মূল পৃষ্ঠা / কৃষি / চাহ খেতি / অসমৰ পৰম্পৰাগত চাহখেতি আৰু জৈৱিক চাহখেতি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অসমৰ পৰম্পৰাগত চাহখেতি আৰু জৈৱিক চাহখেতি :

অসমৰ পৰম্পৰাগত চাহখেতি আৰু জৈৱিক চাহখেতিৰ বিষয়ে লিখা হৈছে ।

অসমৰ চাহ উদ্যোগ বিশ্ববিখ্যাত এক বিশেষ গুৰুত্বপূৰ্ণ উদ্যোগ আৰু ৰাজ্যখনৰ মাটি আৰু জলবায়ু চাহখেতিৰ বাবে বেছ উপযোগী। ১৮২৩ চনতে ৰবাৰ্ট ব্ৰুচ চাহাবে ব্ৰহ্মপুত্ৰ উপত্যকাত চাহগছ আৱিষ্কাৰ কৰিছিল যদিও ১৮৩২ চনলৈকে অসমত চাহখেতিৰ একো ব্যৱস্থা লোৱা নহ’ল।

১৮৩২ চনৰ পাছৰ পৰাহে চাহখেতিৰ প্ৰচেষ্টা চলিল আৰু অৱশেষত ১৮৩৯ চনত ‘অসম চাহ কোম্পানী’ গঠন কৰা হ’ল। কাল ক্ৰমত চাহ খেতিয়ে উল্লেখযোগ্য প্ৰসাৰ লাভ কৰিবলৈ ধৰিলে।

বৰ্তমান ৰাজ্যখনৰ ডাঙৰ চাহ বাগিচাৰ সংখ্যা হৈছে প্ৰায় ৮০০। আনহাতে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাৰ সংখ্যা হৈছে এক লাখৰো অধিক। ক্ষুদ্ৰ চাহপাত উৎপাদনকাৰীসকলে মুঠ উৎপাদিত চাহৰ প্ৰায় ৩৫ শতাংশ চাহপাত উৎপাদন কৰিবলৈ সক্ষম হৈছে। ২০১৩ চনত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা অঞ্চলত মুঠ চাহৰ উৎপাদন আছিল ৫৯৬.৮৬ নিযুত কিলোগ্ৰাম আৰু কাছাৰ অঞ্চলত আছিল ৪৮.২৮ নিযুত কিলোগ্ৰাম।

নিম্ন উল্লিখিত তালিকাত চাহ বাগিচাৰ সংখ্যা মুঠ চাহৰ উৎপাদন, চাহখেতিত ব্যৱহৃত মাটিৰ পৰিমাণ, প্ৰতি হেক্টৰ মাটিত চাহপাতৰ গড় উৎপাদন আৰু দৈনিক বাগিচাৰ কামত নিয়োজিত শ্ৰমিকৰ সংখ্যা দেখুওৱা হৈছে।

আমাৰ ৰাজ্যখনৰ বাবে শুভ লক্ষণ যে উজনিৰ জিলাকেইখনৰ কিছু নিবনুৱা যুৱকে আজি কিছু বছৰ ধৰি নিজৰ মাটিতে কেঁচা চাহপাত উৎপাদন কৰিবলৈ ধৰিছে। কেঁচা চাহপাতসমূহ বিক্ৰীৰ জৰিয়তে এই যুৱকসকলে অৰ্থনৈতিকভাৱে যথেষ্ট সকাহ পাইছে।

তলৰ তালিকাত ২০০৯ চন, ২০১০ চন আৰু ২০১১ চনত চাহখেতিত ব্যৱহৃত মাটিৰ পৰিমাণ, চাহপাতৰ উৎপাদন আৰু প্ৰতি হেক্টৰ মাটিত চাহপাতৰ গড় উৎপাদন দেখুওৱা হৈছে।

চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে ২০১২ চনত নিলাম হোৱা চাহপাতৰ পৰিমাণ হৈছে মুঠ ১২২.৯ নিযুত কিলোগ্ৰাম। প্ৰতি কিলোগ্ৰাম চাহপাতৰ মূল্য আছিল ১৩১.১০ টকা। আনহাতে ব্যক্তিগতভাৱে বিক্ৰী হোৱা চাহপাতৰ পৰিমাণ আছিল ৩৬.৮ নিযুত কিলোগ্ৰাম আৰু প্ৰতি কিলোগ্ৰাম চাহপাতৰ মূল্য নিৰ্ধাৰণ কৰা হৈছিল ১৪১.৮৫ টকা।

চৰকাৰে মুঠ উৎপাদিত চাহপাতৰ ৮০ শতাংশ নিলাম বজাৰৰ যোগেদি বিক্ৰী কৰাৰ নিয়ম প্ৰৱৰ্তন কৰি আহিছে। গুৱাহাটীৰ চাহ নিলাম কেন্দ্ৰত প্ৰতিবেশী ৰাজ্য পশ্চিমবংগ আৰু ত্ৰিপুৰায়ো অংশগ্ৰহণ কৰিছে।

উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কৃষি আয়কৰৰ প্ৰায় ৯৯.৯ শতাংশই চাহ বাগিচাসমূহৰ পৰা আহে। চাহ বাগিচাসমূহৰ লাভৰ ৪০ শতাংশৰ ওপৰত কেন্দ্ৰীয় আয়কৰ দিব লগা হয় আৰু বাকী ৬০ শতাংশৰ ওপৰত ৰাজ্য চৰকাৰে কৃষি আয়কৰ সংগ্ৰহ কৰে। বিশ্বৰ চাহৰ বজাৰত ভাৰতৰ লগত প্ৰতিযোগিতা কৰা প্ৰধান দেশসমূহ হৈছে চীন, শ্ৰীলংকা, পূব আফ্ৰিকা, বাংলাদেশ আৰু ইণ্ডোনেছিয়া।

চাহ শ্ৰমিক -

চাহ বাগিচাসমূহত প্ৰায় ছয় লাখ শ্ৰমিকে সংস্থাপন পাইছে। চাহ শ্ৰমিকসকলেই হৈছে চাহ উদ্যোগৰ প্ৰ্ধান হৃদপিণ্ড। বৰ্তমান চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি হৈছে ৭১.৫০ টকা। ১৯৫১ চনৰ বাগিচা শ্ৰমিক আইনৰ জৰিয়তে মালিকপক্ষই শ্ৰমিকসকলক উপযুক্ত মজুৰি দিয়াৰ উপৰি বাসস্থান, খোৱা পানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত মান অনুযায়ী সুবিধা প্ৰদানৰ ব্যৱস্থা কৰাৰ কথা আছিল যদিও কাৰ্যক্ষেত্ৰত সম্ভৱ হৈ উঠা নাই।

বৰ্তমান মালিকপক্ষই যিখিনি সুবিধা প্ৰদান কৰিছে, তাৰ মান একেবাৰে নিম্ন পৰ্যায়ৰ। চাওতাল, মুণ্ডা, উৰাং, তাঁতী, কুমাৰ, মালী আদি সম্প্ৰদায়ৰ লোক আছে। এওঁলোকৰ আদি বাসস্থান আছিল দক্ষিণ-পূব ভাৰত, মধ্য ভাৰত আৰু পূব ভাৰত। কালক্ৰমত সমূহীয়াকৈ চাহ জনজাতি হিচাপেই পৰিচিত হৈছে।

চাহ ব’ৰ্ডৰ ভূমিকা -

চাহ উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত চাহ ব’ৰ্ডৰ ভূমিকা উল্লেখযোগ্য। চাহ ব’ৰ্ডৰ বিভিন্ন আঁচনিৰ ভিতৰত নতুন চাহপুলি ৰোপণ, যন্ত্ৰপাতিৰ আধুনিকীকৰণৰ বাবে আৰ্থিক সাহায্য আৰু চাহগছ পুনৰ ৰোপণৰ বাবে আৰ্থিক সাহায্য আদিয়ে প্ৰধান। যন্ত্ৰপাতিৰ পুনৰ সংস্থাপনৰ বাবেও চাহ ব’ৰ্ডে ঋণ দিবলৈ সিদ্ধান্ত লৈছে।

বাগিচাসমূহৰ সম্প্ৰসাৰণৰ কাৰণেও ব’ৰ্ডে আৰ্থিক সাহায্য প্ৰদান কৰে। গৱেষণাৰ ক্ষেত্ৰত চাহ ব’ৰ্ডে সক্ৰিয় সহযোগিতা আগ বঢ়াইছে আৰু শ্ৰমিকৰ কল্যাণৰ কাৰণেও চিন্তা কৰি আহিছে।

চাহ গৱেষণা:

টোকলাই চাহ গৱেষণা কেন্দ্ৰটো ১৯১১ চনতে ‘ভাৰতীয় চাহ সন্থা’ৰ সহযোগত স্থাপন কৰা হৈছিল। এই কেন্দ্ৰটো সঠিকভাৱে পৰিচালনা কৰাৰ কাৰণে ১৯৬৪ চনত ‘চাহ গৱেষণা সন্থা’ গঠন কৰা হৈছিল।

