অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

গোৱালপাৰা জিলাৰ কৃষিৰ বাতৰি

কলা চাউলৰ খেতিৰ বিখ্যাত গোৱালপাৰাৰ কৃষক উপেন্দ্ৰ ৰাভা

কলা চাউল। কলা ধানৰ সৈতে আমাৰ কৃষক পৰিচিত,কলা ধানৰ পৰা ওলোবা চাউলো বগায়েই হয়।ইয়াত নতুনত্ব একো নাই।কিন্ত কলা চাউল? সাধাৰনতে বগা বা ৰঙা চাউলৰ সৈতে অভ্যস্ত আমাৰ কৃষক ৰাইজৰ বাবে কলা ৰঙৰ চাউলৰ কথা নিতান্তই আচহুবা বুলিয়েই কব লাগিব।

আৰু তেনে এবিধ আচহুবা ধান বা চাউলৰ খেতিত লাভ কৰা সফলতাৰ বাবেই শেহতীয়াভাবে আমাৰ এগৰাকী প্ৰগতিশীল কৃষকে স্ংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিছে।

কৃষকগৰাকীৰ নাম উপেন্দ্ৰ ৰাভা।ঘৰ গোৱালপাৰা জিলাৰ আমগুৰিপাৰাত।সদায় নতুনত্ব সন্ধানত থকা অধ্যৱসায়ী এই কৃষকগৰাকীৰ কথা কোৱাৰ আগেয়ে কলা চাউলৰ বিষয়ে অলপ কৈ লোৱাটো ভাল হব।

অন্য চাউলৰ বা দানাজাতীয় শস্যৰ তুলনাত অধিক মাত্ৰাত এন্থাচায়েনিন নামৰ এবিধ যৌগ থকা ডাঠ কলা বৰনৰ এই চাউলবিধ খাদ্য প্ৰ্স্তত কৰাৰ পাছত পূৰৈবৰনীয় হৈ পৰে।যিকোনো ধৰনৰ পৰমান্নৰ উপৰিও পৰিজ আদিৰ দৰে খাদ্য সম্ভাৰ প্ৰ্স্তত কৰাৰ বাবে এই চাউলবিধ উপযোগী।যথেষ্ঠ পুষ্টিকৰ এই চাউলবিধ ১৮ বিধ এমিনো এচিড,লো,জিংক,কপাৰ,কেৰটিন আদি থকাৰ উপৰিও কেইবাবিধো ভিটামিনৰে ই সমৃদ্ধ।চীন দেশত এই কলা চাউলবিধক কিডনি তথা পেট আৰু লিভাৰৰ অসুখৰ ক্ষেত্ৰত পথ্য হিচাপে ব্যৱহাৰ কৰা হয়।যথেষ্ঠ পৰিমানৰ এন্টিঅক্সিডেন্ট,আহঁ,আৰু কম শৰ্কৰাযুক্ত এই কলা চাউলবিধক আধুনিক বিশ্বই “চুপাৰ ফুড”হিচাপে আখ্যা দিছে।এইবিধ ধানৰ খেতি মধ্যমীয় ওখ মাটিত ভাল হয়।১১০-১২০ দিন কৃষিকালযুক্ত এইবিধ ধান গছৰ উচ্চতা ৩-৩,৫ ফুট হয়।জুলাই-আগষ্ট মাহত বীজ সিঁচা এইবিধ ধান ফুলিবলৈ আৰম্ভ কৰিলে পথাৰত এক মিঠা সুগন্ধ বিয়পি পৰে।এইবিধ ধানৰ গড় উৎপাদন প্ৰ্তি হেক্টৰত ২ টন।

আকৌ আহো উপেন্দ্ৰ ৰাভাৰ প্ৰ্স্ংগলৈ। দুধনৈৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ আঁচনি সমণ্ব্যক ড:ইউ কে বৰুৱাই স্ংগ্ৰহ কৰা এই কলা ধানৰ সঁচবিধৰ কেইটামান ধান গোৱালপাৰাৰ জিলা কৃষি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰা সময়ত এই লেখকে আনি পৰীক্ষামূলকভাবে দিছিল উপেন্দ্ৰ ৰাভাক। ২০১১ চনত ৰাভাই এজোপা ধান গছৰ পৰা উৎপাদন কৰিলে ১৫০ গ্ৰাম ধান।২০১২ চনত সেই ১৫০ গ্ৰাম ধানৰ পৰাই লাভ কৰিলে ৩০ কিলোগ্ৰাম ধান।তেনেদৰে ২০১৩ চনত তেওঁ সেইখিনি ধানকেই বীজ হিচাপে ব্যৱহাৰ কৰি ০,৮ হেক্টৰ মাটিৰ পৰা উৎপাদন কৰিলে ১৬০০ কিলোগ্ৰাম ধান।এই কলা চাউলবিধৰ গুন আৰু কৃষক আৰু উপভোক্তাৰ মাজত ইয়াৰ সম্ভাব্য জনপ্ৰিয়তাৰ প্ৰ্তি লক্ষ্য ৰাখি ২০১৪ চনত কৃষি বিভাগে ৰুপায়ন কৰা আত্মা আচঁনিৰ অধীনত আমগুৰিৰপৰা গাঁৱত ৩৩ টা প্ৰ্দৰ্শনমূলক খেতিৰ জৰিয়তে এইবিধ মূল্যবান ধানৰ খেতিৰ সম্প্ৰ্সাৰন কৰা হয়।বৰ্তমান অঞ্চলটোত উপেন্দ্ৰ ৰাভাক এই কলা চাউলৰ খেতিৰ পথ প্ৰ্দৰ্শন বুলিলেও অত্যুক্তি কৰা নহব।।

লিখক: ড: ভূমিধৰ কলিতা, এগ্ৰী-হৰ্টী প্ৰদৰ্শনী ২০১৫।

শেহতীয়া উন্নীতকৰণ: : 6/21/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate