মূল পৃষ্ঠা / কৃষি / চাহ খেতি / চাহ খেতিত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ বিকল্প
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চাহ খেতিত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ বিকল্প

চাহ খেতিত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ বিকল্পৰ বিষয়ে লিখা হৈছে ।

কৃষি খণ্ডত ব্যৱহৃত বিষাক্ত ৰাসায়নিক দ্ৰব্যসমূহৰ বিকল্প হিচাপে ‘জৈৱিক সাৰ’ আৰু ‘জৈৱিক কীটনাশক’ৰ ব্যৱহাৰ বৰ্তমান সময়ত অপৰিহাৰ্য হৈ পৰিছে । কিয়নো ৰাসায়নিক দ্ৰব্যসমূহৰ বিষক্ৰিয়া অতি ভয়ানক আৰু ই মানৱ জাতিকে আদি কৰি সমগ্ৰ জীৱ জগতৰ বাবেই হানিকাৰক । উল্লিখিত ৰাসায়নিক দ্ৰব্যসমূহৰ প্ৰয়োগে জীৱজগতৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি ।

আমাৰ অতিকে প্ৰিয় চাহ কাপ এই প্ৰভাৱৰ পৰা বৰ্তমান সময়ত ‘মুক্ত’ বুলি আমি ভাবিব নোৱাৰোঁ । কিয়নো উষ্ম বৃষ্টিপ্ৰধান জলবায়ুৰ ওপৰত নিৰ্ভৰশীল চাহখেতিতো অধিক পৰিমাণত ৰাসায়নিক সাৰ আৰু কীটনাশকৰ প্ৰয়োগ কৰা হয় । যিহেতু অসম তথা উত্তৰ পূব ভাৰতৰ জলবায়ু কীট-পতংগৰ বিস্তাৰ আৰু বেমাৰ-আজাৰৰ প্ৰসাৰৰ বাবে অতি উপযোগী, সেয়েহে এই অঞ্চলৰ চাহ খেতিতো নানান কীট-পতংগ আৰু বেমাৰ-আজাৰৰ প্ৰাদুৰ্ভাৱ দেখা যায় । যাৰ ফলত চাহ খেতিয়কসকলেও অধিক পৰিমাণত ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰিবলৈ বাধ্য হয় ।

অতি সুখৰ বিষয় এই যে বৰ্তমান সময়ত উক্ত ৰাসায়নিক দ্ৰব্যৰ অপকাৰিতা সম্পৰ্কে খেতিয়ক তথা উপভোক্তা ৰাইজে বুজি উঠিছে আৰু সেয়ে এই বিষাক্ত দ্ৰব্যসমূহৰ বিকল্প হিচাপে কৃষি বিজ্ঞানীসকলে উদ্ভাৱন কৰা জৈৱিক দ্ৰব্যসমূহ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে ।

মূলত: এই ক্ষেত্ৰত ৰাসায়নিক সাৰৰ বিকল্প হিচাপে ‘জৈৱিক সাৰ’ আৰু ৰাসায়নিক কীটনাশকৰ বিকল্প হিচাপে ‘জৈৱিক কীটনাশক’ৰ ব্যৱহাৰৰ বিষয়েই এই প্ৰবন্ধত আলোচনা কৰা হৈছে ।

জৈৱিক সাৰ -

জৈৱিক সাৰ উৎপাদন কৰোঁতে সাধাৰণতে পচনক্ষম ঘৰুৱা পেলনীয়া সামগ্ৰী, শাক-পাচলিৰ অৱশিষ্ট অংশ তথা গছ-লতা আদি ব্যৱহাৰ কৰা হয় । ইয়াৰ অন্যতম উদাহৰণ হ’ল পচন সাৰ আৰু কেঁচু সাৰৰ লগত অনুজীৱ মিহলি কৰি কৰা জৈৱিক দ্ৰব্যসমূহ । পানীত হোৱা মেটেকা, পুনি, শেলাই আদিও জৈৱিক সাৰৰ অন্যতম উপাদান । কিছুমান অনুজীৱ যেনে এজ’স্পাইৰিলাম, এজ’ট’বেক্টৰ, ৰইজ’বিয়াম আদিও পচনসাৰৰ লগত মিহলি কৰি বিভিন্নধৰণৰ জৈৱিক সাৰ উৎপাদন কৰা হয় । এই অনুজীৱবিলাকে বায়ুৰ পৰা নাইট্ৰ’জেন গেছ আহৰণ কৰি উদ্ভিদক যোগান ধৰে ।

সাধাৰণতে চন পৰি থকা খেতি মাটিত (ওপৰৰ অংশত) ফছফেট চলিবুলাইজাৰ আৰু পটাছ মবিলাইজাৰ বৰ্গৰ কিছুমান ভেঁকুৰ আৰু বেক্টেৰিয়া থাকে । এই অনুজীৱ বিলাকো পচন সাৰ বা কেঁচুসাৰৰ লগত মিহলি কৰি নিয়ম অনুপাতে খেতিত ব্যৱহাৰ কৰিব পাৰি । ওপৰত উল্লিখিত অনুজীৱ মিহলি এই সকলোখিনি পচনসাৰ “Microbial Biofertilizer” বুলি পৰিচিত ।

ইয়াৰোপৰি VAM নামৰ এবিধ ভেঁকুৰ প্ৰধান বায়োফাৰটিলাইজাৰ আছে যাৰ প্ৰয়োগে গছত ফছফেট জাতীয় সাৰ আহৰণত প্ৰভূত অৰিহনা যোগায় ।

চাহ খেতিত জৈৱিক সাৰৰ প্ৰয়োগ -

চাহ খেতিত সাৰৰ প্ৰয়োগ সদায় মাটিৰ গুণাগুণ তথা চাহৰ উৎপাদনৰ ওপৰত নিৰ্ভৰ কৰে । জৈৱিক সাৰ প্ৰয়োগে চাহ খেতিৰ ৰাসায়নিক সাৰৰ প্ৰয়োজনীয়তা সম্পূৰ্ণভাৱে নাইকিয়া কৰাটো অতি কঠিন । তথাপি ৪০% পৰ্যন্ত ৰাসায়নিক সাৰৰ কৰ্তন অতি সহজে কৰিব পাৰি । পৰ্যায়ক্ৰমে জৈৱিক সাৰৰ পৰিমা ণ বঢ়াই নি কিছুবছৰৰ পাছত (তিনিটা ‘প্ৰুনিং চাইকোল) সম্পূৰ্ণভাৱে ৰাসায়নিক সাৰৰ প্ৰয়োগ বন্ধ কৰিব পাৰি ।

গোবৰৰ নাটনি পূৰাবৰ কাৰণে চাহ পুলি ৰোওঁতে গাঁতে প্ৰতি ২০০-৩০০ গ্ৰাম কেঁচুসাৰ প্ৰয়োগে চাহপুলি বৰ্ধন কালত বহুত সহায় হোৱা দেখা যায় ।

জৈৱিক কীটনাশক -

জৈৱিক কীটনাশক বুলিলে বহল অৰ্থত জৈৱিক সংমিশ্ৰণৰ ভেঁকুৰ/ বেক্টেৰিয়া বা পোক-পতংগ নাশক দ্ৰব্যকে বুজা   যায়। এই দ্ৰব্যসমূহ আকৌ অনুজীৱ আৰু উদ্ভিদজাত হিচাপে অভিহিত কৰা হয় ।

অনুজীৱজাতীয় জৈৱিক কীট নাশবিলাকে খেতিৰ অনিষ্টকাৰী কীট- পতংগ, ভেঁকুৰ, বেক্টেৰিয়া আদিক ধ্বংস কৰি উদ্ভিদক বেমাৰ-আজাৰৰ পৰা মুক্ত কৰি ৰাখে । প্ৰকৃতিত এই অনুজীৱবোৰ স্বয়ংক্ৰিয়ভাৱে এক গতিত কাম কৰি থাকে । বৰ্তমান এই অনুজীৱবোৰ বিজ্ঞানীসকলে বিভিন্ন পদ্ধতিৰে প্ৰকৃতিৰ বুকুৰ পৰা আহৰণ কৰি বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পাছত কৃষকসকলক ৰাসায়নিক দ্ৰব্যৰ বিকল্প হিচাপে যোগাৰ দিব পাৰিছে ।

তদুপৰি ধৰাৰ বুকুত গজি থকা বিভিন্নধৰণৰ বনৰীয়া গছ-লতাবোৰৰো বিভিন্নধৰণৰ ৰোগ প্ৰতিৰোধ তথা কীট-পতংগ নিৰাময় কৰিব পৰা ক্ষমতা অছে । এই ক্ষমতা মূলত: এলকালয়ড নামৰ এবিধ উপাদানৰ পৰা পোৱা যায় । এনেধৰণৰ গছ-লতাৰ ভিতৰত নিম গছৰ নাম বিশেষভাৱে উলেখযোগ্য । নিম গছৰ গুটিত থকা এজাডিৰেকটিন নামৰ এলকায়লয়ডবিধৰ বাবে নিম গুটিৰ পাউদাৰ পানীত মিহলাই , চেকি, সেইপানী ব্যৱহাৰ কৰি গছৰ বিভিন্ন ৰোগ আৰু কীট-পতংগ নিৰ্মূল কৰিব পৰা গৈছে । অসম তথা উত্তৰ পূব ভাৰতত সহজেই উপলব্ধ বিভিন্ন উদ্ভিদৰ ডাল-পাতৰ পানী মিহলি ৰস প্ৰয়োগ কৰিও নানান ৰোগ আৰু কীট-পতংগ নিয়ন্ত্ৰণ কৰিব পাৰি ।

চাহ খেতিত জৈৱিক কীটনাশকৰ প্ৰয়োগ -

অসম তথা উত্তৰ পূব ভাৰতৰ চাহ খেতিত হোৱা কেইটামান প্ৰধান বেমাৰ আৰু কীট-পতংগৰ জৈৱিক নিয়ন্ত্ৰণ চমু আভাস তলত দিয়া হ’ল-

চাহ গছৰ শিপা আৰু ডালৰ ৰোগ :-

চাৰকোল ষ্টাম্প আৰু ব্ৰাউন ৰুট ৰ’টৰ শিপাত হোৱা এই দুবিধ ভয়ানক ৰোগৰ নিৰাময় বাবে পুলি ৰোওঁতে আৰু তাৰ পাছতো পুলিৰ তলৰ মাটিত মাজে মাজে ট্ৰাইকোডাৰমা নামৰ জৈৱিক দ্ৰব্য ব্যৱহাৰ কৰি অতিকে সুফল পাব পাৰি ।

সেইধৰণেই চাহ গছৰ ডালত হোৱা ‘পৰিয়া ব্ৰাঞ্চ কেংকাৰ আৰু থৰ্নি ষ্টেম ব্লাইট বেমাৰ নিৰ্মূল কৰিবৰ কাৰণে কলম কৰাৰ পাছত চাহগছজোপাত ট্ৰাইকোডৰমা স্প্ৰে’ কৰিব লাগে ।

ট্ৰাইকোডৰমা ব্যৱহাৰ কৰি ফিউজেৰিয়াম নামৰ বেমাৰবিধো নিয়ন্ত্ৰণ কৰিব পাৰি ।

চাহ গছৰ পোক-পতংগৰ নিয়ন্ত্ৰণ -

হেলপেলটিচ নামৰ অতি ভয়ংকৰ পতংগবিধ নিয়ন্ত্ৰণ কৰিবলৈ মূলত: বিউভেৰিয়া বেচিয়ানা নামৰ ভেঁকুৰজাতীয় জৈৱিক কীট নাশকৰ প্ৰয়োগ বৰ্তমান জনপ্ৰিয় হৈ উঠিছে ।

চাহ গছত হোৱা উঁইপোক নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও মেটাৰাইজিয়াম নামৰ এবিধ ভেঁকুৰ ব্যৱহাৰ কৰি অধিক সুফল পোৱা দেখা গৈছে ।

আমাৰ এই সুন্দৰ পৃথিৱীখন তথা জীৱজগতৰ প্ৰত্যেকটো জীৱই আমাৰ সম্পদ । প্ৰকৃতিয়েই প্ৰত্যেকটো জীৱৰ ভাৰসাম্যতা ৰক্ষা কৰে । সেয়েহে সু-সংহত আৰু বিজ্ঞানসন্মতভাৱে পৰিৱেশ বিনষ্ট নকৰাকৈ ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগৰ বিকল্প পদ্ধতিসমূহ গ্ৰহণ কৰি জীৱমণ্ডলক ৰক্ষা কৰাটোৱেই আমাৰ প্ৰত্যেকৰে দায়িত্ব হোৱা উচিত ।

লেখক :- ড° বিচিত্ৰ কুমাৰ বৰঠাকুৰ

উৎস :- দৈনিক জনমভূমি

 

2.0
ৰাজু ফুকন Mar 20, 2019 09:10 PM

জৈৱিক কীট নাশক অসমৰ বজাৰত কত কত পোৱা যায়

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top