অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰঙা চাঁহি

বহুবৰ্ষী আৰু একক খেতি (Monocrop) হোৱা হেতুকে আৰু অসমৰ জলবায়ুত চাহগছ বহু কীট-পতঙ্গ আৰু বেমাৰৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে ৷ চাহগছত প্ৰায় দুশবিধ কীট-পতঙ্গই আক্ৰমণ কৰে যদিও মাত্ৰ পোন্ধৰ বিধমানহে চকুত পৰাকৈ অনিষ্ট সাধন কৰে ৷ এনে অনিষ্টকাৰী কীট-পতঙ্গসমুহৰ ভিতৰত ‘ৰেড স্পাইডাৰ মাইট’ বা ৰঙা চাঁহি অন্যতম ৷

আক্ৰমণৰ লক্ষণ

  • সাধাৰণতে পৈণত পাতৰ ওপৰভাগৰ পৰা ৰস শুহি খায় ৷
  • গুৰুতৰ ভাৱে আক্ৰান্ত অৱস্হাত নতুন বা কোমল পাত আৰু পাতৰ তলভাগতো আক্ৰমণ কৰে৷
  • প্ৰথম অৱস্হাত ৰস শুহি খোৱা স্হানত ৰঙচুৱা ক্ষুদ্ৰ ক্ষুদ্ৰ বিন্দু সৃষ্টি হয় যদিওপাছলৈ এই বিন্দুবোৰ লগ লাগি পাতত বহলভাৱে তাম বৰণীয়া ৰং ধাৰণ কৰে৷
  • গছৰ বৃদ্ধি বাধাগ্ৰস্ত হয় আৰু লাহে লাহে পাত সৰা আৰম্ভ কৰে৷

আক্ৰমণৰ সময়

সাধাৰণতে গোটেই বছৰ জুৰি চাহ গছৰ পাতত ৰঙা চাঁহি পোৱা যায় ৷ জানুৱাৰী/ফেব্ৰুৱাৰী মাহৰ পৰা ৰঙা চাঁহিয়ে  আক্ৰমণ আৰম্ভ কৰে যদিও মাৰ্চ-এপ্ৰিল মাহত বায়ুমণ্ডলীয় তাপ বৃদ্ধিৰ লগে লগে ইয়াৰ বংশ বৃদ্ধি পায় আৰু আক্ৰমণৰ তীব্ৰতাও বাঢ়ে ৷ বৰষুণ বাঢ়ি অহাৰ লগে লগে জুলাই মাহ মানৰ পৰা গছত চাঁহিৰ সমস্যা কমি যায় আৰু আক্ৰমণো হ্ৰাস পায় ৷ ছেপ্তেম্বৰ-অক্টোবৰ মাহত কেতিয়াবা পুনৰ আক্ৰমণ হ’ব পাৰে৷

বাস কৰিব পৰা আন উদ্ভিদ

কপাহ, মৰাপাট, কফি, গাহৰি বন, ডেৰিচ ৰবাষ্টা, ফুটুকা, বৰমেদেলুৱা ইত্যাদি ৷

ৰঙা চাঁহি আক্ৰমণৰ কিছুমান অৱস্থা

  • খৰাং, গৰম আৰু সেমেকা বতৰ
  • পাতলীয়া বৰষুণৰ পাছতে ৰ’দ – এনে বতৰ সঘনাই হৈ থকা অৱস্হা ৷
  • কিছুমান সঁচ যেনে - TV1, TV17 আদি ৰঙা চাঁহিৰ দ্বাৰা বেছিকৈ আক্ৰান্ত হোৱা পৰিলক্ষিত হয় ৷
  • ধূলিৰে চাহ গছ আৱৰি থকা অৱস্হা ৷
  • চাহনিডৰাত ছাঁৰ অভাৱ ৷
  • চাহনিডৰা অপতৃণ (ঘাঁহ-বন) ৰে ভৰি থকা অৱস্হা ৷
  • মাটিত প্ৰয়োজনীয় মৌলৰ অভাৱ বা সাৰৰ অসম প্ৰয়োগ ৷
  • নলাত পানী জমা বা চাহনি ডৰাৰ পৰা পানী ভালদৰে ওলাই যাব নোৱাৰা অৱস্হাত নলাৰ কাষৰ গছবোৰত ৰঙা চাঁহিৰ আক্ৰমণ বেছি হয় ৷
  • মাটিৰ অম্লতা (pH) ৰ হীন-দেড়ি ৷

কেইবাবছৰো চাহনিডৰা কলম নকৰাকৈ ৰাখিলে ৰঙা চাঁহিৰ আক্ৰমণ বৃদ্ধি পাব পাৰে ৷ সাধাৰণতে আনপ্ৰুন বাগিছাত আক্ৰমণ বেছি হোৱা পৰিলক্ষিত হয় ৷

নিয়ন্ত্ৰণ ব্যৱস্থা

(ক) কৃষিকাৰ্য :

  • চাহনিডৰাত ছাঁ-গছ ৰোপনৰ ব্যৱস্হা কৰক ৷
  • অপতৃণ নিয়ন্ত্ৰন ব্যৱস্হা হাতত লওঁক ৷
  • পথৰ কাষৰ চাহ গছবোৰ জেওৰা বা ফেন্সিঙৰ কাষে কাষে তিতা ফুল বা তিতাবাহক গছ ৰোপণ কৰি ধুলিৰ পৰা ৰক্ষা কৰিব পাৰি ৷
  • নলা ব্যৱস্হাৰ উন্নীতকৰণ ৷
  • চাহগছত প্ৰয়োজনীয় আৰু সময়োচিত সাৰ প্ৰয়োগ ৷
  • চাহনিডৰাত গৰু-ছাগলীৰ প্ৰবেশ নিষিদ্ধ কৰা ৷
  • অনাক্ৰান্ত অঞ্চলত আক্ৰান্ত অঞ্চলতকৈ আগেয়ে পাত তোলাৰ ব্যৱস্হা কৰা উচিত৷
ৰাসায়নিক দ্ৰব্য প্ৰয়োগ

তালিকা : ৰেড স্পাইডাৰ মাইট্ নিয়ন্ত্ৰণৰ বাবে ৰাসায়নিক দ্ৰব্য আৰু প্ৰয়োগৰ পৰিমাণ

ৰাসায়নিক দ্ৰব্য

প্ৰয়োগৰ পৰিমাণ (১০০ লি. পানীত)

হস্তচালিত স্প্ৰেয়াৰৰ বাবে

শক্তিচালিত (পাৱাৰ) স্প্ৰেয়াৰৰ বাবে

ডাইক’ফ’ল ১৮.৫ ইচি
চালফাৰযুক্ত দ্ৰব্য
(৮০ ডব্লিউ জি)
প্ৰফেন’ফ’চ ৫০ ইচি
ফেনাযাকুইন ১০ ইচি
প্ৰপাৰজাইট্ ৫৭ ইচি
মিলবেকনক 
নিম (এজাডিৰেকটিন ৫%)

২৫০ মি: লি: 
৫০০ মি: লি:

১০০ মি: লি: 
২৫০ মি: লি: 
২৫০ মি: লি: 
১০০ মি: লি: 
৭০ মি: লি:

৫০০ মি: লি: 
১০০০ মি: লি:

২০০ মি: লি: 
৫০০ মি: লি: 
৫০০ মি: লি: 
২০০ মি: লি: 
১৪০ মি: লি:

  • ডিচেম্বৰ-জানুৱাৰী মাহত আনপ্ৰুন আৰু পুলি বাগিছাত, ফেব্ৰুৱাৰী মাহত স্কিফ্ কৰা বাগিছাত আৰু মাৰ্চ মাহত কলম কৰা বাগিছাত ডাইক’ফ’ল/চালফাৰযুক্ত দ্ৰব্য/প্ৰপাৰজাইট/ফেনাযাকুইন দুবাৰ ১৫ দিনৰ ব্যৱধানত ব্লেংকেট স্প্ৰে কৰিব৷
  • আৰম্ভণিতে বাগিছাত ৰেড স্পাইডাৰ মাইটৰ আক্ৰমণ লক্ষ্য কৰিলে প্ৰয়োজন অনুসৰি স্পট্ স্প্ৰে (আক্ৰান্ত অঞ্চলত) ৰ ব্যৱস্হা কৰিব ৷
  • আক্ৰমণ বেছি হ’লে ৰাসায়নিক দ্ৰব্য ৭-১০ দিনৰ ব্যৱধানত দুবাৰ প্ৰয়োগৰ ব্যৱস্হা কৰিব৷ এপ্ৰিল-অক্টোবৰ মাহৰ সময়ছোৱাত ৭ দিনৰ ব্যৱধানত আৰু নবেম্বৰ-মাৰ্চ মাহৰ সময়ছোৱাত ১০ দিনৰ ব্যৱধানত প্ৰয়োগ কৰিব ৷
  • ৰাসায়নিক দ্ৰব্য গছৰ তলে ওপৰে আৰু গোটেই গছজোপাত যাতে প্ৰয়োগ কৰা হৈছে লক্ষ্য ৰাখিব৷
  • ৰাতিপুৱা আৰু আবেলিৰ সময়ছোৱাতহে ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰিব৷
  • চালফাৰ যুক্ত ৰাসায়নিক দ্ৰব্য শুকান ৰদোজ্জল গৰম বতৰত প্ৰয়োগ নকৰিব৷
  • ৰঙা চাঁহি নিয়ন্ত্ৰণৰ বাবে ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য আন ৰাসায়নিক দ্ৰব্য, সাৰ আদিৰ লগত মিহলি নকৰিব ৷
  • ৰঙা চাঁহি নিয়ন্ত্ৰণ স্প্ৰেয়িং কাৰ্য নিৰিক্ষণ (Supervision ) ৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰে৷
উৎস: অসম কৃষি বিশ্ববিদ্যালয়।

শেহতীয়া উন্নীতকৰণ: : 3/20/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate