অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লুপাৰ কেটাৰপিলাৰ

অসমত চাহ গছক গুৰুতৰভাৱে আক্ৰমণ কৰিব পৰা কীটসমুহৰ ভিতৰত ‘লুপাৰ কেটাৰপিলাৰ’ অন্যতম ৷ কেতিয়াবা কোনো কোনো অঞ্চলত এই কীটৰ আক্ৰমণে মহামাৰী ৰূপেও দেখা দিব পাৰে ৷

বসতি আৰু বাসস্থান

  • একাচিয়া কেটেচু, ডেৰিচ ৰ’বাষ্টা, এলবিজিয়া চাইনেনচিচ, এলবিজিয়া লিবেক আদি গছত লুপাৰ কেটাৰপিলাৰ পোৱা যায় ৷
  • ভৰমেদেলুৱা (ডালবাৰজিয়া আচামিকা) আৰু নীল গচ (ইণ্ডিগ’ফেৰা টিজমেনী) লুপাৰ কেটাৰপিলাৰৰ উল্লেখযোগ্য বসতিস্হল ৷
  • লুপাৰৰ পখিলাবোৰে সাধাৰণতে ছাঁ-গছ অথবা বাগিছাৰ আশে পাশে থকা ওখ গছবোৰৰ গা-গছত কণী পাৰে ৷
  • লুপাৰ কেটাৰপিলাৰৰ পখিলাবোৰ ধোঁৱা বৰণীয়া, পাখী দুখনত অসংখ্য ক’লা ক্ষুদ্ৰ ক্ষুদ্ৰ ফুট আৰু হালধীয়া বৰণৰ দাগ থকা হয় ৷
  • পখিলাবোৰে থুপ খুৱাই কণী পাৰে আৰু এনে একোটা থুপত ২০০-৬০০ কণী থাকে ৷ কণিবোৰ চুঙাকৃতিৰ হয় আৰু ইহঁত তুতীয়া বৰণৰ ৷
  • বাগিচাৰ কাষত থকা বাহনিতো লুপাৰে কণী পৰা দেখা যায় ৷

লুপাৰ কেটাৰপিলাৰৰ বিভিন্ন অৱস্থা পাব পৰা সময়

পখিলা

পলু

লেটা

ফেব্ৰ'ৱাৰীৰ শেষভাগ-মাৰ্চৰ প্ৰথমভাগ

মাৰ্চৰ আগভাগ-এপ্ৰিলৰ তৃতীয় সপ্তাহ

মাৰ্চৰ আগভাগ-মে’ৰ প্ৰথম সপ্তাহ

মাৰ্চৰ আগভাগ-মে’ৰ মাজভাগ

মে’ৰ মাজভাগ-জুনৰ তৃতীয় সপ্তাহ

জুনৰ শেষভাগ-জুলাইৰ প্ৰথম সপ্তাহ

জুলাইৰ আগভাগ-জুলাইৰ মাজভাগ

জুলাইৰ মাজভাগ-আগষ্টৰ মাজভাগ

জুলাইৰ শেষভাগ-আগষ্টৰ শেষভাগ

আগষ্টৰ মাজভাগ-অক্টোবৰৰ আগভাগ

ছেপ্তেম্বৰৰ আগভাগ-অক্টোবৰৰ মাজভাগ

অক্টোবৰৰ শেষভাগ-নবেম্বৰৰ প্ৰথম সপ্তাহ

ঠাইবিশেষে জলবায়ু অনুযায়ী এই সময়ৰ কিছু তাৰতম্য ঘটিব পাৰে ৷

আক্ৰমণৰ লক্ষণ

  • পলু অৱস্হাত লুপাৰে কুমলীয়া পাতৰ দাতিত সৰু সৰু ফুটা কৰে আৰু পাছত কাষৰ পৰা পাতবোৰ টুকুৰা টুকুৰকৈ খায় ৷
  • ডাঙৰ হৈ অহাৰ লগে লগে কেটাৰপিলাৰবোৰে সম্পূৰ্ণ পাতখিলায়েই খাই পেলায় ৷
  • ডাঙৰ অৱস্হাত ই বুঢ়াপাতো আক্ৰমণ কৰে আৰু গুৰুতৰভাৱে আক্ৰান্ত অৱস্হাত গছৰ সম্পূৰ্ণ পাতবোৰ খাই গছজোপা লঠঙা কৰি তোলে ৷
  • লুপাৰে সাধাৰণতে বছৰত ৪ বাৰ কণী পাৰে আৰু বৃদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি পলুবোৰ ৫ টা বিভিন্ন স্তৰত পোৱা যায় ৷
  • কেটাৰপিলাৰ বোৰৰ বৰণ গছৰ পাত বা ঠাৰিৰ লগত মিলি থকাৰ বাবে ভালদৰে নিৰীক্ষণ কৰিলেহে গছত ইহঁতৰ অৱস্হিতি নিৰ্ণয় কৰিব পাৰি ৷

নিয়ন্ত্ৰণ

  • কেটাৰপিলাৰবোৰ সৰু অৱস্হাত হাতেৰে সংগ্ৰহ কৰি ধবংস কৰক ৷
  • ডিচেম্বৰ-ফেব্ৰ'ৱাৰী মাহত লুপাৰ আক্ৰান্ত চাহনিডৰাত গছৰ গুৰি অংশ খুচৰি কফি ৰঙৰ লেটাবোৰ সংগ্ৰহ কৰি ধবংস কৰি পেলাওক৷
  • হাতেৰে নতুবা আকাশবন্তি (পেষ্ট-ও-প্লাষ্ট) ৰ সহায়ত ফেব্ৰ'ৱাৰী – মাৰ্চ আৰু আগষ্ট – অক্টোবৰ মাহত লুপাৰৰ পখিলাবোৰ সংগ্ৰহ কৰি পেলালে ইহঁতৰ গছৰ আক্ৰমণৰ পৰা গছবোৰক বহু পৰিমাণে ৰক্ষা কৰিব পাৰি ৷

ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ

সময়

ৰাসায়নিক দ্ৰব্য

পৰিমাণ প্ৰতি ১০০ লি: পানীত (হস্তচালিত স্প্ৰেয়াৰৰ বাবে)

ফেব্ৰ'ৱাৰী – এপ্ৰিল

এণ্ড’চালফন ৩৫ ই.চি. বা কাৰটাফ হাইড্ৰক্ল’ৰাইড ৫০ এচ.পি.

২৫০ মি: লি: 
১০০গ্ৰা:

 

মে’ – জুলাই

ফৰচুনায়া (০.১৫ %) বা নিমগ’ল্ড বা ইথ’ফেনপ্ৰক্স ১০ ই.চি.

৫০০ মি: লি: 
৬৭০ মি: লি: 
১০০ মি: লি:

আগষ্ট – জানুৱাৰী

মে’ – জুলাইৰ দৰে

-

গুৰুতৰ আক্ৰমণত

ডেল্টামেথ্ৰিন ২৮ ই.চি. বা আলফামেথ্ৰিন ১০ ই.চি.

পলুৰ সৰু অৱস্হাত – ১৫ মি: লি: 
পলুৰ ডাঙৰ অৱস্হাত – ২৫ মি: লি:

মনত ৰাখিব

  • গুৰুতৰ অৱস্থাত যুদ্ধকালীন তৎপৰতাৰে লুপাৰ নিয়ন্ত্ৰণৰ ব্যৱস্থা লওঁক ৷
  • এনে অৱস্হাত পাৱাৰ স্প্ৰেয়াৰ ব্যৱহাৰ কৰি পলুৰ সৰু আৰু ডাঙৰ অৱস্হাৰ বাবে উল্লেখিত দ্ৰব্য দুগুণ কৰি মিহলাই স্প্ৰে’ কৰিলে অধিক ক্ষীপ্ৰতাৰে বাগিছাখন লুপাৰৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব পাৰি ৷
  • ছাঁ-গছৰ গা-গছতো ঢুকি পোৱালৈকে ৰাসায়নিক দ্ৰব্য স্প্ৰে’ কৰা উচিত ৷

উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

 

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate