মূল পৃষ্ঠা / কৃষি / ৰেচম শিল্প / এৰী খাদ্য বৃক্ষৰ উন্নত কৃষি পদ্ধতি
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এৰী খাদ্য বৃক্ষৰ উন্নত কৃষি পদ্ধতি

এৰা আৰু কেছেৰু গছৰ পাত এৰী পলুৰ মুখ্য খাদ্য বৃক্ষ।সাধাৰণতে এৰী পালকসকলৰ কোমো নিৰ্দিষ্ট প্ৰণালীবদ্ধ এৰা আৰু কেছেৰুতলী নথকাৰ বাবে তেঁওলোকে বনৰীয়া গছৰ পৰা পাত সংগ্ৰহ কৰি এৰী পলু পালন কৰে।

 

এৰা আৰু কেছেৰু গছৰ পাত এৰী পলুৰ মুখ্য খাদ্য বৃক্ষ।সাধাৰণতে এৰী পালকসকলৰ কোমো নিৰ্দিষ্ট প্ৰণালীবদ্ধ এৰা আৰু কেছেৰুতলী নথকাৰ বাবে তেঁওলোকে বনৰীয়া গছৰ পৰা পাত সংগ্ৰহ কৰি এৰী পলু পালন কৰে।ফলত উন্নত মানৰ পাত উপযুক্ত পৰিমাণে যোগান ধৰিব নোৱাৰে।সেয়েহে এৰী পলুৰ প্ৰণালীবদ্ধ খাদ্য বৃক্ষৰ প্ৰয়োজনীয়তা অনুভৱ কৰি এই পত্ৰিকাত এৰা আৰু কেছেৰু গছৰ বিজ্ঞানসন্মত কৃষি পদ্ধতিৰ দিহা দিয়া হৈছে।

এৰা গছৰ খেতি পদ্ধতি:

 

1)মাটি নিৰ্বাচন:

  • জৈৱিক সাৰযুক্ত,ওখ পানী জমা নোহোৱা সমান মাটি এৰা খেতিৰ বাবে উপযুক্ত।

2)এৰা গছৰ জাত আৰু বীজ নিৰ্বাচন:

 

  • পাউদাৰবিহীন ৰঙা জাতৰ(এন.বি.আৰ.-1)সুস্থ আৰু পুৰঠ বীজহে এৰা খেতিৰ বাবে নিৰ্বাচন কৰা উচিত।

3)এৰাতলী প্ৰস্তুতকৰণ:

 

  • মাটিডৰা 2-3 বাৰ দকৈ হালবাই চাহ কৰা উচিত।
  • উক্ত্ মাটিত 1*1 মি. দূৰত্বত 25*25*25 ছে.মি. জোখৰ গাঁত খান্দি প্ৰতিটো গাঁতত 5 কি.গ্ৰা. পৰিমাণৰ গোবৰ বা পচন সাৰ প্ৰয়োগ কৰি মাটিৰ লগত মিহলি কৰি ল’ব।
  • পাহাৰৰ এঢলীয়া মাটিত খেতিৰ ব্যৱস্থা কৰিলে গাঁত খান্দি পচন সাৰৰ ব্যৱস্থা কৰিব।

4)বীজ সিচাঁৰ সময় আৰু পদ্ধতি:

 

  • এৰা গছৰ বীজ সিচাঁৰ বাবে চ’ত-বহাগ আৰু আহিন-কাতি মাহ উত্তম সময়।
  • আগতে তৈয়াৰ কৰি লোৱা প্ৰতিটো গাঁতত 2টাকৈ বীজ কমেও 2 ছে.মি. দকৈ মাটিত পুতি দিব লাগে।
  • বীজ সিচাঁৰ পাছত প্ৰয়োজন সাপেক্ষে 2-3 বাৰ পানী দিয়াৰ ব্যৱস্থা কৰা উচিত।
  • বীজ সিচাঁৰ 7-10 দিনৰ ভিতৰত অংকুৰিত হয়।
  • অংকুৰণৰ 3 সপ্তাহ পাচত প্ৰতিটো গাঁতত সুস্থ পুলিটো ৰাখি,আনটো উঘালি পেলাব।

5)প্ৰতিপালন:

 

  • এৰাতলী বছৰি 3-4 বাৰ কোৰ মাৰি ঘাঁহ-বন নিকাই দিব লাগে।
  • পুলি গজাৰ ঠিক এমাহৰ পাচত পুলিটোৰ চাৰিওফালে ঘুৰণীয়াকৈ গাঁত খান্দি ইউৰীয়া,এচ-এচ-পি আৰু এম-অ-পি ক্ৰমান্বয়ে 13 গ্ৰা:,25 গ্ৰা: আৰু 3 গ্ৰা: জোখত প্ৰতিজোপা গছত প্ৰয়োগ কৰিব।
  • প্ৰথম কিস্তি সাৰ প্ৰয়োগৰ 3 মাহ্ৰ পাচত(প্ৰথমবাৰ পাত স্ংগ্ৰহৰ পাচত)7 গ্ৰা: ইউৰীয়া আৰু 1 কি:গ্ৰা: পচন সাৰ প্ৰতিজোপা গছত পুনৰ প্ৰয়োগ কৰিব।

6)ৰোগ আৰু কীট-পতঙ্গ নিয়ন্ত্ৰণ:

 

  • এৰা গছ কীট-পতঙ্গৰ দ্বাৰা আক্ৰান্ত হ’লে 0.02% ৰগৰ বা 0.05% দাইমেক্ৰণ বা 0.07% নুভান আৰু ৰোগাক্ৰান্ত হ’লে 0.2% ইন্দফিল এম 45 বা 0.15% ব্লিটকস বা 0.15% কেপ্টাফ প্ৰতি বিঘা মাটিত 130-160 লি: হাৰত 10-15 দিনৰ অন্তৰে অন্তৰে 2-3 বাৰ গছৰ ওপৰত ছটিয়াব লাগে।
  • দৰব প্ৰয়োগ কৰাৰ কমেও 20 দিনৰ পিছতহে পাত স্ংগ্ৰহ কৰিব লাগে।

7)পাত সংগ্ৰহ:

 

  • গোটেই বছৰটোত এজোপা গছৰ পৰা 4 বাৰ মান পাত স্ংগ্ৰহ কৰিব পাৰি।
  • পুলি গজাৰ 2 বা 2 ½ মাহৰ পাচত প্ৰথম বাৰ পাত সংগ্ৰহ কৰিব পাৰি।
  • প্ৰথম পাত স্ংগ্ৰহৰ 1 বা 2 ½ মাহৰ অন্তৰে অন্তৰে পৰবৰ্ত্তী পৰ্যায়ৰ পাত সংগ্ৰহ কৰিব পাৰি।

কেছেৰু গছৰ খেতি পদ্ধতি:

নাৰ্চাৰী পদ্ধতি:

 

1)মাটি নিৰ্বাচন:

  • পানী জমা নোহোৱা ওখ মাটি নাৰ্চাৰীৰ বাবে উপযুক্ত।

2)উপযুক্ত সময়:

  • কেছেৰুৰ নাৰ্চাৰীৰ বাবে ফাগুণ-চ’ত মাহ উত্তম সময়।

3)বীজতলী প্ৰস্তুতিকৰণ:

  • মাটিডৰা হাল বাই চাহ কৰি ল’ব।
  • মাটিডৰাত 15 ছে:মি: ওখ আৰু 6*2 মি: জোখৰ বীজতলী প্ৰস্তুত কৰি ল’ব।
  • প্ৰতিখন বীজতলীত 60 কি:গ্ৰা: গোবৰ বা পচন সাৰ প্ৰয়োগ কৰি সমভাৱে মিহলি কৰি ল’ব।

4)কেছেৰু বীজ সংগ্ৰহ আৰু শোধন:

  • চৰাই চিৰিকতিয়ে অনিষ্ট কৰিব নোৱাৰাকৈ গছৰ গুটি পকাৰ সময়ত গুটিৰ থোপাবোৰ জালেৰে ঢাকি ৰাখিব।
  • ফাগুণ-চ’ত মাহত পুৰঠ বীজ সমূহ সংগ্ৰহ কৰি এৰাতিৰ বাবে পানীত তিয়াই ৰখা উচিত।
  • পানীৰ পৰা বীজসমূহ সংগ্ৰহ কৰি এখন বস্তাৰে ঘঁহি বাকলি সমূহ আতঁৰাই ল’ব।
  • বীজসমূহ পুনৰ পানীত জুবুৰিয়াই মাত্ৰ তলত ডুব যোৱা বীজসমূহ সিচিঁবৰ বাবে সংগ্ৰহ কৰিব।
  • নিৰ্বাচিত বীজসমূহত প্ৰতি কি:গ্ৰামত 2-3 গ্ৰা: ইন্দফিল এম 45 মিহলি কৰি শোধন কৰি ল’বা।

বীজ সিঁচা পদ্ধতি:

 

  • 6*2 মি: একোটা বীজতলীত 800 বীজ সিঁচিব পাৰি।15 ছে:মি: ব্যৱধানত বীজ ৰোপন কৰিব।
  • বীজ সিঁচাৰ পাছত বীজতলী খেৰ বা নৰাৰে পাতলকৈ ঢাকি দিব।
  • প্ৰয়োজন সাপেক্ষে বীজতলীত পুৱা-গধুলী পানী দিব।
  • সিঁচাৰ 18-25 দিনৰ ভিতৰত বীজ অংকুৰিত হয়।
  • অংকুৰণৰ পাছত ঢাকি দিয়া খেৰ সমুহ আঁতৰাই দিয়া উচিত।

6)পুলিৰ প্ৰতিপালন:

  • পুলিসমুহ 20-25 ছে.মি. ওখ হোৱালৈকে প্ৰতি 20-30 দিনৰ অন্তৰত বীজতলীখন নিৰাই পৰিস্কাৰ কৰিব।
  • 15-20 দিনৰ অন্তৰে অন্তৰে 0.1% ৰগৰ আৰু 0.1% ইন্দফিল এম 45 জাতীয় দৰব ছটিয়াব।

খ)পুলি ৰোপণ পদ্ধতি:

1)মাটি নিৰ্বাচন:

  • ওখ,পানী জমা নোহোৱা সমান মাটি কেছেৰু পুলি ৰোপণৰ বাবে উপযোগী।

2)ৰোপণৰ সময়:

  • বাৰিষাৰ অন্তত ভাদ-আহিন মাহ পুলি ৰোপণৰ বাবে উত্তম সময়।বহাগ/জেঠ মাহত পুলি ৰোপণ কৰিলে মাটিডৰাত পানী জমা নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখিব।

3)মাটি প্ৰস্তুতিকৰণ:

  • কেছেৰু পুলি ৰুব লগা মাটিডৰা দকৈ হাল বাই চাহ কৰি ল’ব।
  • প্ৰস্তুত কৰা মাটিত 2*2মি. দূৰত্বত 30*30*30 ছে.মি. জোখৰ গাত খান্দি প্ৰতিটো গাঁতত ইন্দফিল এম 45(1 গ্ৰাম)আৰু 3-4 কি.গ্ৰা. পচনসাৰ প্ৰয়োগ কৰিব।

4)পুলি ৰোপণ:

  • যথাসম্ভৱ বৰষুণৰ বতৰতহে প্ৰতিটো গাঁতত 5-35ছে.মি. ওখ সবল পুলি ৰোপণ কৰিব।

প্ৰতিপালন:

  • কেছেৰু তলীখন বছৰি 3-4 বাৰ কোৰ মাৰি ঘাঁহ বন চিকুনাই থাকিব।
  • বৰ্ষাকাল আৰম্ভ হোৱাৰ পূৰ্বে প্ৰতিজোপা গছৰ গুৰিত চাৰিওফালে গাঁত খান্দি 5 কি.গ্ৰা. কৈ গোবৰ বা পচন সাৰ প্ৰয়োগ কৰিব।
  • গছ ৰোপণৰ এবছৰৰ পাছত প্ৰতিজোপা গছৰ গুৰিত 54 গ্ৰা. ইউৰীয়া 90 গ্ৰা. এচ-এচ-পি আৰু 8 গ্ৰা. এম-অ-পি সাৰ প্ৰথম কিস্তি হিচাবে বৰ্ষাকালৰ আগতে প্ৰয়োগ কৰিব আৰু
    • বৰ্ষাকালৰ পাচত একে পৰিমাণৰ সাৰৰ 2য় কিস্তি প্ৰয়োগ কৰিব।

     

  • উৎস: ৰেচম সঞ্চালকালয় অসম চৰকাৰ খানাপাৰা,গুৱাহাটী-781022

3.05128205128
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top