অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ইনফেক্চিয়াচ ফ্লেচাৰি ৰোগ

লক্ষণ

  • ৰোগত আক্ৰন্ত পলু বোৰ চলাচলত লেহমীয়া হয় I
  • পলুবোৰৰ মলদ্ৱাৰ বাহিৰলৈ ওলাই আহে I
  • ৰোগৰ আক্ৰমনৰ 2-3 দিনৰ পিচতে পলু বোৰ মৰি যায় I

ৰোগ হোৱাৰ সময়

  • জেঠ আহাৰ মাহত এই ৰোগ হয়।

ক্ষতিৰ পৰিমান

  • 6-12 % মুগা পলু লোকচান হয় I
  • তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগত আক্ৰন্তা হয় I

প্ৰতিকাৰ

  • পৰিশোধন কৰা ভাল নিৰোগী সচহে ব্য্ৱহাৰ কৰিব লাগে I
  • স্তৰ ভেদে পলুক উন্নতা মানৰ পাত যোগান ধৰিবা লাগে I
  • লাহদৈ নামৰ ঔষধ বিধ 1 গ্ৰাম 10 লিটাৰ পানীত মিহলাই চটিয়ালে এই ৰোগ ভাল হয় I

ভেকুৰ ৰোগ

  • এই বিধ ৰোগ বভেৰিয়া বাছিয়ানা নামৰ ভেকুৰৰ দ্ৱাৰা হয় I

লক্ষণ

  • ৰোগত আক্ৰন্ত পলু বোৰ চলাচলত লেহমীয়া হয় I
  • খাবলৈ এৰে I
  • ৰোগে আক্ৰমন কৰাৰ 12 ৰ পৰা 18 ঘন্টাৰ ভিতৰতে পলু বোৰ জঠৰ হৈ পৰে I
  • 20 ৰ পৰা 24 ঘন্টাৰ ভিতৰতে পলু বোৰ মৰি যায় I
  • মৃত পলুৰ গোটই গাটো বগা ৰংৰ ভেকুৰৰ উনুসুত্ৰৰে ঢকি ধৰে I

ৰোগৰ ঊত্স

  • বীজানু থকা মাটি I
  • ৰোগাক্ৰন্ত টান হৈ পৰা মৃত পলু বোৰ I
  • জেকা ৰদ নপৰা চোমনি I

ক্ষতিৰ পৰিমাণ

  • জাৰকালি 57-88 % মুগা পলু লোকচান হয় I
  • তিনি আৰু চাৰি ছাল কটা পলু এই ৰোগত আক্ৰান্ত হয় I

ৰোগ হোৱাৰ সময়

  • জাৰকালি যেতিয়া ৰাতিৰ তাপ মত্ৰা অতি কমি যায় ঘন কুৱলী পৰে তেতিয়ায়

প্ৰতিকাৰ

কাল্চাৰেল পদ্ধতি

  • জাৰোৱা মুগা বাহ লগাওতে সদায় ৰদ ঘাই চোমনি বাচি লব লাগে I
  • আগতিয়াকৈ চোমনি খন পৰিস্কাৰ কৰি বীজানু মুক্ত কৰি লব লাগে I
  • মুগা বাহ পালনত নাইলনৰ আঠুৱা ব্যৱহাৰ কৰাতো দৰকাৰ I
  • পুৱা গধুলি সোমনিত নিয়ৰ আৰু কুৱলী কমাবৰ বাবে ধোৱা দিব লাগে I

ৰাসায়নিক পদ্ধতি

  • জাৰোৱা মুগা বাহৰ বাবে “লাহদৈ” চতিওৱা নিত্যান্ত প্ৰয়োযন্ I

মুগা পলুৰ অপকাৰী পোক

উজি মাখি

  • এক্জৰিস্তা চৰ্বিলেন্চ আৰু ব্লিফাৰিপা জেব্ৰিনা নামৰ দিবিধ মাখিয়ে আক্ৰমন কৰে I

আক্ৰমনৰ ধৰণ

  • উজি মাখি বোৰে মুগা পলুৰ চালৰ ওপৰ ভাগত কনী পাৰে I
  • এই কনী বোৰৰ পৰা সৰু সৰু পলু ওলাই পলুৰ ভিতৰলৈ সুমাই কলা বোৰ খাবলৈ ধৰে I
  • যেতিয়া ঐ পলু বোৰ পুৰঠ অৱস্থা পায় তেতিয়া ইহত বাহিৰলৈ ওলাই আহি চোমনিত বা সচ উৎপাদন কৰা ঘৰৰ ভিতৰতে লেটা বান্ধেI
  • উজিয়ে আক্ৰমন কৰা মুগাবোৰ পলু বা লেটা অৱস্থাতে মৰি যায় I

উজি হোৱাৰ সময়

  • পুহ মাহৰ পৰা চত মাহলৈ উজি মাখি বেছিকৈ হয় I

প্ৰতিকাৰ

যান্ত্ৰিক পদ্ধতি

  • মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন I
  • সচ উত্পাদনৰ সময়ত সকলো বোৰ উজি মাখিৰ লেটা সংগ্ৰহ কৰি মাৰি পেলাব লাগে I

জৈবিক পদ্ধতি

  • অক্তোবৰ মাহৰ পৰা অতি পৰজীবী চোমনি খনত মেলি থাকিলে উজি মাখিৰ লেটা বোৰ এই অতি পৰজীবী বোৰে নষ্ট কৰিবা পাৰে, ফলত উজি মাখি চোমনি খনত কমি যায় I

এপেন্তেলিচ বা কোনকোনি মাখি

  • এপেন্তেলিচে আক্ৰমনৰ ফলত মুগা পলুৰ ওপৰত কিছুমান সৰু সৰু লেটা উত্পত্তি হৈ অৱশেষত পলুটো মৰিযায় I

এপেন্তেলিচ বা কোনকোনি মাখি হোৱাৰ সময়

  • সাধাৰণতে গৰমৰ দিনত এই কোনকোনি মাখি বেছিকৈ হয় I

প্ৰতিকাৰ

  • মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন I
  • মাখিৰ কনী আৰু লেটা বোৰ পালেই ধ্বংশ কৰিবা লাগে I

মকৰা

  • চালুকিয়া পলুৰ ক্ষতি কৰে I

বৰল

  • আহাৰ শাওন মাহৰ পৰা ভাদ আহিন মাহলৈকে বৰলে মুগা পলু ক্ষতি কৰে I

প্ৰতিকাৰ

  • মোগা পলু পালনৰ সময়ত নাইলন আঠুৱা ব্যৱ্হাৰ কৰা টো অতি প্ৰয়োযন I

লেখিকা: ড: ৰঞ্জনা দাস।

শেহতীয়া উন্নীতকৰণ: : 6/5/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate