মূল পৃষ্ঠা / কৃষি / চাহ খেতি / জৈৱ চাহ খেতি আৰু ইয়াৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জৈৱ চাহ খেতি আৰু ইয়াৰ প্ৰয়োজনীয়তা

জৈৱ চাহ খেতি আৰু ইয়াৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে ।

 

চাহ খেতিৰ জনপ্ৰিয়তা সমগ্ৰ দেশত তথা বিশ্ব দৰবাৰত দিনক দিনে বৃদ্ধি পাই আহিছে । সেয়েহে বাণিজ্যিকীকৰণৰ বাবে গুণগত মানৰ চাহ উৎপাদনৰ ক্ষেত্ৰত গুৰুত্ব দিয়াটো জৰুৰী । কৃষি উৎপাদনৰ ক্ষেত্ৰত মাত্ৰাধিক পৰিমাণৰ ৰাসায়নিক দ্ৰব্যৰে প্ৰয়োগে স্বাস্থ্য আৰু পৰিৱেশৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে আৰু লগতে ৰপ্তানিকৃত সামগ্ৰীৰ চাহিদাও দিনক দিনে হ্ৰাস পাইছে।

এতিয়া সমগ্ৰ বিশ্বজুৰি জৈৱিক পদ্ধতিৰে উৎপাদিত সামগ্ৰীৰ জনপ্ৰিয়তা অভূতপূৰ্বভাৱে বৃদ্ধি পাইছে । জৈৱিক কৃষিৰ মূলমন্ত্ৰ হৈছে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট নকৰাকৈ শস্য উৎপাদন বৃদ্ধি কৰা । চাহ হৈছে এবিধ বহু ঔষধি গুণ বিশিষ্ট পানীয় দ্ৰব্য । চাহ সেৱনৰ বহুতো লাভদায়ক বৈশিষ্ট্য আছে । শেহতীয়াকৈ অসমৰ চাহত অত্যধিক পৰিমাণৰ ৰাসায়নিক দ্ৰব্যৰ ব্যৱহাৰে চাহ ৰপ্তানিৰ ক্ষেত্ৰত গভীৰ প্ৰভাৱ পেলাইছে । অসমৰ চাহ উদ্যোগৰ কাৰণে সেয়েহে এয়া এক প্ৰত্যাহ্বান স্বৰুপ হোৱা পৰিলক্ষিত হৈছে । গতিকে, এই সংকটৰ পৰা ৰক্ষা পাবলৈ, ৰাসায়নিক সাৰৰ মাত্ৰা কমাব লাগিব আৰু তাৰ পৰিৱৰ্তে জৈৱিক সাৰ বা জীৱাণু সাৰৰ ব্যৱহাৰ বঢ়াব লাগিব । জৈৱিক সাৰে শস্যৰ অনিষ্টকাৰী শত্ৰুসমূহ প্ৰতিৰোধ কৰাত প্ৰধান ভূমিকা পালন কৰে। বিনা ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰি কৃষিৰ অনিষ্টকাৰী শত্ৰুৰ পৰা শস্য ৰক্ষা কৰাটো কৃষকসকলৰ বাবে প্ৰধান চিন্তাৰ বিষয় হৈ পৰিছে ।

অসম তথা উত্তৰ- পূৰ্বাঞ্চলত চাহ খেতি কৰোঁতে বিভিন্ন ধৰণৰ পোক-পতংগ তথা বেমাৰ দেখা পোৱা গৈছে । উদাহৰণস্বৰুপে- টি মচকিউট’বাগ ৰেড স্প্ৰাইডাৰ মাইট, লুপাৰ, কেটাৰপিলাৰ, মোৱা পোক, ইত্যাদি আৰু আনহাতে গ্ৰে’ ব্লাইট, ব্লিষ্টাৰ ব্লাইট , ব্ৰাউন ব্লাইট ইত্যাদি ৰোগ হোৱা দেখা যায় । কৃষকসকলে এই কীট পতংগসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ অধিক হাৰত কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰে , যিয়ে মাটি আৰু সংসাধিত চাহৰ লগতে প্ৰাকৃতিক ভাৰসাম্য বিনষ্ট হোৱাত সহায় কৰে । যোৰহাটত অৱস্থিত অসম কৃষি বিশ্ববিদ্যালয়ত কেইবাবছৰ ধৰি জৈৱিক কৃষি সম্পৰ্কীয় গৱেষণা অব্যাহত আছে । ইয়াত গুণগত মানৰ জৈৱিক সাৰ অথবা জীৱাণু সাৰ উৎপাদনৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিয়া হৈছে । এই সাৰ ব্যৱহাৰ কৰি শস্যৰ অনিষ্টকাৰী শত্ৰুবোৰ নিয়ন্ত্ৰণ কৰাৰ লগতে ফলপ্ৰসু উৎপাদন পাবলৈ সক্ষম হৈছে । উদাহৰণস্বৰুপে বায়’গ্ৰিন-৫ (ট্ৰাইক’ডাৰ্মা নামৰ ভেঁকুৰবিধৰ পৰা প্ৰস্তুত কৰা এবিধ জৈৱিক ঔষধ ) ২-৩ (%) শতাংশ হাৰত (২-৩ কেজি + ১০০ লিটাৰ পানী)  ১৫ দিনৰ অন্তৰালত ছটিয়াব লাগে । এইবিধ সাৰ ব্যৱহাৰ কৰি পোক-পতংগ, ৰোগ ইত্যাদিৰ পৰা পৰিত্ৰাণ পোৱাৰ উপৰি কেঁচা পাতৰ উৎপাদন বহুলাংশে বৃদ্ধি কৰিব পাৰি । সুগন্ধিযুক্ত আৰু সুস্বাদু চাহ উৎপাদনৰ ক্ষেত্ৰত জৈৱিক কৃষি পদ্ধতিৰ ভূমিকা অপৰিসীম । এই পদ্ধতিৰ দ্বাৰা কেফেইন, পলিফিনল, ইত্যাদিৰ মাত্ৰা বঢ়াব পাৰি । শেষত, ক’ব পাৰি যে জৈৱিক চাহৰ সম্প্ৰসাৰণে অসমক ঔদ্যোগিক তথা অৰ্থনৈতিক দিশত অভূতপূৰ্ব পৰিৱৰ্তন অনাৰ উপৰি আন্ত:ৰাষ্ট্ৰীয় বাণিজ্যিকীকৰণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিব ।

লেখক- ৰিতুৰাজ দেৱ, লেখিকা- জ্বলী দত্ত

উৎস – দৈনিক জনমভূমি

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top