গৱেষণা কেন্দ্ৰটোৰ প্ৰধান লক্ষ্য হৈছে মাটিৰ গুণাগুণ পৰীক্ষা কৰা আৰু মান নিৰ্ণয়, চাহগছৰ বাঢ়ন ক্ষমতাৰ ওপৰত পৰিৱেশৰ প্ৰতিক্ৰিয়া অধ্যয়ন, চাহগছৰ উৎপাদন আৰু মান অধ্যয়ন, ৰোগ নিবাৰণৰ বিষয়ে অধ্যয়ন, চাহপাত তৈয়াৰ প্ৰক্ৰিয়াৰ ৰাসায়নিক পৰিৱৰ্তন আৰু গঠন সম্বন্ধে উপযোগিতা সম্বন্ধে পৰীক্ষা, চাহ উদ্যোগত ব্যৱহাৰৰ কাৰণে নতুন যন্ত্ৰ উদ্ভাৱন ইত্যাদি।

জৈৱিক চাহপাতৰ চাহিদা -

বিশ্বৰ বজাৰত জৈৱিক চাহপাতৰ চাহিদা দিনক দিনে বৃদ্ধি পাই আহিছে। আমেৰিকা, জাপান আৰু ইউৰোপৰ দেশসমূহত জৈৱিক চাহপাতৰ চাহিদা যথেষ্ট বেছি। উন্নত দেশসমূহত ৰাসায়নিক সাৰ প্ৰয়োগেৰে উৎপাদিত চাহৰ অপকাৰিতাৰ বিষয়ে সজাগতা বৃদ্ধিৰ ফলতে বিশ্বৰ বজাৰত এই পৰিৱৰ্তন আৰম্ভ হৈছে।

ইতিমধ্যে অসম আৰু অৰুণাচলৰ সীমা অঞ্চলত বসবাস কৰা চিংফৌসকলে সৰ্বপ্ৰথম জৈৱিক চাহপাতৰ খেতি আৰম্ভ কৰিছে। আনহাতে, তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা অঞ্চলৰ যুৱকসকলে গোবৰ সাৰ, কেঁচুসাৰ আৰু পচন সাৰ প্ৰয়োগ কৰি জৈৱিক চাহ উৎপাদনৰ প্ৰচেষ্টা হাতত লৈছে।

অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই জনাইছে যে বৰ্তমান যিহেতু সেউজীয়া চাহপাত(Green Tea)ৰ চাহিদা অধিক, গতিকে শিৱসাগৰ, যোৰহাট, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে জৈৱিক চাহ উৎপাদনৰ ওপৰত অগ্ৰাধিকাৰ দিছে।

অসমৰ কানকা চাহ বাগিচাত ‘আছামিকা এগ্ৰো’ৰ সহযোগত প্ৰচুৰ পৰিমাণে জৈৱিক চাহৰ খেতি আৰম্ভ কৰা হৈছে। এই চাহপাতৰ প্ৰস্তুত প্ৰণালীও সুকীয়া। প্ৰতিখিলা পাত হাতেৰে ছিগাৰ পৰা আৰম্ভ কৰি পানীত উতলোৱা, কেৰাহীত ভজা আৰু শেষৰ ৰ’দৰ তাপত শুকান হ’বলৈ দিয়া হয়। এনে চাহপাতৰ সোৱাদ আৰু গোন্ধ উত্তম আৰু স্বাস্থ্যৰ বাবেও উপকাৰী।

চাহ বাগিচাৰ মাজত গোবৰ আৰু প্ৰস্ৰাৱৰ বাবেই গৰু বান্ধি থোৱাৰ ব্যৱস্থা কৰা হৈছে। গোবৰ সাৰ হিচাপে ব্যৱহৃত আৰু গৰু প্ৰস্ৰাৱে পোক-পৰুৱা নাশক হিচাপে কাম কৰে। আনহাতে চাহগছৰ মাজে মাজে নিমগছৰ পুলি যথেষ্ট পৰিমাণে ৰোপণ কৰা হৈছে।

নিমগছে পৰিৱেশ বিশুদ্ধ কৰি ৰাখে আৰু পোক-পৰুৱাও দূৰত ৰাখে। আছামিকা এগ্ৰোৰ দ্বাৰা প্ৰস্তুত কৰা জৈৱিক চাহপাতৰ গুণ আৰু গোন্ধ অতি উত্তম। লাহে লাহে সকলো চাহ বাগিচাতে জৈৱিক চাহৰ খেতি আৰম্ভ কৰা হৈছে।

চাহ উদ্যোগৰ সমস্যা -

চাহ উদ্যোগৰ ক্ষেত্ৰত ভূমি সংস্কাৰ ব্যৱস্থা কিছু শিথিল হোৱা প্ৰয়োজন। কাৰণে এই উদ্যোগৰ কাৰণে যথেষ্ট মাটিৰ প্ৰয়োজন। চাহ বাগিচাসমূহে ধান খেতিৰ মাটি, খেৰণী বাৰী, চাহ পুলিৰ বাগিচা, চৰণীয়া পথাৰ আদি শ্ৰমিকৰ কল্যাণ আৰু বাগিচাৰ প্ৰয়োজনৰ বাবে সংৰক্ষণ কৰিব লগা হয়। বাগিচাৰ ধান খেতিৰ মাটিত উৎপাদিত খাদ্যশস্যই খাদ্য সমস্যা কিছু পৰিমাণে সমাধা কৰে।

চাহ বাগিচাবিলাকৰ চাহগছ ৰোপণ, সম্প্ৰসাৰণ আদি বিভিন্ন আঁচনিৰ বাবে ‘চাহ ব’ৰ্ড’ৰ পৰা যি পৰিমাণৰ সাহায্য দিয়া হয়, সেইখিনি যথেষ্ট বুলিব নোৱাৰি।

চাহ শ্ৰমিকৰ দৰমহা বাগিচাৰ উৎপাদন অনুপাতে নহ’লে বাগিচাসমূহৰ অৰ্থনৈতিক অৱস্থা শোচনীয় হোৱাৰ সম্ভাৱনা থাকে। শ্ৰমিকক দিয়া অন্যান্য বস্তুৰ হিচাপ কৰিলে দেখা যায় যে মুঠ উৎপাদন ব্যয়ৰ প্ৰায় ৫০ শতাংশ শ্ৰমিকৰ দৰমহাতে খৰচ কৰা হয়।

কেইটামন পৰামৰ্শ -

ক)চাহ উদ্যোগ ৰপ্তানি ভিত্তিৰ উল্লেখযোগ্য উদ্যোগ। এই উদ্যোগে দেশক বৈদেশিক বিনিময়যোগ্য মুদ্ৰা আহৰণৰ ক্ষেত্ৰত সহায় কৰে। গতিকে এই উদ্যোগৰ বিকাশৰ কাৰণে চৰকাৰে ৰেহাই মূল্যত ৰাসায়নিক সাৰৰ যোগান ধৰি উৎপাদন বৃদ্ধিত সহায় কৰিব পাৰে।

খ)চাহ উদ্যোগৰ প্ৰসাৰ কাৰণে পৰিবহণ ব্যৱস্থাৰ উন্নতি সাধন কৰা প্ৰয়োজন।

গ)চাহ উদ্যোগৰ বিকাশৰ কাৰণে প্ৰয়োজন অনুসৰি বেংকৰ সাহায্য দিয়াৰ প্ৰয়োজন- যাতে উপযুক্ত পুঁজিৰ অভাৱত উৎপাদনত ব্যাঘাত নজন্মে।

ঘ)বৰ্ধিত আবকাৰী শুক্লৰ হেঁচাত চাহ উদ্যোগৰ বিশেষ লাভ হোৱা নাই। এই ক্ষেত্ৰত চৰকাৰে ভালদৰে বিবেচনা কৰি ৰেহাই দিয়া বাঞ্ছনীয়।

ঙ)চাহ বাগিচাসমূহৰ সম্প্ৰসাৰণৰ কাৰণে আৱশ্যক অনুযায়ী চৰকাৰী মাটিও ব্যৱহাৰ কৰিবলৈ দিয়া উচিত।

চ)প্ৰত্যেকখন চাহ বাগিচাতে জৈৱিক চাহখেতি ব্যাৱসায়িক ভিত্তিত আৰম্ভ কৰা বাঞ্ছনীয়।

 

ক্ৰমিক নং

বছৰ

অসমৰ চাহ বাগিচাৰ সংখ্যা

চাহ বাগিচাত নিয়োজিত শ্ৰমিকৰ সংখ্য

চাহপাতৰ মুঠ উৎপাদন(০০০, কিলোগ্ৰাম)

চাহৰ বাবে ব্যৱহৃত মাটিৰ পৰিমাণ(হেক্টৰত)

প্ৰতি হেক্টৰ মাটিত চাহৰ গড় উৎপাদন(কিলোগ্ৰামত)

১৯৯৯

৩০,৯৪২

৫,৯৬,৯৪৩

৪,৩৭,৩২৪

২,৫৮,৪৫৫

১,৬৯২

২০০০

৩৯,১৫১

৬,০২,৫৩১

৪,৪৯,২১৯

২,৬৬,৫১২

১,৬৮৬

২০০১

৪০,৭৯৫

উল্লেখ নাই

৪,৫৩,৯৩৬

২,৬৮,৯৮৩

১,৬৮৮

 

(উৎস: অসমৰ পৰিসংখ্যা হাতপুথি)

লেখক: প্ৰদীপ কুমাৰ গগৈ(অসম বাণী)

3.10256410256
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top