অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এৰী খাদ্যবৃক্ষ

এৰী খাদ্যবৃক্ষ

ৰোপন পদ্ধতি

এৰা, ৰিচিনাচ কমোনিচ

মাটি নিৰ্বাচন

পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম ।

খাৰ যুক্ত আৰু অম্ল গূণ উভয় ধৰণৰ মাটি উপযুক্ত ।

খেতিৰউপযুক্তসময়

বাৰিষাৰ আগত বা পাচত । চত- বহাগ অথবা

আহিন- কাতি ।

এৰাগছৰপ্রজাতি

পাউদাৰ বিহিন ৰঙা জাতৰ এৰা (এন.বি.আৰ-১,২ অথবা  ৩) পলু পোহাৰ বাবে সৰ্ব্বোত্তম । ইয়াৰ উপৰিও উচ্চ তেল উৎপাদনক্ষম প্রজাতি যেনে জ্যোতি, জি.চি.এইচ-৫, জি.চি.এইচ-৪, ডি.চি.এইচ-৫১৯, ডি.চি.এইচ-১৭৭, চি.ও-১,অৰুণা আদিও এৰী পলু পুহিবৰ বাবে উপযুক্ত ।

মাটি প্রস্তুতকৰণ

 

  • খেতি ডৰা ২-৩ বাৰ ২৫-৩০ ছে.মি. দকৈ হাল বাই সমান কৰি পানী ওলাই যোৱা নলা কাটি দিব লাগে ।
  • ১ মিx ১ মি ব্যৱধানত ২৫x২৫x২৫ ছে.মি. জোখত গাঁত খান্দি প্রতিতো গাঁতত 1 কি.গ্রাম পঁচা গোবৰ সাৰ মিহলাই দিব লাগে ।
  •  

    এৰাবীজসংগ্রহ আৰু সিঁচা পদ্ধতি

     

  • ফৰকাল বতৰত পুৰঠ নিৰোগী এৰা বীজ সংগ্রহ কৰিব লাগে ।
  • প্রতি কি.গ্রাম বীজত ২ গ্রাম ভেকুঁৰ নাশক বেভিস্তিন মিহলাই লব লাগে ।
  • আগতে তৈয়াৰ থকা গাঁতত দুটাকৈ বীজ কমেও ২ ছে.মি. দকৈ পুতি দিব লাগে ।
  • ডাঙৰ হলে এটা পুলি উভালি দিব লাগে ।
  • প্রথম ফুলৰ কলি কাটি দিলে বেচিকৈ ডাল পাত হয় ।
  • ৭-১০ দিনৰ পাচত বীজ অংকুৰিত হয় ।
  •  

    এৰাগছৰ প্রতিপালন আৰু সাৰপ্রয়োগৰনিৰিখ

     

  • প্রতি জোপা এৰা গছত এন.পি.কে প্রয়োগ
  • প্রথম কিস্তি বীজ অংকুৰণৰ এমাহ পাচত ইউৰীয়া ১৩ গ্রাম , ফচফেট ২৫ গ্রাম আৰু পটাচ ৩ গ্রাম তিনিমাহৰ পাচত ২য় কিস্তি সাৰইউৰীয়া ৭ গ্রাম প্রয়োগ কৰিব লাগে  ।
  • নিয়মিয়াকৈ ঘাঁহ বন নিৰাই দিব লাগে (বছৰেকত ৩-৪ বাৰ)।
  •  

    পাতসংগ্রহ

     

  • প্রথমবাৰ পাত খেতিৰ তিনিমাহৰ পাচত সংগ্রহ কৰিব পাৰি ।
  • পৰবৰ্ত্তী ২য়,৩য়,৪ৰ্থ পাত সংগ্রহ এমাহ অন্তৰে অন্তৰে কৰিব পাৰি ।
  •  

    উৎস:

     

  • এৰীকালচাৰ- এ কম্প্রিহেনচিভ প্রফাইল ২০১৩, ৰেচম সঞ্চলকালয়, বি.টি.চি, কোকোৰাঝাৰ-৭৮৩৩৭০, অসম ।
  • পেকেজ অব প্রেকটিচেচ অব মুগা, এৰী এন্দ মালবেৰী চেৰিকালচাৰ ইন নৰ্থ ৰিজন অব ইন্দিয়া, ২০০৫, চেন্ত্রেল মুগা এৰী ৰিচাৰ্চ এন্দ ট্রেইনিং ইন্চটিটিইউত, লাহদৈগড়, যোৰহাট, অসম ।
  •  

    কেচেৰু, হেটাৰ’পেনেক্স ফ্রেগৰেন্চ

     

    নাৰ্চাৰী প্রস্ততকৰণ

    মাটি নিৰ্বাচন: পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম ।

    ঋতু: ফাগুন-চ’ত

    বীজতলি প্রস্তুতকৰণ

     

  • বীজতলি ২-৩ বাৰ হালবাই সমান কৰি লব লাগে ।
  • ৬x২ মিটাৰ জোখৰ বীজতলী তৈয়াৰ কৰি ১৫ ছে.মি ওখকৈ ৰাখিব লাগে ।
  • প্রতিখন বীজতলিত ৬ চি এফ টি গোবৰ প্রয়োগ কৰি ২ সপ্তাহ ৰাখিথব লাগে ।
  • খেৰৰ অথবা এগ্র জালিৰ চালি তৈয়াৰ কৰিলে সুফল পাব পাৰি ।
  • প্রয়োজন অনুযায়ী ভেকুঁৰ নাশক দৰব ০.১% ইন্দফিল-এম-৪৫ ছটিয়াব লাগে ।
  •  

    বীজ সংগ্রহ

     

  • চৰাই চিৰচকতিয়ে খাব নোৱাৰাকৈ গছৰ গুটি জালেৰে ঢাকি দিব লাগে ।
  • ফাগুন- চত মাহত পূৰঠ গুটি সংগ্রহ কৰি এৰাতি পানীত জুবুৰিয়াই ৰাখিব লাগে ।
  • Assameseপিচদিনাখন গুটিবোৰ বস্তা এখনত ঘঁহি বাকলি গুচাই লব লাগে ।
  • মাত্র পনীত ডুবযোৱা  গুটি সিঁচিবৰ বাবে লব লাগে ।
  •  

    বীজ সিঁচা পদ্ধতি

     

  • ৬x২ মি. বীজতলীত পাতলিয়াকৈ ৮00 গুটি সিঁচিব লাগে ।
  • বীজ সিঁচাৰ পাচত গুটি গজালৈকে বীজতলীখন পাতল খেৰ বা নৰাৰে ঢাকি ৰাখিব লাগে ।
  • পাতলিয়াকৈ খেৰদি চালি বনাই দিব পাৰিলে সুফল লাভ কৰিব পাৰি ।
  • খৰাং বতৰত নিতৌ জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে ।
  • শতকৰা ৯0 ভাগ গুটি জগাৰ পাচত খেৰ বিলাক গুচাই দিব লাগে ।
  • বৰ্তমান বজাৰত উপলব্ধ এগ্র জালিৰ চালিত নাৰ্চাৰী কৰিলে অধিক লাভমান হব পাৰি ।
  •  

    প্রতিপালন

     

  • নিয়মিয়াকৈ হাবি বননি নিৰাই দিব লাগে ।
  • 0.0৫ % ৰগৰ 0.১ % ইন্দফিল এম -৪৫ সহ চটিয়াই কীট পতংগ, ৰোগ প্রতিৰোধ কৰিব পাৰি ।
  • ৪ফুট উচ্চতালৈকে এটা এটাকৈ পুলি ৰাখিব লাগে
  • ১৫ দিনৰ অন্তৰে অন্তৰে ৩ বাৰ শতকৰা ১০% ইউৰীয়া ছটিয়াই দিলে সবল পুলি পাব পাৰি ।
  •  

    কেচেৰুৰ মুখ্য খেতি

    মাটি নিৰ্ব্বাচন

    পানী জমা নোহোৱা এঢলীয়া মাটি সৰ্বোত্তম ।

    ঋতু

    ভাদ-আহিন

     

    মাটি প্রস্তুতকৰণ

    খেতি ডৰা ২-৩ বাৰ ২০-২৫ ছে.মি. দকৈ হাল বাই সমান কৰি পানী ওলাই যোৱা নলা কাটি দিব লাগে ।

    গাঁতপ্রস্তুতকৰণ, দূৰত্ব নিৰ্দ্ধাৰণ আৰুসাৰপ্রয়োগ

     

  • ২মিx ২ মি ব্যৱধানত ৩০x৩০x৩০ ছে.মি. জোখত গাঁত খান্দি প্রতিতো গাঁতত ৫ কি.গ্রাম পঁচা গোবৰ সাৰ মিহলাই দিব লাগে ।
  • আন্তঃকালিন খেতি কৰিবলৈ সুবিধাৰ বাবে ৩মিx ৩ মি ব্যৱধানত পুলি ৰোপন কৰা উচিত ।
  •  

    পুলিৰোপন আৰু প্রতিপালন

     

  • ছমহীয়া ২৫-৩৫ ছে.মি. ওখ পুলি যথাসম্ভব বৰষুনৰ বতৰত ৰোপন কৰিব লাগে ।
  • নিয়মিয়াকৈ হাবি বননি নিৰাই দিব লাগে ।
  •  

    গোবৰ আৰু ৰাসায়নিক সাৰপ্রয়োগ

     

  • বাৰিষাৰ পাচত প্রতিজোপা গছৰ চাৰিওফালে ঘুৰণীয়াকৈ নলা কাটি আধা চি.এফ. টি. জোখত গোবৰ সাৰ প্রয়োগ কৰিব লাগে ।
  • বাৰিষাৰ আগত আৰু পাচত এন.পি.কে সাৰ বছৰিহেক্টৰত ১৫০:৭৫:২৫ কিলোগ্রাম হাৰত দুটা কিস্তিত প্রয়োগ কৰিব লাগে ।
  •  

    Assameseগছকলমদিয়া

     

  • পাঁচবছৰ বয়স হোৱাৰ পাচত গা-গছ জোপা শকত হলে ১.৭৫ মিটাৰ উচ্চতাত কলম৪৫o কোন ৰাখি দিব লাগে ।
  • ৩-৪বছৰ অন্তৰে অন্তৰে এখাপ ওখ এখাপ তলত কলম দিব লাগে ।
  •  

    উৎস:

     

  • এৰীকালচাৰ- এ কম্প্রিহেনচিভ প্রফাইল ২০১৩, ৰেচম সঞ্চলকালয়, বি.টি.চি,
  •  

    কোকোৰাঝাৰ-৭৮৩৩৭০, অসম ।

     

  • পেকেজ অব প্রেকটিচেচ অব মুগা, এৰী এন্দ মালবেৰী চেৰিকালচাৰ ইন নৰ্থ ৰিজন অব ইন্দিয়া, ২০০৫, চেন্ত্রেল মুগা এৰী ৰিচাৰ্চ এন্দ ট্রেইনিং ইন্চটিটিইউত, লাহদৈগড়, যোৰহাট, অসম ।
  •  

    শেহতীয়া উন্নীতকৰণ: : 3/16/2020



    © C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
    English to Hindi Transliterate