অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ গছৰ অনিষ্টকাৰী কীট-পত্ংগৰ সমন্বিত নিয়ন্ত্ৰণ ব্যৱস্থা

চাহ গছৰ অনিষ্টকাৰী কীট-পত্ংগৰ সমন্বিত নিয়ন্ত্ৰণ ব্যৱস্থা

সমন্বিত কীট-পত্ংগ নিয়ন্ত্ৰণ এনে এক ব্যৱস্থা, য’ত শস্য ৰক্ষাৰ বিভিন্ন পদ্ধতি যেনে জৈৱিক, যান্ত্ৰিক, দৈহিক, ৰাসায়নিক তথা অন্যান্য কৃষি-কৰ্ম ব্যৱস্থাৱলী অৱলম্বন কৰি শস্য ৰক্ষা কৰাৰ লগতে মানুহৰ স্বাস্থ্য আৰু পাৰিপাৰ্শ্বিক ভাৰসাম্যতা সু-নিশ্চিত কৰা হয়। এই ব্যৱস্থাৰ দ্বাৰা চাহ গছত দেখা দিয়া অনিষ্টকাৰী কীট-পত্ংগ বোৰ উপৰোক্ত বিভিন্ন পদ্ধতি বিলাকৰ সু-সমন্বয়ত সেইবোৰে শস্যৰ আৰ্থিক ক্ষতি কৰিব নোৱাৰাকৈ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰি। এই পদ্ধতিত পোক-পত্ংগ নিয়ন্ত্ৰণ কৰিবলৈ তুলনামুলকভাবে কম বিষাক্ত ৰাসায়নিক কীট-নাশক দ্ৰব্য প্ৰয়োজন অনুসৰিহে ব্যৱহাৰ কৰা হয়।

কীট-পত্ংগৰ সমন্বিত নিয়ন্ত্ৰণ ব্যৱস্থাৰ সফলতা তলত উল্লেখ কৰা কথাকেইটাৰ ওপৰত বিশেষভাবে নিৰ্ভৰশীল

ক) নিয়মিতভাবে চাহ বাগিচাখনৰ পৰিদৰ্শন, পোক-পত্ংগৰ সুক্ষ্ম পৰ্যবেক্ষণ আৰু সেইবোৰৰ সঠিক চিনাক্তকৰণ।

খ) কীট-পত্ংগৰ শাৰীৰিক তথ বংশ বৃদ্ধি, জীৱন চক্ৰৰ বিভিন্ন অৱস্থ বা স্তৰৰ বিষয়ে জ্ঞান।

গ) আক্ৰমণৰ স্থান, লক্ষণ, সময় আৰু প্ৰকোপৰ সঠিক নিৰীক্ষণ।

ঘ) পোক-পৰুৱাবোৰৰ এঠাইৰ পৰা আন ঠাইলৈ যোৱাৰ ধৰণ।

ঙ) চাহ গছৰ উপৰিও কীট-পত্ংগবোৰে আশ্ৰয় লোৱা অন্য উদ্ভিদ তথা অপতৃণৰ বিষয়ে তথ্য।

সমন্বিত কীট-পত্ংগ নিয়ন্ত্ৰণৰ কিছু ব্যৱস্থাৱলী

১) নতুনকৈ পুলি লগোৱাৰ ক্ষেত্ৰত কীট-পত্ংগ তথা বেমাৰ-আজাৰ প্ৰতিৰোধী সঁচৰ স্বাস্থ্যবান পুলিহে নিৰ্বাচন কৰিব লাগে।

২) চাহ পুলি ৰোৱাৰ আগতে মাটিৰ গঠন তথা উৰ্বৰতা বৃদ্ধিৰ বাবে গুৱাটেমালা ঘাঁহ বা মাইম’চা নিৰ্দিষ্ট সময়ৰ বাবে লগাব লাগে।

৩) উপযুক্ত সময়ত সঠিক মাত্ৰাত সাৰ-জাবৰ দি গছৰ স্বাস্থ্য ভালে ৰাখিলে পোক-পৰুৱাৰ আক্ৰমণ কম হয়।

৪) চাহনি৯ডৰা পৰাপক্ষত অপতৃণ বা অলগতিয়াল ঘাঁহ-বনৰ পৰা মুক্ত কৰি ৰাখিব লাগে। ইয়াৰ ফলত পোক-পত্ংগৰ উপদ্ৰৱ কন্মাৰ লগতে প্ৰয়োগ কৰা সাৰ (পোষক দ্ৰব্য) আদি চাহ গছে আহৰণ কৰাত সুবিধা হয়। চাহৰ শাৰীৰ মাজত খালী ঠাইবোৰত পুনৰ চাহ পুলি খাজি দিব লাগে।

৫) বাগিছাৰ ভিতৰৰ নলাবোৰ পৰিস্কাৰ তথা ভালদৰে পানী ওলাই যাব পৰাকৈ উপযুক্তভাবে দ(কমেও ১০০ছে:মি:) কৰি ৰাখিলে ৰঙা চাঁহি, হেল’পেলটিচ্‌ আৰু উইৰ আক্ৰমণ কম হয়।

৬) জৰকালি (নবেম্বৰ-ডিচেম্বৰ) চাহ গছৰ গুৰিবোৰ চাৰিওফালে খুচুৰি দি বঞ্চ কেটাৰপিলাৰ, লুপাৰ কেটাৰপিলাৰ আদিৰ লেটা বা ক্ৰাইচেলিড্‌বোৰ স্ংগ্ৰহ কৰি নষ্ট কৰিব পাৰি। এই সময়ত প্ৰয়োজন সাপেক্ষে গছৰ গুৰিত মাটি চপোৱা কাৰ্য আৰু ফ্ৰেমত কষ্টিক ৱাচ কৰিব লাগে।

৭) কলম কৰোতে পঁচা বা বেমাৰী ডালবোৰ সম্পূৰ্ণভৱে কাটি আঁতৰাই পেলোৱা উচিত। কটা অংশত ইণ্ডপেষ্ট বা ২০% ট্ৰাইক’ডাৰ্মা মিশ্ৰণ (২০ কেজি ট্ৰাইক’ডাৰ্মা ১০০ লিটাৰ পানীত) লগাই মুখবোৰ বন্ধ কৰি দিব লাগে।

৮) উপযুক্ত ব্যৱস্থ গ্ৰহণ কৰি মাটিৰ পি এইচ পৰাপক্ষত ৪.৫-৫.৫ ৰ ভিতৰত ৰাখিব লাগে।

৯) বাগিচাখনত অনুমোদিত প্ৰজাতিৰ ছাঁ গছ ৰুই উপযুক্তভাবে ছাঁৰ ব্যৱস্থা কৰা উচিত। ছাঁ কম হ’লে কেঁচা পাতৰ উত্পাদন কম হোৱাৰ লগতে ৰঙা চাঁহিৰ উপদ্ৰৱ বেছি হয়। আনহাতে অত্যাধিক ছাঁৰ ফলত অকৌ ব্লিষ্টাৰ ব্লাইট্‌, ব্লেক ৰট্‌ আৰু হেলপেল্‌টিচ্‌ৰ প্ৰকোপ বৃদ্ধি পাব। ছাঁৰ বাবে বৰমেদেলুৱা গছ বাগিছাত ৰোপন নকৰাই ভাল।

১০) বিচাজাতীয় পোক যেনে লুপাৰ, বাঞ্চ কেটাৰপিলাৰ, চাইকিড্‌ কেটাৰপিলাৰ আদি হাতেৰে স্ংগ্ৰহ কৰি সহজতে ধ্বংস কৰিব পাৰি।

১১) এনে পোক বিলাক পখিলা অৱস্থাত আকাশ বন্তিৰ সহায়ত স্ংগ্ৰহ কৰিও ধ্বংস কৰিব পাৰি।

১২) বাগিছাখনত পৰজীৱি পত্ংগ, অনুজীৱৰ সঠিকভাবে বংশ বৃদ্ধি হৈ থাকিলেও অনিষ্টকাৰী কীট-পত্ংগ কিছু পৰিমাণে নিয়ন্ত্ৰণ হয়। এনে ধৰণৰ উপকাৰী জীৱ তথা চৰাই চিৰিকতি বোৰৰ যাতে অনিষ্ট নহয় তালৈ চকু দিয়া উচিত।

১৩) হেলপেল্‌টিচ্‌, ব্লিষ্টাৰ ব্লাইট্‌ বেছিকৈ হ’লে ব্লেক প্লাকিং কৰি উপযুক্ত কীটনাশক বা ভেকুৰনাশক দ্ৰব্য সঠিক মাত্ৰাত স্প্ৰে কৰিব।

১৪) হেলপেল্‌টিচৰ দ্বাৰা আক্ৰান্ত চেক্‌চেনত কলম বা ডীপ স্কিফ্‌ কৰোতে মাজত ৫০-৬০ জোপামান চাহ গছ এৰি চাৰিওফালৰ পৰা কলম কৰিব লাগে। মাজৰ গছবোৰ এনেকৈ কলম নকৰাকৈ ৰাখিলে মহবোৰে তাতগৈ আশ্ৰয় লয়। তেতিয়া সেই গছকেইজোপাত উপযুক্ত কীটনাশক দ্ৰব্য প্ৰয়োগ কৰি লৈ কলম কৰিলে পিছৰ বছৰত হেল’পেলটিচ্‌ বহু পৰিমাণে নিয়ন্ত্ৰণ হয়।

১৫) ৰাস্তাৰ কাষৰ চেক্‌চেন্‌ বিলাকত পথৰ ফালে তিতা ফুল ৰুই দিলে ধূলি কম হোৱাৰ ফলত চাহ গছত ৰঙাচাঁহিৰ প্ৰাদুৰ্ভাৱ কম হয়।

১৬) ৰঙা চাহি আৰু ব্লিষ্টাৰ ব্লাইট হোৱা চেক্‌চেনত পাত তুলিবলৈ দিব নালাগে। এনে কৰিলে বেমাৰ বা পোক বিধ এঠাইৰ পৰা আনঠাইলৈ সহজে বিস্তাৰিত হয়। গৰু-ছাগলীৰ দ্বাৰাও ইহঁতৰ বিস্তাৰ হয়।

১৭) কীটনাশক দ্ৰব্যৰ ব্যৱহাৰৰ ক্ষেত্ৰত চেণ্ট্ৰেল ইনচেক্‌টিচাইড ব’ৰ্ডৰ দ্বাৰা চাহ খেতিৰ ববে সময়ে সময়ে অনুমোদন কৰা ৰাসায়নিক দ্ৰব্যহে নিৰ্দিষ্ট মাত্ৰাত প্ৰয়োগ কৰিব। এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ লোৱা অতিকৈ প্ৰয়োজনীয়।

১৮) এডৰা চাহৰ বাবে প্ৰয়োজনীয় ৰাসায়নিক দ্ৰব্য বা দ্ৰৱণৰ (ৰাসায়নিক দ্ৰব্য + পানী) পৰিমাণে চাহ গছৰ বয়স, প্ৰতিবিঘাত থকা চাহ গছৰ স্ংখ্যা আৰু কলমৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে।

১৯) নিয়মিতভাবে বাগিছাখন পৰিদৰ্শন কৰি থাকিব লাগে যাতে পোক-পৰুৱাই আক্ৰমণ কৰাৰ প্ৰথম অৱস্থাত বা সেইবোৰৰ সৰু অৱস্থাত নিয়ন্ত্ৰণ কৰিব পাৰি।

২০) কীট-পত্ংগ নিয়ন্ত্ৰণৰ বাবে মাজে সময়ে জৈৱিক কীটনাশক বা নিমযুক্ত দ্ৰব্যও ব্যৱহাৰ কৰিব লাগে।

২১) ৰাসায়নিক দ্ৰব্য সদায় ৰাতিপুৱা সোনকালে বা গধুলিৰ আগে আগে প্ৰয়োগ কৰিলে অধিক সুফল আশা কৰিব পাৰি।

২২) দুটা বা ততোধিক কীটনাশক দ্ৰব্য একেলগে মিহলাই প্ৰয়োগ নকৰিব।

২৩) আক্ৰমণৰ মাত্ৰা বেছি হ’লে একোবিধ পোক বা বেমাৰৰ বাবে একেবিধ কীটনাশক দ্ৰব্যকে বাৰে বাৰে ব্যৱহাৰ কৰি নাথাকিব। সঠিক ব্যৱধানত বেলেগ বেলেগ অনুমোদিত কীটনাশক দ্ৰব্য পোক-পত্ংগৰ জীৱন চক্ৰৰ অৱস্থৰ ভিত্তিত নিৰ্দিষ্ট মাত্ৰাত ব্যৱহাৰ কৰিলে অধিক সুফল পোৱা যায়।

২৪) চাহ বাগিচাত কীটনাশক দ্ৰব্য যথাসম্ভৱ পাত চিঙাৰ পিছদিনাই প্ৰয়োগ কৰিব লাগে।

২৫) কীটনাশক দ্ৰৱণ প্ৰস্তুত কৰাৰ (পানীৰ লগত মিহলোৱাৰ) পাছত লগে লগেই প্ৰয়োগ কৰা উচিত। তেনে দ্ৰৱণ সাঁচি নথব।

২৬) দ্ৰৱৱণ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা পানী পৰিস্কাৰ হ’ব লাগে। খাল বা হোলাৰ বোকা/ঘোলাপানী এইক্ষেত্ৰত কেতিয়াও ব্যৱহাৰ নকৰিব।

ওপৰত উল্লেখ কৰা ব্যৱস্থাৱলী সমন্বিতভাবে সময়মতে গ্ৰহণ কৰিলে তুলনামূলকভাবে কম খৰচতে তহতা বিষাক্ত ৰাসায়নিক দ্ৰব্যবোৰৰ সীমিত ব্যৱহাৰৰ দ্বাৰা চাহৰ অনিষ্টকাৰী পোক-পত্ংগ নিয়ন্ত্ৰণ কৰি কেঁচাপাতৰ উত্পাদন আৰু ইয়াৰ গুণগত মানদণ্ড বৃদ্ধি কৰিব পৰা যায়।

লিখক: সমীৰণ শইকীয়া, চাহ কৃষিকৰ্ম আৰু প্ৰযুক্তিবিদ্যা।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate