মূল পৃষ্ঠা / কৃষি / চাহ খেতি / ক্ষুদ্র চাহ উদ্যোগ আৰু জৈৱিক চাহখেতিৰ সম্ভাৱনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক্ষুদ্র চাহ উদ্যোগ আৰু জৈৱিক চাহখেতিৰ সম্ভাৱনীয়তা

ক্ষুদ্র চাহ উদ্যোগ আৰু জৈৱিক চাহখেতিৰ সম্ভাৱনীয়ত

বিশ্বৰ খ্যাতি সম্পন্ন অসম চাহ উদ্যোগত ক্ষুদ্র চাহখেতিয়ে অভূতপূর্ব সাফল্যৰে অভিলেখ গঢ়িছে। সত্তৰ দশকৰ শেষফালে আৰম্ভ হোৱা অসমৰ ক্ষুদ্র চাহখেতিয়ে মাথোঁ তিনিটা দশকৰ ভিতৰতেই ৰাজ্যখনৰ মুঠ চাহ উৎপাদনৰ প্রায় ৩৩ শতাংশ যোগানৰ চমকপ্রদ অগ্রগতিৰে সেউজ বিপ্লৱৰ সূচনা কৰি এক আলোড়ন সৃষ্টি কৰিলে। সাম্প্রতিক  সময়ত অসমৰ ক্ষুদ্র চাহখেতি ব্যাপক সম্প্রসাৰণেৰে এক উদ্যোগলৈ ৰূপান্তৰ হোৱাটো সামগ্রিকভাবে অসমৰ চাহ উদ্যোগৰ এক লক্ষণীয় দিশ।

বছৰি গড়ে প্রায় ৪৮০ নিযুত কি:গ্রা: কেঁচাপাত উৎপাদন কৰি অসমৰ ক্ষুদ্র চাহখেতিয়ে গ্রাম্য অর্থনীতিৰ ভেটি টনকিয়াল কৰাত গুৰুত্বপূর্ণ ভূমিকা লৈছে। তদুপৰি ইয়াৰ দ্বাৰা ভাৰতীয় চাহ ব’র্ডে বছৰি হাজাৰ হাজাৰ কোটি ৰাজহ সংগ্রহ কৰে। প্রাপ্ত তথ্য অনুসৰি, বর্তমান অসমৰ ১৯ জিলাত প্রায় ১.৫ লাখ হেক্টৰতকৈ অধিক মাটিকালি আগুৰি থকা ক্ষুদ্র চাহ উদ্যোগত ক্ষুদ্র চাহখেতিয়কৰ সংখ্যা ৬৮,৪৩৮ জন যদিও নিচেই কম মাটিকালিৰ অতিৰিক্ত শ্রেণীক লৈ এই সংখ্যা এক লক্ষাধিক হ’ব। কেঁচাপাতৰ উৎপাদনো বছৰি ক্রমাত বৃদ্ধি পাবলৈ ধৰাটো ক্ষুদ্র চাহখেতিৰ উন্নয়নৰ পথত শুভ লক্ষণ। ২০০১ চনত কেঁচাপাতৰ উৎপাদন আছিল ৪৩৩ নিযুত কি:গ্রা:, ২০০৫ চনত ইয়াৰ পৰিমাণ হয়গৈ ৫২০নিযুত কি:গ্রা:। উল্লেখযোগ্য যে প্রায় ১২ লাখতকৈ অধিক কর্মচাৰীৰ লগতে শ্রমিক প্রত্যক্ষ আৰু পৰোক্ষভাবে নিয়োজিত হোৱাটোৱে বিশাল প্রসাৰতাৰে গঢ়ি উঠা অসমৰ ক্ষুদ্র চাহখেতিৰ বাস্তব ছবিখন স্বচ্ছ ৰূপত প্রতিপন্ন কৰে।

অসম চাহ উদ্যোগত ক্ষুদ্র চাহখেতিৰ সংযোজনে উদ্যোগটো অধিক সমৃদ্ধিশালী কৰাৰ দিশত নতুন মাত্রা প্রদান কৰিলে। কিন্তু তাৰ বিপৰীতে আন্তজার্তিক বজাৰত প্রচুৰ চাহিদাসম্পন্ন অসমৰ চাহৰ যি সুনাম আছিল কিছু বছৰৰ পূর্বে তাত বিসংগতি হোৱাটোও উদ্যোগটোৰ বাবে অপ্রত্যাশিত অথচ অতি গুৰুত্বপূর্ণ বিষয়।

আন্ত:ৰাষ্ট্রীয় প্রেক্ষাপটত অসমৰ চাহ উদ্যোগৰ গৌৰৱোজ্জল বিষয়টোৰ সম্পর্কে ন-কৈ দোহাৰিবৰ নিষ্প্রয়োজন। থোৰতে ক’বলৈ গ’লে বিশ্বৰ বজাৰত স্বকীয় বৈশিষ্ট্যপূর্ণ অসমৰ চাহৰ পৰিচয় অনন্য। কিন্তু অসমৰ চাহৰ বিশ্বজনিত খ্যাতিৰ এনেহেন ভাবধাৰাত বিগত কেইবছৰমানৰ পৰা বিঘিনি ঘটিল। পূর্বৰ পৰা সেই ৰৈ-বৈ যোৱা সুনামত চেকা লগাটো সঁচাই অতি দূর্ভাগ্যজনক। কিন্তু স্বাভাৱিকতেই প্রশ্ন হয়, ইয়াৰ আঁৰৰ কাৰণ কি? কাৰণটোও অতি স্পষ্ট--বিশ্বৰ অন্যান্য চাহ উৎপাদনশীল দেশসমূহৰ তুলনাত অসমৰ চাহ উদ্যোগৰ দ্বাৰা উৎপাদিত চাহৰ ক্ষেত্রত ব্যৱহার্য ৰাসায়নিক দ্রব্য পৰিমাণ মাত্রাধিক বুলি প্রমাণিত হ’ল। চাহত এনেবোৰ বিষাক্ত ৰাসায়নিক দ্রব্যৰ অৱশিষ্টভাগ ৰৈ যায়। ই কেৱল মানৱ দেহৰ বাবেই হানিকাৰক নহয়, লাখ লাখ হেক্টৰ চাহ বাগিচাৰ কৃষিভূমিত ইয়াৰ বিস্তৰ পৰিমাণৰ ব্যৱহাৰ প্রাকৃতিক পৰিৱেশ প্রদূষণৰ অন্যতম কাৰক হোৱাৰ উপৰি জীৱ-জন্তুৰ উপযোগী পাৰিপার্শ্বিকতাৰ ৰক্ষণাবেক্ষণৰ ক্ষেত্রতো এক চৰম ভাবুকি বুলি বিবেচিত হয়। আন্তর্জাতিক বজাৰত পূর্বে আর্জিত অসমৰ চাহৰ সুনাম পুনৰুজ্জ্বল কৰি সেই হেৰুৱাব খোজা খ্যাতি অটুট ৰাখিবলৈ প্রয়োজনীয় বাধ্যবাধকতাৰ প্রতি দৃষ্টি ৰখাটো সাম্প্রতিক সময়ত অসমৰ চাহ উদ্যোগৰ এক লক্ষণীয় পদক্ষেপ। শেহতীয়াকৈ জৈৱিক চাহখেতি আৰু ইয়াৰ সুদূৰপ্রসাৰী প্রভাৱৰ প্রতি আটাইৰে উৎসাহী দৃষ্টি আকর্ষণ হোৱাটোও সামগ্রিকভাৱে অসমৰ চাহ উদ্যোগৰ উন্নয়নৰ দিশত সেউজ সংকেত।

উত্তৰ-পূব ভাৰতৰ প্রায় ৪ লাখ হেক্টৰ কৃষিভূমিত চাহখেতি কৰা হয়। উল্লেখযোগ্য যে অন্য ব্যৱসায়িক প্রতিষ্ঠানৰ দৰেই চাহ উদ্যোগৰো মুখ্য উদ্দেশ্য হ’ল ব্যৱসায়িক লাভালাভ। কিন্তু সেই উদ্দেশ্যেৰে কেৱল উৎপাদন বৃদ্ধিৰ ওপৰতে নির্ভৰ নকৰি তাৰ সমান্তৰালভাৱে উৎপাদিত সামগ্রীৰ গুণগত মান হেৰফেৰ নোহোৱাকৈ উভয়ৰে মাজত ভাৰসাম্য বজাই ৰাখি বজাৰত সমচাহিদাৰ ধাৰা অটুট ৰাখিব পৰাটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰিব লাগিব। ভাৰতৰ উত্তৰ-পূর্বাঞ্চলৰ হাজাৰ হাজাৰ চাহ বাগিচাই আগুৰি থকা বিশাল ভূমিখণ্ডৰ চাহখেতিত বিস্তৰ পৰিমাণৰ ৰাসায়নিক সাৰ আৰু শস্য ৰক্ষাৰ শিতানত ৰাসায়নিক ভেঁকুৰনাশক, কীটনাশক, অপতৃণনাশক দ্রব্য ব্যৱহৃত হৈ আহিছে। এনে ধৰণৰ ৰাসায়নিক উপাদানবোৰ অবিৰতভাৱে প্রয়োগ কৰাৰ ফলত কৃষিভূমি আৰু ইয়াৰ অভ্যন্তৰীণ জলভাগৰ গুণাগুণ অধোগামী হোৱা, জীৱ-বৈচিত্র্যৰ বিনাশ, বায়ু প্রদূষণ আদি নানা প্রকাৰৰ কু-পৰিণতি পৰিলক্ষিত হয়। কৃষিত এই ৰাসায়নিক উপাদানবোৰৰ ভয়াবহ প্রভাৱৰ পৰা পৰিত্রাণ পাবলৈ সু-সংহত পুষ্টি দ্রব্য ব্যৱহাৰৰ উপৰি সু-সংহত কীট-পতংগ প্রতিৰোধৰ কিছুমান পদ্ধতি প্রচলন হ’বলৈ ধৰিছে। বর্তমান সমগ্র বিশ্বতে জৈৱ কৃষি প্রণালী অৱলম্বন কৰাত গুৰুত্ব প্রদান কৰা হৈছে। ইয়াৰ ফলত বায়ু, পানী মাটিৰ সুৰক্ষা প্রদানৰ লগতে উৎপাদিত সামগ্রীসমূহ স্বাস্থ্যসন্মত হোৱাৰ উপৰি পৰিৱেশ সুৰক্ষাৰ ক্ষেত্রতো উপকাৰ হয়।

জৈৱিক চাহখেতিৰ মুখ্য উদ্দেশ্য হ’ল --- জীৱজগতৰ জীৱন-ধাৰণৰ অনুকুলে বায়ু, পানী, মাটিৰে গঢ়া বৈচিত্র্যপূর্ণ প্রাকৃতিক পৰিৱেশ বিনষ্ট নোহোৱাকৈ চাহৰ স্বাভাৱিক উৎপাদন অটুট ৰখা। জৈৱিক চাহখেতিৰ জৰিয়তে প্রাকৃতিক পৰিৱেশ সংৰক্ষণ আৰু চাহৰ উৎপাদনৰ মাজত ভাৰসাম্য ৰক্ষা হোৱাৰ লগতে অসমৰ চাহ উদ্যোগত শেহতীয়াকৈ আত্মসংস্থানৰ পথ বাছি লৈ সেউজ বিপ্লৱৰ ধাৰা বোৱাবলৈ সক্ষম হোৱা ক্ষুদ্র চাহ খেতিয়কে জৈৱিক চাহখেতিৰ প্রতি বিশেষভাৱে আগ্রহী হোৱাৰ সম্ভাৱনীয়তা প্রকট হৈ পৰিছে। ইয়াৰ মুখ্য কাৰণবোৰ অতি স্পষ্ট। সাধাৰণভাৱে ৰাসায়নিক দ্রব্য প্রয়োগ কৰি উৎপাদন কৰা চাহতকৈ আন্তর্জাতিক বজাৰত ইয়াৰ চাহিদা অতি বেছি। ক্ষুদ্র চাহ খেতিয়কৰ বাগানৰ পৰিসৰ সাধাৰণতেই কম হোৱাৰ বাবে তাৰ কিছু অংশ জৈৱিক চাহখেতিলৈ সহজেই ৰূপান্তৰ কৰিব পাৰি। ক্ষুদ্র চাহ খেতিয়কৰ সামর্থ্যৰ জোখাৰে গঢ়ি তোলা জৈৱিক চাহখেতিৰ পৰিচালনা কৰাটোও সহজ হ’ব আৰু তাৰ পৰা উৎপাদিত চাহৰ মূল্য সাধাৰণভাৱে কৰা চাহখেতিৰ পাততকৈ বেছি হোৱাত লাভালাভৰ পৰিমাণ বৃদ্ধি হ’ব। তদুপৰি ইতিমধ্যে অভিজ্ঞতাপূর্ণ উদ্যোগী অসমীয়া যুৱকৰ দ্বাৰা উদ্ভাৱন কৰা দৈনিক ঘৰতেই ৬০-৭০ কি:গ্রা: পাত মাৰিব পৰা মেচিনবিধ ক্রয় কৰি ল’ব পাৰিলে কেঁচাপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হৈ অহা ক্ষুদ্র চাহ খেতিয়কৰ দীর্ঘদিনীয়া সমস্যাটো কিছু লাঘৱ হ’ব আৰু লাভৰ পৰিমাণো বাঢ়িব।

জৈৱিক চাহখেতিৰ বাবে প্রয়োজনীয় জৈৱ উপাদান যেনে, পচন সাৰ,পাম সাৰ, গোবৰ, কেঁচুসাৰ, জীৱাণুসাৰ, সেউজ শস্যৰ সাৰ আদি সহজলভ্য। তদুপৰি জৈৱিক উপায়েৰে চাহগছৰ বেমাৰ প্রতিৰোধৰ বাবে বেছিলাছ চাবটেলিছৰ দৰে ভেঁকুৰৰে তৈয়াৰী জীৱাণু ঔষধ আৰু বিবিধ প্রমাণিত বনৌষধি ব্যৱহাৰ কৰা হয়। বৰ মেদেলুৱা, অগৰা গছ, নিম গছ আদি প্রমাণিত বনৌষধিৰ গছ অসমত অপর্যাপ্ত পৰিমাণে পোৱা যায়। সেইদৰে জৈৱিক চাহখেতিত কীটনাশক স্বৰূপে ব্যৱহাৰ কৰিবলৈ নানা বিধৰ বনৌষধি,বৰড’ মিশ্রণ,বৰগাণ্ডি মিশ্রণ, চূণ-খাৰ মিশ্রণ, উদ্ভিদ আৰু জন্তুৰ তেল, পেৰাফিন তেল, পটাছিয়াম চাবোন আদিও সহজে সংগ্রহ কৰিব পাৰি। সাধাৰণ চাহখেতিত বেমাৰ, কীট-পতংগ, অপতৃণ নিয়ন্ত্রণৰ বাবে প্রয়োগ কৰা ৰসায়নিক দ্রব্যৰ বিকল্পৰূপে জৈৱিক চাহখেতিৰ উপযোগী সু-সংহত পদ্ধতিৰ অন্তর্ভুক্ত অনুমোদিত কৃষি কর্মসূচীবোৰ দক্ষতাৰে সম্পাদনা কৰাৰ ক্ষেত্রতো অভিজ্ঞ আৰু প্রশিক্ষণপ্রাপ্ত ক্ষুদ্র চাহ খেতিয়কৰ বাবে জটিলতাৰ কোনো কাৰণ নাই। উল্লেখযোগ্য যে মার্ঘেৰিটাৰ কেতেটং অঞ্চলৰ আশে-পাশে চিংফৌ সমাজত পূর্বৰে পৰাই জৈৱিক চাহখেতিৰ প্রচলন হৈ আছে। তেওঁলোকৰ মাজৰে দুজনমান বিদেশত প্রশিক্ষণপ্রাপ্ত উদ্যমী যুৱক জৈৱিক চাহ ৰপ্তানিৰ ক্ষেত্রত বাটকটীয়া। ইতিমধ্যে যোৰহাট আৰু লক্ষীমপুৰৰ পৰাও প্রগতিশীল ক্ষুদ্র চাহ খেতিয়কৰ দ্বাৰা কানাডা,জাপান,ইজিপ্ত আদি দেশলৈ ৰপ্তানি হোৱা জৈৱিক চাহ প্রতি কিল’ত ২০০০ টকা পর্যন্ত দামত বিক্রী হৈছে। প্রাৰম্ভিক এনেবোৰ ইতিবাচক দৃষ্টান্তই অসমত জৈৱিক চাহখেতিৰ সম্ভাৱনীয়তাৰ দিশত আগতীয়া শুভবার্তা বহন কৰা বুলি নিশ্চিত ৰূপত ক’ব পাৰি।

জিতেন্দ্র কুমাৰ লাহন

2.96
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top