অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ গছত সাৰ প্ৰয়োগৰ বাবে জানিব লগীয়া কিছুমান কথা

YTD মিশ্ৰসাৰ (১০: ৫: ১৫) প্ৰস্তুত প্ৰণালী

YTD (10: 5: 15) মিশ্ৰসাৰত প্ৰতি ১০০ কি: গ্ৰামত ১০ কি:গ্ৰা: নাইট্ৰ’জেন, ৫ কি:গ্ৰা: ফচফৰাচ আৰু ১৫ কি:গ্ৰা: পটাচ থাকিব লাগে৷

নাইট্ৰ’জেনৰ বাবে ইউৰীয়া, ফচফৰাচৰ বাবে চিঙ্গোল চুপাৰ ফচফেট আৰু পটাচৰ বাবে মিউৰিয়েট অৱ পটাচ ব্যৱহাৰ কৰি ১০০ কি:গ্ৰা: এই মিশ্ৰণৰ প্ৰস্তুত কৰিব পাৰি ৷ এই মিশ্ৰসাৰ প্ৰস্তুত কৰোতে তলত দিয়া পৰিমানৰ ৰাসায়নিক সাৰ মিহলি কৰিব লাগে ৷

ইউৰীয়া

২২ কি:গ্ৰা:

চিঙ্গোল চুপাৰ ফচফেট

৩১ কি:গ্ৰা:

মিউৰিয়েট অৱ পটাচ

২৫ কি:গ্ৰা:

মুঠ

৭৮ কি:গ্ৰা:

শুকান বালি/শুকান গোবৰ/ড’লমাইট

২২ কি:গ্ৰা:

মুঠ YTD (10: 5: 15)

১০০ কি:গ্ৰা:

যদি বজাৰত ফচফৰাচৰ বাবে চিঙ্গোল চুপাৰ ফচফেট (SSF) নাথাকে তেন্তে ডি.এ.পি. (DAP) সাৰ লৈ তলত উল্লেখ কৰা ধৰণেৰে YTD মিশ্ৰণ তৈয়াৰ কৰিব পাৰি –

ইউৰীয়া

১৮ কি:গ্ৰা:

ডি.এ.পি.

১১ কি:গ্ৰা:

এম.অ.পি.

২৫ কি:গ্ৰা:

মুঠ

৫৪ কি:গ্ৰা:

শুকান বালি/শুকান গোবৰ/ড’লমাইট

৪৬ কি:গ্ৰা:

মুঠ YTD (10: 5: 15)

১০০ কি:গ্ৰা:

YTD মিশ্ৰণৰ পৰিমাণ নিৰ্দ্ধাৰণ

ধৰাহওঁক, আপোনাৰ বাগিছাখনৰ ‘চেকচন’ এটাত ১০,৫০০ জোপা চাহ গছ আছে আৰু বছৰটোৰ ভিতৰত প্ৰতি জোপা গছত ৮০ গ্ৰাম YTD মিশ্ৰ চাৰি বাৰত (4 split) দিবলৈ কোৱা হৈছে ৷ তেন্তে প্ৰতি বাৰত প্ৰতি জোপা চাহ গছত দিব লগা YTD মিশ্ৰৰ পৰিমাণ হব ২০ গ্ৰাম আৰু গোটেই চেকচনটোত প্ৰয়োগ কৰিবলগীয়া সাৰৰ পৰিমাণ হব ২০ গ্ৰাম ষ ১০,৫০০ = ২১,০০০০ গ্ৰাম, অৰ্থাৎ ২১০ কি:গ্ৰা: YTD মিশ্ৰসাৰ তৈয়াৰ কৰিবলৈ কিমান পৰিমাণৰ বিভিন্ন সাৰৰ দৰকাৰ হ’ব ঐকিক নিয়মেৰে উলিয়াই ল’ব পাৰি ৷

