মূল পৃষ্ঠা / কৃষি / চাহ খেতি / চিংফৌ পদ্ধতিৰে প্ৰাকৃতিক চাহৰ উৎপাদন:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

চিংফৌ পদ্ধতিৰে প্ৰাকৃতিক চাহৰ উৎপাদন:

 

কেৱল অসমীয়া জনসাধাৰণৰ সমাজ-সংস্কৃতি আৰু জনজীৱনৰ লগতেই যে চাহৰ সম্পৰ্ক তেনে নহয়, বিশ্বত অসমীয়াৰ ঐতিহ্য আৰু সম্ভ্ৰমৰ অন্যতম বাৰ্তাবাহকো হৈছে এই চাহ। সেউজীয়া দলিচা পাৰি প্ৰকৃতিৰ নৈসৰ্গিক শোভাৰে সুশোভিত অসমৰ চাহ বাগিচাৰ দৃষ্টিনন্দন ৰূপে সকলোকে আকৰ্ষণ কৰে। ১৮২৩ চনত অসমৰ হাবিত মেজৰ ৰবাৰ্ট ব্ৰুছে চাহ গছ আৱিষ্কাৰ কৰাৰ পিছতেই আৰম্ভ হৈছিল ৰাজ্যখনৰ এটা সুকীয়া পৰিচিত। অৱশ্যে তাৰো আগেয়ে চিংফৌ জনগোষ্ঠীয় লোকসকলে অসমত ঘৰুৱাভাৱে চাহ খেতি কৰি প্ৰাকৃতিক চাহ উৎপাদন কৰিছিল। মণিৰাম দেৱানে ব্ৰুচক চিবাকি কৰি দিছিল চিংফৌ ৰজা বিছাগামৰ লগত। তাতেই ইংৰাজ মেজৰজনে প্ৰত্যক্ষ কৰিছিল স্থানীয়ভাৱে প্ৰস্তুত কৰা প্ৰাকৃতিক চাহ। ১৯৩৬ চনত বৃটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ডিব্ৰুগড় জিলাৰ চাবুৱাত ‘চাবুৱা টি ইষ্টেট’ নামকৰণেৰে আৰম্ভ কৰা প্ৰথম ব্যৱসায়িক চাহ বাগিচাখনৰপৰা বৰ্তমানলৈ চাহ উদ্যোগৰ ব্যাপক প্ৰসাৰ, পৰিবৰ্দ্ধন আৰু পৰিমাৰ্জন হৈ বৰ্তমান এক অনন্য ৰূপত উপস্থাপিত প্ৰতিষ্ঠানৰ খেতি হিচাপে চিহ্নিত হোৱা চাহ খেতিত শেহতীয়াকৈ স্থানীয় যুৱক-যুৱতীৰ অংশগ্ৰহণ অতি আশাপ্ৰদ।

তেনে এক প্ৰেক্ষাপটতেই ২০০৫ চনত নঁগাও জিলাৰ উচ্চ শিক্ষিত কেইবাজনো প্ৰকৃতিপ্ৰেমী আৰু দেশ-মাটি-খেতিক ভালপোৱা যুৱকে সংগঠিত হৈ চাহ খেতি কৰাৰ মানসেৰে গঠন কৰিছিল সেউজজ্যোতি আত্মসহায়ক গোট। নিষ্ঠা, সততা, উদ্যম আৰু দুৰন্ত অভিলাষক মুলধন হিচাপে সৰোগত কৰি তেওঁলোকে আৰম্ভ কৰিছিল ক্ষুদ্ৰ চাহ খেতি। অজ্ঞতা, অনভিজ্ঞতা আৰু কাৰিকৰী জ্ঞানৰ অভাৱৰ বাবে পোনতে বিভিন্ন অসুবিধাৰ সন্মুখীন হৈছিল যদিও যুৱককেইজন কিন্তু থমকি নৰ’ল। ব্যক্তিগউত অসুবিধা বা সন্মুখীন হোৱা সমস্যাবোৰ সমূহীয়া দৃষ্টিভংগীৰে সংঘবদ্ধভাৱে সমাধান কৰি ল’লে সদস্যসকলে। ইতিমধ্যে গোটটোৰ উদ্যম আৰু কৰ্মতৎপৰতা ভাৰতীয় চাহ ব’ৰ্ডৰো দৃষ্টিগোচৰ হ’ল। তেওঁলোকৰ দিহা মৰ্মেই গোটটো সমবায়লৈ ৰূপান্তৰ কৰি সমবায় আইনৰ আওতাৰে পঞ্জীভূক্ত কৰা হ’ল। চাহ ব’ৰ্ডৰ পৰামৰ্শ মতে নতুন নাম ল’লে ‘সেউজজ্যোতি ক্ষুদ্ৰ চাহ উৎপাদক সমবায় সমিতি’। আগবাঢ়িল ‘making quality a habit’ এই আপ্তবাক্যশাৰীক সাৰোগত কৰি।

সেউজজ্যোতিৰ পাহোৱাল ডেকাকেইজন পূৰ্ণোদ্যম লাগি গ’ল সেউজ আবুৰেৰে জীৱনৰ ৰং বোটলাৰ সংগ্ৰামত। তাহানিৰ চিংফৌ পদ্ধতিৰে প্ৰাকৃতিক চাহ উৎপাদন ব্যৱস্থাটোক কৰ্মৰ দাপোনত উদ্ভাসিত কৰি কেঁচা চাহপাতৰ গুণগত মানক নিশ্চিত কৰিহে চাহ উৎপাদন কৰাৰ সংকল্প ল’লে। ৰাসায়নিক সাৰ, কীটনাশক আৰু তৃণনাশকৰ প্ৰয়োগ একেবাৰেই বাৰণ কৰি আৰম্ভ কৰিলে ১০০ শতাংশই জৈৱিক পদ্ধতি। অৱশ্যে এইখিনি বাস্তৱায়িত কৰোতে তেওঁলোকে প্ৰয়োগ কৰা উদ্ভাৱনী চিন্তালানিক স্বীকাৰ কৰিব লাগিব। সমান্তৰালভাৱে পাৰ্শ্বৱৰ্তী আৰু আহুকলীয়া অঞ্চলসমূহত পৰিৱেশ সংৰক্ষণ আৰু প্ৰকৃতি বহনক্ষমতাৰ ওপৰত ৰাইজৰ সজাগ আৰু সচেতন কৰাৰো প্ৰয়াস চলায় সেউজজ্যোতিয়ে। সকলোকে লৈ প্ৰকৃতিৰ সৈতে এক পৰিৱেশ সৃষ্টি কৰাত ডেকাকেইজনক সফল বুলি ক’বই লাগিব। চাহ খেতিৰ আহ্লাদত জীপাল হৈ উঠিল সামগ্ৰিকভাৱে সেউজজ্যোতি আৰু আনুসংগিক সকলোখিনি।

ডেকাকেইজনৰ কিন্তু মূল উদ্দেশ্য চিংফৌ পদ্ধতিৰে জৈৱিকভাৱে প্ৰস্তুত কৰা চাহ জনগণৰ বাবে উপলভ্য কৰোৱা। সেয়েহে এইবাৰ সেউজজ্যোতিয়ে জৈৱিক পদ্ধতিৰে প্ৰস্তুত কৰা পাতখিনি আনক নিদি নিজাকৈ থলুৱাভাৱে চাহপাত প্ৰস্তুত কৰাৰ কথা চিন্তা কৰিলে। নৱ কুমাৰ গগৈ(৯৪৩৫০৬১৮১৮), দিলীপ কুমাৰ গোস্বামী, হিৰো ফুকন, সোমেশ্বৰ গগৈ, সঞ্জীৱ বৰা আৰু কৃষ্ণ কমল বৰাৰ চিন্তাই অচিৰেই বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিলে- ভূমিস্থ হ’ল ‘মাজং’।

‘মাজং’ বড়ো আৰু ডিমাচা ভাষাৰ শব্দ। অৰ্থ ‘ধুনীয়া’। চাহৰ পটভূমিত সম্পূৰ্ণ জৈৱিক পদ্ধতিত খেতি কৰি উৎপাদন কৰা কেঁচা পাতৰপৰা প্ৰাকৃতিকভাৱে চিংফৌ পদ্ধতিৰ থলুৱা ব্যৱস্থা অনুযায়ী হাতেৰে প্ৰস্তুত কৰা চাহ। আহোম ৰাজত্বৰ প্ৰথমছোৱাৰ স্বৰ্গদেও তামামতিয়ে মাকক সম্বোধন কৰিছিল ‘মাজং’ নামেৰে। ‘মাজং’ৰ অৰ্থবহ পৰিচিতিৰ দৰে অচিৰেই ‘মাজং’ জনপ্ৰিয় হৈ পৰিল চাহ ৰসিকসকলৰ মাজত। স্বাস্থ্যৰ প্ৰতি সচেতন আজিৰ জনসাধাৰণে সততে বিচাৰে সুস্বাস্থ্যৰ প্ৰতি অনুকুল সামগ্ৰী আৰু ব্যৱস্থাৱলী।

ইতিমধ্যে পৰীক্ষাৰ দ্বাৰা প্ৰমাণিত হৈছে যে মাজাঙে তেজত কলেষ্টৰলৰ মাত্ৰা কমাই ৰাখি হৃদৰোগীৰ উপকাৰ সধাৰ উপৰি গাঁঠিৰ বিষৰ বাবে উত্তম ফল প্ৰদান কৰে। তদুপৰি ই হাড় শক্তিশালী কৰে। ‘মাজং’ মধুমেহ ৰোগীৰ বাবেও উপকাৰী আৰু কৰ্কট ৰোগৰ প্ৰতিষেধক। ভিটামিন ‘গ’ৰ উৎকৃষ্ট ভাণ্ডাৰ মাজঙে স্মৃতিশক্তি বৃদ্ধি কৰাৰ উপৰি দাঁতৰ ক্ষয়ৰোগ নাশ কৰে। ই ক্ষুধাবৰ্দ্ধক, যকৃতৰ বাবে সুফলদায়ক, মাংসপেশী সবলকাৰক, ছালৰ উজ্বলতা বৃদ্ধিকাৰক তথা সামগ্ৰিকভাৱে নিৰোগী শৰীৰ আৰু সুস্বাস্থ্যৰ বাবে হিতকাৰক।

সুখৰ বতৰা এয়ে যে মাজঙে উৎকৃষ্ট গুণগতমান অক্ষুণ্ণ ৰাখি অতি কম সময়তে লাভ কৰিছে বিৰল স্বীকৃতি আৰু জনপ্ৰিয়তা। ইতিমধ্যে গুৱাহাটীৰ আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ চাহৰ মান পৰীক্ষা প্ৰতিষ্ঠান ‘দা আছাম টী ব্ৰুকাৰ্ছ প্ৰাইভেত লিমিটেড’-এ মাজঙক অতি উন্নত জৈৱিক চাহ বুলি স্বীকৃতি দিছে। মাজঙে দেশীয় নিলাম বজাৰতো আদায় কৰিবলৈ সক্ষম হৈছে সৰ্বোচ্চ দৰ। অলপতে অসম কৃষি বিশ্ববিদ্যালয়ৰ চাহ কোষে আয়োজন কৰা ‘জৈৱিক কৃষি পদ্ধতি’ শীৰ্ষক কৰ্মশালাত মাজঙক ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰস্তুত কৰা চাহৰ ভিতৰত শ্ৰেষ্ঠ হিচাপে অভিহিত কৰি মানপত্ৰ প্ৰদান কৰিছে। মাজঙৰ সফলতাই নি:সন্দেহে ৰাজ্যখনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা।

বিগত বৰ্ষৰ গান্ধী জয়ন্তীৰ দিনা নঁগাৱৰ ডিমৰুগুৰিত থকা ‘জাছিংফা’ নামৰ মীনভিত্তিক পৰিৱেশানুকুল পৰ্যটন কেন্দ্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৰশী বোৱা প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি মাজং আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল। ‘মাজং’ বজাৰলৈ মুকলি কৰি দিছিল প্ৰখ্যাত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰয়াত মীন বিজ্ঞানী ড° পি চি মহন্তই। মাজঙৰ এই জনপ্ৰিয়তা সঁচাকৈয়ে আশাপ্ৰদ। ৰাজ্যৰ প্ৰায়বোৰ নগৰ-চহৰৰ উপৰি দেশ-বিদেশৰ ভালেমান বজাৰত মাজং উপলভ্য। বিদেশতো মাজঙৰ সমানেই ঈৰ্ষণীয় জনপ্ৰিয়তা। গুৱাহাটী মহানগৰীৰো বিভিন্ন প্ৰান্তৰ বিপনীত মাজং পোৱা যায়।

বিশেষকৈ আমবাৰীৰ অগপ ভৱন সংলগ্ন বিপণন চৌহদৰ উদ্যোগী ব্যৱসায়ী চন্দন গোস্বামী(৯৪৩৫০৪৩৪৮১) ‘ক্ৰম্পটন গ্ৰীভছ’ৰ বিপণন কক্ষত মাজঙৰ প্ৰদৰ্শন আৰু বিপণন কৰা হয়। একাপ চাহৰ বাবে ২-৩ গ্ৰাম মাজং কাপত লৈ উতলা গৰম পানী দি ৪-৫ মিনিট সময় ঢাকি পৰৱৰ্তী সময়ত সেৱন কৰাই সকলো দিশৰপৰাই উত্তম। বিশিষ্ট মীন বিশেষজ্ঞ তথা ৰাষ্ট্ৰীয় মীন উন্নয়ন পৰিষদৰ আঞ্চলিক কাৰ্যালয়ৰ তত্ত্বাৱধায়ক বিষয়া ড° সঞ্চয় শৰ্মাই(৯৪৩৫৩০৯৫৬৮) জনোৱা মৰ্মে এনে প্ৰস্তুত প্ৰণালী সকলো দিশৰপৰাই উৎকৃষ্ট। তেওঁ আৰু পৰিয়ালে বিগত কেইবামাহো দৈনিক পুৱা এইদৰে মাজং গ্ৰহণ কৰি যথেষ্ট উপকৃত হোৱা বুলি জানিবলৈ দিয়ে। মাজং সম্পৰ্কে আৰু অধিক তথ্য বা বিশদ বিৱৰণৰ বাবে মাজঙৰ অন্যতম অংশীদাৰ তথা ক্ষুদ্ৰ চাহ খেতিয়ক নৱ কুমাৰ গগৈৰ(৯৪৩৫০৬১৮১৮) লগত যোগাযোগ কৰিব পাৰে। আপোনাক যৎপৰোনাস্তি সহযোগিতা আগবঢ়াবলৈ নৱ গগৈ সদা প্ৰস্তুত।

লেখক:ড° ধ্ৰুৱজ্যোতি শৰ্মা(দৈনিক অসম)

2.79591836735
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top