ৩৯০

অৰ্হতাসম্পন্ন ফাৰ্মাচিষ্ট: ৬৬২

অৰ্হতাসম্পন্ন নাৰ্ছ: ৬৫৮

অৰ্হতাসম্পন্ন ধাত্ৰী: ৬১৬

অৰ্হতাসম্পন্ন নাৰ্ছ তথা ধাত্ৰী: ৫৯৩

প্ৰশিক্ষণপ্ৰাপ্ত নাৰ্ছিং এটেণ্ডেন্ট: ৭৯৭

প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্য সহায়ক: ৫৯৯

এই প্ৰতিবেদনে অসমৰ চাহ বাগিচাৰ স্বাস্থ্যসেৱা সন্তোষজনক বুলি উল্লেখ কৰিছিল।

শিক্ষাৰ সুবিধা -

অসমৰ ৭৯২ খন চাহ বাগানত ১০৭১ খন প্ৰাথমিক বিদ্যালয় গৃহ তথা শিক্ষক সহিত আছে(২০১৪ প্ৰতিবেদন মতে)। শিৱসাগৰ, গোলাঘাট, যোৰহাট, কৰিমগঞ্জ, হাইলাকান্দি আদি জিলাৰ অন্তৰ্গত প্ৰাথমিক বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণ কৰা হৈছে।

ঘৰৰ সুবিধা -

এই প্ৰতিবেদন অনুযায়ী চাহ বাগানত কাম কৰা বনুৱাৰ যিসকলে থকাৰ সা-সুবিধা পাব লাগে তাৰে ৭৬.৬১ শতাংশ বনুৱাই এই সুবিধা লাভ কৰিছে। উত্তৰাখণ্ড আৰু কৰ্ণাটকৰ সকলো বনুৱাক ঘৰৰ সুবিধা দিয়াৰ(যিসকলে ঘৰ পাবলৈ অৰ্হতাসম্পন্ন) বিপৰীতে তামিলনাডুত ৯৭.৯৬ শতাংশক, অসমত ৯৬.২৩ শতাংশক আৰু ত্ৰিপুৰাত ৮৩.৬৩ শতাংশক ঘৰ প্ৰদান কৰিছে। এই ঘৰৰ অৱস্থা, তাত প্ৰদান কৰিছে। এই ঘৰৰ অৱস্থা, তাত প্ৰদান কৰিবলগীয়া সা-সুবিধাবোৰ দিয়া হৈছে নে নাই বিষয়ে প্ৰতিবেদনখনত অৱশ্যে উল্লেখ কৰা হোৱা নাই।

২০১৪ চনত অসমৰ চাহ বনুৱাক প্ৰদান কৰা ঘৰৰ সবিশেষ -

 

প্ৰবিৱৰণ জমা দিয়া বাগানৰ সংখ্যা

নিয়োজিত বনুৱা

ঘৰ পাবলৈ যোগ্য বনুৱাৰ সংখ্যা

ঘৰৰ ব্যৱস্থা কৰা বনুৱাৰ সংখ্যা

ঘৰৰ ব্যৱস্থা কৰিবলৈ বাকী থকা বনুৱাৰ সংখ্যা

ঘৰৰ মাটি্‌

৬২১

৫,৩২,৭৮৭

২,২৭,২২২

২,১৮,৬৪৮(৯৬.২৩%)

৮,৫৭৪

৩৭,২৪৩

 

কেন্টিন:

মূল আইনখন অনুযায়ী যিবোৰ বাগানৰ ১৫০ গৰাকী বনুৱাই কাম কৰে তাত কেন্টিনৰ ব্যৱস্থা কৰিব লাগে। অসমৰ ৭৯২ খন বাগানৰ ভিতৰত ৩৯০ খন বাগানত ১৫০ জন বা ততোধিক বনুৱা থকা বুলি ২০১৪ৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰে ৩২৪ খনত কেন্টিনৰ ব্যৱস্থা আছে।

অসমৰ বাগানৰ শিশু যতন কেন্দ্ৰৰ সবিশেষ, ২০১৪ চন -

 

সামৰি লোৱা বাগানৰ সংখ্যা

প্ৰবিৱৰণ জমা দিয়া বাগান

১৫০জন বা ততোধিক মহিলা বনুৱা থকা বাগান

শিশু যতন কেন্দ্ৰ থকা বাগানৰ সংখ্যা

শিশু যতন কেন্দ্ৰৰ সংখ্যা

২ বছৰৰ আৰু তাৰ তলৰ শিশু

২ বছৰৰ ওপৰৰ শিশু

মুঠ

৭৯২

৬২১

৫৭২

৫২৮

২,২৯৩

৭,৩৯৭

৫,০১৩

১২,৪১০

বেমাৰ ভাত্তা পোৱাৰ সবিশেষ, ২০১৪ -

 

নিয়োজিত শ্ৰমিক

বেমাৰৰ ভাত্তা বিচৰা শ্ৰমিক

বেমাৰৰ ভাত্তা পোৱা শ্ৰমিক

লাভ কৰা ধন

৫,৩২,৭৮৭

৪,২০,৭১৮

৩,২৮,০৭৩

১৪,৮৮,২২,৩৮১

প্ৰসূতি সম্পৰ্কীয় পোৱা লাভালাভ, ২০১৪ -

 

সামৰি লোৱা বাগিচা

প্ৰবিৱৰণ জমা দিয়া বাগিচা

প্ৰবিৱৰণ জমা দিয়া বাগানৰ মহিলা শ্ৰমিকৰ সংখ্যা

কমেও ১৫০ দিন কাম কৰা মহিলা শ্ৰমিকৰ সংখ্যা

প্ৰসূতিৰ সুবিধা দাবী কৰা মহিলাৰ সংখ্যা

প্ৰদান কৰা অৰ্থ

৭৯২

৬২১

৩,১৪,৫০৬

৮৪,৬৪৬

২৩,১২৫

৫,১০,১২,৫৩৩

 

উল্লিখিত ২৯১৪ চনৰ প্ৰতিবেদনৰ পৰা আমি অসমৰ বাগানবোৰত আইনখন কিমান পৰ্যায়লৈ প্ৰয়োগ কৰা হৈছে তাৰ এক থূলমূল আভাস ল’ব পাৰো। আইনখনৰ কিছুমান উপবন্ধৰ বিসয়ত ৰাজ্য চৰকাৰে সুনিৰ্দিষ্ট নিয়ম(যেনে প্ৰসূতিজনিত সা-সুবিধা প্ৰদান) প্ৰণয়ন নকৰাৰ সৰ্বাধিক ফল ভুগিব লগা হৈছে বাগানৰ মহিলা শ্ৰমিক সকলে। দুৰ্ভাগ্যৰ কথা যে গোটেই আইনখন প্ৰণয়নৰ দিশত পৰিদৰ্শক বা মুখ্য পৰিদৰ্শকৰ ভূমিকা তেনেই পুতৌজনক। আইনখনত উপবন্ধ প্ৰণয়ন নকৰা তথা বিধি ভংগৰ বাবে পৰিদৰ্শন, অভিযোগ দাখিল আৰু দোষী সাব্যস্তকৰণ(conviction)ৰ ব্যৱস্থা কৰা হৈছে যদিও এই প্ৰক্ৰিয়া এতিয়াও অসমত ফলপ্ৰসূ হৈ উঠা নাই। ২০১৪ চনত অসমৰ ৬২২ টা পৰিদৰ্শনৰ বিপৰীতে ৩৩ টা অভিযোগ দাখিল কৰা হৈছিল। এই প্ৰক্ৰিয়াত মাথোঁ ৪০০০ টকাহে জৰিমনা বিহা হৈছিল। বাগিচা শ্ৰমিক আইন, ১৯৫১ৰ সুফল প্ৰয়োগ তথা আইনখনৰ কাৰ্যকাৰিতাৰ বাবে ইয়াক বিস্তৃতভাৱে আলোচনা কৰাটো প্ৰয়োজনীয়। তদুপৰি সাম্প্ৰতিক সময়ৰ লগত সংগতি ৰাখি আইন তথা নিয়মাৱলীত সংশোধনী অনাটোও হয়তো জৰুৰী হৈ পৰিছে। অসমৰ বাগানত কৰ্মৰম লক্ষ লক্ষ লোকৰ প্ৰকৃত অৰ্থত কল্যাণ সাধিবলৈ হ’লে এনে পদক্ষেপ লোৱাটো অতীব প্ৰয়োজনীয়।

উৎস: অসমৰ চাহ শ্ৰমিক্ৰ ঐতিহাসিক প্ৰেক্ষাপট(কিশোৰ কুমাৰ কলিতা)

3.08823529412
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top