YTD প্ৰস্তুত আৰু প্ৰয়োগ কৰাৰ সময়ত মন কৰিব লগীয়া কথা

(ক) প্ৰয়োজনীয় পৰিমাণৰ মিশ্ৰসাৰহে প্ৰস্তুত কৰিব লাগে ৷
(খ)  প্ৰস্তুত কৰাৰ লগে লগেই এই সাৰ প্ৰয়োগ কৰিব লাগে; সেয়েহে মিহলাব লগা বিভিন্ন সাৰবোৰ আগেয়ে বেলেগ জুখি লৈ সাৰ প্ৰয়োগ কৰিব লগা বাগানৰ ওচৰত মিহলাব লাগে ৷
(গ) প্ৰস্তুত কৰা মিশ্ৰসাৰ ৰাখি থলে সাৰবোৰ গলি বোকাৰ নিচিনা হৈ পৰে আৰু প্ৰয়োগ কৰিবলৈ অসুবিধা হয় ৷
(ঘ) কাঠৰ তক্তাত বা পকা ঠাইত সাৰ মিহলোৱা কাৰ্য্য কৰিব লাগে আৰু পৰাপক্ষত কাঠৰ সজুঁলি ব্যৱহাৰ কৰিব লাগে ৷ ধাতুৰ সজুঁলি ব্যৱহাৰ কৰিলে লগে লগে ধুই পেলাব লাগে ৷
(ঙ) সাৰৰ মিশ্ৰণ প্ৰস্তুত কৰোতে চিঙ্গোল চুপাৰ ফচফেট একেবাৰে শেষত মিহলাব লাগে ৷

পৈণত চাহগছত বিভিন্ন সাৰ প্ৰয়োগৰ পৰিমাণ নিৰ্দ্ধাৰণ

চাহ গছত প্ৰয়োজন তিনিবিধ মূল উপাদান – নাইট্ৰ’জেন (N), ফচফৰাচ (P2O5) আৰু পটাচ (K2O) বিভিন্ন ৰাসায়নিক সাৰৰ পৰা আহৰণ কৰিব পাৰি ৷ নাইট্ৰ’জেন, এমনিয়াম চালফেট (২০% N) অথবা ইউৰীয়া (৪৬% N) ; ফচফৰাচ, চিঙ্গোল চুপাৰ ফচফেট (১৬% P2O5), ৰক ফচফেট (২৪% P2O5) অথবা ডি.এ.পি. (৪৬% P2O5, ১৮% N) আৰু পটাচ, মিউৰেট অৱ পটাচ(৬০% K2O) ৰ পৰা পোৱা যায় ৷
পৈণত চাহ গছৰ বাবে অনুমোদিত নাইট্ৰ’জেন, ফচফৰাচ আৰু পটাচৰবাবে বিভিন্ন সাৰৰ পৰিমান তলৰ ৰূপান্তৰ তালিকাখনৰ পৰা উলিয়াই ল’ব পাৰি ৷

উপাদান

ৰূপান্তৰ কৰিব লগা সাৰ

গুণ কৰি

নাইট্ৰ’জেন

এম’নিয়াম চালফেট (SOA)

৪.৮৫৪

ইউৰিয়া

২.১৭৮

ডি.এ.পি. (DAP)

৫.৫৫৫

ফচফৰাচ

এচ.এচ.পি. (SSP)

৬.২৫০

ডি.এ.পি. (DAP)

২.১৭০

পটাচ

মিউৰেট অৱ পটাচ (MOP)

১.৬৬৬

ধৰাহওঁক প্ৰতি বিঘাত ২৪ কি:গ্ৰা: নাইট্ৰ’জেন, ৮ কি:গ্ৰা: ফচফৰাচ আৰু ২০ কি:গ্ৰা: পটাচ দিবলৈ অনুমোদন কৰা হৈছে ৷ আপোনাৰ হাতত যদি ইউৰীয়া, এচ.এচ.পি. (SSP) আৰু এম.অ.পি. (MOP) আছে তেন্তে প্ৰয়োগ কৰিব লগা বিভিন্ন সাৰৰ পৰিমান তলত দিয়া ধৰণে হ’ব ৷

২৪কি:গ্ৰা: নাইট্ৰ’জেন x ২.১৭৮    = ৫২.২০০ কি:গ্ৰা: ইউৰীয়া
৮কি:গ্ৰা: ফচফৰাচ x ৬.২৫০     = ৫০.০০০ কি:গ্ৰা: এচ.এচ.পি. (SSP)
২০কি:গ্ৰা: পটাচ x ১.৬৬৬      = ৩৩.৪০০ কি:গ্ৰা: এম.অ.পি. (MOP)

ফচফৰাচ সাৰ প্ৰয়োগ কৰিবলৈ SSP অবিহনে MOP সাৰ প্ৰয়োগ কৰিব পাৰি ৷ এই ক্ষেত্ৰত ইউৰিয়াৰ পৰিমাণ অলপ সলনি হ’ব ৷

ইউৰিয়া                       : ৪৫.৪০০ কি:গ্ৰা:

ডি.এ.পি. (DAP)               : ১৭.৪০০ কি:গ্ৰা:

এম.অ.পি. (MOP)            : ৩৩.৪০০ কি:গ্ৰা:

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate