অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

চাহ গছৰ কেইবিধমান ৰোগৰ নিয়ন্ত্রণ পদ্ধতি

চাহ গছৰ কেইবিধমান ৰোগৰ নিয়ন্ত্রণ পদ্ধতি

অন্যান্য শস্যৰ দৰে চাহ গছো মাজে সময়ে বিভিন্ন ধৰণৰ বেমাৰৰ দ্বাৰা আক্রান্ত হয় । মূলতঃ ভেঁকুৰজাতীয় অনুজীৱৰ দ্বাৰা সৃষ্ট এই ৰোগবিলাক সাধাৰণতে দুই প্রকাৰৰ হ'ব পাৰে - কিছুমান ৰোগে ভাল ধৰণে আপদাল কৰি ৰখা স্বাস্থ্যবান গছবিলাকো আক্রমণ কৰে । আনহাতে আন কেইবিধমান বেমাৰে আকৌ বিভিন্ন আনুষংগিক কাৰণৰ বাবে ইতিমধ্যে র্দুবল বা নিশকতীয়া হৈ পৰা গছবোৰৰ অপকাৰ কৰে । চাহ গছত দেখা দিয়া এই ৰোগবিলাকে গছবোৰৰ বিভিন্ন অংশ যেনে পাত , ডাল বা গা-গছ আৰু শিপাক আক্রমণ কৰি ইহঁতৰ স্বাভাৱিক বৃদ্ধি আৰু বিকাশত বাধা জন্মায় যাৰ ফলত বাগিচা এখনৰ কেঁচা পাতৰ উত্পাদন সুনিশ্চিত কৰিবলৈ হ'লে উপযুক্ত সময়ত ইহঁতক নিয়ন্ত্রণ কৰা অতি প্রয়োজনীয় । আমাৰ অঞ্চলৰ বাগিচাবোৰত সচৰাচৰ দেখা পোৱা চাহ গছৰ কেইবিধমান বেমাৰ আৰু ইহঁতৰ সমন্বিত নিয়ন্ত্রণ পদ্ধতি সম্পর্কে সংক্ষেপে আলোচনা কৰা হ'ল ।

পাতত হোৱা ৰোগ

১) ব্লিষ্টাৰ ব্লাইট

এইবিধ ৰোগ সাধাৰণতে ঠাণ্ডা , সেমেকা তথা ডাৱৰীয়া বতৰত বেছিকৈ বিয়পে আৰু ই সকলো প্রকাৰৰ চাহ গছৰ কুমলীয়া পাত বা কোঁহবোৰ আক্রমণ কৰে । বতাহৰ দ্বাৰা বিস্তাৰিত হোৱা এই বেমাৰৰ ফলত কুমলীয়াপাতবোৰ ঈষত্হালধীয়া বা বগা বৰণৰ ঢৌ বা টেমুনাৰ সৃষ্টি হয় আৰু বেমাৰৰ প্রকোপ বেছি হ'লে পাতবোৰ মেটুৰা - মেটুৰি হৈ পৰে । কলম কৰা গছবোৰৰ পৰা নতুনকৈ ওলাবলৈ ধৰা কোঁহ বা পোখাবোৰত এই বেমাৰ বেছিকৈ হয় । বতৰৰ ওপৰত নির্ভৰ কৰি আমাৰ অঞ্চলত এইৰোগবিধ সাধাৰণতে বছৰৰ আৰম্ভণিতে ফ্রেব্রুৱাৰী পৰা এপ্রিল আৰু শেষৰ ফালে নৱেম্বৰ - ডিচেম্বৰ মাহত হোৱা দেখা যায় ।

নিয়ন্ত্রণ পদ্ধতি

(ক) বাগিচাখনত ছাঁ বেছি ঘন বা ডাঠ হ'লে ছাঁ গছবোৰ মাজে - সময়ে কাটি পাতল কৰি দিব লাগে ।

(খ) কেইদিনমান একেৰাহে বতৰ যদি ঠাণ্ডা , সেমেকা আৰু ডাৱৰীয়া হৈ থাকে তেন্তে বাগিচাখন সঘনাই ভালদৰে পর্যবেক্ষণ কৰা উচিত । পাতবোৰত দুই - এটা ব্লিষ্টাৰৰ ঢৌ দেখিলেই হেক্সাকনাজল নামৰ ভেঁকুৰ নাশক বিধৰ ১০০ মিঃ লিঃ প্রতি ১০০ লিটাৰ পানীত মিহলাই ১৫ দিনৰ মূৰে মূৰে প্রয়োগ কৰিব লাগে ।

(গ) ৰোগ বেছিকৈ হ'লে বা মার্চ - এপ্রিল মাহত কপাৰ অক্সিক্ল'ৰাইড ২৫০ গ্রাম প্রতি ১০০ লিটাৰ পানীত মিহলাই এসপ্তাহৰ ব্যৱধানত বা হেক্সাকনা জল ওপৰত আগতে উল্লেখ কৰা মাত্রাত দুসপ্তাহৰ মূৰে মূৰে ৰোগবিধ নির্মল নোহোৱা পর্যন্ত প্রয়োগ কৰা উচিত ।

(ঘ) এই বেমাৰ হৈ থকা চেকচনত পাত তুলি অহাৰ পাছত বনুৱাসকলক অনাক্রান্ত অঞ্চলত পাত ছিঙিবলৈ দিব নালাগে ।

২) ব্লেক ৰট্

এইবেমাৰবিধ সাধাৰণতে মে' ,জুন আৰু জুলাই মাহত দেখা যায় যদিও ৰোগ সৃষ্টিকাৰী ভেঁকুৰবিধ মার্চ - এপ্রিল মাহৰ পৰাই সক্রিয় অৱস্থালৈ আহে । অক্টোবৰ মাহৰ পাছত ঠাণ্ডা অহাৰ লগে লগে ভেঁকুৰবিধে ইয়াৰ চাৰিওফালে এক আৱৰণৰ সৃষ্টি কৰি তাৰ মাজত সোমাই ঠাণ্ডা দিনবোৰ পাৰ কৰে । বেমাৰ বিধে পাত তোলা পৃষ্টৰ তলৰ পৈণত পাতবোৰ আক্রমণ কৰে । ফলত আক্রান্ত পাতবোৰ ক্রমে মৰি গৈ গছবোৰ নিশকতীয়া হৈ পৰে আৰু কেঁচা পাতৰ উত্পাদন কমি যাবলৈ ধৰে ।

নিয়ন্ত্রণ পদ্ধতি :

(ক) আক্রান্ত চেকচনবোৰত লঘূ কলম বা স্কিফ কৰা উচিত ।

(খ) ভালদৰে বতাহ চলাচলৰ বাবে চাহ গছবোৰৰ পৰা বাঢ়ি অহা বা ওলমি পৰা অলাগতিয়াল ডালবোৰ কাটি পেলাব লাগে । ছাঁ ঘনে হ'লে ছাঁ গছবোৰো মাজে - সময়ে ডলি দিয়া উচিত ।

(গ) বাগিচাখনৰ পৰা পানী ভালদৰে ওলাই যোৱাৰ ব্যৱস্থা কৰিব লাগে ।

(ঘ) কলম কৰাৰ পাছত গছবোৰত 'কষ্টিকৱাছ' কৰা প্রয়োজন ।

(ঙ) সঘনাই এই বেমাৰ হোৱা চেকচনবিলাকত চুটি কলম (যেনে ত্রিবর্ষীয়) গ্রহণ কৰা উচিত ।

(চ)ফেব্রুৱাৰী - মার্চ মাহত চাহ গছবোৰ আৰু তলত পৰি থকা কলম কৰা ডাল - পাতবোৰত ভালদৰে কপাৰ অক্সিক্ল'ৰাইড (২৫০ গ্রাম ১০০ লিটাৰ পানীত ) প্রয়োগ কৰিব পাৰি।

(ছ) মে' - জুন মাহত ওপৰত উল্লেখ কৰা ঔষধবিধ সেই হাৰত বা হেক্সাকনাজল (১০০ মি: লি: ১০০ লিটাৰ পানীত ) দুসপ্তাহৰ মূৰত দুবাৰ ভালদৰে স্প্রে' কৰিব লাগে । বেমাৰৰ আক্রমণ বেছি হ'লে ছেপ্তেম্বৰ মাহলৈকে মাজে মাজে কপাৰ অক্সিক্ল'ৰাইড প্রয়োগ কৰিব লাগে ।

(জ) ঠাণ্ডা কালি (নৱেম্বৰ - ডিচেম্বৰ ) মাহত কার্বক্সিন বা কপাৰ অক্সিক্ল'ৰাইড প্রয়োগ কৰি পাছৰ বছৰত বেমাৰবিধৰ প্রাদুর্ভাৱ কম কৰিব পাৰি ।

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 6/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate