অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ খেতিত ব্যৱহৃত হোৱা কিছুমান যৌগিক মিশ্ৰণৰ প্ৰস্তুত প্ৰণালী আৰু প্ৰয়োগবিধি

চাহ খেতিত ব্যৱহৃত হোৱা কিছুমান যৌগিক মিশ্ৰণৰ প্ৰস্তুত প্ৰণালী আৰু প্ৰয়োগবিধি

চাহ গছৰ শিপাত জমা হোৱা শ্বেতসাৰ নিৰূপণ কৰাৰ পদ্ধতি

শ্বেতসাৰ নিৰূপণ কৰিবলৈ আয়োদিনৰ দ্ৰৱ এটাৰ প্ৰয়োজন ৷ এই দ্ৰৱটো তলত দিয়া ধৰণে প্ৰস্তুত কৰা হয়৷ এক গ্ৰাম পটাচিয়াম আয়োডাইদ আৰু এক গ্ৰাম আয়োদিনৰ দানা এটা চাফা কাঁচৰ পাত্ৰত প্ৰথমে ৮-৫ মি:লি: পানীত লাহে লাহে জোকাৰি মিহলাব লাগে যাতে পটাচিয়ামৰ দানাবোৰ সম্ৰ্পূণকৈ মিলি যায়৷ তাৰ পাছত এই দ্ৰৱটোত পুনৰ পানী মিহলাই ১০০ মি:লি: কৰি এটা অস্বচ্চ বটলত বা কাৰ্বণ কাগজেৰে মেৰিয়াই থ’ব লাগে৷

শিপাৰ শ্বেতসাৰ পৰিমাণ নিৰূপণ কৰিবলৈ পুলিটোৰপৰা ১০ চে:মি: আতঁৰত ১৫ চে:মি: দ’কৈ খান্দি প্ৰায় আধা চে:মি: শকত শিপাবোৰ উলিয়াই চাফা কৰি ল’ব লাগে ৷ এই শিপাবোৰৰ এটা মূৰ সমানকৈ কাটি তাত ২-৩ টোপাল আয়োদিনৰ দ্ৰৱ ঢালি দিব লাগে ৷ ৫ মিনিটমানৰ পাছত পৰ্য্যাপ্ত পৰিমানৰ শ্বেতসাৰ থকা শিপাবোৰ ডাঠ নীলা বা বেঙুনীয়া হৈ পৰিব  যদিহে শিপাত শ্বেতসাৰ জমা হোৱা নাই বা কম পৰিমানত থাকে, ৰঙৰ কোনো তাৰতম্য নঘটে, মাত্ৰ বাকলিৰ তলত বলয়াকৃতিত পাতল বেঙুনীয়া ৰঙৰ এক সাঁচ বহিব ৷ এই দৰে আয়োদিনৰ দ্ৰৱ প্ৰস্তুত নকৰি হস্পিটাল বা ডিচ্পেনচাৰীত পোৱা টিনচাৰাইদিন নামৰ দৰৱটোত পানী মিহলাই ১০ % দ্ৰৱ  প্ৰস্তুত কৰিও ব্যৱহাৰ কৰিব পৰা যায় ৷

এবিঘা চাহৰ অ’ৰ ত’ৰ পৰা বাচি লোৱা কমেও ১০ টা মান পুলিত এই পৰীক্ষা কৰিব লাগে ৷

কষ্টিক বা এলকেলাইন মিশ্ৰণ

এই মিশ্ৰণৰ বাবে তলত উল্লেখ কৰা দুবিধ দ্ৰব্যৰ আৱশ্যক

কাপোৰ ধোৱা ছ’ডা ৬ কি:গ্ৰা:

চূণ (কুইক লাইম) ২-৩ কি:গ্ৰা:

প্ৰথমে দুয়োবিধ উপাদান বেলেগে বেলেগে দুটা পাত্ৰত অলপ পানী (প্ৰায় ১০ লি:) লৈ মিহলাব লাগে৷ এইদৰে মিহলোৱা দুয়োবিধ উপাদান পাচত একেলগ কৰি পুনৰ পানী ঢালি মিশ্ৰণখিনিত মুঠ পানীৰ পৰিমাণ ১০০ লিটাৰ কৰিব৷

এইদৰে  প্ৰস্তুত কৰা এলকেলাইন মিশ্ৰণ কলম দিয়া চাহ গছৰ ফ্ৰেম আৰু ছাঁ-গছৰ গা-গছ, ডাল আদিত হস্ত চালিত বা পদ চালিত স্প্ৰেয়াৰ মেচিনেৰে প্ৰয়োগ কৰি শেলুৱৈ জাতীয় উদ্ভিদ গজাত বাধা দিব পাৰি৷ মিশ্ৰণ প্ৰয়োগ কৰাৰ আগতে লক্ষ্য স্হান বোৰ মৰাপাটৰ বস্তা বা চতিৰে চাফা কৰি ললে অধিক সুফল পোৱা যাব৷ এই মিশ্ৰণ প্ৰয়োগৰ দ্বাৰা কলমৰ পাচত উন্মুক্ত হৈ পৰা ডালবোৰক ৰ’দৰ প্ৰখৰ তাপৰ পৰা ৰক্ষা কৰিব পাৰি আৰু লগতে বাকলি ফাট মেলাত বাধা দিয়া হয়৷ এই মিশ্ৰণ প্ৰয়োগ কৰিলে চাহ গছৰ বাকলি কোমল হৈ থাকে আৰু কলম দিয়া গছবোৰত কুঁহ মেলাত সুবিধা হয়৷

নিম খলিহৈ মিশ্ৰণ

এশৰ পৰা দুশ গ্ৰাম নিম খলিহৈ এক লিটাৰ পানীত তিয়াই এৰাতি তৈ দিব লাগে ৷ পাছদিনা ব্যৱহাৰৰ আগে আগে ৪ মি:লি: ট্ৰাইটণ তিয়াই থোৱা নিম খলিহৈত মিহলাই মিশ্ৰণটো প্ৰস্তুত কৰি লব লাগে ৷ এই নিম খলিহৈ মিশ্ৰণ চাহ গছ আৰু ছাঁ গছৰ গা-গছ আৰু ডালবোৰত ব্ৰাস এডালেৰে সানি দিলে ছাগলীয়ে গছবোৰ আক্ৰমণ নকৰে ৷

মিশ্ৰণটো ১০-১৫ দিনৰ ব্যৱধানত প্ৰয়োগ কৰি থাকিব লাগে আৰু বিশেষকৈ ৰাস্তাকাষৰ আৰু সীমাত থকা গছবোৰ ছাগলীৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি ৷

বৰডো’ মিশ্ৰণ (১%)

বৰডো’ মিশ্ৰন এক উচ্চমানৰ ভেঁকুৰ নাশক ঔষধ৷ এক কিলোগ্ৰাম গুৰি কৰা তুতীয়া (কপাৰ চালফেট্) ৰ দানা ৫০ লিটাৰ পানীত মিহলাব লাগে৷ আন এটা পাত্ৰত ১ কিলোগ্ৰাম শুকান চূণ ৫০ লিটাৰ পানীত মিহলাই তাত তুতীয়াৰ দ্ৰৱটো লাহে লাহে ঢালি লৰাই থাকিব লাগে৷ এখন চোকা কটাৰী মিশ্ৰণটোত ডুবাই চাব লাগে যাতে কটাৰী খনত ৰঙা দাগ নপৰে৷ কটাৰী খনত ৰঙা দাগ পৰিলে পুনৰ তাত অলপ শুকান চূণ মিহলোৱাৰ দৰকাৰ৷

বৰডো মিশ্ৰণ প্ৰস্তুত কৰোতে সদায় কাঠৰ বা মাটিৰ অথবা ডাঠ প্লাষ্টিকৰ পাত্ৰ ব্যৱহাৰ কৰিব লাগে৷ মিশ্ৰণটো ২৪ ঘন্টাৰ ভিতৰত প্ৰয়োগ কৰিব লাগে৷

শিলাবৃষ্টিৰ দ্বাৰা আক্ৰান্ত চাহ গছৰ ডাল পাতত ৪৮ ঘন্টাৰ ভিতৰত বৰডো মিশ্ৰণ স্প্ৰেয়াৰ মেচিনেৰে প্ৰয়োগ কৰি সাম্ভাব্য বেমাৰ আদিৰ পৰা গছবোৰ ৰক্ষা কৰিব পাৰি৷

খৰাং আৰু কম পৰিমানৰ ছাঁ দিয়া অঞ্চলত  এনে মিশ্ৰণ বা পেষ্ট প্ৰয়োগৰ দ্বাৰা চাহগছৰ ডালৰ বাকলি ফাট মেলাত বাধা দিয়া হয়৷ তাৰোপৰি পাত আৰু ডালৰ বিভিন্ন বেমাৰ প্ৰতিৰোধ কৰা হয় ৷

বৰডো’ পেষ্ট

এশ গ্ৰাম কপাৰ চালফেট্ আৰু ১০০ গ্ৰাম চূণ (বেলেগ বেলেগ পাত্ৰত) ৫০০ মি:লি: পানীত মিহলাব লাগে৷ পাছত কপাৰ চালফেট্ৰ দ্ৰৱটো চূণৰ দ্ৰৱত লাহে লাহে মিলাই দিব লাগে৷ এইদৰে এক লিটাৰ বৰডো’ পেষ্ট (১০% মিশ্ৰণ) প্ৰস্তুত কৰা হয়৷

কলম দিয়া চাহ গছৰ শকত ডালৰ কটা মুৰত বৰডো পেষ্টৰ প্ৰলেপ সানিলে ভেঁকুৰ/ শেলাই আদিয়ে গছজোপাক আক্ৰমণ কৰিব নোৱাৰে৷

‘চেষ্ট্নাট’ যৌগ

দুভাগ ‘কপাৰ চালফেট’ আৰু ১১ ভাগ ‘এম’নিয়াম কাৰ্বনেট’ (ওজন ভিত্তিত) বেলেগে বেলেগে গুড়ি কৰি দুয়োবিধ ৰাসায়নিক দ্ৰব্য মিহলাই লওঁক৷ ব্যৱহাৰৰ মাত্ৰ এদিনৰ আগতে এইদৰে মিহলোৱা ৰাসায়নিক দ্ৰব্য দুবিধ এটা বন্ধ মুখৰ মামৰ মুক্ত পাত্ৰত জমা কৰি থব পাৰে৷ এতিয়া ৫০০ গ্ৰাম ৰাসায়নিক দ্ৰব্য ১৫০ লিটাৰ পৰিষ্কাৰ পানীত মিহলাই ব্যৱহাৰৰ বাবে উপযোগী মিশ্ৰণ প্ৰস্তুত কৰিব৷

আলতীয়া মাটিত থকা নাৰ্চাৰীৰ চাহ পুলি বোৰত প্ৰথমবাৰ এজাক ডাঙৰ বৰষুণ হৈ যোৱাৰ ঠিক পিচতে আৰু তাৰ ১৫-২০ দিনৰ পিচত পুনৰ বাৰ ‘চেষ্টনাট’ যৌগৰ মিশ্ৰণ প্ৰয়োগ কৰি পুলিৰ গুৰি পচাঁ (ক’লাৰ ৰ’ট) আৰু পুলি লেৰেলি যোৱা (ডেম্পিং অফ্) বেমাৰৰ আক্ৰমণৰ পৰা পুলি বোৰ ৰক্ষা কৰিব পাৰি৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate