অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হেল’পেলটিচ

চাহৰ অনিষ্টকাৰী কীট সমুহৰ ভিতৰত হেল’পেলটিচ অন্যতম৷ এক সুনিৰ্দিষ্ট, সময়োচিত আৰু সামূহিক প্ৰচেষ্টাত এই অনিষ্টকাৰী কীটটো নিয়ন্ত্ৰণ কৰিব পাৰি৷

আক্ৰমণৰ লক্ষণ

  • জন্মৰ পাছতে (নিম্ফ্) আৰু বয়সীয়া দুয়ো অৱস্হাতে হেল’পেলটিচে নতুনকৈ ওলোৱা পাত, কোঁহ আৰু কুমলীয়া ঠাৰিবোৰৰ পৰা ৰস শুহি খায় ৷
  • ৰস শুহি খোৱাৰ সময়ত নিৰ্গত হোৱা বিষাক্ত লালটিৰ বাবে পাতবোৰত সৰু সৰু চক্ৰাকাৰ প্ৰায় ক’লা দাগ পৰে আৰু দাগবোৰ পাচলৈ শুকাই যায় ৷
  • গুৰুতৰ আক্ৰমণৰ অৱস্হাত পাতৰ আকাৰৰ বিকৃতি ঘটে আৰু পাতবোৰ ঘোৰ খাই যায় অথবা মেটুৰা-মেটুৰী হৈ পৰে ৷
  • নতুনকৈ ওলোৱা কোঁহবোৰ মৰি যায় আৰু আক্ৰান্ত গছবোৰত বহুদিনলৈ কোঁহ বা পাত নোলাব পাৰে ৷

আক্ৰমণৰ সময়

  • গোটেই বছৰজুৰি থাকে যদিও হেল’পেলটিচৰ আক্ৰমণ জুন মাহৰ পৰা চেপ্তেম্বৰ মাহলৈ বেছি হয় ৷
  • জাৰকালি ইহঁতৰ জনসংখ্যা কমি আহে আৰু ফেব্ৰুৱাৰী-মাৰ্চ মাহত পূণৰ্ভাৱ হয় ৷
  • হেল’পেলটিচে সাধাৰণতে ৰাতিপুৱা, আবেলি বা ৰাতিৰ ভাগত আক্ৰমণ কৰে আৰু ক্ষতি বেচি কৰে ৷ দিনত সূৰ্য্যৰ প্ৰখৰ তাপত ইহঁত গছৰ তললৈ নামি আহে ৷

থিতাপি ল’ব পৰা আন ঊদ্ভিদ

  • ফুটুকা, মিকানিয়া ইত্যাদি ৷

নিয়ন্ত্ৰণ ব্যৱস্থা

(ক) কৃষিকাৰ্য্য :

  • গুৰুতৰভাৱে আক্ৰান্ত গছসমুহ বা চাহনিডৰা বছৰৰ শেষত কলম বা ডীপ স্কিফ্ কৰিব লাগে ৷
  • কলম বা স্কিফিং কৰোতে কেঊফালৰ সীমাৰ পৰা আৰম্ভ কৰি মাজত কেইজোপামান গছ ৰাখি থৈ এদিন বা দুদিনৰ পাছত কুইনেলফ’চ বা ফচাল’ন ১:২০০ অনুপাতত স্প্ৰে কৰক ৷ ইয়াৰ পাছত গছকেইজোপা কলম / স্কিফিং কৰিব পৰা যায় ৷
  • অপতৃণ নিয়ন্ত্ৰণ ব্যৱস্হা হাতত লওঁক ৷
  • অতি আক্ৰান্ত অঞ্চলত ‘ব্লেক প্লাকিং’ কৰিব আৰু ইয়াৰ পাছতে পোকটো নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিব৷
  • হেল’পেলটিচৰ দ্বাৰা আক্ৰান্ত কোঁহ বা পাতবোৰ পাততোলা পৃষ্ঠৰ পৰা ঊঠাই ধবংস কৰি পেলাব ৷

(খ) ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ :

তালিকা : হেল’পেলটিচ নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক দ্ৰব্য আৰু প্ৰয়োগৰ পৰিমান

ৰাসায়নিক দ্ৰব্য

প্ৰয়োগৰ পৰিমাণ (১০০ লি. পানীত)

হস্তচালিত স্প্ৰেয়াৰৰ বাবে

শক্তিচালিত (পাৱাৰ) স্প্ৰেয়াৰৰ বাবে

ফচাল’ন ৩৫ ইচি

২৫০ মি: লি:

৫০০ মি: লি:

কুইনেলফ’চ ২৫ ইচি

২৫০ মি: লি:

৫০০ মি: লি:

প্ৰাফেন’ফ’চ ৫০ ইচি

১০০ মি: লি:

২০০ মি: লি:

ডেল্টামেথ্ৰিন ২.৮ ইচি

৫০ মি: লি:

১০০ মি: লি:

আলফম্ৰেথিন ১০ ইচি

৫০ মি: লি:

১০০ মি: লি:

ডাইফ্লুবেনযুৰণ ২৫ 
ডব্লিও পি

১০০ মি: লি:

২০০ মি: লি:

থায়োমেথ’ক্সেম

২০ গ্ৰা:

৪০ গ্ৰা:

ক্লথিয়ানিদিন

২০ গ্ৰা:

৪০ গ্ৰা:

নিম (এজাডিৰেকচিন ৫%)

৭০ মি: লি:

১৪০ মিলি

  • হেল’পেলটিচৰ আক্ৰমণৰ আগেয়ে জানুৱাৰী-ফেব্ৰুৱাৰী মাহত আনপ্ৰুন চেকচনত আৰু ফেব্ৰুৱাৰীৰ শেষৰ পৰা মাৰ্চ মাহৰ আগভাগলৈ কলম অথবা প্ৰুন কৰা চেকচনত নতুনকৈ কোঁহ ওলোৱাৰ পাচতেই প্ৰফেন’ফ’চ বা কুইনেলফ’চ এবাৰ (ব্লেঙ্কেট স্প্ৰে) প্ৰয়োগ কৰিব ৷
  • বাগিচাত হেল’পেলটিচৰ আক্ৰমণ লক্ষ্য ৰাখিব আৰু সময়মতে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিব ৷
  • ৰাসায়নিক দ্ৰব্য ৰাতিপুৱা আৰু আবেলিৰ সময়ছোৱাত প্ৰয়োগ কৰিব ৷
  • স্প্ৰে কৰোতে চাহগছৰ তলে ওপৰে যাতে ভালদৰে স্প্ৰে কৰা হৈছে লক্ষ্য ৰাখিব ৷
  • হেল’পেলটিচ নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য আন ৰাসায়নিক দ্ৰব্য, সাৰ আদিৰ লগত মিহলি নকৰিব ৷
  • ৰাসায়নিক দ্ৰব্য পাত তোলাৰ পাচদিনাই প্ৰয়োগ কৰিব ৷

(গ) হেল’পেলটিচ নিয়ন্ত্ৰণৰ বাবে বিশেষ স্প্ৰে কৌশল

  • প্ৰথমে চাহনিডাৰাৰ চাৰিওকাষে ৮-১০ শাৰী গছ স্প্ৰে কৰিব ৷
  • ইয়াৰ পাচত গছবোৰ ছবিত দেখুওৱাৰ ধৰণেৰে দুয়োফালৰ পৰা বিপৰীত দিশত স্প্ৰে কৰিব ৷

মনত ৰাখিব

  • হেল’পেলটিচৰ বাবে ওচৰত থকা সকলো বাগিছাই একেলগে একেসময়তে নিয়ন্ত্ৰণ ব্যৱস্হা ল’ব লাগিব ৷
  • ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰাৰ পাচত সকাহ পোৱা গছবিলাকত প্ৰয়োজন অনুসৰি এখিলা পাত এৰি পাত তুলিব ৷
  • বেছি ক্ষতি হোৱা গছবোৰ বছৰৰ শেষত আৰু কলম কৰাৰ আগেয়ে কিছুদিন পাত নোতোলাকৈ ৰাখিব আৰু স্বাস্হ্যবান ডাল পোৱাকৈ কলম কৰিব ৷
  • বাগিছাৰ ওচৰৰ হেল’পেলটিচৰ ঊৎস হ’ব পৰা হাবি, নলা আদি চাফা কৰি ৰাখিব ৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate