অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বোধশক্তি আৰু স্মৃতিবৰ্ধক কোকো :

বোধশক্তি আৰু স্মৃতিবৰ্ধক কোকো :

 

ঔপনিৱেশ ভাৰতত কফি আৰু চাহ জনপ্ৰিয় হয় । তেতিয়া এই দুয়োবিধ দ্ৰব্যৰ আমদানি হৈছিল বাহিৰৰ পৰা । কিন্তু পিছলৈ ভাৰততে দুয়োবিধ দ্ৰব্যৰ খেতি আৰম্ভ হয় । এতিয়া ভাৰতৰ বিভিন্ন ঠাইত কফি আৰু চাহৰ বিৰাট বাগিচা আছে । দাৰ্জিলিং আৰু অসমৰ চাহ আৰু কুৰ্গৰ কফি বিশ্ব বিখ্যাত । কিন্তু একেধৰণৰ গুণসম্পন্ন পানীয় ‘কোকো’ আমাৰ দেশত এতিয়াও জনপ্ৰিয় হোৱা নাই । অৱশ্যে কোকো ব্যৱহাৰ কৰি তৈয়াৰ কৰা চক’লেট সকলোৰে প্ৰিয় ।

পানীয় হিচাপে কোকো জনপ্ৰিয় হৈছিল ঔপনিৱেশিক ইতিহাসৰ ফলশ্ৰুতি হিচাপেই । অৱশ্যে তেতিয়া ভাৰতত ইয়াৰ প্ৰচলন নহ’ল । কোকো আৱিষ্কাৰ কৰিছিল মধ্য আমেৰিকাৰ মায়া সভ্যতাৰ লোকসকলে । এই সভ্যতাত কোকোৰ অৰ্থ হ’ল ‘দেৱতাসকলৰ খাদ্য’ । মায়াসকলৰ মানত কোকো ইমানেই মূল্যৱান আছিল যে ইয়াক বিনিময়যোগ্য মুদ্ৰা হিচাপেও ব্যৱহাৰ কৰা হৈছিল । এজটেক ইণ্ডিয়ানসকলে কোকোৰ গুড়ি কৰি জলকীয়া, কস্তুৰী আৰু মৌৰ মিশ্ৰণ কৰি চক’লেট নামৰ পানীয় এবিধ তৈয়াৰ কৰিছিল । এই পানীয়ৰ পৰাই পিছলৈ চক’লেট তৈয়াৰ কৰি বিশ্বজুৰি জনপ্ৰিয় কৰা হয় । আমেৰিকাৰ অধিকাংশ দেশত উপনিৱেশ স্থাপন কৰাৰ পাছত স্পেনীয়সকলে কোকো অধিক জনপ্ৰিয় কৰি তোলে আৰু ইয়াৰ একচেতিয়া ব্যৱসায় গঢ়ি তোলে । এই পানীয়ৰ উৎপাদন প্ৰক্ৰিয়া গোপনে ৰাখি তেওঁ লোকে ইয়াক ইউৰোপলৈও আমদানি কৰে । তাত এই পানীয় ব্যয়বহুল আছিল বাবে ই অতি ধনীসকলৰ পানীয় হিচাপেহে প্ৰতিষ্ঠিত হয় । সেই সময়ত ইউৰোপ আৰু আমেৰিকাত সৃষ্টি হোৱা কোকো ভিত্তিক ভালেমান প্ৰেমগীত প্ৰচলন হয়। সেইবোৰ এতিয়াও জনপ্ৰিয় । ঔদ্যোগিক বিপ্লৱৰ সময়ত যন্ত্ৰৰ আৱিষ্কাৰ হোৱাত কোকো উৎপাদনতো ইয়াৰ ব্যৱহাৰ কৰা হয় তেতিয়া ই ধনী-দুখীয়া সকলোৰে বাবে উপলব্ধ হয় ।

সম্প্ৰতি বিশ্বৰ বিভিন্ন ঠাইত বছৰি ১০ নিযুত টন কফি আৰু ৫ নিযুত টন চাহ উৎপাদন কৰা হয় । কোকোৰ বাৰ্ষিক উৎপাদন মাথোন ৩ নিযুত টনহে । উৎপাদনত তৃতীয় স্থানত থাকিলেও কোকোৰ স্বাৰ্থ বৰ্ধক গুণ কফি আৰু চাহতকৈ অধিক । কফিত থকা অত্যধিক কোকেইনৰ বাবে সম্প্ৰতি ইয়াক মাদক দ্ৰব্য হিচাপে গণ্য কৰা হয় । আনহাতে চাহ স্বাস্থ্যবৰ্ধক পানীয় হিচাপে চিহ্নিত হৈছে । চাহত থকা ফ্লেৱনয়ড (Flavonoid) নামৰ মুক্তমূলক-বিৰোধী দ্ৰব্য থাকে । চাহতো কোকেইন থাকে । কিন্তু ইয়াৰ মাত্ৰা কফিতকৈ ভালেখিনি কম । কোকোতো ফ্লেৱনয়ড থাকে । স্বাস্থ্যবৰ্ধক পানীয় হিচাপে প্ৰতিষ্ঠিত হৈছে কোকো । মুক্তমূলক দ্ৰব্যৰ উপৰি কোকোৱে কোষক ৰক্ষণাবেক্ষণ দিব পাৰে । ই বোধশক্তি আৰু স্মৃতি বৃদ্ধি কৰে । ৰক্তচাপ নিয়ন্ত্ৰণ আৰু ইনচুলিন প্ৰতিৰোধ্যতা ৰোধৰ ক্ষেত্ৰতো কোকোৱে সহায় কৰিব পাৰে বুলি প্ৰমাণিত হৈছে । কোকো ব্যৱহাৰ কৰি তৈয়াৰ কৰা চক’লেট ইতিমধ্যে বিশ্বজুৰি জনপ্ৰিয় হৈছে । অধ্যয়নৰ পৰা জানিব পৰা গৈছে যে মৌলিক কোকো পানীয় আৰু চক’লেট অধিক স্বাস্থ্যবৰ্ধক । অসংসাধিত কোকোও অধিক স্বাস্থ্যবৰ্ধক । সংসাধন কৰিলে আৰু সুমিষ্ট কৰিলে ইয়াৰ স্বাস্থ্যবৰ্ধক গুণ ভালেখিনি হ্ৰাস পায় । সংসাধিত আৰু সুমিষ্ট নকৰা কোকো বা চক’লেট সামান্য তিতিকি লাগে । দেখাতে ক’লা ৰঙৰ হয় । এই কোকো আৰু চক’লেট ডায়েবেটিছ ৰোগীয়েও খাব পাৰে। প্ৰশ্ন উঠিব পাৰে উত্তেজক কফিৰ ব্যৱহাৰ বাদ দি কোকো খোৱা উচিত হ’বনে ? অৱশ্যে কোকোয়েও উত্তেজনাৰ সৃষ্টি কৰে , কিন্তু ই নিচাৰ সৃষ্টি নকৰে । গতিকে কফি পৰিহাৰ কৰি চাহ আৰু কোকো খাওক । দুয়োবিধেই স্বাস্থ্যবৰ্ধক বুলি প্ৰমাণিত হৈছে ।

লেখক : ডা: জীৱন দত্ত বৰুৱা

উৎস – দৈনিক জনমভূমি

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate